কক্ষচ্যুত

কলমটো দলিয়াই হাতত অত্যাধুনিক মৰাণাস্ত্ৰ তুলি লৈ বিপন্নই কি প্ৰতিপন্ন কৰিব বিচাৰিছিল সেয়া তাৰ অনুৰাগীসকলৰ বাবে এক অবুজ সাঁথৰ। তাৰ ভাষাৰে, “তাৰ আদৰ্শক লৈ সি সন্তুষ্ট।“ পুতেকৰ অবাট গমনে শিক্ষক দেউতাকৰ সন্মানত আঘাট হানলেও উদাৰ মাকজনীয়ে সহিব পৰা নাছিল। দেউতাকে একমাত্ৰ সন্তানটো মৰি যোৱা বুলি ঘোষণা কৰি গাঁৱৰ দহজনক ভোজ-ভাত খোৱাই সকলোখিনি ঈশ্বৰৰ ইচ্ছা বুলি ধৰি লৈছিল। হয়তো হুজা প্ৰকৃতিৰ দেউতাকে সিমানতে দায়িত্ব শেষ বুলি ধৰি লৈছিল। মাকেহে ঘৰৰ ল’ৰাটো এদিন ঘৰলৈ উভতি উভতি আহিব বুলি অধীৰ হেঁপাহেৰে বাট চাইছিল।
স্পৰ্ধা, বিপন্নৰ প্ৰেমিকা। স্পৰ্ধাৰ দৃষ্টিকোণৰপৰা চাবলৈ গ’লে বিপন্নৰ প্ৰাক্তন প্ৰেমিকা। বৰ্তমানটোক ধৰি ভৱিষ্যতটোৰ খাটিৰত বিবেকৰ তাড়ণাৰে জীৱনৰ সংজ্ঞা গঢ়ি লোৱা স্পৰ্ধাক সাধাৰণ মানুহখিনিয়ে দোষাৰোপ কৰিব নোৱাৰে। বিপন্ন নৱপ্ৰজন্মৰ জনপ্ৰিয় গল্পাকাৰ আছিল, তাৰ গল্প পঢ়ি জীৱনটোক, সমাজখনক অলপ বেলেগ ধৰণে দৃষ্টি দিবলৈ শিকিছিল। সেয়া অতীত। আনকি স্পৰ্ধাৰ বৰ্তমানটো সাজি উলিওৱাৰ ক্ষেত্ৰত বিপন্নৰ ভূমিকা আছিল খুবেই উল্লেখযোগ্য। সেইবুলি স্পৰ্ধাই কেৱল আবেগেৰে জীৱনটো আগুৱাই নিব নোৱাৰে। তাই শিকা নাই। সিয়েতো শিকাইছিল, স্পৰ্ধাক বাধ্য কৰিছিল, নিজৰ লগতে সমাজৰ বাবে জীয়াবলৈ... আন দহজনৰ হাঁহি আৰু গৌৰৱৰ কাৰণৰূপে পৰিগণিত হবলৈ। বিপন্নৰ আদৰ্শেৰে পাগলীজনী হৈ এটা সময়ত প্ৰেম নিবেদন কৰোতেই তাই শপত লৈছিল, সমাজখনৰ বাবে যিকোনো স্বৰ্তৰ বিনিময়ত তাই কিবা কৰিবই....।
বিপন্নই ক’লে,
- মই মোৰ কৰ্মক লৈ সুখী। অনুতপ্ত নহয়। মোক এনেকৈয়ে থাকিব দিয়া।
স্পৰ্ধাই ক’লে।
- আপচোচ এটা থাকি যাব।
- মই কিবা সহায় কৰিব পাৰো?
সি সুধিলে।
- তুমি আত্মসমৰ্পণ কৰা।
স্পৰ্ধাই সকীয়াই দিলে।
- নকৰো।
বিপন্নই স্পষ্ট কৰি দিলে।
- তেন্তে মোক ক্ষমা কৰি দিবা।
তাই ক’লে।
- তুমি মোক হত্যা কৰিব নোৱাৰা।
বিপন্নৰ ওঁঠত কুটিল হাঁহি।
- মই ইমান দূৰ্বল বুলি কেনেকে ধৰি ল’লা?
স্পৰ্ধাই আচৰিত হৈ সুধিলে।
- বিশ্বাস।
সি ক’লে।
পাছদিনাৰ বাতৰি কাকতৰ শিৰোনাম- “অপৰাধ শাখাৰ নৱনিযুক্ত বিশেষ আৰক্ষী বিষয়া স্পৰ্ধা শইকীয়াৰ নেতৃত্বাধীন আৰক্ষী দল এটাৰ সৈতে মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুধৰ্ষ পেছাদাৰী হত্যাকাৰী বিপন্ন ৰাজখোৱা ওৰফে শৃগাল। বিগত এটা দশক ধৰি সমগ্ৰ দেশৰ আৰক্ষী তথা প্ৰশাসনৰ বাবে মুৰৰ কামোৰণি হৈ পৰা শৃগাল ওৰফে বিপন্ন ৰাজখোৱা এটা সময়ত...।"