যেতিয়াই কোনোবাই মোক সুধে মোৰ কি খবৰ, ভালনে, সুখীনে.. মই নিসংকোচে নিৰ্ভয়ে কৈ পেলাওঁ মোৰ ভাল, সুখী মই। হাঁহো তেতিয়াই, হাঁহি এটাৰে মই সুখী বুলি প্ৰতিপন্ন কৰো। তেওঁলোকে মানি লয়। সন্দেহৰ অৱকাশ নাথাকে। এই ফাঁকি দিয়া পৰিক্ৰমাটো চলি আছে বছৰ ধৰি। কোনেও জুমি নাচায়, এন্ধাৰত মোক নেদেখে। বিষণ্ণ ৰাতিৰ মৌন কোঠাটোত মই চটফটাই যেতিয়া কিবা এটা বিচাৰি ফুৰো, তেওঁ মোক নেদেখে।
পুতৌ উপজে জীৱনটোলৈ। ফুটপাথৰ ভিক্ষাৰীজনৰ হাতত দহটকীয়া নোটখনৰ বিনিময়ত আৰ্শিবাদ এটা বিছাৰি, নতুবা সুখী কৰি দিবলৈ মন্দিৰৰ দান পাত্ৰত এশ টকীয়া নোট এখন ভৰাই দি ভগৱানক মিনতি কৰা সময়তে মোৰ নিজৰ ওপৰতে পুতৌ উপজে। মই আচলতে বিচাৰো কি, মোক কি লাগে? এগালমান টকা... সেই টকাৰে এটা অট্টালিকা, এখন বিলাসী গাড়ী, নৈশ ক্লাৱত বাহুবন্ধনত কোনোবা সহকৰ্মীৰ সুন্দৰী পত্নী নে জনশূণ্যহীন এলেকা এটাত নিজানে নিৰৱে বৈ থকা নৈ এখনৰ পাৰত এটা জুপুৰি সাজি মই নিজকে সুখী বুলি সৈমান কৰিম?
দেখো মই...। মোৰ পদূলিৰ ধুলি উৰুৱাই তেওঁৰ বিলাসী ফৰচুনাৰ গাড়ীখন পাৰ হৈ যায়। বাটে-ঘাটে তেওঁ দেখিলেও মোক চিনি নাপায়। সেয়া তেওঁৰ সমস্যা। তেওঁ মোৰ পদূলিৰে গাড়ীখন লাহে লাহে চলাই যাওঁক বুলি, বাটে-ঘাটে দেখিলেই মাত এষাৰ দি মই সুখীনে বুলি সুধালৈ মোৰ একেবাৰে আগ্ৰহৰ অভাৱ। মই সুখী। মই হাজাৰবাৰ সুখী। এগালমান টকাৰে মোৰো এটা অট্টালিকা, এখন বিলাসী গাড়ী...... নৈশ ক্লাৱত......।
তাই গাৰ কাষেৰে পাৰ হৈ যায়। মোক মাতো নামাতো বুলি ওঁঠখন সামান্য লৰচৰ কৰে মানে মই খৰখোজেৰে পাৰ হৈ যাওঁ। সুধিব মোৰো মন যায়, তাই সুখীনে?? কব মন যায়, মই একেবাৰে সুখী নহয় অ’...। ৰৈ নাথাকো... উভতি নাচাওঁ...। গুছি যাওঁগৈ কোনোবা এখন জনশূণ্যহীন এলেকালৈ... নৈখন বৈ থাকিব...। মই জুপুৰীটোত ৰৈ বহি নিজকে সুধিম, “সুখীনে মই?”