মেলা খিৰীকিখনেৰে পাৰ হৈ অহা সতেজ ৰ’দজাকৰ জোকাৰণিত বিকল্পৰ টোপনী ভাগিল। বিৰক্তিৰে সি খিৰীকিখনলৈ এবাৰ চাই
সজোৰেৰে চকুদুটা মুদি দিলে। ৰ’দজাকৰ আক্ৰমণৰপৰা পৰিত্ৰাণ
পাবলৈ সি কপাললৈকে ঢাকি ৰখা ব্লেকেটখনো মুৰৰলৈকে টানি ল’লে।
দহ বাজিল হয়তো। বাজিলেও বাজক। আজি যিহেতুকে অফিচলৈ যাব নালাগে, আৰু এঘন্টামান সময়
হেঁপাহ পলুৱাই শুই লোৱাই ভাল হব। নাই, সি শুব পৰা নাই। মুৰটো বেয়াকৈ বিষাইছে।
আগৰাতি মদ্যপানৰ পৰিমানটো অলপ বেচি হ’ল। ৩১ ডিচেম্বৰ বুলি
সহকৰ্মীকেইটাৰ লগত ইটোৰ পাচত সিটো পেগ গ্ৰহণ কৰি থাকোতে কিমান খালে সি নিজেও
নাজানে। তাৰেই ফল এতিয়া ভুঞ্জিব লগা হৈছে। গোটেই দিনটো মুৰটো বিষাই থাকিব, একো
খাবলৈ মন নাযাব। স্বাস্থ্যৰ কথা গুৰুত্ব দি ভাত এমুঠি গ্ৰহণ কৰিবলৈকো কোনে তাক
এতিয়া সিজোৱা ভাত আৰু আলু পিতিকা তৈয়াৰ কৰি দিব? নিজেই এসাজ
ৰান্ধি খাবলৈ এলাহ, হোটেলৰ ভাতত অসহনীয় মচলা...। লঘোণেও থাকিব নোৱাৰি। ৰুটী খাব
পাৰি, কিন্তু ৰুটী খালে পেট ভৰিব, স্বাস্থ্য ঠিকে নাথাকিব। ৰূপমৰ মাকে নিজে নামাতিলে
ভাত এসাজ দিয়ক বুলি উপযাচি খুজিবলৈ তাৰ ভাল নালাগে। তেওঁৰ বোৱাৰীজনী নথকাহেঁতেন তাৰ
হয়তো আপচোচ নাথাকিলহেঁতেন। কথাবোৰ ভবাৰ লগে লগে বিকল্পৰ আৰু বিৰক্তি লাগিল।
অকলশৰীয়া ভাড়াতীয়া জীৱনটো সঁচাকে বৰ অস্বাস্থ্যকৰ। বিশেষকৈ এলেহুৱা মানুহবোৰৰ আৰু
বিপদ। বিয়াখন পাতি যত্ন লবলৈ এজনী গোটাই ল’লেহে যদি জীৱনটোৱে
অন্য গতি লয়। বিকল্পই বাগৰটো সলাই এইবাৰ চকুদুটা মেলি ধৰিলে। ব্লেকেটখনৰ ফাঁকেৰে
সামান্যভাৱে পোহৰৰ ৰশ্মি পাৰ হৈ আহি তাক আকৌ আমনি কৰিছে। সি ব্লেকেটখন গাৰপৰা
আতৰাই পথালে। পেটতো উদং উদং অনুভৱ হোৱাত সি এবাৰ কালি ৰাতিটো মনত পেলালে, ভাত
খাইছিলনে নাই? এক্ষন্তেক ভৱাৰ অন্তততাৰ মনত পৰিল, সি ভাত
খাইছিল। নয়নে সুন্দৰকৈ চিকেন ৰান্ধিছিল। কেৱল মচলা অলপ বেছি হৈছিল। মচলাৰ কথা মনলৈ
অহাৰ লগে লগে তাৰ বমি বমি ভাৱ এটা অনুভৱ হ’ল। বিকল্পৰ নিজৰ
ওপৰতে খং উঠিল। সিটো হাৰ্ড ড্ৰিংকচ কৰিবলৈ বহুদিনৰ আগতে এৰি দিছিল। এইবোৰ অসুবিধা
পোৱা বাবেই সি মদ নাখায় বুলিও প্ৰতিজ্ঞাবদ্ধ হৈছিল। কিন্তু নানা সমস্যা চিন্তাৰে
জৰ্জৰিত জীৱনটোত সাময়িকভাৱে পৰিত্ৰাণ পাবলৈ নিচা এবিধৰ খুবেই প্ৰয়োজন, সি তেনেকৈয়ে
ভাৱে। কিমান কি যে সমস্যা। অফিচৰ কামৰ বোজা, দুজনীকৈ বিধবা নাৰীৰ ভৰষা, বন্ধুৰ
ভৰষা, কোটীটকীয়া এটা ব্যৱসায় প্ৰতিষ্ঠানৰ ভৱিষ্যত, সোঁৱৰণী....। এই পুৱাতে আকৌ টেনচনবোৰ মনলৈ আনি
দিনটো নষ্ট কৰিব নোৱাৰি, সেয়ে বিকল্পই বিচনাখনৰপৰা উঠি গৈ ভালমতে মুখ হাত ধুই গেছৰ
টেবলেট এটা খোৱাৰ কথা ভাবিলে। সি বিচনাখন বিশৃংখল অৱস্থাতে এৰি দৰ্জাখন খুলি
কোঠাটোৰপৰা বাহিৰলৈ উলাই যাবলৈ উদ্যত হ’ল। এনেতে দূৱাৰখনত
কোনোবাই আহি টোকৰ দিলেহি। টুকৰ শুনি বিকল্পই অপৰিপাটী কোঠাতো এবাৰ চাৰিওফালে চকু
ফুৰালে। চিগাৰেটৰ উদং পেকেট, আধা জ্বলা টুকুৰাবোৰ যেনি তেনি সিচৰিত হৈ পৰি আছে,
কাপোৰ কাণিবোৰৰ কোনো থান-থিক নাই। টেবুলখনত কেইবাটাও চেদেলি ভেদেলি হৈ পৰি থকা
চিগাৰেট। আঁঠুৱাটো তেনেকৈয়ে উলমি আছে, বিচনাচাদৰখন এফাল মাটিত। এমাহমাহমান ঝাড়ু
নমৰা কোঠাটো দেখিয়েই কোনোবাই মুখ কোচাব সেইটো খাটাং। কথাবোৰ ভাবি থাকোতেই দূৱাৰত
আকৌ টোকৰ পৰিল, এইবাৰ আগতকৈ জোৰেৰে...। বিকল্পই দৰ্জাখন খুলি নিদিয়ে বুলি ভাবিয়ো
ৰৈ গ’ল, কোন বা আহিল। সি সময় অপব্যৱহাৰ নকৰি সাউত্কে
আঁঠুৱাটো খুলি ব্লেকেটখনৰ তলত গাৰুটোৰ সৈতে ভৰাই বিচনাচাদৰখন ঠিক কৰি ল’লে। তাৰপাচত নিজৰ চুলিকেইদাল আইনাত পৰীক্ষা নকৰাকৈ এবাৰ হাতখনেৰে ঠিক কৰি
বডি স্প্ৰে’টো শূণ্যত স্প্ৰে কৰি দিলে। দৰ্জাত আকৌ টোকৰ
পৰিল...। সি দৰ্জাখন খুলি দিলে। ৰূপমৰ মাকক দেখি বিকল্প অপ্ৰস্তুত হ’ল। কি বা হ’ল! অ’ সকামৰ বজাৰ
কৰিব লাগিব চাগে। ছেঃ... দুখী দুখী ভাৱ এটা মনত থকা সত্বেও দক্ষ অভিনেতা এজনৰ দৰে
ওঁঠত সেমেকা হাঁহিটো লৈ দূৱাৰমুখতে ৰৈ থাকি মানুহজনীক সি নৱবৰ্ষৰ শুভেচ্ছা জনালে,
- বৰমা,
নতুন বছৰৰ শুভেচ্ছা থাকিল।
এমোকোৰা হাঁহিৰে, ৬০ৰ উৰ্ধ
মানুহজনীয়ে তাক ধন্যবাদ বুলি কৈ মুৰে কপালে অলফুলে হাতখন বুলাই দিলে। বিকল্প
পুনৰবাৰ অপ্ৰস্তুত অনুভৱ কৰিলে। মানুহজনীৰো কি দুৰ্দান্ত অভিনয় দক্ষতা। তাকে দেখি
তাৰ মনটো হাহাকাৰ কৰি উঠিল।
- তোক
কাম এটা কৰিবলৈ দিয়ো। শ্ৰীক লৈ মন্দিৰ এটাৰপৰা আহি দিব লাগে। গাড়ীখনো বহুদিন
তেনেকৈয়ে পৰি আছে। তই সোনকালে গাটো ধুই সাজু হ। শ্ৰীয়ে গা ধুবলৈ লৈছে।
নাই নহব, সি যাব নোৱাৰে বুলি কবলৈ
মন থকা সত্বেও বিকল্পই হব বুলি শলাগিলো। মানুহজনীয়ে গাড়ীৰ চাবিটো হাতত গুজি থৈ
অহা বাটেৰে উভতি গ’ল। বিকল্পই সকামৰ বজাৰখিনি কৰা হ’লনে বুলি সুধিব লৈয়ো নুসুধিলে। দূৱাৰদলিতে ৰৈ হুমুনিয়াহ এটা কাঢ়ি সি
দৰ্জাখন পুনৰ জপাই থলো।
যথাসময়ত নিৰ্দিষ্ট মন্দিৰটোলৈ
বুলি দুয়ো যাত্ৰা আৰম্ভ কৰিলে। ড্ৰাইভিং চিটত বিকল্প আৰু তাৰ কাষৰ আসনত শ্ৰী।
মিউজিক চিষ্টেমটোৰ লগতে সিহঁত দুয়ো মৌন। বিকল্পই গাড়ী চলাই থকাৰ মাজতে শ্ৰীৰ
মুখখন লুকাই চুৰকৈ পৰ্য্যবেক্ষণ কৰি থাকিল। তাইৰ মনটো সেমেকা, গতানুগতিক। সি বিশেষ
আচৰিত নহল। বিগত দুটা বছৰৰ শ্ৰী জনীৰ সৈতে বিকল্প পৰিচিত। একেলগে ইঞ্জিনীয়াৰিং
পঢ়া শ্ৰীজনী আৰু আজিৰ শ্ৰীজনীৰ মাজত বৃহ্ত পাৰ্থক্য। অনবৰতে চঞ্চল হাঁহিটো
কঢ়িয়াই লৈ পুৰা শ্ৰীজনীৰ ওঁঠত আজিকালি কাচিত্হে হাঁহিৰ ক্ষীণ ৰেখাডাল দেখা পোৱা
যায়। ৰূপমে প্ৰায়ে খং কৰা উতনুৱা চঞ্চলমনা কঠাচহকী ৰসিক এই শ্ৰীজনীয়ে আজিকালি জুখি
মাখি কথা কয়, দুচকুত কাজল নঘঁহে, ওঁঠত লিপষ্টিকৰ প্ৰলেপ নাথাকে....। কপালখনৰ লগতে
উকা দুহাতলৈ চাই বিকল্পৰ নেদেখাজনৰ ওপৰতে খং উঠে। তেওঁৰ ওপৰত বিশ্বাস হেৰাই থাকে।
কি জগৰ লগাইছিল ৰূপমে, কাৰো একো অহিত চিন্তা নকৰা এই শ্ৰীজনীক, ৰূপমৰ ৰুগীয়া
মাকজনীক এনে এটা শাস্তিৰ জীৱন কিয় প্ৰদান কৰিলে, ঈশ্বৰক লগ পাই সকলোবোৰ প্ৰশ্নৰ
উত্তৰ পাবলৈ মন যায়। তেওঁকহে সি লগ নাপায়।
- বিকল্প,
এ চি টো বন্ধ কৰি দিয়োনে?
ৰাজশ্ৰীয়ে বিকল্পৰ মুখলৈ চাই
সুধিলে। সি নালাগে বুলি কব খুজিও ৰৈ গলো। সি জানো, গাড়ীত সাধাৰণতে তাই কৃত্ৰিম
বতাহ লৈ বেয়া পায়।
- বন্ধ
কৰি দিয়া। বিকল্পই তাইলৈ নুচুৱাকৈ কলো।
তাৰ অনুমতি লাভ কৰি ৰাজশ্ৰীয়ে এ
চি টো বন্ধ কৰি দিলে আৰু খিৰিকীৰ গ্লাছখন খুলিবলৈ লৈ তাই ৰৈ গ’ল। নুখুলিলে। এ চি টো পুনৰ বন্ধ কৰি থলে। বিকল্পই সেয়ে সুধি পেলালে,
- কি
হ’ল? খিৰীকিখন খুলা আকৌ।
- নাই
নালাগে। তোমাৰ ঠাণ্ডা লাগিব।
তাইৰ ওঁঠত এদাল ক্ষীণ হাঁহিৰ
ৰেখা। এপাকত বিকল্পৰ মুখলৈ চাই তাই তাইৰ কপালত অসংযত হৈ বিয়পি পৰা চুলিখিনি ঠিক
কৰি ল’লে।
বিকল্পই একো নকলো। শ্ৰীৰপৰা
লুকুৱাই এসোপামান উশাহ টানি ল’লে। বুকুখন তেতিয়াও বিষাই
থাকিল।
ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্ৰম সমাপ্ত
কৰি বিকল্পই তাৰ ঘনিষ্ঠ বন্ধু তথা সহপাঠী ৰূপমৰ সৈতে বহু টকাৰ ল’ন লৈ এটা ব্যৱসায় আৰম্ভ কৰিলে। কনষ্ট্ৰাকচনৰ ব্যৱসায়। কম সময়ৰ ভিতৰতে
সিহঁতৰ প্ৰতিষ্ঠানটোৱে ঈৰ্ষনীয় সফলতা লাভ কৰিলে। কেইবছৰমানৰ ভিতৰতে শ্ৰীকো
ব্যৱসায়ত ভৰ্তি কৰাই লোৱা হ’ল। আৰ্থিক দিশত বিকল্প তেনেই
দুৰ্বল আছিল, তাৰ বিপৰীতে শ্ৰী আৰু ৰূপমৰ দুয়োটাৰে মাক-দেউতাকৰ যথেষ্ট পৰিমানে
সাঁচতীয়া টকা আছিল। গতিকে কেৱল সাংগঠনিক দিশ বা কাৰ্য্যকৰী দিশৰ সফলতাতহে সিহঁতৰ
ব্যৱসায় প্ৰতিষ্ঠানটোত বিকল্পৰ অৰিহণা আছে বুলি কব পাৰি। যা হওক, সিহঁত তিনিও মিলি
ব্যৱসায়টো আগুৱাই নিলে। পঢ়ি থকা দিনৰেপৰা শ্ৰী আৰু ৰূপমৰ প্ৰেমৰ সম্পৰ্ক আছিল,
সেই সূত্ৰে সিহঁত দুয়োৰে বিবাহ সম্পন্ন হ’ল। বিয়াৰ কেইমাহমান
পাচতে সিহঁত তিনিও মিলি এইখন গাড়ীতে উঠি নতুন বছৰটোৰ পহিলা দিনটোতে একেটা মন্দিৰলৈ
বুলি যাত্ৰা আৰম্ভ কৰিলে। সিহঁত তিনিওৰে নেদেখাজনৰ প্ৰতি বিশ্বাস আছিল অগাধ।
অৱশ্যে শ্ৰীৰ মনত সেই বিশ্বাস আজিও অটুত আছে, বিকল্পৰহে সলনি হ’ল। সেইদিনা ৰূপমে গাড়ী চলাইছিল, তাৰ কাষৰ আসন উদং। বিকল্প আৰু শ্ৰী পাচৰ
চিটত বহিছিল। আচলতে শ্ৰীয়ে সন্মূখৰ চিটতে বহিবলৈ লৈছিল, বিকল্প পাচৰ চিটত নিসংগ হৈ
পৰাৰ ভয়তে শ্ৰীক ৰূপমে পাচৰ চিটত বহিবলৈ দিলে। বিকল্পই বুলো ওৱা, ইমান স্পৰ্ধা
বেয়া কথা, ৰূপমে তেতিয়াই তাক আকাৰে ইংগিত বুজাই দিলে, গম পাবি ৰহ অলপ পাচতে...
বৌয়েৰে খিৰীকি খুলিলেই মজা উলাব...। হয় কথাটো... এক্ষন্তেক পাচতে এ চি বন্ধ কৰিবলৈ
দি শ্ৰীয়ে খিৰীকিৰ গ্লাছখন খুলি দিলে। বিকল্প মুৰ্খই জেকেট নিপিন্ধা বাবে জাৰত কঁপিবলৈ
ধৰিলে। কিন্তু বেচিসময় শীতল আক্ৰমণাত্মক বতাহৰ অতিসহ্যা সহিব লগা নহল। গৈ থকা
অৱস্থাতে সন্মূখৰপৰা অহা ট্ৰাকৰ খুন্দাত ৰূপমে থিতাতে প্ৰাণ হেৰুৱালে। বিকল্প আৰু
শ্ৰী পাচৰ চিটত বহি থকা বাবে কোনোমতে জীৱন ৰক্ষা পৰিল। তথাপিও গুৰুতৰভাৱে অসুস্থ
হোৱা বাবে সিহঁত দুয়ো ৰূপমৰ বিদায়ৰ শেষ ক্ষণটোত উপস্থিত থাকিবলৈ নাপালে...। বিকল্প
সুস্থ হোৱালৈ, ৰূপমৰ মাহেকীয়া সকামভাগ পাৰ হৈ গৈছিল।
ৰূপমৰ মৃত্যুৰ পাচত বিকল্প আৰু
এইটো মন্দিৰলৈ অহা নাই। শ্ৰী আহে। বিকল্পই দিনে ৰাতিয়ে ব্যৱসায়ৰ কামতে ব্যস্ত
থাকো। ৰূপমৰ বহু আশা আছিল সিহঁতৰ ব্যৱসায়টোক লৈ। সি বহু কিবা সপোন দেখিছিল। বিকল্পয়ো...
সপোন পূৰা হওক বা নহওক... বিকল্পই তাৰ কাম কৰি গৈছো। ৰূপমৰ মৃত্যুৰ পাচত শ্ৰী
ব্যৱসায়টোত প্ৰত্যক্ষভাৱে জড়িত নহৈ সকলোখিনি কাম-কাজ বিকল্পকে চম্ভালিবলৈ এৰি
দিছে। এইক্ষেত্ৰত ৰূপমৰ মাকৰ সহযোগ মনকৰিবলীয়া। তেওঁ বিকল্পক তেওঁৰ ল’ৰাৰ দৰেই বিশ্বাস কৰে, মৰম কৰে। সি তেওঁক তাৰ মাকৰ দৰে মানে। আৰু শ্ৰীক?
বন্ধুৰ পত্নী নে আন কিবা সেইটোক লৈ খোকোজা ৰৈ যায়। সি নাজানে তাইৰ
প্ৰতি তাৰ কিহৰ বাবে দৰদ...। হয়তো পুৰণি
দুৰ্বলতা, নতুবা দায়িত্ববোধ...।
- বিকল্প....
বিকল্প উচপ খাই উঠিলো। শ্ৰীৰ মাতত
একপ্ৰকাৰৰ আৰ্তনাদ। গাডীৰ স্পীডটো কমাই সি মই তাইক সুধিলে,
- কি
হ’ল?
- ৰখাই
দিয়া গাড়ীখন।
শ্ৰীৰ ভয়াৰ্ত কণ্ঠ।
বিকল্প আচৰিত হৈ তাইৰ মুখলৈ চালো।
তাই প্ৰায় চিঞৰি কোৱাদি কলে,
- গাড়ীখন
ৰখাই নিদিয়া কিয়....
বিকল্পই ব্ৰেকদাল সজোৰেৰে হেঁচা
মাৰি ধৰিলে। গাড়ীখন ৰৈ গ’ল....। সন্মূখেদি বিপৰীত
দিশৰপৰা অহা ট্ৰাক এখন প্ৰচণ্ড গতিৰে পাৰ হৈ গ’ল। শ্ৰীৰ
বিৱৰ্ণ মুখমণ্ডল দেখি সি ভিতৰি বৰকৈ ভয় খালে। বিকল্পই তাইৰ বাহুদুটা জোকাৰি আকৌ
সুধিলে,
- হঠাতে
কি হ’ল তোমাৰ? কোৱাচোন.... কি হ’ল?
বিকল্পৰ প্ৰশ্নৰ উত্তৰ নিদি তাই
হুকহুকাই কান্দি পেলালে। বিকল্পই অপ্ৰস্তুত হৈ ইফালে সিফালে চালে। কি কৰিব কি
নকৰিব অৱস্থা…। হয়তো শ্ৰীৰ ৰূপমলৈ বৰকৈ মনত পৰিছে। তাই
শান্ত হোৱালৈকে সি কিছু সময় অপেক্ষা কৰিলে। অসহায় হৈ ইফালে সিফালে চাই মুৰটো চিটতে
আচাৰি উঠিল.... সন্মূখত সেইটো চাৰিআলী..... চাৰিআলীটোৰ ওচৰতে সেইখন অস্থায়ী বজাৰ।
তিনি বছৰৰ পূৰ্বে সেইখন বজাৰৰ মানুহেই আহি সিহঁতৰ জীৱন উদ্ধাৰ কৰিছিল...। বিকল্পই কোনোমতে
নিজক সংযত কৰি শ্ৰীৰ মুখলৈ চালে.... এটা সময়ত তাই শান্ত হ’ল।
সি গাড়ীখন পুনৰ ষ্টাৰ্ট দিয়াৰ লগে লগে তাই কান্দি কান্দি ক’লে,
- মই
তোমাকো হেৰুৱাব নুখুজো বিকল্প। প্লিজ আৰু আগলৈ নাযাবা....। এতিয়াই ঘৰলৈ ব’লা...। প্লিজ....।