৬- ৭ জনীয়া ডকাইটোৰ দলটো মানুহঘৰত প্ৰৱেশ কৰা
লগে লগেই ১৯ বছৰীয়া গাভৰু জীয়েকজনীয়ে সুযোগ বুজি পাচ দুৱাৰেদি ওলাই ঘৰৰ চাদৰ ওপৰত
উঠিল। ডকাইতৰ দলটো ঘৰৰ ভিতৰত লোটপাট চলোৱাত ব্যস্ত থাকিল আৰু ছোৱালীজনীয়ে চহৰখনৰ
অতিৰিক্ত আৰক্ষী অধীক্ষকজনক ফোন কৰি খবৰটো জনাই দিলে । আৰক্ষী বাহিনীৰ দলটো
তাত্ক্ষণত আহি ঘটনাস্থলীত উপস্থিত হলহি আৰু সহজতে ডকাইতৰ দলটোক হাতে- লোটে কৰায়ক্ত
কৰিলে। এজন দুজনকৈ স্থানীয় বহু লোক গোট খালে। ডকাইতী কৰিবলৈ অহা যুৱকৰ দলটো
অচিনাকী। কম বয়সীয়া ল’ৰা। উপস্তিত থকা মানুহবোৰে ছোৱালীজনীৰ সু-বুদ্ধিৰ ভূয়সী প্ৰশংসা কৰিলে। পাষণ্ড
কেইটাক এপিটন ভালমতে দিবলৈ উত্তপ্ত মানুহবোৰ উদ্যত হ’ল। বিমানে বাধা দি ক’লে- ৰ’বচোন। ১০৮ লৈ ফোন কৰিছোহে।
আহি পাৱক। মানুহবোৰ ৰৈ গ’ল। বিমানলৈ মানুহবোৰে সমীহ কৰে। শ্ৰদ্ধা কৰে। দেৰমাহতে মানুহবোৰৰ মনত সি এক
সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। তাৰ কামক লৈ তেওলোক সন্তুষ্ট। সি যে আধাপগলা
সেইটো চহৰখনৰ প্ৰায়বোৰ মানুহেই জানে। তাৰ ওপৰত তেওঁলোকৰ অগাধ বিশ্বাস। পাব্লিকে
একো নকৰিলেও বিমানে থানাত নি যে এশিক্ষা ভালকৈ দিব সেই কথা নিশ্চিত।
-
শুভ কামত পলম কৰিব নাপায়।
ইহঁতক থানাত নি কিনো কৰিম? দুমাহ এমাহ জেইলত থাকি আকৌ উভটি আহিব। কুকুৰৰ নেজ চিধা কৰিব নোৱাৰি। ইহঁতেও
আকৌ পুৰণি কামবোৰ আৰম্ভ কৰিব। তদুপৰি এইটো ফকতীয়া ডকাইতী দল। এনকাউন্টাৰ কৰিবলৈ
গলে নিজৰে লাজ লাগিব। গতিকে মিডিয়াৰ মানুহ আহি পোৱাৰ আগতে আপোনালোকে যি কৰে কৰক।
আমি চাম। কেৱল মাৰি নেপেলাব। মৰিলে শিক্ষাটো নাপাব নহয়। দেখাই দিয়ক হে পাব্লিক
ঢুলাই কি বস্তু! এনেকুলা পিটন দিয়ক যাতে দ্বিতীয়দিন সিহঁতে এনে কাম আৰু কৰিব
নোৱাৰে। হাত- ভৰি যি পাৰে ভাঙক। গৃহস্থ ক’ত হে... ফিটা কাটক...
স্বয়ং পুলিচে পাৰমিচন দিয়াৰ
পাচত মানুহবোৰ আৰু ক’ত ৰৈ থাকে। গৰু খুন্দা দিছে। গোটেইকিটাৰে অৱস্থা এটিয়া শোচনীয়। চৰকাৰী
হাস্পটালত পৰি আছে। কোনোমতে উশাহ লৈ আছে, এৰি আছে। বাচিবনে নাই ভগৱানেহে জানে।
সেইজন সঁচাই পগলা হে। এচ আই শইকীয়াৰ কথা শুনি অপৰাজিতাৰ বুকুখন চিৰিং চিৰিঙকৈ
কঁপিছে। ডকাইতৰ দলটো হেনো সিহঁতৰ ঘৰৰ কেচটোতো জড়িত হৈ আছিল। সিহঁতৰ হাতৰপৰা
উদ্ধাৰ কৰা সোণৰ আ- আলংকাৰবোৰৰ মাজৰপৰা অপৰাজিতাৰ বস্তুকেইপদ বাচি নিবলৈ পুৱাতে এচ
আই শইকীয়াই ফোন কৰি থানালৈ মাতি পথাইছিল। সেইমতে থানাত আহি তাইৰ আটাইকেইপদ বস্তু
চিনাক্ত কৰি লৈ ল’লে। কিন্তু তাৰ মাজত ডায়েৰীখন নাই। এতিয়া অপৰাজিতাই শইকীয়াক একো কবও নোৱাৰা হ’ল। আৰু ইফালে বিমানে যোৱাৰ
আগতে এবাৰ লগ কৰি যাবলৈ কৈ থলে। তেওঁৰে অপেক্ষাত অপৰাজিতাই থানাখনতে বোন্দা পৰ দি
আছে। এঘন্টামান শইকীয়াৰ লেকচাৰ শুনোতেই গ’ল। খালী এ এছ পি ছাৰ অমুক, বৰুৱা ছাৰ তমুক, অমুক কৰিলে,
তমুকটো হ’ল। বিৰক্তি লাগি গৈছে।
অৱশেষত তেওঁ আহি থানা
পালেহি। আহিয়ে নিজৰ কেবিনলৈ অপৰাজিতাক মাতি পথালে। তাই গ’ল। নিৰ্দিষ্ট চকীখনত বহিল।
ক্ষন্তেক নিৰবতাৰ অন্তত বিমানৰ পোনপটীয়া প্ৰশ্ন- আপোনাৰ স্বামীৰ কেচটো ৰি- অপেন
কৰিবনে?
অপৰাজিতাৰ পূৰ্বানুমান
সম্পূৰ্ণ শুদ্ধ। তাইক থানালৈ ফোন কৰি থানালৈ মাতোতেই সন্দেহ হৈছিল আৰক্ষীৰ উদেশ্য
আন কৰবাত। কিন্তু এইজনৰ দেখোন ষ্টাইলটো সুকীয়া। চিধি বাত ন’ বকৱাচ। খুউব সম্ভৱ ডকাইতৰ
দলটোৰপৰা পৰাণৰ ডায়েৰীখন তেওঁ উদ্ধাৰ কৰিছে। আৰু যদি সেইটোৱে হয় তেন্তে তাইৰ হাতত
আৰু কৰিবপৰা একো নাথাকিব।
-
মৌনতা মোৰ একেবাৰে হজম নহয়।
আপুনিও জানে বহুখিনি কথা মই ইতিমধ্যে জানিব পাৰিছোৱে। আপুনি কিবা স্বীকাৰ কৰা
নকৰা, সহযোগিতা জনোৱা নজনোৱাই বিশেষ একো পাৰ্থক্য নানে। কেচ ৰি- অপেন হবই। আজিয়ে।
তেনেস্থলত আপুনি মৌন থাকি কি কৰিব?
অপৰাজিতা নিমাত। কেচটো ৰি-
অপেন হৈ কি হব? পৰাণ উলটি আহিবনে? ঘুৰাই পাবনে তাইৰ শিৰৰ ৰঙাখিনি? পৰাণৰ মৃত্যুৰ পাচত কিমানটা নিশা হাঁহিমুখে তেওঁৰে বন্ধুৰ ধৰ্ষণ সহ্য কৰিবলগা
হৈছে, সেই নিশাবোৰৰ হিচাপ ক’ত যাব।
বিমনে চিগাৰেট এটাত অগ্নি
সংযোগ কৰি ল’লে। তাই একো নোকোৱা দেখি সি আকৌ কবলৈ ধৰিলে- আপোনাৰ স্বামীক মই ঘুৰাই আনি দিব
নোৱাৰো সঁচা কথা, আপোনাৰ উকা শিৰৰো পূৰ্ণতা দিব নোৱাৰো, কিন্তু পৰাণৰ সৈতে যিখিনি
হৈ গ’ল, আপোনাৰ সৈতে নহবলগীয়া যি হ’ল অনুৰূপ কোনো মানুহৰ সৈতে নঘটক। ব্লেকমেইলিঙৰ জড়িয়তে কৌশিকে কিমান নাৰীৰ
ওপৰত শাৰীৰিক অতিশয্যা তলাইছে তাৰ হিচাপ কোনেও নাজানে। বাহ্যিকতাত এজন গণ্য মান্য
সাংবাদিক হোৱাৰ সুবাদতে তেওঁ নকৰিবলগীয়া কৰা নাই কি? সকলো জানি শুনি বুজি আপোনাৰ এই নিৰবতা কিয়? সুযোদ দিছো সুবিধাখিনিটো আদায় কৰক।
চিগাৰেটৰ সহ্য নহয়
অপৰাজিতাৰ, পৰাণেও চিগাৰেট হুপিছিল। কৌশিকেও প্ৰতিবাৰেই তাইৰ দেহৰ কাপোৰ আজোৰা
আগমুহুৰ্তত চিগাৰেট হুপিছিল। তাইৰ দেহত সি জপিয়াই পৰিলেই সুৰা- চিগাৰেটৰ মিশ্ৰিত
অসহনীয় গোন্ধটো নাকত লাগি প্ৰায়ে তাইৰ বমি হোৱাৰ উপক্ৰম হৈছিল। কিন্তু প্ৰতিবাদ
জনায় কিবা জানো লাভ হৈছিল। পুৰুষৰ দমনীয়তাৰ বিৰুদ্ধাচৰণ কৰি কিবা জানো লাভ
হৈছিল...।
-
আপুনি নকয় কিয় একো? মুখেৰে মাত দিয়ক। মই ছাগলীৰ
দৰে বেবাই থকা যেন লাগিছে নিজকে। প্ৰতিবাদ কৰক। আপুনি চিগাৰেটৰ সহ্য কৰিব নোৱাৰে।
নকৰিব সহ্য। মই পুৰুষ, আৰক্ষী অধীক্ষক, এনকাউন্টাৰ স্পেচিয়েলিষ্ট, বাঘ, হাতী, সিংহ
যিয়ে নহওঁ কিয় আপুনি সহ্য কৰাৰ প্ৰয়োজনীয়তা নেদেখো। বিৰুদ্ধাচৰণ কৰক। মাত মাতক।
নিজকে দূৰ্বল বুলি ধৰি লৈ অধিক দূৰ্বল হৈ গৈ আছে কিয়?
বিমানৰ কথা শুনি অপৰাজিতাৰ
মিৰে কঁপালে জ্বৰ উঠাদি উঠিছে। তাই আচৰিত হৈছে। যিখিনি কথা তাইৰ মনত গুজৰি আছে
সেইখিনি কথা তেওঁ দাড়ি কমা ভুল নকৰাকৈ পঢ়ি পেলাইছে। জীৱনত লগ পোৱা বহু মানুহৰ
ভিতৰত এইজন আটাইতকৈ দুধৰ্ষ লোক। জঘন্য মানুহ। তাইৰ আয়ত্বৰ বাহিৰত।
-
যি দেখিছো আপুনি মুখ
নুখুলে। খুলাহেঁতেন ইমানদিনে কৌশিকৰ ৰক্ষিতা হৈ থাকিব লগা নহ’লহেঁতেন। হাতত সময় তাকৰ। মই
এনেকোৱাই। আন আৰক্ষী বিষয়াৰ দৰে কৰবাৰপৰা কথা আৰম্ভ কৰি পকাই পকাই আহি মুল কথাৰ
অৱতাৰণা কৰা স্বভাৱটো মোৰ নাই। স্পষ্ট কথা। সেয়ে মৃন্ময়ৰ জড়িয়তে প্ৰথমতে আপোনাক
সতৰ্ক কৰি দিছিলো। আপুনি সতৰ্ক নহ’ল। ডকাইতী হ’ল। আপুনি থানালৈ নাহিল। আজি হেৰুৱা সম্পত্তি বিচাৰি কিয় আহিল নাজানো। আহিলে
বালেই হ’ল। নহাহেঁতেন উঠাই আনিলোহেঁতেন। চিধা কথা। কেচটো ৰি- অপেন কৰি দিয়ক। কৰিব
লাগিবই। কোনেও আপোনাক ৰক্ষা কৰিব নোৱাৰে। একো নোম লৰাব নোৱাৰে মোক। কৌশিকক থানাত
আনি দুটা কাণৰ লতল চৰ সুধাই দিলেই মুখ খুলি পেলাব। সহকৰ্মী মিডিয়াৰ মানুহবোৰ
সম্পূৰ্ণ মোৰ হাতৰ মুঠিত। গতিকে পৰাণৰ আনখন ডায়েৰী যেতিয়াই ইচ্ছা তেতিয়াই মই
সংগ্ৰহ কৰি লব পাৰিম। আচলতে মোৰ মতে আইন কাণুন হাতৰ মুঠিলৈ আনি কৰিব বিচৰা নাই।
সদ্যাহাতে আপুনি যদি কেচটো ৰি- অপেন নকৰে তেন্তে আপোনাৰ স্বামীৰ এগৰাকী ৰক্ষিতাই
এই কামটো হাতত ল’ব। তেওঁৰপৰা ইতিমধ্যে বহুখিনি তথ্য লাভ কৰিছো। আচৰিত নহব। এয়া অপ্ৰিয় সত্য।
কোঠাটোৰ ভিতৰলৈ এগৰাকী
বোৱাৰী সুমাই আহিল। বিমানে তেওঁক অপৰাজিতাৰ কাষতে বহিবলৈ নিৰ্দেশ দিলে। অপৰাজিতাই
চকুৰে ধোঁৱা- কোঁৱা দেখিছে। পৰাণৰ ৰক্ষিতা? মিচা কথা। হবই নোৱাৰে। তাই বাৰে বাৰে বোৱাৰীজনীৰ
মুখলৈ চালে। ওহো, তেওঁ ভুঁৱা। এয়া আৰক্ষী বিষয়াজনৰ মনে সজা ঘটনা। তেওঁৰ আন এগৰাকী
বোৱাৰীৰ সৈতে অবৈধ সম্পৰ্ক আছিল, তাইকতো অপৰাজিতাই ভালকৈ চিনি পায়। সেই বোৱাৰীজনী
এসময়ত তাইৰ বান্ধৱী আছিল। এইজনী বোৱাৰী নহয়।
-
ষ্টপ ইট...। মিছা কথা। এয়া
আপোনাৰ কু- চক্ৰান্ত। কোন এওঁ! ছাৰ, বহুত হৈছে। আপুনি বন্ধ কৰক। অপৰাজিতাই খঙত
গৰজি উঠিল। খঙৰ ভমকত তাইৰ চকুৰে যেন জুইহে বৰষিছে!
বিমানে তাকেইতো বিচাৰিছিল।
সি ইঙ্গিত দিয়াৰ লগে লগে বোৱাৰীজনী কেবিনটোৰ বাহিৰলৈ ওলাই গ’ল।
-
আপুনিটো বেশ্যা নাছিল মিচেছ
অপৰাজিতা বৰুৱা! বিমানৰ ওঁঠত ৰহস্যময়ী কুটিল হাঁহিৰ ৰেখা এদাল বিয়পি পৰিল।
-
হোৱাট দ্যা হেল। কোন
বেশ্যা। বেশ্যা তাই। মই বেশ্যা নহয়। অপৰাজিতাৰ উদন্দ কণ্ঠ।
-
আপুনি বেশ্যা নাছিল। আপুনি
বেশ্যা হৈ গ’ল। বিমানে যিমনান পাৰে অপৰাজিতাৰ জ্বলা জুইকুৰাত ঘিউ ঢলাৰ চেষ্টা চলাইছে।
-
তাই বেশ্যা আছিল। মইতো পৰাণক হেৰুৱাই মাত্ৰ এজন
পুৰুষৰ সৈতে শুইছিলো। তাকো বাধ্য হৈ.....। কিন্তু তাই....??? অপাৰজিতাই আন এগৰাকী নাৰীৰ
কথা কবলৈ গৈ আছে। বিমানে নাজানে তাই কোন। সেই নাৰীগৰাকীৰ বিষয়ে তাৰ জ্ঞাত নহয়। পৰাণৰ
প্ৰথমখন ডায়েৰীত তাইৰ কথা স্পষ্টকৈ উল্লেখ নাই।
-
ওহো, তাই বেশ্যা নাছিল।
পৰাণৰ সংগত পৰিহে..... বিমানে বাক্যটো সম্পূৰ্ণ কৰিব নাপালেই...
-
আপুনি কি জানে মিষ্টাৰ
বিমানজ্যোতি বৰুৱা। নিজকে ইমান স্মাৰ্ট বুলি ভবাৰ প্ৰয়োজনীয়তা নাই...। আপুনি একো
নাজানে। য়েচ, পৰাণক হত্যা কৰা হৈছিল। তাৰ পাপৰ ফল সি ভোগ কৰিলে। মই নিমাতে ৰৈছিলো,
কেৱল তেওঁৰ সন্মানৰ স্বাৰ্থত। সকলো এতিয়াই ক’ম। ইয়াৰ পাচত আপুনি সেই খলনায়িকাগৰাকীক কি কৰিব পাৰে চাম।
যদি নোৱাৰে তেন্তে পুৰুষৰ নামত আপুনি এজন কলঙ্ক বুলি মানি ল’ম। পাৰিব যে আশা তেনেই
ক্ষীণ। শুনক আৰম্ভণিৰপৰা......
(আগলৈ)