মই তেতিয়াই বিপাক্ষীৰ কাণৰ তলত দুটা পূৰ্ণহতীয়া চৰ সুধাই দিলোহেঁতেন। নিদিলো। মোৰ ৫ বছৰীয়া ছোৱালীজনীক কোলাত লৈ কোনোমতে নিজক সংযত কৰি তাই ৰৈ থকা ঠাইখিনিৰপৰা আতৰি আহিলো। মোৰ খঙটো দেখি আকাংক্ষা মনে মনে থাকিল।
বজাৰলৈ গৈছিলো। আমাৰ একমাত্ৰ ছোৱালীজনীৰ জন্মদিন। বছৰে বছৰে জন্মদিনৰ নামত মানুহ এসোপা গোটাই দিঙিলৈকে এসোপা খোৱাই, আনটো হাতেৰে উপহাৰ কেইটামান হাতপাতি লোৱা সংস্কৃতিটোৰ মই ঘোৰ বিৰুধী। আকাংক্ষাই কিছুমান কথাত, চিন্তাত মোৰ বিৰুধীতা নকৰে। বুজাবুজিৰে সেয়ে হয়তো সংসাৰখন সুকলমে চলি গৈ আছে। উপভোগ কৰিছো বিগত ৭ বছৰত পৰ্যাপ্ত পৰিমাণে। আমি বছৰে বছৰে বিবাহ বাৰ্ষিকী উদযাপন নকৰাকৈয়ে সুখী। মোৰ বা আকাংক্ষাৰ জন্মদিনত কিবা এটা সাংঘাটিক দামী উপহাৰ নিদিয়াকৈ আমি সুখী। বহুতে আচৰিত হয়, আমাৰ আদৰ্শক গ্ৰহণ কৰিবলৈ বেয়া পায়, আমি জোৰ নকৰো। আমি আমাৰ দৰে সুখী হৈ থাকো।
বিপাক্ষীক একেবাৰে দেখিব মন নাযায় মোৰ। সম্বন্ধৰ ফালৰপৰা তাই আমাৰ কোনো নহয়। আকাংক্ষাৰ অফিচৰ সহকৰ্মী। ভাল চাকৰি, দৰমহা ধেৰ। সন্মানো আছে। বয়স আকাংক্ষাতকৈ দুবছৰমান বেছি হব। মোৰ হজম নহয় মানুহজনী। অসভ্য। চুড়ান্ত অসভ্য তিৰুতা। ল’ৰা পগলা। আকাংক্ষাই জানে। তথাপিও মই তাইক বাধ্য নকৰো বিপাক্ষীৰ সৈতে সম্পৰ্ক চিন্ন কৰিবলৈ। বিপাক্ষীৰ সৈতে সমস্যাটো মোৰ নিজা। বহুবছৰৰ আগৰপৰাই তাইক চিনি পাওঁ। তেতিয়া মই নিবনুৱা। আকাংক্ষাৰ লগতো মোৰ চিনাকী হোৱা নাই। ইন্টাৰভিউ দিবলৈ যাওঁতে তাইক লগ পাইছো কেইবাবাৰো। সেই চিনাকীৰ ভেঁটিতে তাই মোৰ ফোন নম্বৰ, ঠিকনা সংগ্ৰহ কৰিছিল। কেতিয়াবা ফোন কৰে, মোৰ কথা পাতি ভাল নালাগে। পাছলৈ যোগাযোগ নোহোৱা হৈছিল মাজতে সংযোগ ঘটিছিল। তেতিয়াও তাইৰ মানসিকতাৰ পৰিৱৰ্তন হোৱা নাছিল। আচলতে বিপাক্ষীৰ দৰে নিজৰ ক্ষন্তেকীয়া স্বাৰ্থ পূৰণৰ বাবে নাৰীৰ শৰীৰটো পুৰুষৰ একমাত্ৰ দুৰ্বলতা বুলি ভবা নাৰীবোৰ একেবাৰে মোৰ হজম নহয়। তাই পুৰুষক তেনেকৈয়ে গ্ৰহণ কৰে। জৈৱিক প্ৰয়োজনক অস্বীকাৰ ময়ো কৰিব নোৱাৰো, মোৰ ৫ বছৰীয়া ছোৱালীজনী তাৰেই সাক্ষী। অথচ....
বিপাক্ষীৰ গিৰীয়েকটো তেনেই সহজ সৰল। বেচেৰাই ঘৈণীয়েকক আয়ত্ত্বত ৰাখিব নোৱাৰে। সেয়ে হয়তো বিপাক্ষীয়ে ইচ্ছা কৰিলেই যিকোনো এজন পুৰুষৰ শয্যাসংগী হবলৈ সংকোচবোধ নকৰে। মোৰ কি আহে যায়, একো নকওঁ। নাভাবো বিশেষ, তথাপি সন্দেহ হয়, বিপাক্ষীৰ ৫ বছৰীয়া ল’ৰাটোৰ দেউতাক প্ৰকৃত দেউতাক হয়নে....। সন্দেহ এটা ৰৈ যায়....। মই আকাংক্ষাক একো নকওঁ।
ছোৱালীজনীৰ স্কুল বন্ধ আছিল। দুৰ্ভাগ্যবশতঃ বজাৰৰপৰা উভতি অহা বাটতে বিপাক্ষীক লগ পালো। ইটো সিটো কথাৰ মাজতে তাইৰ চকু মোৰ চাৰ্টৰ কলাৰৰ ফাঁকেৰে উন্মুক্ত হৈ থকা বুকুখনত। হব পাৰে, আকাংক্ষাৰ মাকে দৰা আগৰতা উপহাৰ হিচাপে দিয়া সোণৰ চেইনদালত কিমান সোণ থাকিব পাৰে তাকো অনুমান কৰিবলৈ মোৰ বুকুলৈ পাকে পাকে চাবও পাৰে.... বহুতেই চাই...। কিন্তু....। বিপাক্ষীৰ অশ্লীল চাৱনিৰ সৈতে মই বহু আগৰেপৰা পৰিচিত। একেবাৰে অসহ্যকৰ....। আকাংক্ষাই মোক বুজাই, মই হেনো প্ৰয়োজনাধীক চেনচিটিভ। মোৰ উগ্ৰতা মোৰ বাবেই ক্ষতিকাৰক। কিন্তু তাই নাজানে মোৰ উদাৰতা আমাৰ বাবে ক্ষতিকাৰক.....।