প্ৰথমবাৰৰ বাবে সুদৰ্শিতাৰ নিচেই কাষত বহি একান্তমনেৰে লেপটপতোৰ টাচপেডখন স্পৰ্শ কৰি থাকোতে ভুলবশতঃ কেইবাবাৰো তাইৰ বুকুৰ একাংশ শিহৰিত হৈ উঠিছিল। ময়ো সেই সময়ত কথাটো গুৰুত্ব দিয়া নাছিলো। সময় আৰু সুবিধাজনক খালী আসনৰ অভাৱত কোনোমতে যোগাৰ হোৱা বাচখনৰ দুজনীয়া চিটটোত বহি লৈয়ে আমি কামৰ কথা আলোচনা কৰিছিলো। সেইমতেই লেপটপতো কোলাত লৈ তাইৰ গুৰুত্বপূ্ৰ্ণ ডক্ ফাইলটো উলিয়াই লৈ এবাৰ ভালকৈ পৰীক্ষা কৰিলো। মই সঁচাকৈয়ে ব্যস্ত আছিলো এখন অন্য জগতত। যাৰ বাবে মোৰ সোঁহাতখনৰ তিলটোলৈ তাই যে বাৰে বাৰে চাই আছিল, মোৰ সোঁহাতৰ কিলাকুটিৰে কেইবাবাৰো তাইৰ বুকুত ঘঁহনি খাইছিল। তাৰ পাছতো তাই যে মোক বাধা দিয়া নাছিল মই কথাটো মন কৰা নাছিলো। পাছত তাই কওঁতে মই দোষী দোষী ভাৱ এটাৰে বেয়া নাপাবলৈ কোৱাৰ পৰিবৰ্তে কৈছিলো, “স্বাৰ্থ আছিল যে সেয়ে তাৰমানে মোক লেপটপতো বন্ধ কৰি থবলৈ নকলা। তাকে নকৈ মোৰ হাতখন সংযত কৰি ৰাখিবলৈয়ো কব পাৰিলাহেঁতেন। নক’লা। খিৰীকিখনৰ আৰু অলপ কাষ চাপি নবহিলা কিয়?” মোৰ কথা শুনি সুদৰ্শিতাই খঙত গুজৰি আহিল। মোক খঙেৰেই সুধিলে, “ মোক ফাল্টু ছোৱালী বুলি ভাবিছা? নালাগে, তোমাৰ লগত আৰু কেতিয়াও বাচত নবহো। মোৰ প্ৰজেক্টৰ ফাইলবোৰো কেতিয়াও পৰীক্ষা কৰি দিব নালাগে।“ তাইৰ খঙটো মই হেঁপাহ পলুৱাই উপভোগ কৰিলো। আনদিনাৰ দৰে বুজাই বহাই সৈমান নকৰালো। সুদৰ্শিতাই মোক আৰু কেতিয়াও নামাতে বুলি কৈ গুছি গৈছিলগৈ।
মোৰ মাতষাৰ নুশুনাকৈ তাই এটা দিন পাৰ কৰিব নোৱাৰাতো কোনো নতুন কথা নহয়। তাইৰ শান্ত উশাহবোৰক শাক্ষী কৰি ফোনকলটোৰ সংযোগ বিচ্চিন্ন নকৰাকৈ বহুদিন মই টোপনীত ঢলি পৰিছো। সুদৰ্শিতাৰো একেই বদ অভ্যাস, পুৱা সাৰপোৱালৈকে তেনেকৈয়ে কাণত ইয়াৰফোনদাল লাগি থাকে। ম’বাইলটোৰ চাৰ্জ শেষ হৈ চুইটচ অফ হৈ পৰি থাকে। ম’বাইলটো চাৰ্জত লগাই থোৱা সময়খনিতে তাই ঘৰ ঝাড়ু দিয়া, ভাত ৰন্ধা, গা-ধোৱা কামখিনি সম্পূৰ্ণ কৰে। তাৰ পাছতে বেগাবেগিকৈ ম’বাইলটো হাতত লৈ কামলৈ বুলি উলাই আহে। আহি থকাৰপৰাই তাই মোলৈ ফোন এটা কৰে, মই সাৰপাই ফোনটো ৰিচিভ কৰি লেবেজান হৈ ফোনকলটোৰ সহাৰি জনাও। সেইসময়ৰ মোৰ কণ্ঠস্বৰ তাইৰ বুলে খুবেই প্ৰিয়। ফোনত তাই বেচি কথা নকয়। তথাপিও, তাইৰ তাগিদাতে মই বিচনাখন এৰি বাথৰুমটোলৈ উঠি যাওঁ। ফোনটোৰ সংযোগ বিচিন্ন নকৰাকৈ মই চাহকাপ কৰালৈকে তাই অপেক্ষা কৰে। চাহকাপ খাই হলেই সোনকালে কাপোৰ পিন্ধি অফিচলৈ যাবলৈ সকীয়াই দিয়ে। আৰম্ভনিতে ভাত নোখোৱাক লৈ খং কৰিছিল, তাগিদা দিছিল। মই যে সাৰ নাপাওঁ, সময় মিলাব নোৱাৰো সেই কথা পাছলৈ বুজি উঠাত জোৰ নকৰা হৈছিল। তাই আৰু মোৰ বহু কথাই বুজিছিল।
মোৰ সৰু সপোনবোৰ, জীৱনৰ প্ৰতি থকা সীমিত হাবিয়াসখিনিক সুদৰ্শতিাই সন্মান কৰে, যত্ন লয়। কোনোবা এটা দুৰ্বল ক্ষণত আবেগিক হৈ মোক কৈ পেলায়, মোক সুধে, মই কেতিয়াবা আতৰি যামগৈ নেকি? মই একো নকলেও তাই বুজে, মই সুদৰ্শিতাৰ অনুপস্থিত অসুস্থ, অসুখী, অসম্পূৰ্ণ। আৰু মোৰ অবিহনে তাই?? সুদৰ্শিতাক সুধাই নহ’ল কেতিয়াও।
বিখ্যাত উদ্যোপতী আকাশ সন্দিকৈয়ে মোৰ সোঁহাতৰ তিলটোক লৈ মন্তব্য কৰিলে, “ সোঁহাতত তিল থকা পুৰুষবোৰ প্ৰখৰ মেধাসম্পন্ন আৰু শক্তিশালী মনৰ অধিকাৰী হয়। “ মই তেওঁৰ কথা শুনি হাহিব লাগে বাবেই হাঁহি দিলো। মই ভিতৰি কিমান শক্তিশালী সেয়া সুদৰ্শিতাৰ বাদে আন কোনে জানে? ব্যৱসায়ৰ স্বাৰ্খৰে খাটিৰতে আকাশৰ কৃত্ৰিম প্ৰশংসাক মই প্ৰতিবাদ নকৰিলো। ধন্যবাদ বুলি কোৱাৰ লগে লগে তেওঁ মোলৈ সোঁহাতখন আগুৱাই দিলে। মই কৰমৰ্দন কৰি উঠি আপোনা-আপোনি শিহৰিত হৈ উঠিল। কাষতে জথৰ হৈ ৰৈ থকা সুদৰ্শিতাৰ চকুলৈ চাই সুধিবলৈ মন যোৱা সত্ত্বেও নুসুধিলো, “আকাশে বাৰু তাইৰ বুকুৰ পৰা সামান্য দূৰৈত ওপৰফালে থকা তিলটোলৈ চাই কিবা মন্তব্য কৰেনে? মোৰ দৰেই মোৰ ভাল লগা সুদৰ্শিতাৰ বুকুৰ তিলটোলৈ আকাশে একেথৰে চাই থাকেনে? মোতকৈ কঠোৰ হাতখনৰ স্পৰ্শত সুদৰ্শিতাৰ সুকোমল বুকুখন শিহিৰত হৈ উঠেনে...? নে সেই বাচযাত্ৰাটোৰ দৰে বাধ্য হৈ তাই প্ৰতিবাদ নকৰে?”