“মৰমৰ, ক’ৰপৰা আৰম্ভ কৰিম সঠিককৈ ধৰিব পৰা
নাই। কেতবোৰ আৰম্ভণিৰ পৰিসমাপ্তি নাথাকে। তই বুজা নাই? দীঘলীয়া নকৰো, চমুকৈ মই তোক ভালপাওঁ। তোৰ সৈতে
জীৱনৰ অন্তিম সময়খিনি উপভোগ কৰিব বিচাৰো। ওঁ, উপভোগ। তোক লগপোৱা আগলৈকে জীয়াই
আছিলো। উপভোগ কৰা নাছিলো। তোৰ সান্নিধ্যত মোৰ হুমুনিয়াহ আৰু হাবিয়াস দুয়ো
বিধস্ত। তই দেখ, বুজ।
তাৰপাছতো ভাও জুৰ। কিয়? কাৰণটো
মোৰ অজ্ঞাত। তোৰ চকুত চকু থৈ যিখিনি কথা কব পাৰিব লাগিছিল, মই নোৱাৰিলো। ভয়াতুৰ নাছিলো অথচ
তাক তোৰ সন্মূখত প্ৰমাণিত কৰিব নোৱাৰিলো। শংকা হৈছিল, তই না কৰিলে মোৰ কি হব? কষ্ট হব, সহিবও পাৰিম কিন্তু সুখী হব
নোৱাৰিম। নুসুধিবি সুখৰ সংজ্ঞা কি? মই নাজানো। বুজো, অনুভৱ কৰো তই মানেইতো মোৰ এবুকু
সুখ। তোৰ গুড মৰ্ণিং মেচেজটোৰে মোৰ দিনটোৰ শুভাৰম্ভ। গুড নাইট মেচেজটোত সমাপ্তি।
তোৰ এষাৰি বাক্যত মই জীয়াব শিকো। এনে কিয় হয়? মোৰ হৈছে কি? উত্তৰ নাই। তোৰ উপস্থিতিত অনুভৱ
কৰা নাছিলো, অনুপস্থিতিয়ে
মোক কেনেকৈ জুৰুলা কৰিব পাৰে। এতিয়াতো প্ৰতি পল অনুপলত মই মৰি মৰি জী আছোঁ। পুৱা
সাৰপাই চকুৰ পতা মেলিবলৈ মন নাযায়। তোৰ গুড মৰ্ণিং অবিহনে মোৰ দিনটো অৰাজকতাৰে
পাৰ হয়। প্ৰতিদিন তোৰ অবিহনে মোৰ বাবে একো একোটা worst day...।
সন্ধ্যা হলেই বুকু কঁপে, কাতৰেৰে নেদেখাজনক প্ৰাৰ্থনা কৰো
নিশাটো নাহক। তই নাই যে, তোৰ
শুভেচ্ছা অবিহনে ৰাতিটো সুখৰ হব পাৰে জানো?? আকৌ কৈছো, মই তোক কাষত বিচাৰো। তোৰ অবিহনে
মই একেবাৰে বিধস্ত হৈ পৰিছো অ.....। মৰিবও নোৱাৰো। তোৰ অনুমতি অবিহনে মই কেনেকৈ
উশাহ লবলৈ এৰি দিয়ো? হব
দে আৰু একো নকওঁ। কুশলে থাকিবি। জন্মদিনৰ বহু বহুত শুভেচ্ছা থাকিল। সুখী হ।
বিঃ দ্ৰঃ- মই ফোন নম্বৰ
সলনি নাই কৰা প্ৰিয়তমা। তোৰেই অপেক্ষা........!!“
- ঐ, কন্দুৱাই দিবি দেই তই। ধেত্। কি
লিখিছ এইবোৰ। ৰিমলীৰ
মন্তব্যটো শুনি বিমানে তাইলৈ ঘোপাকে চালে। তাৰ পৰিকল্পনাই সঠিক কাম নিদিলে। কিনো
ছোৱালী এইজনী, ইম’চন-চিম’চন জাতীয় বস্তবোৰ এইজনীৰ হৃদয়ত
আছেনে নাই ঈশ্বৰেহে জানে। ছেঃ মিছাতে এৰাতিৰ টোপনী ক্ষতি হ’ল। তাতকে গোটেই ৰাতি মহ দুটামান
মৰাহেঁতেন ঘৰখনত মহৰ বংশবৃদ্ধিত বাধা দিব পৰা গ’লহেঁতেন। নহ’ব। এইজনীক আৰু কেতিয়াও তাৰ মনৰ
কথা কোৱা নহ’ব।
অবুজ ছোৱালী। - তই
একো নকলি যে? কাৰ
কথা ভাবি চিঠিখন লিখিছিলি কচোন? ৰিমলীয়ে পুনৰাই সুধিলে। - নাই দে। এনেই। কালি ৰাতি বহু
দেৰিলৈকে টোপনী অহা নাছিল। সেয়ে কাগজ- কলম উলিয়াই টাইম পাছ কৰি আছিলো। অদৰকাৰী
এইবোৰ। কাম নাই। তই নুবুজিবি। ৰিমলীৰ হাতৰ ডায়েৰীখন বিমানে নিজৰ হাতলৈ কাঢ়ি
নিলে। - উ
আই। খঙটো চোৱা। ল’ৰা
প্ৰেমত পৰিছে যেন পাওঁ। পিচে কোন অ সেই দূৰ্ভগীয়া ছোৱালীজনী? বিমানৰ আৰু অলপ খং উঠক বুলি
ৰিমলীয়ে তাক তেনেকৈ কলে। - মুখত
যি আহে তাকে বলকি নাথাক। যা, মোলৈ
চাহ একাপ বনাগৈ। - চাহ? তোক? মই? নাকত তেল দি ঘৰত শুই থাকগৈ যা। এই
ভৰ দুপৰীয়াখন মই চাহ-তাহ বনাই থাকিব নোৱাৰো।
ৰিমলীৰ আশাত চেঁচা পানী ঢালি
বিমানে আনদিনাৰ দৰে আজি তাইক অনুৰোধ নজনালে- “যাচোন চাহ একাপ বনাগৈ। প্লিজ। তোৰ
হাতৰ চাহকাপ বৰ টেষ্টি হয় বাবেহে কৈছো। বেছি নকৰচোন। তাৰ পৰিবৰ্তে সি বহাৰপৰা উঠি
ঘৰলৈ যাবলৈ উদ্যত হ’ল।“ - যাওঁ দে। কালিলৈ পুৱা পোহৰ হওঁ
নহওঁতেই মই গুৱাহাটী অভিমুখী বাচত উঠিব লাগিব। ১০ বজাত ফ্লাইট। আকৌ কেতিয়া আহিব
পাৰিম ঠিক নাই। বৰমাক কবি। সন্ধিয়া পাক এটা মাৰিবলৈ সময় নাপাম চাগে।
বিষণ্ণতাৰে ভৰা বিমানৰ চকুজুৰিয়ে
তাইক বহু কথাই কব খুজিছিল। ৰিমলীৰো শুনাৰ ইচ্ছা আছিল। কিন্তু সিয়ো একো খুলি নকলে, তায়ো শুনাৰ ইচ্ছা ব্যক্ত নকৰিলে।
ৰিমলীৰো বিমানৰ দৰে একেই দুৰৱস্থা। ভয়াতুৰ নহয় যদিও ৰিমলীয়ে তাৰ সন্মূখত তাইৰ
সাহসীকতাৰ প্ৰমাণ দিব নোৱাৰিলে। আগতেও পৰা নাছিল। ভৱিষ্যতে যে পাৰিব তাৰ আশা
ক্ষীণ। ৰিমলী
আৰু বিমান দুয়ো একেবয়সৰ। সিহঁতৰ ঘৰদুখন ওচৰা-ওচৰি। ৰিমলীৰ দেউতাক বিমানৰ দেউতাকৰ
নলে-গলে লগা বন্ধু হোৱাৰ সুবাদতে দুয়োখন ঘৰৰ মাজত এটা সু-সম্পৰ্ক আছে। তেনেস্থলত
সিহঁতৰ মাজত প্ৰেমৰ সম্পৰ্ক স্থাপন হলেও ঘৰত আপত্তি কৰিবলগা একো অজুহাত নাথাকে।
কিন্তু পাই হেৰুৱাৰ বেদনালৈহে ৰিমলীৰ বৰ ভয়। মনৰ কথাবোৰ খুলি নোকোৱাকৈ থাকিয়ে
ভাল লাগিছে। অন্ততঃ প্ৰতিশ্ৰুতি ভংগৰ আশংকা নাই। চকুত চকু থৈ আই লাভ ইউ বুলি নকলেও
ভালপোৱা হব নোৱাৰে নেকি?
- “মাজনী। বিমানৰ মৃতদেহটো আহি পাবৰ
হ’ল।
সোনকালে সাঁজু হ।”
দেউতাকৰ হেচুকনিত ৰিমলীৰ গালৈ হুচ
আহিল। ছুটী শেষ হোৱাত সেই যে সিদিনা সি কৰ্মস্থলীলৈ বুলি গৈছিলগৈ, তিনিদিন পাচতে মাওঁবাদীৰ বিৰুদ্ধে
চলোৱা এটা বিশেষ অভিযানত ভাৰতীয় সেনা বাহিনীৰ উচ্চ পদস্থ বিষয়া বিমানৰ মৃত্যু
হৈছিল। ৰিমলীয়ে নিজৰ কাণখনকে বিশ্বাস কৰিবলৈ টান পাইছে। চকুদুটাৰ ওপৰতো ভৰষা
নোহোৱা হৈছে। ওহো, বিমানৰ
মৃত্যু হব নোৱাৰে। তাইক এৰি সি কলৈকো যাব নোৱাৰে। সব মিছা। টি ভি, বাতৰি কাকত, তাইৰ দেউতাক সকলোৱে মিছা মাতিছে।
সিহঁতৰ ভুল হৈছে। সিহঁতে নাজানে, ৰিমলীৰ অনুমতি অবিহনে বিমানে উশাহ
লবলৈ এৰি দিব নোৱাৰে।