- বিকল্প
দা?
- হু...
- মই
আপোনাক ভালপাওঁ।
- কিয়?
- নাজানো।
- মোৰ
প্ৰেয়সী আছে।
- জানো।
- তেন্তে?
- সেইটোনো
কি দাঙৰ কথা
- মানে?
- আপোনাৰ
দৰে সুদৰ্শন চেহেৰাৰ ল’ৰাবোৰৰ প্ৰেমিকা থাকেই। এজনীহে আছে।
মোকো ভালপাৱক না। এনেই ভালপাৱক। বিয়া পাতিব ৱালাগে বাৰু। টাইম পাচ কৰক।
এইজনী মোৰ সহকৰ্মী নহৈ আন কোনোবা
ছোৱালী হোৱাহেঁতেন কুকুৰে নোখোৱা গালি পাৰিলোহেঁতেন। খঙটো কোনোমতে কাবু কৰি মই
কফিৰ কাপটো হাতত লৈ বহি থকা চকীখনৰপৰা উঠি আহিলো। পাচে পাচে তাই নাহিল। মই মোৰ
বিলটো পৰিশোধ কৰি কেন্টিখনৰপৰা পলায়ন কৰিলো। অফিচলৈ উভতি আহি অন্য এখন জগতত ব্যস্ত
হৈ পৰিলো।
৬ বাজিল। অফিচ চুটী হ’ল। ঘৰলৈ বুলি উভতিলো। ঘৰ মানে চহৰৰ মাজমজিয়াত অৱস্থিত মোৰ বেচিজিল
ভাড়াতীয়া কোঠাতো পাওঁ মানে আঠ বাজিল। আগদিনাৰ বাচনবোৰ ধূৱা হোৱা নাই। ভাত খোৱা
কাঁহীখনৰপৰা দূৰ্গন্ধ নিগৰি কোঠাটোত উশাহ ল’ব নোৱাৰা অৱস্থা।
পুহমহীয়া শীতত কোনে আৰু বাচন ধুই থাকে? জিতালৈ ফ’ন কৰি ভাত ৰান্ধিবলৈ কলো, ৰাতিতে তাইৰ তাতে কটাম। তাই ভালেই পালে।
কোঠাটোৰপৰা উলাই গলো। মালিকে ঘৰৰ
বাৰান্দাখনত বহি আছিল। ভাবিছিলো মোক কিবা সুধিব, নুসুধিলে। তেওঁক কেৱল ভাড়া লাগে।
জিতাৰ কোঠা পাওঁতে ন বাজিল। মই ইতিমধ্যে টেটুলৈকে এসোপা ধৰি গৈছো। তাইক কৈফিয়ত্
দিব লগা নহ’ল। সুৰামত্ত মোৰ মাতাল শৰীৰটোৰ সৈতে তাই
বহু আগৰেপৰা পৰিচিত। তাই অসন্তুষ্টি পদৰ্শন নকৰে। মই আঁকোৰগোজ, জিতাই জানে।
ভাত খালো, জিতাৰ সৈতে একেখন
ব্লেকেটৰ তলত মই শুই পৰিলো। প্ৰাৰম্ভিক পৰ্য্যায়ত তাই আমনি নকৰিলে। হব পাৰে জিতাৰ
মন বেয়া। হয়তো, ফ’নত গিৰিয়েকৰ সৈতে কিবা কথাত কাজিয়া লাগিলে।
মোৰ সেইবোৰ কথাৰ সৈতে সম্পৰ্ক নাই। জিতাক মই ভালপাওঁ, তাই মোক। প্ৰেম মানে বিবাহ
নহবও পাৰে। জিতাৰ সৈতে মোৰ প্ৰেমৰ সম্পৰ্ক ৭ বছৰৰ। জাত পাতৰ খেলিমেলিৰ বাবেই
দেউতাকে তাইক মোলৈ বিয়া নিদিলে। তায়ো দেউতাৰ পচন্দৰ একে জাতৰ ল’ৰাৰ সৈতে বিয়াত বহাৰ অসন্তুষ্টি পদৰ্শন নকৰিলে। বিয়াখন পাৰ হৈ গ’ল, কিন্তু আজিলৈকে তাই হেনো গিৰিয়েকক শৰীৰটো চুবলৈ নিদিলে। জিতাই কোৱা
কথা, হবও পাৰে। মিছাও মাতিব পাৰে, নাৰীক বুজাটো কঠিন। সাধাৰণতে তাই মোক মিছা কথা
নকয়। কিন্তু তাই মোৰ শৰীৰটোত জপিয়াই পৰাৰ পাচত মোৰ সন্দেহ হয়, সন্তুষ্টি প্ৰদানত
গিৰিয়েকটো হয়তো মোতকৈ পাকৈত। মোৰ ধাৰণা মিছাও হব পাৰে। নিশ্চিত হবলৈ কোনোদি মই
চেষ্টা কৰা নাই। বৰ্তমানটোক লৈ মই এনেকৈয়ে সুখী।
জিতা এটা সময়ত শুই পৰিল। তাইৰ
সোঁহাতখন হাতখন লেবেজান হৈ মোৰ বুকুত পৰি থাকিল। আতৰাই থলো। আনদিনাৰ দৰে তাইৰ
কঁকালটো খামুছ মাৰি ধৰিবলৈ মোৰ আজি হাবিয়াস নাজাগিল। ভৱিষ্যতহীনতাৰ শংকাৰে মোৰ মন
অস্থিৰ। ভাড়াঘৰৰ মালিকক, ঘৰখনক, বন্ধুবৰ্গ, সহকৰ্মী আদি কৰি মূলতঃ নিজক ফাকি মাৰি
এনেকৈ আৰু কিমানদিলৈ!! জিতাৰ সৈতে থকা মোৰ অবৈধ সম্পৰ্কৰ কথা মোৰ সহকৰ্মীজনীৰ
অজ্ঞাত। তাইক জনাবলৈ মই প্ৰয়োজনবোধ কৰা নাই। হব পাৰে, মোৰ সত্ সাহসৰ অভাৱ....।
ৰাতিটো শুৱা নহ’ল। জিতাৰ মাহেকীয়া সমস্যাৰ দুদিন। মোৰ তাৰিখটো মনত আছে বুলি ভাবি আগৰাতি
তাই একো নকলে। মই পাহৰিলো বুলি স্বীকাৰ নকৰিলো। জিতাৰ কোঠাৰপৰাই অফিচলৈ বুলি ৰাওনা
হলো। অফিচ পাই নিজৰ কামৰ সৈতে ব্যস্ত হৈ পৰিলো। আজিও সন্ধ্যা হলে, ৬ বাজিব। ৮ বজাত
কোঠা পামগৈ। বাচনবোৰৰপৰা আগতকৈও বেচি বেয়া দূৰ্গন্ধ ওলাব.... ৯ বজাত গৈ জিতাৰ কোঠা
পামগৈ.....। কালিলৈ দেওবাৰ, বাচনবোৰ ধূব লাগিব। ভাত ৰান্ধিব লাগিব, ৰাতিটো নিজৰ
কোঠাতে শুব লাগিব। পাচদিনা সোমবাৰ। অফিচ খূলা থাকিব, আগদিনাৰ বাচনবোৰ গোন্ধাব।
জিতাৰ চাৰিদিন হব..........।