শুৱনি বিচনাখনৰ গাতে লাগি থকা পকী উৱালখনত আউজি অনুৰাগে একান্তমনেৰে লেপটপটোৰ কি-বৰ্ডখন পিতিকি আছে। বোধহয়, অফিচৰ কিবা কাম। মাজে মাজে হাতদুখন ষ্টব্ধ হৈ ৰৈ যায়। চিন্তিত ভাৱেৰে স্ক্ৰীণখন পৰীক্ষা কৰে। মুৰটো দুপিয়াই নিজৰ সৈতে নিজে কথা পাতে। ক্ষন্তেক ৰৈ আকৌ কিবা এটা টাইপ কৰে। কিনো কৰি আছে, জানো? আচৰিত এই ল’ৰাটো। মই আহল বহল বিচনাখনৰ আনটো মূৰে বুকুলৈকে ব্লেংকেটখন লৈ তাৰ কাণ্ড-কাৰাখানা নিৰীক্ষণ কৰি আছো। আমাৰ শুৱনি কোঠাটোলৈ অনুৰাগ সুমাই আহোতে মই সাৰ পাই আছিলো। টোপনীৰ ভাও জুৰি সি আহি মোৰ কাষ পাই কি কৰে তাকে ভাবি গুণি ৰৈ আছিলো। মই আশা কৰা ধৰণে সি তাৰ সোহাঁতখনেৰে মোৰ কপালখন পৰীক্ষা কৰি চালে, হয়তো ফলাফলক লৈ সন্তুষ্ট নাছিল। সেয়ে পুনৰবাৰ তাৰ গালখন মোৰ কপালত লগাই ৰাখি কিছুসময়ৰ পাছত সকাহ অনুভৱ কৰিলে। অস্ফুট শব্দেৰে ভগৱানক কৃতজ্ঞতা জ্ঞাপন কৰা মই শুনিছিলো- “থেংকচ গড। জ্বৰটো এতিয়া নাই।“
- অ সোণজনী, ৰঙাচাহ একাপ খাবা নেকি? অনুৰাগে সুধিছিল। মই শুনিয়ো নুশুনাৰ ভাওঁ জুৰি আছিলো। সি ধৰি লৈছিল, মই টোপনীত মগ্ন। মোৰ ধাৰণা ভুল। সি নিশ্চিতভাৱে জানিছিল, মই ভাও জুৰি আছিলো। বিচনাখনত উঠি বহি ল’লে। মোৰ গাত মেৰিয়াই ৰখা ব্লেকেটখনৰ কিছু অংশ টানি নি তাৰ ভৰি দুখন ঢাকি ল’লে। তাৰ ভৰি দুখন মোৰ ভৰি ঠিক ওচৰে পাজৰে। মই সামান্য লৰচৰ কৰিলেই তাৰ ভৰিৰ সৈতে সংঘৰ্ষৰ সূত্ৰপাত ঘটিব খাটাং। মই ধৈৰ্য্য ধৰি ৰৈ আছো। মনৰ ভিতৰতে কামনা কৰিছো, প্ৰথমতে সি তাৰ ভৰিৰে মোৰ ভৰি দুখন স্পৰ্শ কৰক। নাই, সি ধুৰন্ধৰ। সিয়ো মোৰ দৰে একে মনোভাৱেৰে অপেক্ষা কৰি ৰৈ আছে। ৰৈ আছো... ৰৈ আছো। সি আঁকোৰগোজ। মই ব্যাকুল। ধৈৰ্য্যৰ বান্ধ খুলি যোৱাত মই বাগৰ সলোৱাৰ অজুহাতত তাৰ ভৰি দুখন ঠেলি দি মোৰ ভৰি দুখন আগুৱাই দিলো। ভাবিছিলো, সি ভৰি দুখন লৰচৰ নকৰিব। ওহো, মোৰ ভৰিৰপৰা তাৰ ভৰি দুখনৰ মাজত কিছু ব্যৱধান ৰক্ষা কৰি সি তাৰ ভৰি দুখন আতৰাই থলে। খং উঠি যায়। কি আচৰিত এই ল’ৰাটো।
বিয়াৰ আগতে মাত্ৰ দুবাৰ তাক লগ পোৱা। মা-দেউতাৰ পচন্দক সন্মতি জনাব গৈ হৃদয়খন আন এজনৰ ওচৰত বন্ধকত ৰাখি অনুৰাগলৈ বিয়া হৈ আহি মানসিক অন্তঃদৰ্ন্দত যে ভুগা নাছিলো এনে নহয়। ফুলশয্যা নিশা, কোঠাটোৰ চি এফ এল বাল্বটো নুমুৱাই অনুৰাগ মোৰ কাষ চাপি আহোতে পোনচাটেই সতৰ্ক কৰি কৈছিলো, “মই বৰ ভাগৰুৱা। তুমি বিচৰাধৰণে শৰীৰটো বা মনটো দিবলৈ আজি মই তেনেই অপ্ৰস্তুত। দুটামান দিনৰ সময় মোক দিব পাৰিবানে?” মোৰ কথা শুনি অনুৰাগ আচৰিত হোৱা নাছিল। হাঁহি এমুকুৰা ওঁঠত লৈ সি বিনা প্ৰতিবাদে শুৱনি কোঠাটোত থকা আনখন সৰু বিচনাত শুই পৰিছিল। সি বা কি বুলি ভাবিলে তাকে ভাবি গুণি মই শুব পৰা নাছিলো। আচলতে মই ভুল কৰিলোনে শুদ্ধ তাকে বুজি পোৱা নাছিলো। মই শংকা কৰা ধৰণে পাছদিনা তাৰ ব্যৱহাৰত পৰিবৰ্তন অহা নাছিল। এগৰাকী নৱ-বিবাহিতা পত্নীয়ে আশা কৰা সকলোবোৰ উপাদানেই পৰিপূৰ্ণ কৰি তুলিবলৈ সি অহোপুৰুষাৰ্থ চেষ্টা চলাইছিল। দিন বাগৰিল। সি মোৰ শয্যাসংগী নোহোৱাকৈয়ে দেউতাৰ সিন্ধান্ত যে ভুল নাছিল তাক সি কম সময়ৰ ভিতৰতে প্ৰমাণ কৰি তুলিলে। মই লাহে লাহে সুখৰ সংজ্ঞাটো সলাই পেলালো। বন্ধকীত ৰখা হৃদয়খন মুকলি নকৰাকৈয়ে অনুৰাগৰ বাবে অন্য এখন হৃদয় সাজি পেলালো।
তিনিদিনমানৰপৰা চৰ্দি জ্বৰ কাহ। অনুৰাগৰে অফিচ ক্ষতি কৰি হলেও মোক সংগ দিছে। মাৰ অনুপস্থিতিক অনুভৱ কৰিব পৰাকৈ সি সুৰুঙা এৰা নাই। তিনি দিন দুৰাটিত মই তেওঁৰ ওচৰত ধাৰাশায়ী হৈ পৰিছো। দেউতাই মোক যমৰ হাতত অৰ্পণ কৰা নাছিল। সেইটো সুযোগতে দেউতাৰ ওচৰত মই পুনৰবা কৃতজ্ঞ। মই কামনা কৰাতকৈয়ো বহু কিবা পোৱাৰ পাছতো অনুৰাগ যেন সন্তুষ্ট নহয়। কালি সি কৈয়ে দিলে, “দুমাহ হ’ল নহয় মাৰ ঘৰলৈ নোযোৱা। এপাক গৈ আহিবা। মনটো মুকলি হব।“ তেতিয়া মই তেওঁক একো কোৱা নাছিলো। আজি ক’ম বুলিও কব পৰা নাই, “মাৰ ঘৰলৈ নাযাওঁ। মালৈ মনত পৰা নাই।“ জানো, মোৰ অনুপস্থিতিত অনুৰাগৰ কষ্ট হব। সময়মতে খোৱা-বোৱা নকৰিব। অফিচৰ কাম-কাজত ব্যস্ত থাকোতে ভিতৰৰ মানুহটো হেৰাই থাকিব। তেওঁৰ প্ৰতি মোৰো দায়িত্ব আছে।
অনুৰাগৰ ভৰি এখনৰ আঙুলিৰ স্পৰ্শত মোৰ সোঁ ভৰিখনৰ তলুৱাত শিহৰণ জাগি উঠিল। মই ভাৱনাৰ জগতখনৰপৰা উভতি আহি চকু মেলি চালো, কোলাত লৈ থকা লেপটপতো জপাই থৈ অনুৰাগে মোৰ মুখলৈকে চাই আছে। চকুৱে চকু পৰাত সি হাঁহি দিলে,
- কাম হ’লনে? মই সুধিলো।
- হৈ গ’ল। এতিয়া পাকঘৰলৈ যাম। মূৰ্গী মাংস ৰান্ধিম। সৰহকৈ জালুক দি। কালিলৈ অফিচ যাব নালাগে। দিনটো তোমাৰ।
কথাৰ মাজতে সি বিচনাখনৰপৰা উঠি চেণ্ডেলজোৰ পিন্ধি ল’লে। হাতৰ লেপটপতো চাৰ্জত ৰাখি মোৰ কাষ চাপি আহিল। সোঁহাতখনেৰে কপালখন চুই চাই অভিজ্ঞ ডাক্তৰৰ দৰে মন্তব্য দিলে,
- গাটো এতিয়াও অলপ গৰম হৈ আছে। ৰঙা চাহ একাপ কৰি আনোগৈ ৰ’বা।
অনুৰাগে মোৰ কাষৰপৰা আনটো কোঠালৈ যাবলৈ উদ্যত হ’ল। মই থাপ মাৰি তাৰ হাতখন ধৰি ল’লো। সি ৰৈ গ’ল....। সি আচৰিত হৈছিল। বিয়াৰ পাচত মোৰ এনে আচৰণ আজিয়ে প্ৰথম।
- নালাগে যাব। কলৈকো নাযাবা। মোৰ কাষতে থাকানা। মই কন্দনামুৱা কণ্ঠেৰে ক’লো। চকুৰ পতাখন তিতিছে। অনুৰাগ এইবাৰ মোৰ কাষ চাপি আহিল। তাৰ মুখখন একেবাৰে মোৰ মুখৰ ওচৰ পোৱালেহি। চকুত চকু থৈ চাই আছে। এপাকত তাৰ দিঙিৰ সোণৰ চেইনাদাল, (যিদাল মায়ে দৰা আদৰতো উপহাৰ দিছিল) তাৰ টি-চাৰ্টতোৰ আৱেষ্টনিৰপৰা মুকলি হৈ আহি মোৰ থুঠৰি স্পৰ্শ কৰিলেহি। ওঁঠখন হয়তো সি মোৰ ওঁঠৰ ওচৰ চপাই আনিছে। মই চকুদুটা জোৰেৰে মুদি ধৰিলো। সি মোৰ কপালত চুমা এটা খালে। আৰু ক’লে,
- তোমাক এৰি ক’লৈ যাম? তুমিহে মোক এৰি পৰহিলৈ মাৰ ঘৰলৈ যাবা।
তাৰ কথা শুনি মই আচৰিত। মইতো তাক মাৰ ঘৰলৈ যাম বুলি কোৱা নাছিলো। সুধিলো,
- কোনে ক’লে মই মাৰ ঘৰলৈ যাম বুলি?
- মই। গাটো এতিয়া ভাল হৈছে। গা ভাল পালেই মই তোমালোকৰ ঘৰলৈ যোৱাৰ কথা ভাবি থৈছিলো।
- নাযাওঁ।
- কিয়?
মই তাৰ প্ৰশ্নৰ উত্তৰটো দিব নিবিছাৰো। মই তাক হেৰুৱাব নুখুজো। সি বঞ্চিত নহওক।