প্ৰয়োজন-অপ্ৰয়োজন

মোৰ প্ৰয়োজনখিনি শেষ হোৱাৰ পাচতে মৈত্ৰেয়ীৰ শৰীৰটোলৈ অনিহা জাগে। ভাগৰুৱা তৃপ্ত শৰীৰটো লালকাল টোপনীত একাষৰীয়াকৈ ঢলি পৰে, আৰু তাৰেই ক্ষোভত ক্ৰোধিত হৈ তাই ৰাতিটো উজাগৰে পাৰ কৰে। পুৱা সোনকালে শুৱাৰপৰা উঠি মই কামলৈ উলাই যাওঁ। কেতিয়াবা তাইৰ চকুলৈ চাওঁ, নুবুজাৰ ভাওঁ জুৰো। ক্ষন্তেক সময়ৰ বাবে আবেগিক হৈ উঠিলেও পাচ মুহুৰ্ত্ততে মই সকলোবোৰ পাহৰি পেলাওঁ। তাইৰ প্ৰতি উপজা পুতৌখিনি স্থায়ী নহয়। নতুবা মোৰ পুৰুষত্বক লৈ উপজা কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ বিচাৰি মই হাবাথুৰি নাখাওঁ। সময়ৰ জটিল সন্ধিত মই হয়তো প্ৰয়োজনাধীক যান্ত্ৰিক হৈ পৰিছো। শুধৰণিৰ অৱকাশ নাই। প্ৰতিযোগিতাৰ ভোগবাদী জগতখনত সৱলতাৰে ঠিয় দিবলৈ আবেগ, অনুভূতিবোৰ একাষৰীয়াকৈ ৰখাই থোৱাৰ বাদে উপায় নাথাকে। আবেগিক মানুহবোৰে জীৱনটোক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিব নাজানে। আৰু তেতিয়াই হাজাৰটা সমস্যাই জুৰুলা কৰে। মোৰ দেউতা ৰিক্সাৱালা হৈ মোক এজন আই এ এচ বিষয়া হিচাপে কল্পনা কৰাত আপত্তি থাকিব নোৱাৰে। সেইমতে তেওঁৰ সপোনটোৰ পূৰ্ণতা দিবলৈ গৈ যিকোনো ত্যাগৰ বিনিময়ত চহৰৰ এখন উচ্চ মানদণ্ডৰ কলেজ বা বিশ্ববিদ্যালয়ত পঢ়াৰ সুবিধাকণ কৰাই দিয়াত বাধা থাকিব নোৱাৰে। কিন্তু মাজ অৱস্থাত গৈ মই যদি বিফল হওঁ, তেতিয়া? সফল হবও পাৰো। হলেতো ভালেই। নহয়, ভৱিষ্যতটো ভৱিষ্যতৰ হাতত এৰি দি বৰ্তমানটোক সাৱটি মই মোৰ কামবোৰ কৰি যোৱাটোৱে শ্ৰেয় বুলি ধৰি ল’লো। সেইমতে আগবাঢ়িলো। গৈ থাকিলো....।
অচিনাকী পথ এটাৰে প্ৰয়োজন পূৰাবলৈ গৈ থকা অৱস্থাত মনলৈ দুটা ধাৰণা আহিব পাৰে- ৰাষ্টাটো সুবিধাজনক হব, বাধা বিঘিনি নাথাকিব। সুবিধাজনক নহবও পাৰে। যদিহে সুবিধাজনক নহয় তেন্তে কিবা কৰি বাধা বিঘিনিবোৰ অতিক্ৰম কৰি লক্ষ্যস্থানত উপনীত হোৱা যাব। মনৰ জোৰখিনিয়ে আচল কথা, অসম্ভৱ বুলি তেনেকে একো থাকিব নোৱাৰে বুলি মানুহে মানুহে যুগে যুগে প্ৰমাণ কৰি আহিছে। তাৰ পাছতো অসম্ভৱ বুলি হাত সাৱটি বহি থকাটো বা অসম্ভৱখিনি সম্ভৱ কৰিবলৈ যুঁজি থকাটো নিজা সিদ্ধান্ত। হব পাৰে ৰাষ্টাটো বেয়া। নহবও পাৰে। চিনাকী সূচল পথ এটাৰে গৈ থকা অৱস্থাতো আগজাননী নিদিয়াকৈ হথাতে বিপদে লগ দিব পাৰে। অনাকাংক্ষিত হ’ল বুলিয়ে সাহসেৰে ধৈৰ্য্য নেহেৰুৱাই তাক অতিক্ৰম কৰাটোহে প্ৰকৃত মানুহৰ পৰিচয়। এইখিনিতে প্ৰয়োজন এগৰাকী বিশ্বাসী সংগীৰ। অনন্যা আহিছিল মোৰ জীৱনলৈ....। একেটা পথেৰে একে মনোবৃত্তিৰে দুগুণ উত্সাহেৰে আগবাঢ়িছিলো আমি। ক্ৰমশঃ দুয়োৰে প্ৰয়োজনবোৰ পূৰণ হবলৈ ধৰিছিল। হঠাতে এজাক ধুমুহা আহিছিল। পাহাৰ এটাই মোক হেঁচা মাৰি ধৰিছিল। অনন্যাক ৰৈ যাবলৈ নিদি আগুৱাই যাবলৈ নিৰ্দেশ দিলো। তাই আগুৱাই গৈ থাকিল। এদিন লক্ষ্যস্থানত উপনীত হ’ল। মই পিছপৰি ৰ’লো যদিও আক্ষেপ নকৰিলো।
আজিকালি অপ্ৰয়োজনত অনন্যাক বাটে-ঘাটে লগ পাওঁ। মাত এষাৰ দিয়ো, সুবিধা পালে সুধো- “ভালনে?” “ভাল নহয়” বুলি নকয়। মই মিছা নামাতিবা বুলি জোৰ নকৰো। সঁচা কথাষাৰ কোৱাৰ তাই প্ৰয়োজনবোধ নকৰে। অপ্ৰয়োজনীয় বাবেই হয়তো তায়ো মোক নুসুধে “মই কেনে আছো”। মই নকওঁ।
মৈত্ৰেয়ীৰ বিবাহ বিচ্ছেদৰ আবেদনখন হাতত লৈ সিদিনা অনন্যাই বহু কথাই সুধিব খুজিছিল। মই সুযোগ নিদিলো। তাইৰ সৈতে কটোৱা ৫ টা বছৰত এবাৰলৈও মই অনন্যাৰ দেহটোত জপিয়াই পৰা নাছিলো। প্ৰয়োজন নাছিল। সেই কথা তাই বুজি নোপোৱা বাবেই হয়তো আচৰিত হৈছিল মৈত্ৰেয়ীৰ অসন্তুষ্টিখিনিক লৈ। ভাবি গুণি একো উৱাদিহ নাপায় এটা সময়ত অনন্যাই হয়তো মানি লৈছিল, মানুহৰ মন পৰিৱৰ্তনশীল।
মৈত্ৰেয়ীয়ে আইনী প্ৰক্ৰিয়াৰে মোৰ জীৱনৰপৰা একেবাৰে আতৰি গ’লগৈ। অনন্যাৰ ওচৰতো প্ৰয়োজনবোৰ নোহোৱা হৈ থাকিল। অচিনাকী বাট এটাত মই আকৌ ভৰি থলো। গৈ থাকিলো আগলৈ.... অনন্যাক স্পষ্টীকৰণ দিয়াৰ প্ৰয়োজনবোধ নকৰিলো।