এই আকাশ বৰ বিশাল

“মাজে সময়ে প্ৰেমিকা এজনীৰ বৰ প্ৰয়োজন হয় হে! মাৰ বয়স তিনিকুৰি হবৰ হ'ল। মন গলেই সকলো কথা মুকলি মনেৰে আলোচনা কৰিব নোৱাৰি নহয়। তদুপৰি মদ খালেই জানো সমস্যাবোৰ শেষ হৈ যায়? নাযায়। এটা সমস্যা সমাধান হলেই আহি আন এটা যায়। মাঠা নষ্ট হৈ যায় একদম। অদ্ভূত এই মন বুলা বস্তুটো। কি নালাগে তাক! গোটেই পৃথিৱীখনকে লাগে, দিম যেন দুটা চৰ সুধাই! অ’ মই কি কৈ আছিলো? প্ৰেমিকা এজনী লাগে নহয়? এৰা, এই বৰষুণৰ দিনবোৰ, শীতৰে সেমেকা নিশাবোৰ,ফাগুণৰ প্ৰাণচঞ্চল বতাহজাকত নিজক সম্পূৰ্ণৰূপে নিমজ্জিত কৰিবলৈ এগৰাকী প্ৰেমিকাৰ বৰ প্ৰয়োজন। সুখ অথবা দুখ, হাঁহি অথবা কান্দোন, সম্পদ কিম্বা বিপদ- এইবোৰৰ স'তে সুন্দৰকৈ সহবাস কৰিবলৈ এগৰাকী সঙ্গীৰ সঁচাকৈয়ে বৰ প্ৰয়োজন। মৌচুমী আতৰি যোৱা দিন ধৰি বৰ কষ্টৰ মাজত জীয়াই আছোঁ। দুখত বুকু উজাৰি কান্দিব নোৱাৰো, ক্ষন্তেকীয়া সুখতো প্ৰাণ ঢালি হাঁহিব নাপাওঁ। সকলো সময়তে নিসংগতা অথবা কিবা এক উদাসীনতাই মনটো ভৰাই ৰাখে। জীয়াই আছো অথচ উপভোগ নকৰাকৈ। মৌচুমীক হেৰুৱাৰ এটা অন্যতম কাৰণ আছিল দৰিদ্ৰতা। নিবনুৱা এজন দৰিদ্ৰ যুৱকৰ হাতত কি ভৰষাত কোন দেউতাকে নিজৰ ৰূপহী জীয়েকক অৰ্পণ কৰিব? উপায় নাই, বুজাবুজিৰ মাজেৰে মই তাইক বিদায় দিলো। আৰু সেইদিন ধৰি মই আজিলৈকে সুখী হব পৰা নাই। নোৱাৰিম চাগে। কিন্কু কিয় এনে হয়? মৌচুমী বাৰু পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ প্ৰেমিকা আছিল নেকি?? নহয় চাগে। হবও পাৰে! ধেই নাজানো। মা লৈ ফ'ন কৰিবকে নোৱাৰি। বিয়া পাতিব লাগে, তেওঁক সোনকালে এজনী বোৱাৰী লাগে। না ক'লেই গালি আৰম্ভ- "তই পাগল হ'লি। তোৰ মাঠা নষ্ট হ'ল। আৰু মদ খা…"। মদ নাখায় কৰিম কি? সদায় সদায় একেটাই বিষ কিমান সহ্য কৰিম! গতিকে দুই পেগ মাৰি বিন্দাছ শুই থাকো। দিনত অফিচৰ ব্যস্তটা, ৰাতি মদৰ আদ্দা। জীৱন চলি আছে। চলি থাকিব। সুৰাপান স্হাস্থ্যৰ পক্ষে হানিকাৰক। পুতেকক মদৰ নিচা এৰুৱাব নোৱাৰি মাতৃদেৱীয়ে শেষ সিদ্ধান্ত লৈ ল'লে, ল’ৰাটোক বিয়া পাতি দিব লাগে। ঘৈণীয়েকে আহি চিধা কৰি দিব। কথা মতেই কাম। ছোৱালী বিচৰা পৰ্ব আৰম্ভ হ'ল। পুতেকৰ বিয়া পতাৰ মন নাই। গতিকে ছোৱালী অপচন্দ বুলি গোকোটা মিছা মাতি সময় অতিবাহিত কৰিছে। মাকো কম নহয়। পুতেকৰ টেঙৰামী সহজে বুজিব পাৰিলে। সেয়ে মোক নজনোৱাকৈয়ে মায়ে ছোৱালী এজনী মনে মনে থিক কৰি পেলালে। ছোৱালীৰ দেউতাক মামাৰ ভাল বন্ধু। গতিকে মই ফচি গ'লো।
বিয়া পাতিবই লাগিব। মৌচুমীক পাহৰি ধৰ্মপত্নীৰ সৈতে একাত্ম হবই লাগিব। মোৰ ভাল দিন সমাগত.......।“

সশব্দে কঁপি উঠা মোবাইলটোৰ জোকাৰণিত মোৰ ৰাতি পুৱাল। ধুৰ চাল্লা, ইমানপৰে মই মানে সপোনহে দেখি আছিলো। উফ্.....
এই আকাশ বৰ বিশাল বুজিছে। আপুনিও সপোন দেখক মোৰ দৰে। জীয়াই থাকক। চাকৰি আৰু পচন্দৰ নাৰী এতিয়া বৰ দুৰ্লভ হে। চৌপাশে মাথো- খালী নাই। তথাপি সপোন দেখক। সপোন দেখিবলৈ নেৰিব। পৰালৈকে জীৱনটো উপভোগ কৰক। পাৰক নোৱাৰক চেষ্টা নেৰিব। কোনোবাই খবৰ সুধিলেই মোৰ দৰে মিছাকৈয়ে কৈ দিয়ক- “বিন্দাছ আছো বে।“

মই নিয়মিতভাৱে স্কুলীয়া ল'ৰা ছোৱালীকেইটাক লৈ পুৱাতে টেম্পুখন চলায় ওলাই যাও। স্কুলখনৰ গেটতে এক্ষেন্তক জিৰাও। একেটা সময়তে কণমানীজনীৰ হাতত
খামূচি সিফালৰপৰা মৌচুমীজনীক খৰখোজেৰে আহি থকা দেখা পাওঁ। পলকতে মই আকাশলৈ চাওঁ…দুহাত মেলি উশাহখিনি শূণ্যতালৈ ঠেলি পথাওঁ.... আকাশখন ঢুকি নাপাওঁ...... এই আকাশ বৰ বিশাল।