তাই বেশ্যা নাছিল (খণ্ড নং- ১৩)

এক শোকাৱহ পথ দূৰ্ঘটনাত আপোচবিহীন সাংবাদিক কৌশিক বেজবৰুৱাৰ থিতাতে মৃত্যু। গোটেই অসমতে শোকৰ ছাঁ।বাতৰিটো পোৱাৰ পাচতে অপৰাজিতা নিশ্চিত হৈছিল সেয়া দূৰ্ঘটনা নহয় বৰঞ্চ এক পৰিকল্পিত হত্যাকাণ্ড। আৰু হত্যাকাণ্ডটো সংঘটিত কৰিছে স্বয়ং বিমানজ্যোতি বৰুৱাই। কিন্তু কৌশিকৰ মৃত্যুৰ ১২ ঘন্টাৰ পাচতে কাহিনীটোৱে অন্য এক ৰূপ ললে। নিউজ চেনেলৰ বিগ ব্ৰেকিং নিউজৰূপে আৰক্ষীয়ে জনালে- সাংবাদিক কৌশিক বেজবৰুৱাৰ মৃত্যু সাধাৰণ দূৰ্ঘটনা নহয় বৰঞ্চ তেওঁক হত্যা কৰি দূৰ্ঘটনা ৰূপ দিয়া হৈছে আৰু তাৰ সৈতে জড়িত থকা অপৰাধত মৌচুমী শইকীয়াৰ নামৰ এগৰাকী মহিলাক আৰক্ষীয়ে আটক কৰিছে। অপৰাজিতা এইবাৰ বিমোৰত পৰিল। কেচটো প্ৰকৃততে কি? কৌশিকৰ হাতত থকা ডায়েৰীখন আৰক্ষীৰ হাতত পৰা আশংকাত তাক মন্ত্ৰীজনে হত্যা কৰিলে নে বিমানে তাক হত্যা কৰি মৌচুমীক অপৰাধী সজাইছে? একো ধৰিব পৰা নাই। চেটেলাইট নিউজ চেনেলবোৰতো উল্টা- পুল্টা নিউজ। উল্লেখযোগ্য যে কৌশিকৰ দূৰ্ঘটনাটো সংঘটিত হোৱাৰ দিনাই ৰাতিলৈ নাটকীয়ভাৱে মৌচুমীহঁতৰ ঘৰত ডকাইতীৰ ঘটনা সংঘটিত হৈছিল। অপৰাজিতাৰ সৈতে অনুৰূপ। মৌচুমীহঁতৰ ঘৰত ডকাইতী সংঘটিত হৈছিল ৰাতি একমান বজাত আৰু আৰক্ষীয়ে তাইক গ্ৰেপ্তাৰ কৰিছে পাচদিনা দিনৰ দুই বজাত। ডকাইতী আৰু ডায়েৰীখনৰ মাজত কিবা এটা যোগসূত্ৰ নিশ্চয় আছে। বিমানে মৌচুমীক তাৰ পুৰণি প্ৰতিশোধ পূৰণ কৰা নাইতো? আৰু সেয়ে সি বাৰু পৰাণৰ কেচটো ৰি- অপেণ কৰিছিল নেকি? 

- যোগসূত্ৰ আছে। প্ৰতিশোধ পূৰণ কৰা কথাটোও একেবাৰে নুই কৰিব নোৱাৰি। কেৱল ভিনদেউৰ কেচটোত বিমান দা জড়িত হোৱাৰ কাহিনীটো সুকীয়া। উদ্দেশ্য বেলেগ আছিল। খালী চাহৰ কাপটো প্লেটখনত ৰাখি মৃন্ময়ে বিজ্ঞজনৰ দৰে কলে। 

- মানে? তই এইবোৰ কথা কেনেকৈ জান? মৌচুমী তাৰ প্ৰাক্তন প্ৰেমিকা। 

অপৰাজিতাই মৃন্ময়ৰ মুখাৱয়ত সাংঘাটিক ৰহস্যৰ গোন্ধ পাইছে। সি যেন বহু কথাই জানে। অপৰাজিতা আচৰিত হোৱাৰে কথা। মৃন্ময়ে এইবোৰ কেনেকৈ জানিলে? 
- তই আৰু কি জান? মৃন্ময়ে তাইক উলোটাই প্ৰশ্ন কৰিলে।
তাৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈ অপৰাজিতা এক্ষেন্তেক ৰৈ গ.... 

অপৰাজিতা তেতিয়া স্নাতকৰ ছাত্ৰী। মৌচুমীৰ ডিপাৰ্টমেন্ট পৃথক যদিও পাছ কৰ্চৰ ক্লাছ কৰোতে তাইৰ লগত অপৰাজিতাৰ ভাল চিনাকী। তদুপৰি মৌচুমীয়ে ভাল বিহু নাচিছিল। কলেজৰ বিভিন্ন ফাঙচনবোৰত সিহঁতে একেলগে বিহু প্ৰগেম কৰিছিল। বিমানক তেতিয়াৰপৰাই অপৰাজিতাই চিনি পায়। বিশেষ মাতবোল নাছিল। সি কথা কম কয় আৰু সকলো সময়তে যথেষ্ট গহীন গম্ভীৰ হৈ থাকে। কলেজতে তাই জানিব পাৰিছিল বিমান আৰু মৌচুমীৰ প্ৰেম বহুদিনীয়াসি যথেষ্ট চিৰিয়াচ। কিন্তু বিমানৰ তুলনাত মৌচুমী ছোৱালীজনী অলপমান চঞ্চল। অলপমাম কম চিৰিয়াচ। শুনামতে তাই হেনো বিমানৰ সমানে সমানে আন লৰাৰ লগতো প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰিছিল। তাকে লৈ কলেজত এদিন সকলোৰে সন্মূখত মুকলিকৈ বিমান আৰু মৌচুমীৰ তৰ্কা- তৰ্কি হৈছিল। শুনা কথাবোৰ মিছা নাছিল। স্নাতক দ্বিতীয় বৰ্ষৰ মাজভাগতে মৌচুমীক ল'ৰা এজনে বিয়াৰ প্ৰস্তাৱ দিলে, পেচাত আৰক্ষী বিষয়া। কোনোবা এখন থানাৰ এছ. আই.কথাটো লগৰকেইজনীক জনোৱাত দুজনীমানে ক'লে বুলে "পুলিচৰ বহুত টকা, নেৰিবি তাক"বিমানৰ ঘৰৰ আৰ্থিক অৱস্থা ভাল নাছিল। তদুপৰি মৌচুমীৰ খাচ্ বান্ধৱীকেইজনীয়েও তাক ভাল নাপাইছিল। কাৰণটো তাৰ এটিটিউদ। বান্ধৱীৰ পৰামৰ্শত মৌচুমী বিবুদ্ধিত পৰিছিল, বিমানক কি কব... সিটো অলপ বেলেগ টাইপৰ লৰা। যদি কিবা জেং কৰে? লগৰ এজনীয়ে ক'লে বুলে বাদ দে তাৰ কথা, সি কিদাল কৰিব? তই পুলিচটোক পতাই ল' জল্দি। বিমানে কিবা জেং কৰিলে তেওঁক লগাই দুপিটন মান দিয়াই দিবি। মৌচুমীয়ে চিন্তা কৰিলে বিমানক ভালপায় থাকিলে কাম নহ'ব। সি চাকৰি পায় বিয়া কৰালৈ তাই বুঢ়ীয়ে হৈ যাব। ভাবি গুণি বান্ধৱীকেইজনীৰ পৰামৰ্শমতেই বিমানক মেনেজ কৰি সিজন লৰাৰ লগত বিয়াত বহাৰ সন্মতি দিলে। বিমানে একো পাত্তা নাপালে। মৌচুমীৰ প্ৰতি তাৰ বিশ্বাস আছিল অগাধ। সেয়ে প্ৰেমিকাৰ বিয়াৰ প্ৰস্তুতি শুনি তাৰ অৱস্হা নোহোৱা হল। বেচেৰাই দুবাৰমান আত্মহত্যাৰ চেষ্টাও চলালে। পিছে লগৰবোৰে বুজাই মেলি তাক শান্ত কৰালে। সময়বোৰ আগুৱালে। বিমানে প্ৰথৱাস্থতাত প্ৰতাৰিত হোৱা বুলি জানিব পৰা নাছিল। মৌচুমীয়ে তাক কোৱামতেই মানি লৈছিল ঘৰৰ হেঁচাতহে তাই বিয়াত বহিবলৈ বাধ্য হোৱা বুলি। সেয়ে তাৰ চৰম ট্ৰেজেদী হৈছিল। বোধহয় তেতিয়াই সি প্ৰথমবাৰৰ বাবে মদ খাবলৈ শিকিছিল। দূৰ্ভাগ্যৱশতঃ বিয়াৰ এমাহমান আগত প্ৰকৃত কথাটো গম পায় বিমানে ভীষণ হুলস্থুল লগালে। মৌচুমীয়ে উপায় নাপায় হবলগা স্বামীক লগাই ভালমতে এপিটন দিয়ালে। আনকি পুলিচৰ মাৰত ভৰিত বেয়াকৈ দুখ পোৱা বিমানে বহুদিন হাস্পটালত পৰি আছিল। সেইসময়তে তাৰ দেউতাকৰো প্ৰেচাৰ ষ্ট্ৰক হৈ মৃত্যু হৈছিল। বহুতেই কব খুজে যে দেউতাকৰ মৃত্যুৰ মুল কাৰণ সি। তাৰেই দুখত বুলে সি পাচত ঘৰ এৰি কৰবালৈ গুছি গৈছিল। যিয়ে নহওক সুকলমে মৌচুমীৰ বিয়াখন পাৰ হৈ গ'ল। মাৰ খায় বিমানো চুপ চাপ থাকিল। তাৰপাচত অপৰাজিতাই আৰু একো নাজানে। আনকি বিমানে যে আৰক্ষীত যোগ দিব সেয়া তাই কল্পনাও কৰা নাছিল। মৌচুমীয়ে তাইক এদিন কৈছিল বিমান বহুত জেদী লৰা। 
তেন্তে হব পাৰে..... সি খাটাং মৌচুমীক প্ৰতিশোধ লবলৈ পৰাণৰ কেচটো ৰি- অপেন কৰিছে।

- নহয়। তাৰ প্ৰতিশোধ মৌচুমীৰ প্ৰতি নাছিল। কাহিনীটো বহুত বেলেগ..মৃন্ময়ে আৰম্ভণিৰপৰা কৈ গ-
চাকৰিত জইন কৰা কেইদিনমান পাছতে দুখনমান হোটেলত সি ৰেইড মাৰিছিল। আৰু তাতে কেইবাগৰাকী গণিকাক কৰায়ক্ত কৰিছিল। তাৰে এখন হোটেল স্থানীয় মন্ত্ৰীজনৰ আছিল। তেওঁ ফোন কৰি বিমানক কিবা বেয়াকৈ কৈছিল। তাৰ ইগত লাগি গল। সি আগৰেপৰা খঙাল। আনক কথা শুনিবলৈ টান পায়। সি টাৰ্গেট কৰি ললে মন্ত্ৰীজনক। তাৰেই পলশ্ৰুতিত বিমানৰ সংযোগ ঘটিল মৃন্ময়ৰ সৈতে। মৃন্ময়ৰ সহায়েৰে সি কৌশিকৰ পত্নীক লগপালে। স্বামীৰ চাৰিত্ৰিক স্খলনত বিতুষ্ট হৈ ক্ষুব্ধ তাৰ পত্নীয়ে বিমানক বহু তথ্যৰ যোগান ধৰিলে। ইতিমধ্যে মৃন্ময় নিশ্চিত আছিল অপৰাজিতাই আৰক্ষীৰ সহায় নকৰে। বিমানৰ পৰিকল্পনা অনুসৰিয়ে মুম্বাইৰপৰা এটা ১৫ জনীয়া ব্যক্তিগত সহায়কাৰী দল আহি অসম পালেহি। এটাসময়ত তেওঁলোক একো একোজন দুধৰ্ষ অপৰাধী আছিল। কথাতে কয় বুলে চুৰেহে চুৰৰ ঠেং দেখে। গতিকে অপৰাধীক কৰায়ক্ত কৰিবলৈ তেওঁক অপৰাধীকে ব্যৱহাৰ কৰে। সিদিনা অপৰাজিতাৰহঁতৰ ঘৰত বিমানৰ নিৰ্দেশতে ডকাইতী সংঘটিত হৈছিল। ৬ জনীয়া দলটোত মৃন্ময়ো আছিল। সিহঁতৰ মুল টাৰ্গেট আছিল ডায়েৰীখন। একেদৰে তেখেতৰ নিৰ্দেশতে কৌশিকক অপহৰণ কৰি নিয়া হৈছিল তাৰ মৃত্যুৰ ৬ ঘন্টামান আগতে। বিমানৰ অনুপস্থিতিত সকলোবোৰ কাম নিয়াৰিকৈ চলাই নিছিল তাৰ অধীনৰ বিশেষ টিমটোৱে। কৌশিকক প্ৰাণেমৰা ভাবুকি প্ৰদান কৰাৰ পাচতো পৰাণৰ ডায়েৰীখনৰ সম্পৰ্কত একো মাত মতা নাছিল। বিমানক জনোৱাত সি আহিল। আহিয়ে কৌশিকৰ কেইটামান ভি ডি অ ফুটেজ দেখুৱালে। যত কৌশিকে তেওঁৰ অফিতলৈ সাংবাদিকতা কৰিবলৈ অহা ছোৱালী এজনীৰে সৈতে শাৰীৰিক সম্পৰ্কত লিপ্ত হৈছিল। সেইটোও পূৰ্ব পৰিকল্পিত। ছোৱালীজনীক বিমানে নিয়োগ কৰিছিল। তদুপৰি হেকাৰৰ জড়িয়তে আৰম্ভণিতে বিমানে কৌশিকৰ চিক্ৰেট মবাইলটো, - মেইল ইনবক্স, গোপন বেঙ্ক একাউন্ট আদিবোৰ হেক কৰি বহু গোপন তথ্য সংগ্ৰহ কৰি লৈছিল। কৌশিকৰ হাতত উপায় নথকাত বিমানৰ সকলো আদেশ পালন কৰিবলৈ বাধ্য হৈছিল। তেওঁক এৰি দিয়া হৈছিল আৰু মৌচুমীৰ হাতত ৰখা পৰাণৰ ডায়েৰীখন সংগ্ৰহৰ বাবে পথোৱা হৈছিল। কিন্তু দূৰ্ভাগ্যবশতঃ মৌচুমীৰ ওচৰলৈ গৈ থকা বাটতে কাৰ এক্সিডেন্ট হৈ কৌশিকৰ মৃত্যু হল। লগে লগে মৃন্ময়হঁতৰ পৰিকল্পনা সলনি হল। উপায় নথকাত ৰাতিৰ ভিতৰতে মৌচুমীৰ ঘৰত গৈ ডকাইতী কৰা চলেৰে পৰাণৰ আনখন ডায়েৰী বিচাৰি উলিওৱা হল। তাৰ পাচৰখিনি এয়া......
- ৰিয়েলী হি ইজ এ জিনিয়াচ..... মৃন্ময়। মৃন্ময়ৰ মুখেৰে গোটেই কথাখিনি শুনাৰ পাচত অপৰাজিতাৰ মুখেৰে আপোনা- আপোনি বাক্যশাৰী ওলাই গল। চৰম বিস্ময়ত তাই হতবাক। অকল্পনীয়.......
এৰা....এফালে কৌশিকৰ মৃত্যুক লৈ গোটেই চহৰখনত হুলস্থুল। তাৰ মাজতে অতি কৌশলেৰে মৌচুমীহঁতৰ ঘৰত প্ৰৱেশ কৰিবলগা হৈছিল। তাতে তাই স্বামী আৰক্ষী বিষয়া। মন্ত্ৰী এম এল এৰ সৈতে ঘনিষ্ঠতা। ডকাইতী সংঘটিত হোৱাৰ আগমুহুৰ্তত সমগ্ৰ চহৰখনতে হেকাৰে মবাইলৰ নেটৱৰ্ক ডাউন কৰি লৈছিল। সেইসময়ত টিমটোৰ সদস্যসকলৰ বিচক্ষণতাক কিন্তু স্বীকাৰ কৰিবই লাগিব। অভ্যস্ত তেওঁলোক। চহৰখনৰ জটিল পৰিস্থিতিলৈ নজৰ ৰাখি স্বয়ং বিমানে নিজেই ডকাইতীৰ ৰূপ ধাৰণ কৰিছিল সেইসময়ত। ডায়েৰীখন পোৱাৰ পাচত মৃন্ময়ে একো গম নাপায়। সি মিজৰ ৰুমলৈ গুছি আহিছিল। বাকী কামবোৰ টিমটোৰ অন্যান্য সদস্যসকলে চম্বালি লৈছিল । এইখিনিতে কৌশিকৰ মৃত্যক লৈ মৃন্ময়ৰ সন্দেহ আছে। বিমানজ্যোতি গভীৰ পানীৰ মাছ। কৌশিকক সি হত্যা কৰিছে নে মন্ত্ৰীজনৰ নিৰ্দেশত পেচাদাৰী হত্যাকাৰীয়ে হত্যা কৰিছে তাক লৈ সি নিশ্চিতকৈ একো নাজানে। বিমানেও একো মাত মতা নাই এই প্ৰসংগত। হয়তো কৌশিকে উপায়ন্তৰ হৈ আত্মহত্যাও কৰিব পাৰে। একেষাৰতে মন্তব্য দিবলৈ মৃন্ময়য়ৰ অসুবিধা হৈছে। 

মৃন্ময়ৰ মবাইলটো সশব্দে কঁপি উঠিল। বিমানৰ ফোন। অলপো পলম নকৰাকৈ সি বিমানৰ ফোনকলটো ৰিচিভ লাউডস্পীকাৰটো অন কৰি দিলে... সিপালৰপৰা গলগলীয়া পুৰুষৰ কণ্ঠস্বৰ ভাঁহি উঠিল
- ঐ পোৱালী, ইমিডিয়েট থানালৈ আহ। মৌচুমীয়ে মুখ খুলিছে। মন্ত্ৰীজনৰ সকলো কু- কৰ্মৰ সাক্ষী হবলৈ তাই প্ৰস্তুত। তদুপৰি তোৰ ভিনিহিয়েৰৰ হত্যাকাণ্ডটোত আৰু কৌশিকৰ হত্যাকাণ্ডটোত সিহঁত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে। ব্ৰেকিঙ নিউজ বনাই ৰাজ্য হিলাবলৈ মন আছে যদি জল্দি আহ। মন্ত্ৰীক ৰাতিৰ ভিতৰতে চচুৰবাৰীলৈ আনিব লাগিব।
মৃন্ময়ে কিবা এটা কবলৈ বুলি মুখখন আধা মেলাতে ৰল। সিপালৰপৰা ফোনটো কাটি দিলে। ইমান কুইক এক্সন হব বুলি মৃন্ময়ে ভবাই নাছিল নহয়। প্ৰভূৱেহে জানে আৰু তেওঁৰ লীলা। এইজনৰ পাল্লাত পৰিলে মৃন্ময়ো কমসময়তে আধাপাগল হৈ যাব। 
অপৰাজিতাৰো এক্সাইটমেন্ট বাঢ়ি গ, বিমানৰ বন্ধু পলাশক মৰিয়াই আধামৰা কৰা ঘটনাটোৰ সৈতে জড়িত অপৰাধীকেইটাক কি বা কৰে! তাহাঁতক লৈয়ে কিবা এটা অঙ্ক হৈছে চাগে...পৰৱৰ্তী সময়তহে সকলো পৰিস্কাৰ হৈ উঠিব। স্বয়ং প্ৰাক্তন প্ৰেমিকাকে সুদাই এৰা নাই। তেনেস্থলত প্ৰিয়বন্ধুক আক্ৰমণ কৰাকেইটাৰ কি দুৰৱস্থা হব পাৰে সেয়া ঈশ্বৰেও হয়তো নাজানে...

(আগলৈ)