- তহঁত আই পি এচ অফিচাৰমখা মৰি যা ঐ....। ছিঃ ছিঃ ছিঃ ঘোৰ অপমান। দুবছৰৰ মুৰত যেনেতেনে মেট্ৰিকটো পাচ কৰা তথাকথিত মন্ত্ৰী অথবা এম এল এ এটাই ফোন মাৰিলেই তহঁতৰ একেবাৰে বলত্কাৰ হৈ যায়। ধুৰ চাল্লা। কি সন্তুষ্টি লৈ চাকৰি কৰি আছ বে? তাতকে মোৰ দৰে ব্ৰয়লাৰ বিক্ৰী কৰ। টকা কম যদিও সন্তুষ্টি আছে। কাৰো পকেটৰ বন্দী হৈ জীয়াব নালাগে। চমুকৈ তহঁতৰ অৱস্থা এই চাধা টেমাতোৰ নিচিনাহে!
কথাৰ পাকতে পলাশে ৰঙা ৰঙৰ প্লাষ্টিকৰ চাধা টেমাতোৰপৰা প্ৰয়োজনীয় চাধাখিনি লৈ পুনৰ পকেটত ভৰাই থলে। বিমান মৌন। তাৰ প্ৰশ্নৰ উত্তৰটো বিমানৰ হাতত নাই।
- চাধা খাবি?
বিমানে সোঁৱে বাওঁৱে মুৰটো জোকাৰি নাখায় বুলি জনালে।
- ননচেঞ্চ। ইয়াতকৈ হেভি হেভি নিচা মদ খাবি, চিগাৰেট খাবি.... কিন্তু চাধা নাখাৱ। খা অকণমান। চাফা হাত। পলাশৰ কণ্ঠত ইতিংকিৰ ভাৱ সুস্পষ্ট।
- হেই নাখাওঁ। বটল খুল যদি ক..। বিমানে গেঙেৰী মাৰি কলে।
- আমাৰ এইটোৱে সমস্যা। সুৰাৰ বটলটোত স্পষ্টকৈ লিখা থাকে সুৰাপান স্বাস্থ্যৰ পক্ষে হানিকাৰক। আমি শিক্ষিতবোৰ দেখি শুনি জানি বুজিও অবুজ। মুৰ্খ। অন্ধ হৈ সুৰাপান কৰিয়ে থাকো। আমাৰ মাজৰে এচাম মদাহীয়ে আকৌ মানুহক দেখাবলৈকে দিনত সুৰাবিৰুধী অসম বন্ধ পালন কৰো আৰু সন্ধ্যা হলেই দুপেগ মাৰি আৰু এটা অসম বন্ধৰ আহ্বান জনাওঁ। মানুহৰ স্বভাৱ...... পলাশৰ আট্টহাস্য। সি আকৌ ক’লে, তহঁতে একোদাল কৰিব নোৱাৰ। সমাজৰ দুজনে কিবা এটা ভাল কাম কৰিবলৈ চেষ্টা চলালেও বাকী আঠজনে সুবিধা নিদিয়ে। অকলে কিদাল কৰিবি? আচ্ছা, সিদিনা তই যে হোটেল ৰেইড মাৰোতে কলেজীয়া কম বয়সীয়া ল’ৰা- ছোৱালী দুটামানক অসংযত অৱস্থাত উদ্ধাৰ কৰি ধৰি আনিছিলি, সেইকিটাক কি কৰিলি?
- ছোৱালী দুজনীৰ মাক- বাপেকক মাতি চমজাই দিলো। ল’ৰা দুটাক গৰু পিটন দিলো। কলেজত পঢ়ি থকা ল’ৰা- ছোৱালী। কেচ ফাইল কৰিবলৈ ভাল নালাগিল। ভাল ধুলাই দিছো। দ্বিতীয়দিন সিহঁতে এনে কু- কৰ্মত লিপ্ত নহয়। বিমানৰ পোনপটীয়া উত্তৰ।
- অ তাৰমানে ছোৱালীকেইজনীক একো নকৰিলি? কিয় বে? কি ফকতীয়া আৰক্ষী বিষয়া বে তই? পলাশে চাধা মাৰিবলৈ এৰি বিমানলৈ চকু ঘোপা কৰি চালে।
- আৰু কি কৰিবি? ছোৱালীকেইজনীৰ গাত কি দোষ? সিহঁত বেশ্যা নহয়তো। প্ৰেমিকৰ চলাহী কথাত ভুল গৈ হে সিহঁত হোটেলখনলৈ আহিছিল। সিহঁতে আগতে কি জানে প্ৰেমিকে কি কৰিব? বিমানে সহজভাৱে ক’লে।
- উ আই। তাৰমানে ছোৱালীকেইজনীয়ে কলটো কেনেকৈ বাকলি গুছাই তাকো নাজানে? ইচ্ ৰাম। আব্বে জধামুৰ্খ। এপাট তাল কেতিয়াবা অকলে বজা দেখিছনে? তালপাট বজিবলৈ আন এপাট তাল লাগিবই অন্যথা কৰবাত খুন্দা খাব লাগিব। অৰ্থাত ল’ৰাকেইটাৰ সমানে সমানে ছোৱালীকেইজনীও জগৰীয়া। সিহঁতে সকলো জানে। চুড়ান্ত অসভ্য আজিকালিৰ কলেজীয়া ছোৱালী। ইহঁতবোৰো একো একোজনী বেশ্যা। ভালপোৱাৰ অজুহাতত প্ৰেমিকক শৰীৰ দিব। বিনিময়ত প্ৰেমিকে পকেট মানি দিব। ধৰ, ৰেষ্টুৰেন্টত ফ্ৰীতে খোৱা বোৱা, শ্বপিং ম’লত গৈ বজাৰ, ম’বাইলৰ ৰিছাৰ্জ এইবোৰ সিহঁতে প্ৰেমিকৰপৰা আদায় কৰি ল’ব। বেশ্যা আৰু ইহঁতৰ মাজত বিশেষ পাৰ্থক্য ক’ত? ধান্দাবাজ। প্ৰেমৰ নামত দেহৰ বেহা। ইহঁতবোৰ অঘোষিত বেশ্যা। ইহঁতক কোনে চিজিল কৰিব? মাক –দেউতাক, ককায়েক, খুড়াক নে আৰক্ষীয়ে? ল’ৰাৰ গাত দোষ আছে মানি ল’লো। কিন্তু গোটেই পৃথিৱীত কাৰ্পেট পাৰিব যোৱাতকৈ নিজে জোতা পিন্ধি ফুৰাটো সুবিধাজনক। ল’ৰাবোৰ বদমাছ, সুবিধাবাদী বুলি আগৰেপৰা বদনাম এটা আছেই। তেনেস্থলত ভালপালে বুলিয়ে সিহঁতৰ চলাহী কথাত ভুল যোৱাৰ প্ৰয়োজন ক’ত? আৰু এটা কথা হজম নহয়। তই মন কৰিছনে নাই নাজানো। এহাল যুৱক- যুৱতীক যেতিয়া কৰবাত অসংযত অৱস্থাত উদ্ধাৰ কৰা বাতৰি নিউজ চেনেলবোৰত প্ৰচাৰ কৰা হয় তেতিয়া সদায় ল’ৰাটোকহে স্পষ্টকৈ দেখোৱা হয়। ছোৱালীজনীক নেদেখায়। ছোৱালীজনীৰ নাম ঠিকনা গোপনে ৰখাৰ পৰিবৰ্তে দোষী ল’ৰাটোৰ বিষয়ে ৰাজহুৱা কৰা হয়। এনে কিয়? ছোৱালীজনীওটো সমানে জগৰীয়া। এইবোৰ কি ফাল্টু নিয়ম? অপৰাধ অপৰাধেই। এইক্ষেত্ৰত নাৰী- পুৰুষৰ প্ৰভেদ কিয়। এইবোৰ ক্ষেত্ৰত নাৰী মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি সম্পাদিকাবোৰ ক’ত সূমাই থাকে! ক’ত হেৰাই যায় নাৰী পুৰুষৰ সমধিকাৰ! এচাম ছোৱালীয়ে টকাৰ বাবে অথবা ল’ৰাটোৰ চাকৰিটোৰ বাবেই মোহত আৱদ্ধ হৈ বয়সত যথেষ্ঠ পাৰ্থক্য থকা ল’ৰাজনৰ সৈতে বিবাহপাশত আৱদ্ধ হয়, পাচত দেখিবি সিহঁতবোৰে গিৰীয়েকৰ অজ্ঞাতে আন ল’ৰাৰ লগত অবৈধ শাৰীৰিক সম্পৰ্ক চলাই গৈছে। ভালপাব এজনক, সতীত্ব দিব এজনক আৰু বিয়া হব আন এজনৰ লগত। এনে কিয় হয়? ইহঁতবোৰোতো একো একোজনী বেশ্যা। ইহঁতৰ হিচাপ কোনে ল’ব? দ্যা চিষ্টেম, দ্যা চছাইটি চুউড গ’ টু হেল।
পলাশৰ অকাট্য যুক্তি। বিমান নিৰুত্তৰ। সি মুম্বাইৰ স্বপিং ম’ল এটাত এজনী কমবয়সীয়া সুন্দৰী অসমীয়া যুৱতী লগ পাইছিল যি মাক দেউতাকক কলেজীয়া পাঠ্যক্ৰমৰ লগত জড়িত কিবা প্ৰজেক্টৰ কামত মুম্বাইলৈ যোৱা বুলি ফাকি মাৰি প্ৰেমিকৰ সৈতে একেটা ফ্লেটৰ একেখন বিচনাতে স্বামী- স্ত্ৰীৰ দৰে এমাহ সময় পাৰ কৰিছিল। ছোৱালীজনীয়ে সি অসমীয়া ল’ৰা বুলি জনা নাছিল। ছোৱালীজনীয়ে নিসংকোচে তাই লগৰ কোনোবা এজনীক ফোনত বৰ গৰ্বেৰে কৈ আছিল- “মা কচম, তামাম এনজয় কৰিছো ৰে। ঘুৰিছো, শুইছো, ফুৰিছো.... কি মষ্টি। কিছু শ্বপিং কৰিছো জান.... অ ৰে ডিস্ক’ বাৰত গৈ মজা লাগে.... ইচ্ মুম্বাইতে থাকি যাওঁ নেকি... না ধেত্ পাপাহঁতে কি জানে! প্ৰজেক্টৰ কাম বুলি টুপী পিন্ধাই থৈছো....। ওহো, মোক বিশ্বাস কৰে পাপাই। .... অ ৰে, প্ৰব্লেম নাই একো....। কোন? অ তাৰ.... না... তাৰ টকাৰ অভাৱ হৈছেনে? বাপেকৰ টকা বিন্দাছ উৰাইছো...। এহ্ যাঃ... আহাৰপৰা এদিনো শান্তি পোৱা নাই জান। প্ৰথম দুদিনমান যে দিন দুপৰতো মোক ৰক্ষা দিয়া নাছিল..। হেঃ হেঃ হেঃ তাৰ হেৰীটো অলপ বেচি যে..। মোৰ কোনোবা সময়ত জীৱ উলাই যাব ধৰে...। যিহে ধৰাল দাত.... ইচ্.... কি?... ৰাতি তাক স্ফুৰ্তি কৰিব দিলেই হৈ গ’ল। দিনত যেনেকে যি মন যায় লুটি থাক...। অ ৰে.....। মোৰেই দিন- ৰাতি সকলো আৰু...। অ কি কলি? বিয়া? বহুত দেৰি আছে। এতিয়া এনজয় কৰি লওঁ...। নাজনো..। নহওঁ দেই। বিয়া মা- পাপাৰ চয়চত হ’ম। তেওঁলোকক দুখ দিব নোৱাৰো পাই....। অ আৰু কি? এনজয় কৰা বয়সত এনজয় কৰিব লাগে। বয়স গলে কি কৰিবি....।“ ছোৱালীজনীৰ কথা শুনি বিমানৰ মুহুৰ্ততে জ্বৰ ঘাম ওলাই গৈছিল। নিজৰ কাণখনৰ ওপৰতে বিশ্বাস হেৰাই গৈছিল। এজনী অসমীয়া ছোৱালীৰ এনে নৈতিক অধঃপতনক বিমানে সহজভাৱে লব পৰা নাছিল। ইয়াৰ বাবে কোন জগৰীয়া? ছোৱালীজনী? ল’ৰাটো? মাক- দেউতাক? নে বিমানৰ দৰে এচাম মৌন প্ৰতক্ষদৰ্শী? মানুহবোৰ কোন দিশে গৈ আছে, কিয় গৈ আছে, কি কৰি আছে, কিয় কৰি আছে নিজেই দেখোন নাজানে। মানৱীয় মুল্যবোধবোৰ ক’ত যে হেৰাই গ’ল! যুৱপ্ৰজন্মৰ এনেধৰণৰ নৈতিক স্খলনৰ বাবে কোন জগৰীয়া? আছেনে উত্তৰ? আছেনে ইয়াৰ কিবা সমিধান?
- যোনে যি কৰে কৰি থাকিব দে। মাঠা মাৰিলে নিজৰে কষ্ট। সহ্য কৰিব নোৱাৰো যে। অথচ একো কৰিবও নোৱাৰো। বাদ দে এইবোৰ। তই মই একো কৰিব নোৱাৰো। মাল খা, আৰু শুই থাক। পলাশ বহাৰপৰা উঠিল। ফ্ৰীজটো খুলি বৰফৰ টুকুৰা কেইটামান উলিয়ালে। বিমানে ভদকাৰ বটলটো সি দেখাকৈ সাজু কৰি ৰাখিলে। অলপ নিচা নহ’লে মগজুটোৱে কাম কৰিবই নিবিচাৰে দেখোন।
নহব। অকলে নোৱাৰিম বুলি হাত সাৱটি বহি থাকিলে নহব। সামাজৰ দহজনৰ আঠজন যদি গছৰ দালে দালে বাকী আঠজন গছজোপাৰ পাতে পাতে হব পাৰিব লাগিব। পৰিবৰ্তন আহিবই।
- ঐ পলাশ। চকু মুদা কুলি হৈ বহি থাকিব নোৱাৰো। নতুন সূত্ৰ ব্যৱহাৰ কৰিছো এইবোৰ। আগতে মন্ত্ৰী এম এল এ তথা সমাজৰ প্ৰভাৱশালী মানুহবোৰে আমাক পকেটত ভৰাই লৈ ফুৰে, কিন্তু এইবাৰ মই ইহঁতক পকেটত ভৰাম। গোটেই ডিপাৰ্টমেন্টৰ মানুহক কামত লগাই দিছো। চহৰখনত যিমানবোৰ ৰাজনৈতিক নেতা, ঠিকাদাৰ, মন্ত্ৰী, বিধায়ক আছে, সকলোৰে হিষ্ট’ৰী জিয়গ্ৰাফী উলিয়াবলৈ মানুহ কামত লগাই দিছো। ইহঁত সকলোৰে একো একোটা গণ্ডগোলীয়া অতীত থাকেই। মই সিহঁতৰ দূৰ্বলতাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিম। কিবা কলেই ইহঁতক ব্লেকমেইলিং কৰা আৰম্ভ কৰি দিম। তই মোক অলপ সহায় কৰ। নগৰখনত কেইজনমান বিশ্বাসী ইনফৰ্মাৰৰ প্ৰয়োজন। লগতে কেইজনমান নিৰ্ভিক বিশ্বষ্ট যুৱ সাংবাদিক বিচাৰি উলিয়াব লাগিব। তাৰপাচত চাই থাক ক’ৰ পানী কলৈ যায়। চুৰৰ লগত চুৰৰ দৰে চিন্তা নকৰিল নহব।
বিমানৰ কথা কোৱা ভংগিমাটো ঠিক দক্ষিণ ভাৰতীয় চিনেমাৰ আই পি এচ বিষয়াকেইজনৰ দৰেই লাগিছে। পলাশে জানে বিমান এটা আধা পাগল। সি প্লেনিং কৰিলেই তাক ৰাখিব পৰাটো বৰ জটিল। চহৰখনত কম সময়তে চমত্কাৰ এটা হব যেন লাগিছে।
- তই টেনচন নলবি বে। টাউনখন মোৰ দেউতাৰ বুলিয়ে ধৰ। ব্ৰয়লাৰ বেপাৰী হলেও বহুত মানুহ মোৰ চিনাকী। চাবি নেকি মোৰ ফিল্দ? নেতা পালিনেতা, উকিল, মাষ্টৰ, আত্মসমৰ্পণকাৰী বিদ্ৰোহী নেতা, সাংবাদিক বহুত মানুহ মোৰ চিনাকী। সহায় পাই যাবি। মই আছোতো। কমিচন এটা হলেতো কথাই নাই। ব্ৰয়লাৰ বিক্ৰী কৰা বাদ দি ইনফ্ৰমাৰে হৈ যাম। ভদকাৰে ভৰ্তি কাচৰ গিলাচটো পলাশে বিমানৰ হাতত গুজি দিলে...
নাও.... চিয়েৰচ মেন.....
- ওঁ। সহায় লাগিব। প্লেনিং সম্পূৰ্ণ হৈ গৈছে। এতিয়া এক্সন লব বাকী। চিয়েৰচ.....
(আগলৈ)