"তোৰ বাপেৰৰ টকাৰে খাইছো নেকি বে! মিছাতে কেপকেপাই নাথাকিবি।"
সি খঙেৰে তেনেকৈ কোৱা দিন ধৰি মই আৰু তাক চিগাৰেট হুপিবলৈ মানা কৰা নাই। নকৰো। আৰু কেতিয়াও নকৰো। সি চিগাৰেট হুপে, মদ খায়, ভাং খায়… যি কৰে কৰি থাকক। মোৰ কি আহে যায়।
"হেৰৌ, খাইছ খা। কমকৈ খাচোন। অন্ততঃ দেউতাৰাৰ টকাকিটা দুটা দিন বেচিকৈ উপভোগ কৰিব পাৰিবি। চিগাৰেটৰ সলনি আন কিবা ভাল বস্তু যদি খালিহেঁতেন, অলপমান হ'লেও পুষ্টি পালিহেঁতেন। এই চিগাৰে...টগাল হুপি নিজৰ লগতে চৌপাশৰ গোটেই পৰিবেশটো বিনষ্ট কৰি ফুৰিছ। কলেও নুবুজ। ভাল কথা ক'লে মইহে বেয়া। হুহ।
নক'মনো কিয়! মনটোৱে নসহে। সি ল'ৰাটো বেয়া নহয়। মোৰ ভাল লাগে । সিহে নাজানে। যাঃ ক'তনো নাজানাকে আছে, সকলো জানে। নজনাৰ ভাও জুৰে।
"ঐ সোণজনী, চাহ একাপ খোৱা। গাখীৰ চাহ।" গাখীৰ চাহ তাৰ প্ৰিয়। ঘৰত মাকে খাবলৈ নিদিয়ে। গেছষ্টিক হয় বুলি মাকৰ ভয়।
কেতিয়াবা আমাৰ ঘৰলৈ আহে। মাকে নজনাকৈ চাহ একাপ খাই যাইহি। মায়ে তাক নিজৰ সন্তানৰ দৰে মৰম কৰে। বোধহয়, মাৰ ল'ৰা সন্তানৰ মাক হোৱাৰ তীব্ৰ ইচ্ছা এটা আছিল। ইচ্ছাটো অপূৰণীয় হৈ ৰ'ল। দেউতালৈ কেতিয়াবা খং উঠে। মই তেওঁৰ কান্ধত উঠিব নাপালো নহয়। মোৰো ধেৰ কিবা ইচ্ছা আছিল। পূৰণ নহ'ল। মাৰ দৰেই কথাবোৰ বুকুতেই ৰৈ গ'ল।
দুখ মোৰো আছে। সেইবুলি মইতো চিগাৰেট হুপিব। হুপিলে সমাজে হাঁহিব। সমাজক মাত্ৰ এটা অজুহাত লাগে। সুবিধা পালে আৰু সুবিধা বিচাৰিব।
মাৰ গৰ্ভত থাকি কোনোবা কমবয়সীয়া বিধবা নাৰীৰ উচুপনিত উচপ খাই উঠা দিনবোৰতে পিতাইৰ ছমহীয়া সকামভাগ পাৰ হৈ গৈছিল। তাৰ পাছৰেপৰা বিধবাজনীৰ জীৱন যুঁজ। মৰিবও নোখোজে, জীয়াবও নোৱাৰে, আকৰ্ষণীয় তেজাল শৰীৰটোলৈ ভিন্ন বয়সৰ ভিন্ন পুৰুষৰ কামুক চাৱনি। তেওঁ কি কৰিব পাৰে? দৰিদ্ৰ মা দেউতাকে গাভৰু জীয়েকক কেৱল বিয়া দিবলৈকে জন্ম দিছিল? নে পৰিয়াল পৰিকল্পনাৰ ভিন্ন আহিলা সুবিধামতে পোৱা নগৈছিল!

প্ৰশ্নবোৰ উত্তৰ মই বিচাৰি নাপাওঁ। বুজা হোৱাৰেপৰা মোৰ এক অন্য যন্ত্ৰণা- মই কিয় জন্ম হৈছিলো। নোহোৱাহেঁতেন মায়ে চাগে ইমান দুখ সহিব লগা নহ'লহেঁন!
"ধেই মূৰ্খ। তই জন্ম হৈ চহৰখন হিলাই দিছ' বে! মাৰে তোক কি খূৱাই কচোন? দিনক দিনে বৰ ধুনীয়াজনী হৈ গৈ আছ' ।"
সি এনেদৰে কলে মোৰ ভাল লাগে। একেটা সময়তে এবুকু ক্ষোভত বুকুখন ফুলি উঠে। দুখ লাগে। প্ৰশ্ন হয় মোৰ আকৰ্ষণীয় শৰীৰটোৰ বাবেহে মই ধুনীয়া নেকি??
তাক সুধিলে সি মুখেৰে নামাতে। মোৰফালে নাচায়। চিগাৰেটৰ ধোঁৱাখিনি দূৰলৈ দলিয়াই সি আক্ষেপ কৰে- সি নিসংগ। মাক দেউতাকৰ অজস্ৰ টকা, অথচ তাৰ দুখ। মোৰ দৰেই তাৰো এবুকু যন্ত্ৰণা। পাৰ্থক্য মাথো মোৰ মাৰ পৰ্যাপ্ত টকাৰ অভাৱ।
সি আক্ষেপ কৰে- "কিয় যে মোক জন্ম দিছিল। সৰুৰেপৰা মা- দেউতাৰ বুকুত শান্তিৰে এটা ৰাতি শুই নাপালো। জাৰৰ দিনবোৰত এটা ৰাতিও মাৰ উমাল বুকুৰ স্পৰ্শ লৈ নাপালো। বিলাসী ব্লেংকেটৰ তলতে পাৰ হৈ গ'ল মোৰ সোণোৱালী শৈশৱ। কাম কৰা বাই কিম্বা ৰান্ধনীৰ ওচৰতেই সীমাবদ্ধ হৈ ৰ'ল একমাত্ৰ সন্তানটোৰ সকলোবোৰ অভিমান। কোনোদিনেই দুখ অথবা সুখবোৰ মা, দেউতাৰ সৈতে ভগাই লবলৈ সুযোগ নাপালো। তেওলোকক কেৱল টকা লাগে। কেৱল টকা।
মই কি কৰিম ইমানবোৰ টকাৰে! এনে লাগে কেতিয়াবা যেন কৰবালৈ গুছি যাম…।"
সি হুকহুকাই কান্দে। মোৰ চকুদুটা সেমেকি উঠে। সেই চকুজুৰিয়ে তাক মোৰ বুকুৰ গভীৰতালৈ আজুৰি আনিব খুজে। সি নাহে।