আকাশ দালৈ বৰকৈ মনত পৰিছে। জিৰজিৰ বৰষুণজাকৰ কোলাহল নেওচি অপৰাজিতাৰ বুকুখনে হাহাকৰ কৰি উঠিল। তাইৰ সঘন দৃষ্টি ম’বাইলটোৰ স্ক্ৰীণত। কিযানিবা বহু প্ৰতীক্ষিত আকাশ দাৰ ফোনকলটো আহেই..। ঘন্টাৰ পাচত ঘন্টা সময় পাৰ হৈ গ’ল। আকাশ দাৰ ফোনকলটো নাহিল। খং নে অভিমান অপৰাজিতাই ঠিক ধৰিব পৰা নাই। কিন্তু ইয়াৰ বাবে জগৰীয়া তাই নিজেই...।
বিখ্যাত উদ্যোগপতি মহেন্দ্ৰ সন্দিকৈৰ একমাত্ৰ সন্তান আকাশ জ্যোতি সন্দিকৈৰ সৈতে অপাৰাজিতাৰ চিনাকী তাইৰ বান্ধৱী জিনাৰ যোগেদি। জিনা আকাশৰ মালিকাধীন হুণ্ডাই কাৰ শ্ব’ৰুমটোৰ চেলচ মেনেজাৰ পদত কৰ্মৰত। যিসময়ত স্বামীগৃহৰ অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰপৰা পৰিত্ৰাণ পোৱা উদ্দেশ্যে কোলাত তিনিবছৰীয়া সন্তানটি লৈ তাই ওলাই আহিছিল গুৱাহাটী মহানগৰী অভিমুখে। হাতত ফুটাকড়ি এটাও নাছিল। সেইসময়তে জিনাৰ অনুৰুধমৰ্মে আকাশে তাইক তাৰ অফিচতে এটা সৰু কামৰ যোগান ধৰিছিল। প্ৰথম চিনাকীৰ কেইদিনমান পাচতে আকাশ দাই তাইক কৈছিল “তেজৰ সম্পৰ্ক অবিহনেও আপুনি মোৰ বুকুৰ আপোন হৈ পৰিব পাৰে। কাৰণটো জানিব নালাগে। কাৰণবিহীন সম্পৰ্কবোৰ পূৰ্ব জাননী অবিহনে গঢ় লব পাৰে। মনত ৰাখিব, আশাবাদী বাবেই মানুহে সপোন দেখে। কিন্তু সপোনবোৰ পূৰণ হবও পাৰে বা নহবও পাৰে। নিশ্চয়তা নাথাকিলেও মানুহে জানো সপোন দেখিবলৈ এৰে?? ভৱিষ্যতটো সময়ৰ হাতত এৰি বৰ্তমানটো সুন্দৰকৈ উপভোগ কৰক, কিযানিবা সুখী হব পাৰেই...।“ প্ৰথম চিনাকীতেই আকাশ দাই কোৱা কথাকিটা অপৰাজিতাৰ হুবহু মনত আছে। পাহৰে বা কেনেকৈ? তেওঁৰ ভাষাৰেই “নিশ্চয়তা নাথাকিলেও মানুহে জানো সপোন দেখিবলৈ এৰে...।“
প্ৰথম অৱস্থাত অপৰাজিতাৰ খং উঠিছিল। ধনী মানুহবোৰ সুবিধাবাদী বুলি তাই ধৰি লৈছিল। লাহে লাহে অপৰাজিতাৰ ধাৰণা ভুল বুলি প্ৰতিপন্ন হ’ল। তেওঁ সুবিধাবাদী নাছিল। এটা বছৰৰ অভিজ্ঞতাৰে অপৰাজিতাই ন দি কব পাৰে আকাশ নামৰ ২৮ বছৰীয়া ল’ৰাজন আধাপগলা। নিসংগজনৰ সংগ দি, দৰিদ্ৰ ভোকাতুৰজনৰ হাতত এটুকুৰা ৰুটি গুজি, নিবনুৱা শিক্ষিতজনৰ বাবে পাৰিলে এটা সৰুকৈ হলেও কামৰ যোগান ধৰি আকাশদা তৃপ্ত হৈছিল। বাহ্যিকতাত কঠোৰ যেন দেখালেও ভিতৰি মানুহজন ঠুনুকা আছিল। আবেগিক.... অপৰাজিতাৰ দৰেই।
“বৰষুণৰ মাততকৈয়ো মিঠা তোমাৰ স্পৰ্শ”- বৰষুণৰ আজন্ম প্ৰেমিক আকাশদাৰ কবিতা কবিতা যেন লগা বাক্যশাৰীত অপৰাজিতা ধাৰাশায়ী হৈ পৰিছিল। বাথৰুমৰ শ্বাৱাৰ খুলি কেইবাদিনলৈও তাই আওৰাইছিল বৰষুণৰ মাততকৈয়ো মিঠা মোৰ স্পৰ্শ। কি অদ্ভুত প্ৰেমিক এই আকাশদা? অপৰাজিতাই নিজকে প্ৰশ্ন কৰিছিল, এগৰাকী বিচ্ছেদিত বিবাহিত নাৰীৰ স্পৰ্শ কেনেকৈ বৰষুণৰ মাততকৈ মিঠা হব পাৰে?
প্ৰেম হৈ যায়। অপৰাজিতাৰো হৈ গৈছিল। আকৌ এবাৰ তাই জীয়াব শিকিছিল। আকাশ দাই শিকাইছিল। স্বীকাৰ নকৰিলেও আকাশ দাই তাইক ভালপাইছিল। মদ খোৱা মানুহক তাই ঘৃণা কৰে বুলি জনাৰ পাচত আকাশ দাই মদ খাবলৈ এৰি দিছিল। চিগাৰেট কমকৈ হুপিছিল। অপৰাজিতাৰ কোনোবা এক বিশেষ দূৰ্বল নুহুৰ্তত সুযোগ পোৱা সত্বেও আকাশ দাই তাইৰ হাতখনো স্পৰ্শ কৰা নাছিল। কৰিব পাৰিলেহেঁতেন, অপৰাজিতায়ো বাধা দিব নোৱাৰিলেহেঁতেন, অথচ তেওঁ সুবিধাবাদী নাছিল।
আকাশদাৰ জন্মদিনৰ দিনা ৰাতি বাৰ বজাতে ফোন এটা কৰি অপৰাজিতাই জন্মদিনৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছিল। আৰু তাৰ পাচদিনা ৰেষ্টুৰেন্টত বহি তেওঁ তাইক বিয়াৰ প্ৰস্তাৱ দিছিল। অপৰাজিতা, তোমাক মই বিয়া কৰাব খুজো। বিস্ময়ত হতবাক অপৰাজিতাই পোনচাটেই তেওঁৰ প্ৰস্তাৱ নাকচ কৰিছিল। এনেকোৱা নহয় যে অপৰাজিতাই আকাশক ভাল নাপায়। ভালপাই বাবেহে তাই তেওঁৰ সৈতে বিয়াত বহিবলৈ অমান্তি হৈছিল। আকাশ দা ক’ত আৰু অপৰাজিতা ক’ত? আকাশৰ নাই কি? সন্মান, টকা, খ্যাতি, প্ৰতিভা.....। ওহো, এগৰাকী বিচ্ছেদিত বিবাহিত নাৰী অকাশৰ বাবেই মুঠেই অনুপযোক্ত। আবেগৰ বশৱৰ্তী হৈ হঠাতে লোৱা এটা সিন্ধাই পাচলৈ কন্দুৱাব পাৰে। এইক্ষেত্ৰতে আকাশদাৰ সৈতে অপৰাজিতাৰ অমিল। আকাশে ভৱিষ্যতটোক বিশেষ গুৰুত্ব নিদিয়াকৈ বৰ্তমানটোক অগ্ৰাধিকাৰ দিয়ে আৰু অপৰাজিতাই বৰ্তমানৰ লগতে সমানে ভৱিষ্যতটোৰ কথা চিন্তা কৰে। কৰিবই। জীৱনে তাইক তেনেকৈ ভাবিবলৈ বাধ্য কৰাইছে। তাতে তাই এটা ল’ৰা সন্তানৰ মাক। তাৰ ভৱিষ্যতটোৰ কথা চিন্তা নকৰাকৈ কেৱল বৰ্তমানটোক কোন সতে তাই গুৰুত্ব দিয়ে? আৰু তেনেকৈ হোৱাহেঁতেন তাই দেখোন কাহানিবাই আত্মহত্যা কৰি সকলো সমস্যাৰপৰা মুক্ত হব পাৰিলেহেঁতেন...।
আকাশ দাৰ সৈতে অপৰাজিতাৰ শতকৰা ৯৮ শতাংশ চিন্তা-ধাৰণাৰ মিল। তাতোকৈ জৰুৰী আকাশ দাই তাইক বুজে। তাইৰ মাতটো শুনিয়ে কৈ দিব পাৰে তাইৰ মনত কি চলি আছে, পাচদিনা তাইৰ চকু দেখিয়ে কৈ দিব পাৰে আগৰাতি কিমান পলমকৈ তাইৰ টোপনী আহিছিল, কি ভাবত তাই গোটেই ৰাতি টোপনী ক্ষতি কৰিছিল সকলোবোৰ তাই নোকোৱাকৈয়ে আকাশ দাই কৈ দিব পাৰে। আচৰিত এই আকাশ দাৰ ব্যক্তিত্ব। নাই, অপৰাজিতা স্বাৰ্থপৰ হব নোৱাৰে। নিজৰ ভালপোৱাৰ স্বাৰ্থৰ খাটিৰতে আকাশৰ মাক-দেউতাকৰ সপোন তাই আঁজুৰি আনিব নোৱাৰে। আত্মঅনুশচনাৰ দৰে ভয়ংকৰ শান্তি কিবা হব পাৰেনে? অনাগত দিনবোৰত মানুহে তেওঁক হাঁহিব, পুতৌজনক দৃষ্ট্ৰিৰে ৰাষ্টা ঘাটৰ মানপহবোৰে সিহঁতলৈ ঘূৰি ঘূৰি চাব, মোৰ ল’ৰাই কিয় এনে এটা কাম কৰিলে বুলি মাকে উচুপিব... মনত দুখ পাব। নাই, তাই সুবিধাবাদী হব নোৱাৰে। আকাশ দাই তাইক সুবিধাবাদী হবলৈ শিকোৱা নাছিল। আকাশৰ মনত ঘৃণাৰ ভাব আহিবলৈকে অপৰাজিতাই কটু কথা শুনালে- আকাশ দা, আপোনাক মই দাদা বুলি ভাবিছিলো..। আৰু আপুনিও সম্পৰ্কটোৰ আৰম্ভণিতে কৈছিল নিজৰতো ভনী এজনী নায়ে। গতিকে তয়ে মোৰ ভন্টী। আৰু এতিয়া এইবোৰ কি প্ৰস্তাৱ দিছে? আপুনি কেনেকৈ ইমান তললৈ নামিব পাৰিলে। ছিঃ আকাশ দা....। আপুনি আৰু আজিৰপৰা কেতিয়াও মোলৈ ফোন নকৰিব।
আকাশ দাৰ খঙটো পতকে উঠে। তাইৰ পৰিকল্পনাই সঠিক কাম দিছিল। মুখেৰে একো নমতাকৈ ৰেষ্টুৰেন্টৰ বিলটো পৰিশোধ কৰি আকাশে গাড়ী চলাই গুছি গৈছিল। আৰু তেতিয়াৰপৰাই সি তাইলৈ এটাও ফোন কৰা নাই। ভৱিষ্যতে চাগে কেতিয়াও আকাশ দাই তাইলৈ ফোন নকৰিব। তাইক হয়তো পাহৰি পেলাব। বৰষুণজাক আহিলেই ফোন এটা কৰি আকাশ দাই আৰু কেতিয়াও তাইক নুসুধিব- “ভয় লাগিছে নেকি? যাওঁ নেকি তোৰ কাষলৈ? ওৰে ৰাতি মোৰ বুকুতে মুৰ গুজি নিঃসংকোচে শুই থাকিব পাৰিবি..।“
অপৰাজিতাৰ নিজৰ ওপৰতে পুতৌ উপজিছে। তায়ো দেখোন পোন প্ৰথমে আকাশক ককায়েক বুলিয়ে মানি লৈছিল। কিন্তু পাচলৈ কি হ’লগৈ? কেতিয়া কোন সময়ত কি অজুহাতত আকাশৰ প্ৰেমত বাউলী হ’ল অপৰাজিতাই নিজেই নাজানে...। আনকি নিজে ফোন কৰিবলৈ মানা কৰা ছোৱালীজনীয়ে এতিয়া সেইজন ব্যক্তিৰে ফোনকলটোৰ অপেক্ষাত ইটোৰ পাচত সিটো হুমুনিয়াহ কাঢ়িছে... আচৰিত এই বেইমান হৃদয়ৰ বলীয়ামি..।
ৰাতি এক বাজি পাৰ হৈ গ’ল। এতিয়া আৰু আকাশ দাই ফোন কৰা সম্ভাৱনা নাই। সহিবলৈ টান লাগিছে যদিও অপৰাজিতা নিৰূপায়। আগৰ দুৰাতিৰ দৰে আজিও তাইৰ ৰাতিটো উজাগৰে পাৰ হব সেই কথা নিশ্চিত। হুমুনিয়াহ এটা কাঢ়ি অপৰাজিতাই জুৰেৰে চকুদুটা বন্ধ কৰি থলে। চৌপাশে আন্ধাৰ। মাকৰ বুকুত মুৰ গুজি ল’ৰাটো নিৰ্ভয়ে শুই আছে। মেঘৰ তৰ্জন গৰ্জনৰপৰা পৰিত্ৰাণ পাবলৈকে ল’ৰাটোৰ কাণদুখন অপৰাজিতাৰ হাতখনেৰে হেচা মাৰি ধৰি আছে। এই মুহুৰ্তত ল’ৰাটোৱে তাই জীয়াই থকাৰ একমাত্ৰ সম্বল। আকাশ দা থকালৈকে তাই ভয় কৰিবলৈ পাহৰি পেলাইছিল। কিন্তু আজি বৰষুণজাকলৈ শংকা উপজিছে। মেঘবোৰ বৰ জোৰেৰে গাজিছে..।
চিলমিল টোপনীতে অপৰাজিতাই অনুভৱ কৰিলে সশব্দে তাইৰ ম’বাইলটো যেন কঁপি উঠিছে। সপোন নে দিঠক তাই একো ধৰিব পৰা নাই। এই অসময়ত কোনে বা ফোন কৰিছে...। সোঁহাতখনেৰে চকুদুটা মোহাৰি তাই ম’বাইলটো পৰীক্ষা কৰিলে.... আকাশ দা কলিং...।