তীব্ৰ গতিৰে আগুৱাইছে
বিকল্পৰ কলা ৰঙৰ টপ মডেলৰ বিলাসী ফৰচুনাৰখন। কাষৰ চিটত বহি পলাশে কাৰ ৰেচিঙত আছে নে
পাগল হোৱা হাতী এটাৰ পিঠিত বহি হৈ আছে সি নিজে কনফিউজদ। তাতে আকৌ নিচা। অৱশ্যে বিকল্পৰ
মাথাটো কিছু সুকীয়া, সি হাজাৰ টেনশ্যন, খঙটো যিকোনো পৰিস্থিতি সহজে মুকাবিলা কৰিব পাৰে।
সি গাড়ী চলাই গৈ থাকোতেই হওক বা খোজকাঢ়ি গৈ থাকিলেও এক ছেকেণ্ডৰ পাৰ্থক্যটোলৈকে সি
হিচাপ কৰি লব জানে। ঠিক ট্ৰেইনদ চোৰাংচোৱা এজেন্টৰ দৰে। ভীষন ৰিক্সৰ সৈতে সি খেলা খেলিব
জানে, জিকেও! পৰাজয়ৰ সংখ্যা তেনেই কম। তথাপি পলাশৰ কিন্তু একেবাৰে ভয় নলগা নহয়, মদ
খাই আছে বুলিহে সি সাহ কৰিব পাৰিছে। দিনত হলেতো সি গাড়ীৰ পৰা নামি দিলেহেঁতেন।
- ঐ অসভ্য,
চিগাৰেটতো জ্বলা। ননচেঞ্চ, কেতিয়া কি কৰিব লাগে নাজান?
বিকল্পই দাঁত-মুখ কামুৰি গৰজি আহিছে গোটেইতো। আৰে, চিগাৰেট এটা জ্বলা বুলি ভালকে কলেই
হ’লতো। এনিটাইম মানে মুডতে থাকে। কাৰ খং কাৰ ওপৰত ফালে ধৰিবই নোৱাৰি। আজিলৈ কোনে খোৱা
নাই গালি, কাৰ লগত লগা নাই… তৰ্ক হলেও লাগিছেই। একোৱেই কেয়াৰ নকৰা স্বভাৱটোৰ বাবেই
বিকল্পৰ কিমান যে শত্ৰ।
কেৱল এটাই কেৰেক্টাৰ তাৰ জীৱনটোত, অপৰাজিতা- যাৰ আগত সি মাত এটাও নামাতে। মাতিব কিয়, বিকল্পই
নিজতকৈও বহুত বেচি তাইক ভালপায়। অপৰাজিতাৰ বাবে মৰিবও পাৰে, মাৰিবও পাৰে বিকল্পই। তাইহে গম নাপায়।
পলাশে চিগাৰেটতো অলপমান
হুপি বিকল্পৰ হাতলৈ আগুৱাই দিলে। চিগাৰেটতো হাতত লৈয়ে সি এনেকৈ টানিবলৈ লৈছে যেন বহু
মাহ সি চিগাৰেট হুপিবলৈ নোপোৱাকৈ আছে। ইমান খৰকৈ টানিছে… কিমান বেচি খং, উদ্বেগত আছে
বিকল্পৰ মুখখন চালেই গম পোৱা যায়। কি বা হ’ল! সুধিলেই কি বা ৰিয়েক্ট কৰিব একো ঠিক নাই…
ছেঃ ওচৰত অপৰাজিতা থকাহেঁতেন… তাই ওচৰত থাকিলে কেনে এটা বিপৰীত মানুহ হৈ যায় বিকল্প…
শান্ত, সমাহিত, অমায়িক, হাঁহি-ধেমালিৰে সি সাংঘাটিক সুখী হৈ পৰে… কৃত্ৰিমতা একোৱেই
নাথাকে… এই কথা অৱশ্যে অপৰাজিতাই একোৱেই নাজানে… পলাশে জানে, বুজে।
- অলপ লাহেকে
যাওঁ নেকি? ৰিক্স হৈ গাছে বিকল্প…
পলাশে
শীতল কণ্ঠেৰে ক’লে।
বিকল্পৰ
কোনো প্ৰতিক্ৰিয়া নাই। আচলতে পলাশে ভয়ো খাইছে, বিকল্পই ভয় নকৰে যদিও এনেকৈ গাড়ী নলচায়,
চলোৱাটো উচিত নহয়- তই তোৰ কথা ভাবিব নালাগে। মোৰ কথাও ভাবিব নালাগে। অপৰাজিতা পুৱা ৰৈ থাকিব তই ফ’নটো
ৰিচিভ কৰালৈ। যদি ফ’নটো একেবাৰে চুইটচ্ অফ হৈ যায়…. তাই তোৰ সকামৰ খবৰটোও কিন্তু নাপাব।
প্ৰায়
১৪০ কিঃ মিঃ প্ৰতিঘন্টা স্পীডত গৈ থকা গাড়ীখন হঠাৎ ৰৈ গ’ল। ব্ৰেকডাল এনেকৈ সি হেঁচি
ধৰিছে যেন চাৰিটা চকা কেইবামিটাৰ দূৰলৈ চূচৰি গৈছে। পলাশে থতমত খালে…। কি অদ্ভুত প্ৰতিক্ৰিয়া…
সজোৰেৰে গাড়ীখনৰ দৰ্জাখন খুলি বিকল্প প্ৰায় জপিয়াই নমাদি নামিল। প্ৰচণ্ড জোৰত দৰ্জাখন
বন্ধ কৰি মুখখন আকাশৰ ফালে দি হাত দুখনেৰে চকুদুটা সজোৰেৰে ঢাকি ধৰিলে। দীঘলকৈ উশাহবোৰ
টানিছে আৰু এৰি দিছে… কিহৰ যাতনা এয়া তাৰ…? বিকল্পৰ হ’ল কি?
- পেগ এটা
বনা…
বিকল্পৰ
তেনেই শাতল কণ্ঠ… যেন মানুহটো এই সময়ত একেবাৰে অসহায়… তাক নেদেখিলে আন কোনেও বিশ্বাসেই
নকৰিব এইখিনি সময়ৰ অৱস্থাটো…।
পলাশে গাড়ীখনৰ ভিতৰলৈ গৈ প্ৰথমে পাৰ্কিং লাইট আৰু ইণ্ডিকেটৰ দি ল’লে। দুটা পেগ বনালে,
পেগ দুটা লৈ আকৌ গাড়ীখনৰ পৰা বাহিৰলৈ ওলাই গ’ল। বিকল্পই গাড়ীখনতে আউজি ম’বাইলটো চাই
চাই কিবা এটা সাংঘাটিক অপেক্ষাত ৰৈ থকা যেন লাগিল। পেগটো হাতত দিয়াৰ লগে লগেই সি একেবাৰতেই
গোটেই পেগটো পি পেলালে।
- আৰু এটা
পেগ বনা…।
বিকল্পৰ
সেই একেই শান্ত কণ্ঠ। পলাশৰ একো আৰু অভিযোগ নাই, অন্ততঃ সি কিছু শান্ত হৈছে। সেয়াই
ডাঙৰ কথা। লগে লগে অপৰাজিতালৈ থকা শ্ৰদ্ধাখিনি আৰু অলপ বাঢ়ি গ’ল পলাশৰ মনত। আজিলৈ
কোনেও নোৱাৰা কাম এটা তাই পাৰিছে। তাকো তাইৰ নাম লৈ…, ডাঙৰ কথা কিন্ত…।
দ্বিতীয়টো পেগ সাজু কৰি থাকোতেই পাচফালৰপৰা অহা তীব্ৰবেগী গাড়ী এখনে কিবাকে সিহঁতৰ
ফৰচুনাৰখনক খুন্দা নমৰাকৈ বাচিল। ড্ৰাইভাৰে কিছু কাটি কিছুদূৰ আগুৱাই গৈ আকৌ বেক কৰি
সিহঁতৰ ফালে আহিল। পলাশে পেগ বনালবলৈ এৰি বিকল্পৰ ফালে আগুৱাই গ’ল… কোন, কি হ’ল… পুলিচ
নেকি?
বিকল্পই
একো গুৰুত্বই দিয়া নাই। অথচ সি কোনেও ধৰিব নোৱাৰাকৈ তাৰ কঁকালত কঢ়িয়াই লৈ পুৰা পিষ্টলটো
পৰীক্ষা কৰি চালে। পলাশে গম পালে, আজি কাৰোবাৰ খাটাং বেয়া দিন চলি আছে।
বগা
ৰঙৰ স্কৰপিঅ’ গাড়ীখনৰ পৰা সাংঘাটিক উগ্ৰ ৰূপ লৈ দুজন সুঠাম শৰীৰৰ মানুহ নামি আহিল।
সিহঁতে যেন আহিয়েই বিকল্প আৰু পলাশক উধাই মুধাই পিতিব।
ওচৰ
পোৱাৰ লগে লগে এজনে অশ্লীল মাত মাতি সুধিলেই
- কোন এইকিটা…
কি কৰি আছ এই ৰাতিখন?
এনেকৈ সুধিছে যেন পলাশ আৰু বিকল্পই ডাঙৰ অপৰাধ এটা কৰি আছে। পলাশে মাত মতাৰ আগতেই বিকল্পই
তেনেই ভদ্ৰ ভাষাত ক’লে,
- দাদা,
গুৱাহাটীৰপৰা আহি আছোঁ আমি, জাৰ্নিটো বৰ দীঘল বাবেই অকণমান জিৰণি লৈছোঁ। কিবা অসুবিধা
পাইছে নেকি দাদা।
পলাশে বুজিলে, বিকল্পৰ এই ৰূপটো সাংঘাটিক বেয়া…। ইমান সহজে সি সৰু হৈ নিদিয়ে। যদি দিছে,
পাছৰ খুউব বেচি দহটা মিনিট সি সহ্য কৰিব, তাৰ পাছত খতম, বৰবাদ।
- বাপেৰৰ টকাৰে গাড়ী কিনি, মদ খাই অসভ্যালি হা… পাৰ্কিং নাজান ননচেঞ্চহঁত… শকত চেহেৰাৰ
মানুহজনে কথাটো কৈয়ে হঠাৎ বিকল্পৰ বুকুত ধৰি জোকাৰি দিলে। পলাশে টলকিবই নোৱাৰিলে…।
পলাশ নিশ্চিত হ’ল এতিয়াটো গুলিয়াই দিব বিকল্পই… ভগৱান আহিলেও তাক ৰখাব নাৱোৰে…। কিন্তু
তাক মিছা প্ৰমাণ কৰি বিকল্পই ক’লে,
- দাদা,
একদম বেয়া নাপাব। ক্ষমা খুজিছো। আমি এতিয়াই উভতি যামগৈ। ভুল হ’ল আমাৰ। পুনৰ কৈছো ছ’ৰি।
বিকল্প তেনেকৈ সৰু হোৱা দেখি পলাশৰ অলপো হজম নহ’ল। সিহঁতৰ দেখোন একোৱেই ভুল নাই। সিহঁতে
মূল ৰাষ্টাৰ পৰা যিমান পাৰি কাষলৈ চপাই গাড়ীখন ৰখাইছে। কাৰণ বিকল্পই খুউব বেচি সচেতন
বেলেগৰ সুবিধা-অসুবিধাক লৈ…
বিকল্পই সৰু হৈ মেলি মানুহ দুজনক সৈমান কৰি কিবাকে সিহঁতৰ স্কৰপিঅ’ খনৰ কাষলৈ লৈ গ’ল।
সেই মানুহ দুজনেও মদ খাই আছিল, খুউব নিচাত আছিল। বিকল্পই দূৰৈৰপৰাই চাই থাকিল… মানুহ
দুজনৰ লগত কথা পাতি পাতি বিকল্পই এটা সময়ত তাহাতঁৰ পৰা চিগাৰেট এটা লৈ জ্বলালে… এক্ষন্তেক
ৰৈ তাৰে এজনৰ পৰা গাড়ীখনৰ চাবিটো আনি তেলৰ টেংকিটো খুলি জ্বলি থকা চিগাৰেটতো পেট্ৰ’লৰ
টেংকিটোত ভৰাই দিলে…।
(আগলৈ)