স্বাগতা তালুকদাৰ এতিয়া জিলাখনত সন্ত্ৰাস! আপোচহীন স্পষ্ট দক্ষ প্ৰশাসনিক বিষয়া হোৱা সুবাদতে স্বয়ং মুখ্যমন্ত্ৰীৰো আশীষপুষ্ট বুলি বিশেষ সুত্ৰই দাবী কৰে। দুৰ্নীতি, চোৰাং বেহা, মাফিয়াৰাজ- এই আটাইবোৰৰ পাছত এনেকৈ লাগিছে যেন শুই থকা বাঘক কোনোবাই জোকাই ল’লে...।
পৰাগ দাই স্বাগতাৰ শেহতীয়া
ডিপিখন দেখোৱাই বিকল্পক ক’লে।
- কি কয়? দেখিব ধুনীয়া কিন্তু... বিয়া হ’লনে নাই?
বিকল্পই জিলাখনৰ জ্যেষ্ঠ
সাংবাদিক পৰাগ দাক সুধিলে।
- তিনিদিন হৈছে হে জইন কৰা! আহিয়ে ইমানেই কনটেন্ট দিছে যে তাইৰ ব্যক্তিগত জীৱনক
লৈ জানিব পৰাকৈ সময়ে পোৱা নাই।
পৰাগ দাই ভাগৰুৱা কণ্ঠেৰে
ক’লে।
- আচ্ছা... এবাৰ দৰ্শন দিব লাগিব বাইদেউক।
বিকল্পই ক’লে।
- তোৰ চ’ৰ্চ বহুত ষ্ট্ৰং। তাইৰ কিছু তথ্য দিব পাৰিবি নেকি?
পৰাগ দাই সুধিলে।
- আৰে, এ চি এছ অফিচাৰ হয়, ধেমালি নহয়, মই কেনেকে ডাটা উলিয়াব পাৰিম?
বিকল্পই গহীনাই ক’লে।
- নহয়, তাইৰো চ’ৰ্চ বৃহৎ ষ্ট্ৰং। মই আচৰিত। এনেকৈ ইমান প্ৰপাৰ ডা্টা তাই পালে
কেনেকৈ? একো সুযোগেই পোৱা নাই কোনেও... বছৰ বছৰ ধৰি কোনেও আঙুলি টোৱাবলৈ সাহ নকৰা
ব্যক্তিক একো এটা গেপ নিদিয়াকৈ কেনেকৈ ধৰিছে তই কি গম পোৱা নাই।
পৰাগ দাই ক’লে...।
- হেই ইমান খবৰ মোৰ হাতত নাথাকে অ’...। ভালকৈ পঢ়ি-শুনি চাকৰি কৰিলে ফালিবই
ন...। তাতে আহিছে কাৰ জিলাত? বিকল্পৰ জিলাত... আৰু ফালিব দিয়ক বুইছে। ভাল কৰক,
ব্যক্তিগত জীৱন খুচৰি এনেই নিউজ কৰি টি আৰ পি মাথা মাৰিব নালাগে। তাই কৰা ভাল
কামখিনিক প্ৰচাৰ কৰক।
বিকল্পই অলপ কাৰাকৈ ক’লে।
- নহয়, তাই এইটো গতিৰে প্ৰশাসন চলাব গ’লে গুৰু গোঁসাই একো নমনা হ’ব। সংবাদ জগতৰ
কামেই সেইটো যে নিৰপেক্ষ ভাবে সকলো দিশ চাব লাগে... ব্যক্তিগত আসেজ পুৰাবলৈকো তাই
যদি ক্ষমতাৰ অপব্যৱহাৰ কৰে আমি কি চাই থাকিম নে? মই তাইৰ গৃহ জিলালৈ গৈ তাইৰ সমষ্ট
তথ্য আহৰণৰ ব্যৱস্থা কৰিছোঁ। যোৱাৰ আগতে ভাবিলো তোৰ হাতত কিবা ডাটা আছেই নেকি!
পৰাগ দাই ক’লে।
- নাযাব। তাইৰ বিষয়টো বাদ দিয়ক। কাম কৰিবলৈ দিয়ক শান্তিৰে।
বিকল্পই ক’লে।
- তোৰ মন্তব্য লবলৈ অহা নাই বাৰু মই। আৰু তোৰ কথা শুনিবলৈ তই হয়নো কোন? দে যাওঁ
পৰাগ দাই ইতিংকি কৰি
ক’লে।
- অকে। যাওঁক। ভালকে যাব।
বিকল্পই চমু কৰিলে।
পৰাগ দা ওলাই গ’ল খঙেৰে।
বিকল্পই তাৰ বিশেষ ফ’নটো ওলিয়ালে বেগটোৰ পৰা। মেচেজ কৰিব মনেই নাযায় কোনোবা সময়ত
তাৰ। এ চি এচ হোৱাৰ পৰা তাই বহুত লেবেল দিয়া হৈছে। ভালকে মাত এষাৰো দিব নুখুজে।
পঢ়ি থকা দিনতে ভাল আছিল, ফ’ন কৰিলে ভালকে মাত এষাৰ অন্ততঃ দিয়ে। এতিয়া চাল্লা লগ
পাবলৈকো এপইন্টমেন্ট লব লাগে। জানজনী বুলি মাতিব পৰা জনীক এতিয়া ‘মেম’ বুলি মাতিব
লাগে। ধেই, জীৱনটোত যি তি হৈ যায় আৰু দেই। ভালেই কৰিলো লাইনটো নামাৰিলো, ঘৈনী হোৱাহেঁতেন
প্ৰথম ৰেইডটো মোকেই মাৰিলে হয়, কিমান কি হিচাপ ল’লেহেঁতেন ঠিক নাই। দুই পেগ মাৰি
বুকুত ধৰি সুধিলেহেঁতেন- ‘সঁচা কথা ক, মোক বাদ দি আৰু কোন ছোৱালীক জীৱনটোত চেম্পু
কৰি চুলিৰ গোন্ধ দি পাইছ?’
এহ্ নকৰোৱে নেকি মেচেজ! এনেই
ৰাতিপুৱাই ৰাতিপুৱাই স্কৰপিঅ’খন জ্বলাই থৈ আহিছো। ইগন’ৰটো মাৰিব, মাথাটো বেয়া হৈ
যাব।
নহয় এইখিনি ইগ’ৰ সময় নহয়,
তাই ভালে থকাটো কেৱল মোৰ বাবেই নহয়- জিলাখন, ৰাজ্যখনৰ বাবেও জৰুৰী... তাই আৰু বহুত
কাম কৰিবলৈ বাকী....
বিকল্পই সমষ্ট পৃথিৱীখন
এফালে থৈ স্বাগতাৰ বিশেষ নম্বৰটোত গৈ সি এচ এম এছটো টাইপ কৰিলে-
“Urgent. will be in our
place. White Scorpio, 7894. Sharp 2.30 AM. Parag Goswami, Danger. Vat 69. Bring Water”