যি কাৰণে তেওঁৰ সেওঁতাত সেন্দূৰ দিয়া নহ'ব! (খণ্ড- ৪)

পুৱাৰ পৰাই বিকল্পৰ ফ’ন চুইটচ অফ। তাৰ গোপন নম্বৰটোৰো ইনকামিং বন্ধ। দিনটোত দহবাৰ কল কৰা বিকল্পৰ সন্ধিয়ালৈকে এটাও ফ’ন নাপায় পলাশৰ মন বেয়া লগাই নহয়, চিন্তাৰ বিষয় বুলিয়ে গণ্য কৰিলে। পলাশে এপাকত গৈ বিকল্পৰ ফ্লেট পৰীক্ষা কৰিলে, নাই সি নাই। চিকিউৰিটীয়ে জনোৱা মতে সি আগৰাতি সেই দুটামানতেই গাড়ীখন লৈ ওলাই গৈছিল।

এনে সময়ত বিকল্পৰ তথ্য কাৰো হাতত নাথাকে। মাজে মাজে সি এনেকোৱা কৰে। কিয় তাৰ এনে হয় সেয়া কোনেও নাজানে।

বিকল্পৰ চিন্তা-দুচিন্তাৰ মাজতে পলাশৰ প্ৰেমিকাই এনেই গালি খালে। পলাশৰ অস্থিৰতাখিনি কেৱল সি নিজেহে বুজিছে! আন কোনে বুজিব পাৰে। সিহঁত দুটাই জানো কেৱল বন্ধু, দুটা শৰীৰত থকা আত্মাৰ দৰে। দুটাৰ মাজত কিমান কাজিয়া, তৰ্ক, অভিমান পাৰ হৈ গৈছে। অথচ ইটোৱে সিটোক এৰি এদিনো থাকিব নোৱাৰে।

চিন্তা খঙত একো নাই হৈ পলাশে মদৰ বটলটোকে খুলিলে। বিকল্পই পৰহিয়ে কৈ থৈছিল সি আজি কচু পাতত দি খোৱা কথা আছিল। পলাশে বিচাৰি বিচাৰি তাৰ বাবেই কচু আৰু কলপাত আনি থৈছিল। আৰু লগত ঔটেঙা দি ৰন্ধা মাছ খোৱাৰ আশা ৰাখিছিল। এতিয়া ফ’ন অফ কৰি মানুহটো গ’ল ক’ত! সি যদি ইমান খঙত ফ’ন অফ কৰি ৰাখিছে তেন্তে সি খাটাং তাৰেই ঘনিষ্ঠ কাৰোবাৰ ওপৰত সি কিবা বেয়া পাইছে। সি কোনো কাৰণত তাৰ আত্মীয়ৰ বাদে কোনো অচিনাকিৰ কাৰণে কেয়াৰ নকৰে। কেয়াৰ নকৰে মানে চুলিদালৰ সমানো কাকো গুৰুত্ব নিদিয়ে। আৰু সি গুৰুত্ব দিয়া মানুহখিনিৰ ওপৰত কিবা খং উঠিলে বা বেয়া লাগিলেই সি এষাৰো কথা নকৈ নিজক নিজে কষ্ট দিয়ে। আৰু তাৰ এই স্বভাৱটো পলাশক বাদ দি না আন বিকল্পৰ ঘনিষ্ঠ কোনোবাই জানে না বাহিৰৰ আন কোনোবাই জানে।

 

পলাশে ভাবি ভাবি মদ খাই থাকোতেই বহু সময় পাৰ হৈ গ’ল। তাৰ মাজে মাজে সি বিকল্পলৈ ফ’ন লগাই থাকিল। একেই চুইটচ অফ। পলাশৰ ভিতৰি ভয়টো বাঢ়ি গ’ল, বিকল্প বাৰু কিবা বিপদত পৰিছে নেকি! এনেই শত্ৰও বহুত তাৰ...। কি হ’ল তাৰ...

 

১২ বাজি কিছু সময় পাৰ হৈ যাওঁতেই পলাশৰ দৰ্জাত কাৰোবাৰ টোকৰ পৰিল। পলাশ প্ৰায় দৌৰি যোৱাদি গৈ দৰ্জাখন খুলি দিলে। অবিনষ্ট চুলি, ৰঙা চকু, বিবৰ্ণ ঠিক অসহায় মানুহ এটাৰ দৰে মুখখন লৈ সেয়া বিকল্প। তাৰ মুখত না মদৰ গোন্ধ, মা চিগাৰেট, না গুটখা। মুখখন দেখিলেই গম পায় সি দিনটো একো খোৱা নাই।

পলাশে মুখেৰে একো নামাতি ভগৱানক ধন্যবাদ জ্ঞাপন কৰি দৰ্জাখন বন্ধ কৰি দিলে। তেনেই বিধস্ত মানুহ এটাৰ দৰে বিকল্পই চকীখনত বহি চাৰ্টৰ বুটাম দুটামান খুলি দীঘল দীঘলকৈ উশাহ সলালে।

 

বহু সময় কাৰো মুখত মাত নাই। পলাশে লাহেকৈ সুধিলে- মদ খাবি?

বিকল্পই একো মাত নিদিলে। বিকল্পৰ চকুত চকুপানী।

পলাশে তেনেকৈ তাক দেখি খুউব বেয়া লাগিল। কি হ’ল তাৰ আজি... ইমান সাহসী ল’ৰাটোৱে কিয় চকুত চকুপানী লৈছে? সকলো হেৰুৱাই নিজক শেষ কৰিবলৈ ওলোৱা তাৰ মানুহখিনিৰ বাবে সি এটা সময়ত তাৰ ডিঙিৰ সোণৰ চেইন বিক্ৰী কৰিও সহায় কৰিছে। খঙত সিদিনা জ্বলাই দিয়া গাড়ীখনৰ মালিকক সি নিজে বিচাৰি দুদিনৰ ভিতৰতে নতুন গাড়ী কিনি দিছে। প্ৰশাসনিক বিষয়া হোৱাৰ পাছতেই তাৰ এটাও ফ’ন ৰিচিভ নকৰা স্বাগতাক তাৰ চহৰলৈ অহাৰ পাছত নিজেই গৈ লগ পাই সি গোটেই চহৰখনৰ খবৰ দিছে... সি যিমান কঠোৰ সিমান আবেগিক... আন কোনেও নাজানে...।

-   মই স্পন্দিতাক উপেক্ষিত কৰিব নালাগিছিল পলাশ। তাই থাকোতে  মই একোৱেই অনুভৱ কৰা নাছিলো... ইমান নিৰবে তাই দূৰৈত গুছি যোৱাৰ পাছত মই অনুভৱ কৰোঁ... ভুল কৰিলোঁ মই... তাই মোক বহুত সযতনে ৰাখিছিল। খাইছোঁ নে, শুইছোঁ নে, ভালে আছোঁ নে, খং কিয় কৰিছোঁ... প্ৰতিটো পল অনুপল খবৰ ৰাখিছিল... চম্ভালিছিল...

বিকল্পই কথা কব পৰা নাই... সি কেৱল কান্দিছে।

 

পলাশ একেবাৰে মৌন। তাৰ কবলৈ একোৱেই নাই।

বিকল্পই কান্দক আজি। ভুল নে শুদ্ধ পলাশে কবলৈ নাযায়, কিন্তু স্পন্দিতাতকৈ বিকল্পক জীৱনটোত আৰু কোনেও তেনেকৈ ভালপাব নোৱাৰে... সৰ্বস্ব উজাৰি ভালপাইছিল... বিকল্পৰ আটাইতকৈ সংকটৰ সময়খিনিত তাই ছাঁৰ দৰে আছিল... যিদৰে তাই মৰিবলৈ লোৱা সময়খিনিত বিকল্পই সকলো এৰি তাইক জীয়াবলৈ শিকাইছিল...

-   মোতকৈ তাই মোক বেচি জানিছিল। এটা শব্দ নোকোৱাকৈয়ে তাই মোৰ সুখ-দুখৰ উমান পাইছিল কেৱল ফ’নটোত মাত শুনিয়েই... কিমান ইগন’ৰ কৰিলো মই... কিমান টেকেন ফ’ৰ গ্ৰাণ্টেড হৈ গৈছিল তাই...

বিকল্পই চকুপানীখিনি মচি লৈ ক’লে।

পলাশক শিকাই থৈ গৈছিল স্পন্দিতা, কেনেকৈ পাতত দিয়া মাছ ৰান্ধে, কেনেকৈ কচু পাতত দিয়া পুৰে.... কেনেকৈ তাৰ পচন্দৰ একমাত্ৰ দুবিধ মাছৰ আঞ্জা ৰান্ধিব লাগে স্পন্দিতাই শেষ সময়ত শিকাই থৈ গৈছিল। ঠিক বিদায়ৰ আগে আগে...

পলাশৰ এনে লাগিছে যেন এতিয়াই সি স্পন্দিতাক বিচাৰি ওলিয়াই বিকল্পক লৈ যাব। বিকল্প সৰু ল’ৰাটোৰ দৰে তাইৰ বুকুত মূৰ গুজি কান্দিব...

 

বিকল্পক কোঠাটোত এৰি পলাশে বাহিৰলৈ ম’বাইলটো লৈ ওলাই আহিল... এইখিনি সময়ত বিকল্পক একমাত্ৰ স্পন্দিতাইহে চম্ভালিব পাৰিব, নহ’লে আজি কাৰ ক’ত কি হ’ব ভগৱানেও নাজানে... তাকো সুস্থ অৱস্থাত বিকল্পই কান্দিছে... ডাঙৰ কিবা এটা কৰবাত হৈছে.. খাটাং.... একো উপায় নাই এতিয়া... কিবাকে স্পন্দিতাক বিচাৰি উলিয়াবই লাগিব... এতিয়াই মাতিব লাগিব বিকল্পৰ অন্যতম ঘনিষ্ঠ বন্ধু- বিপন্ন আৰু অনুৰাগক...

 

(আগলৈ...)

 

যি কাৰণে তেওঁৰ সেওঁতাত সেন্দূৰ দিয়া নহ'ব! (খণ্ড- ৩)

 স্বাগতা তালুকদাৰ এতিয়া জিলাখনত সন্ত্ৰাস! আপোচহীন স্পষ্ট দক্ষ প্ৰশাসনিক বিষয়া হোৱা সুবাদতে স্বয়ং মুখ্যমন্ত্ৰীৰো আশীষপুষ্ট বুলি বিশেষ সুত্ৰই দাবী কৰে। দুৰ্নীতি, চোৰাং বেহা, মাফিয়াৰাজ- এই আটাইবোৰৰ পাছত এনেকৈ লাগিছে যেন শুই থকা বাঘক কোনোবাই জোকাই ল’লে...।

পৰাগ দাই স্বাগতাৰ শেহতীয়া ডিপিখন দেখোৱাই বিকল্পক ক’লে।
- কি কয়? দেখিব ধুনীয়া কিন্তু... বিয়া হ’লনে নাই?

বিকল্পই জিলাখনৰ জ্যেষ্ঠ সাংবাদিক পৰাগ দাক সুধিলে।

-   তিনিদিন হৈছে হে জইন কৰা! আহিয়ে ইমানেই কনটেন্ট দিছে যে তাইৰ ব্যক্তিগত জীৱনক লৈ জানিব পৰাকৈ সময়ে পোৱা নাই।

পৰাগ দাই ভাগৰুৱা কণ্ঠেৰে ক’লে।

-   আচ্ছা... এবাৰ দৰ্শন দিব লাগিব বাইদেউক।

বিকল্পই ক’লে।

-   তোৰ চ’ৰ্চ বহুত ষ্ট্ৰং। তাইৰ কিছু তথ্য দিব পাৰিবি নেকি?

পৰাগ দাই সুধিলে।

-   আৰে, এ চি এছ অফিচাৰ হয়, ধেমালি নহয়, মই কেনেকে ডাটা উলিয়াব পাৰিম?

বিকল্পই গহীনাই ক’লে।

-   নহয়, তাইৰো চ’ৰ্চ বৃহৎ ষ্ট্ৰং। মই আচৰিত। এনেকৈ ইমান প্ৰপাৰ ডা্টা তাই পালে কেনেকৈ? একো সুযোগেই পোৱা নাই কোনেও... বছৰ বছৰ ধৰি কোনেও আঙুলি টোৱাবলৈ সাহ নকৰা ব্যক্তিক একো এটা গেপ নিদিয়াকৈ কেনেকৈ ধৰিছে তই কি গম পোৱা নাই।

পৰাগ দাই ক’লে...।

-   হেই ইমান খবৰ মোৰ হাতত নাথাকে অ’...। ভালকৈ পঢ়ি-শুনি চাকৰি কৰিলে ফালিবই ন...। তাতে আহিছে কাৰ জিলাত? বিকল্পৰ জিলাত... আৰু ফালিব দিয়ক বুইছে। ভাল কৰক, ব্যক্তিগত জীৱন খুচৰি এনেই নিউজ কৰি টি আৰ পি মাথা মাৰিব নালাগে। তাই কৰা ভাল কামখিনিক প্ৰচাৰ কৰক।  

বিকল্পই অলপ কাৰাকৈ ক’লে।

-   নহয়, তাই এইটো গতিৰে প্ৰশাসন চলাব গ’লে গুৰু গোঁসাই একো নমনা হ’ব। সংবাদ জগতৰ কামেই সেইটো যে নিৰপেক্ষ ভাবে সকলো দিশ চাব লাগে... ব্যক্তিগত আসেজ পুৰাবলৈকো তাই যদি ক্ষমতাৰ অপব্যৱহাৰ কৰে আমি কি চাই থাকিম নে? মই তাইৰ গৃহ জিলালৈ গৈ তাইৰ সমষ্ট তথ্য আহৰণৰ ব্যৱস্থা কৰিছোঁ। যোৱাৰ আগতে ভাবিলো তোৰ হাতত কিবা ডাটা আছেই নেকি!

পৰাগ দাই ক’লে।

-   নাযাব। তাইৰ বিষয়টো বাদ দিয়ক। কাম কৰিবলৈ দিয়ক শান্তিৰে।
বিকল্পই ক’লে।

-   তোৰ মন্তব্য লবলৈ অহা নাই বাৰু মই। আৰু তোৰ কথা শুনিবলৈ তই হয়নো কোন? দে যাওঁ

পৰাগ দাই ইতিংকি কৰি ক’লে।

-   অকে। যাওঁক। ভালকে যাব।

বিকল্পই চমু কৰিলে।

 

পৰাগ দা ওলাই গ’ল খঙেৰে। বিকল্পই তাৰ বিশেষ ফ’নটো ওলিয়ালে বেগটোৰ পৰা। মেচেজ কৰিব মনেই নাযায় কোনোবা সময়ত তাৰ। এ চি এচ হোৱাৰ পৰা তাই বহুত লেবেল দিয়া হৈছে। ভালকে মাত এষাৰো দিব নুখুজে। পঢ়ি থকা দিনতে ভাল আছিল, ফ’ন কৰিলে ভালকে মাত এষাৰ অন্ততঃ দিয়ে। এতিয়া চাল্লা লগ পাবলৈকো এপইন্টমেন্ট লব লাগে। জানজনী বুলি মাতিব পৰা জনীক এতিয়া ‘মেম’ বুলি মাতিব লাগে। ধেই, জীৱনটোত যি তি হৈ যায় আৰু দেই। ভালেই কৰিলো লাইনটো নামাৰিলো, ঘৈনী হোৱাহেঁতেন প্ৰথম ৰেইডটো মোকেই মাৰিলে হয়, কিমান কি হিচাপ ল’লেহেঁতেন ঠিক নাই। দুই পেগ মাৰি বুকুত ধৰি সুধিলেহেঁতেন- ‘সঁচা কথা ক, মোক বাদ দি আৰু কোন ছোৱালীক জীৱনটোত চেম্পু কৰি চুলিৰ গোন্ধ দি পাইছ?’

এহ্ নকৰোৱে নেকি মেচেজ! এনেই ৰাতিপুৱাই ৰাতিপুৱাই স্কৰপিঅ’খন জ্বলাই থৈ আহিছো। ইগন’ৰটো মাৰিব, মাথাটো বেয়া হৈ যাব।

 

নহয় এইখিনি ইগ’ৰ সময় নহয়, তাই ভালে থকাটো কেৱল মোৰ বাবেই নহয়- জিলাখন, ৰাজ্যখনৰ বাবেও জৰুৰী... তাই আৰু বহুত কাম কৰিবলৈ বাকী....

 

বিকল্পই সমষ্ট পৃথিৱীখন এফালে থৈ স্বাগতাৰ বিশেষ নম্বৰটোত গৈ সি এচ এম এছটো টাইপ কৰিলে-

“Urgent. will be in our place. White Scorpio, 7894. Sharp 2.30 AM. Parag Goswami, Danger. Vat 69. Bring Water”