- ”মই দেখিছো নহয়, ষ্টেডিয়াম মাৰ্কেটৰ
সন্মূখেৰে চিগাৰেটৰ ধোঁৱা উৰোৱাই দেৱদাসৰ ভঙ্গীমাত কোনোবাই খোজকাঢ়ি গৈ থকা… হুহ।”
- “ওৱা, কোন সেইটো??” মোৰ অজলা চাৱনি…। যেন মই একোৱেই নাজানো।
- “এই হব। একটিং কৰিবলৈ বন্ধ কৰা! ভাগৰি গৈছো, কিমান ক’ম আৰু চিগাৰেট নুহুপিপা বুলি। মোৰ অনুৰোধৰ অলপো
মূল্য নাই ন’?”
- অ… নাই।
অপৰাজিতাই ঘৰৰপৰা লৈ অহা একুৱাগাৰ্ডৰ পানী অলপমানেৰে ডিঙিটো তিয়াই বটলতো তাইৰ
হাতত গুজি দি পুনৰ ক’লো-
“মই তোমাৰ কোন হয়, না প্ৰেমিক, না ভাতৃ, না স্বামী! আমি মাত্ৰ দুদিনৰ চিনাকী বন্ধু। কালিলৈ
বা পৰহিলৈ বিয়া হৈ আন এজনৰ জীৱন সংগিনী হৈ গুছি গ’লে এই বিমানজ্যোতি কোন আছিল
পাহৰি পেলাবা। গাৰ কাষেৰে পাৰ হৈ গ’লেও চিনিকে নাপাবা। গতিকে দুদিনৰ বাবে মই তোমাৰ
পচন্দ-অপচন্দ অনুসৰণ কৰি কি লাভ!! মই মদ খাওঁ, চিগাৰেট খাওঁ, ভাং খাওঁ… তোমাৰ কি যায়!!”
- “হোৱাট দা হেল…।” অপৰাজিতাৰ মুখৰ ভিতৰতে বিৰবিৰালে। মই তলকিবকে নোৱাৰিলো, আমি বহি থকা ৰেষ্টুৰেন্টখনৰ টেবুলখনত থৈ দিয়া তাইৰ ভেনিটী বেগটো চিলনীয়ে থাপ
মাৰি নিয়াদি বাওঁহাতেৰে আজুৰি লৈ অপৰাজিতাই বহাৰপৰা উঠি যাবলৈ উদ্যত হ’ল…। বাপৰে, বৰ খং দেই। কি
অভিমান…। পোন প্ৰথমবাৰৰ বাবে মই তাইৰ সোঁ হাত খন থাপ মাৰি
ধৰিলো। যাবলৈ দিব নোৱাৰো। অপৰাজিতা ৰৈ গ’ল। কিবা এটা ভাবি ময়ো
মুহুৰ্ততে তাইৰ হাতখন এৰি দিলো। ছেঃ অলপ বেচি হৈ গ’ল নেকি। তাইৰ হাতখন মই ধৰিব
নালাগিছিল।
- আই এম ছ’ৰী য়াৰ। প্লিজ বি চিটেড। ধেমালীহে কৰিছো।
এক অনামী অপৰাবোধত মই ভিতৰি মানুহটো জ্বলিছো পুৰিছো। অপৰাজিতা নিশ্চুপ। পুনৰ
চকীখনত বহি দিলে। খঙতেই নেকি তাই মোৰ মুখলৈ এবাৰো নাচালে। সেই সময়ত অপৰাজিতাৰ
মুখখন চাবলগা আছিল। একদম ফুলা ৰুচীখনৰ দৰে গালদুখন ফুলি আছে…।
ক্ষন্তেক পাচতে ৱেটাৰে আহি খোৱা বস্তুবোৰ দি গ’লহি। ভীৰ কম। চৌপাশে
নিস্তব্ধতা। চামুচৰ খুটুং খাটাং শব্দৰ বাদে আন একো শব্দ শুনিব পোৱা নগ’ল। মই নুবুজিলো অপৰাজিতাৰ অভিমানৰ কাৰণ…। মেডিকেল কলেজৰ শেষ
ষান্মাসিকৰ ছাত্ৰী তাই। আৰু মই কোনোবা দূৰ্ভগীয়া দৰিদ্ৰ খেতিয়কৰ কৰ্মহীন
দায়িত্বজ্ঞান নথকা এক নষ্ট সন্তান। উচ্চ শিক্ষা গ্ৰহণৰ নামত ভাড়াতীয়া কোঠাত
থাকি ভৱিষ্যতৰ ৰঙীণ সপোনত নিজকে পাহৰাই ৰখা এক অপদাৰ্থ, সমাজৰ আৱৰ্জনা। তাই মোৰ নিচেই কষৰ কোঠাটোতে ভাড়াতীয়া হিচাপে থকা ছমাহ হবৰ হ’ল। মাজে মাজে দুই এটা বজাৰ কৰি দিয়া, ঘৰলৈ যাবলৈ বাচৰ
টিকট যোগান ধৰা, এছাইনমেন্ট ডি টি পি আদি সৰু-সুৰা কামবোৰত মই সহায়
কৰি দি আহিছো। তাৰ বাদে সন্ধিয়া ব্যস্ততাৰে পৰিপূৰ্ণ চহৰখনত অকলশৰে আহিবলৈ ভয়
কৰে বাবে প্ৰায়ে ৰেষ্টুৰেন্টলৈ মোকো লগত লৈ আহে…। একপ্ৰকাৰৰ বডিগাৰ্ড। মোৰ
কি যায়। ৰেষ্টুৰেন্টৰ বিল সদায় তাইহে পৰিশোধ কৰে। চিধা কথা মোৰ টকা নাই। লাজ
লাগিবলৈ একো নাই। মই আগৰেপৰা নিলাজ। দৰিদ্ৰৰ লাজ নাথাকে যে। তদুপৰি এইবোৰ
ৰেষ্টুৰেন্টৰ আধুনিক অখাদ্যলৈ মোৰ আগ্ৰহৰ অভাৱ। তাইহে মিছাতে…।
- ঐ, ব’লা কোঠালৈ। বহুসময় হ’ল। সোনকাল কৰা।” তাইৰ সকীয়নিত মই বাস্তৱ জগতলৈ উভটিলো।
খোৱা পৰ্ব শেষ হোৱাত আমি দুয়ো নিজৰ কোঠালৈ উভটিলো। ৰিক্সাৱালা এজনে দূৰৰপৰাই
সুধিলে, “বাইদৌ ক’ত যাব, আহক…।“
ৰিক্সাখন লেহেমীয়া গতিৰে আগবাঢ়িছে। আমাৰ দুয়োৰে মূখত মাত নাই। অপৰাজিতাৰ
মূখমণ্ডলত অস্বাভাৱিক গহীন গম্ভীৰতা। বেয়া পালে নেকি বাৰু মোক!! কিন্তু কিয়, মই কোন তাইৰ বাবে? এই অভিমানৰ শিৰোনাম কি? ইমান ধুনীয়া ছোৱালীজনী মোৰ লগতহে ৰেষ্টুৰেন্টলৈ যায়, মোৰ যত্ন লয়, বজাৰ কৰিবলৈ দিয়া টকা বাচি গলে তাই ঘূৰাই নলৈ মোকে
ৰাখি থবলৈ, কিয়?? তাইৰ আন কোনো বন্ধু বান্ধৱী নাই নেকি!! প্ৰশ্নবোৰ
কেৱল মোৰ মনৰ মাজতে পাকঘূৰণি খাই ঘূৰি থাকে। নাৰীক বুজাটো সঁচাকৈয়ে বৰ কঠিন কাম।
ৰিক্সাখন আহি আমাৰ ভাড়াঘৰৰ গেটৰ সন্মূখত ৰলহি। আজি মই পোন প্ৰথমবাৰৰ বাবে টকা
ত্ৰিশটা উলিয়াই ৰিক্সাচালকজনৰ হাতত গুজি দিলো। অপৰাজিতাৰ দুচকুত আশ্চৰ্য। মোক তাই
বাধা দিয়ে মানে পকেটত টকাকেইটা ভৰাই
ৰিক্সাচালকজন গৈ কোনোবখিনি পালেগৈ…। অপৰাজিতাই তেতিয়াও মোক মাত নিদিয়াকৈ নিজৰ
কোঠাটোৰ ফালে অগ্ৰসৰ হ’ল। কিবা এটা ক’ম ভাবিছিলো। তাইৰফালে এপলক
চাই একো নক’লো। ময়ো নিজৰ কোঠাটোৰফালে খোজ দিলো।
মোৰ কোঠাটোৰ তলাটো খূলিছোহে, মালিকে আহি শেষ সকীয়নি দি গ’ল- চাৰিমাহৰ ঘৰভাড়া দুদিনৰ ভিতৰত পৰিশোধ কৰিব নোৱাৰিলে কোঠা এৰি দিব লাগিব।
খংটো টিনিচকে উঠিছিল। কোনোমতে ধৈৰ্য্য ধৰি ৰ’লো। অপৰাজিতাই কৈছিল খং
উঠিলে বুলে পানী খাব লাগে। মই পানীৰ বটলটো বিচাৰি হাবাথুৰি খালো। ফিল্টাৰত পানী
শেষ…। দমকলটোৰ কাষলৈ গৈ পানী খোৱালৈ খং নোহোৱা হবই। হব
দে নাখাওঁ পানী। চিগাৰেট এটাকে হুপিব লাগিব……।
মৌচুমী…। ভালেই হ’ল তুমি আতৰি গ’লা। তুমি সুখী হব পৰা জোখাৰে মোৰ একোৱেই নাই। পৰ্যাপ্ত টকা পইচা অবিহনে মানুহে
এক ছেকেণ্ড জীৱন যাপনৰ কল্পনা কৰাটোও মহাপাপ। তোমাৰ সিদ্ধান্ত শুদ্ধ আছিল…।
চাৰ্টতো খুলিলো। পেন্টতো নুখুলিলো। কাৰেন্ট নাই। ম’মদাল জ্বলাই ল’লো। এনেতে অপৰাজিতা আহি মোৰ দূৱাৰদলি পালেহি।
- “সূমাব পাৰোনে…?” তাই সুধিলে…।
- অ সূমাই আহা…।
বহিবলৈ প্লাষ্টিকৰ চকীখন আগবঢ়াই দিলো। তাই নবহিলে। বাতৰি কাকত এখন মোৰ হাতত
গুজি দি অপৰাজিতাই ক’লে- “কালি প্ৰকাশ পোৱা তোমাৰ কবিতোটো পঢ়ি বিৰাট ভাল
লাগিছে জানা।“
“তোমাৰ নামত এটি তাজমহল
আজি ওৰে ৰাতি মদ খাম,
মাজনিশা তোমাৰ নামত তাজমহল সজাম…
আশাবোৰ এলকহলত ডুবিব,
বুকুখনে জিৰণী ল’ব…।
তুমি বুলিলেই এবুকু বিষাদ,
শূণ্যতাৰ এক অন্য নাম…
আন্ধাৰ নামে…
বুকুত মমবাতি জ্বলে…
মই তোমাক ভালপাওঁ-
মোৰেই পাগলামী!
ওৰে নিশা মদ খাম…
তোমাৰ নামত এটি তাজমহল সজাম”
বহুদিন আগতে ডাকযোগে প্ৰেৰণ কৰা কবিতাটো প্ৰকাশ পোৱা বুলি তাই কওঁতেহে গম
পালো। ধন্যবাদ এটাৰে কৃতজ্ঞতাখিনি প্ৰকাশ কৰিলো। প্ৰত্যুত্তৰত তাই ক’লে-
“তুমি চাগে নাজানা, তোমাৰ প্ৰকাশিত
প্ৰতিটো কবিতা মই দুটা বছৰ ধৰি সংগ্ৰহ কৰি ৰাখিছোঁ। তোমাৰ কবিতাৰ প্ৰেমত মই বাউলী।
হয়তো কবিজনৰ প্ৰেমতো……। এতিয়া নুসুধিবা তোমাৰ ছদ্মনামটো কেনেকৈ জানো?? তথাপি আজি কৈ দিওঁ… তোমাৰ কবিতাৰ উৎস- মৌচুমী যে, মোৰ বৌ হয়। বুজিলানে?? বৌয়ে মোক সকলো কৈছিল। তেওঁ তোমাক বহুত মিচ্ কৰে… তোমাৰ নিয়মীয়া খবৰ ৰাখে। তেওঁৰে অনুৰোধ প্লিজ চিগাৰেট নাখাবা। অ আৰু এটা কথা… বিয়াৰ ছমাহৰ পাছতে দাদা কাৰ এক্সিডেন্টত ঢুকাইছে…।“
বাতৰি কাকতখন টেবুলতে থৈ মোক কিবা কবলৈ সুযোগ নিদি অপৰাজিতাই খৰধৰকৈ কোঠাটোৰ
বাহিৰলৈ ওলাই গ’ল…। হাতৰ জ্বলন্ত চিগাৰেটতো মোৰ অজানিতেই মাটিত সৰি
পৰিল……।