নৰখাদক

- সেন্দুৰ আৰু তেজৰ ৰং একেটাই। পাৰ্থক্য মাথো বিশ্বাসৰ। ভয় কৰিব নালাগে, তোমাৰ সন্তানে তোমাক প্ৰতাৰণা নকৰে। অবৈধ হলেও তাৰ দেহত মোৰ তেজ বিৰাজমান।
অস্থায়ী ক্ষমতা, প্ৰতিপত্তিৰে তেনেই কম বয়সতে সমদ্ৰ মহানগৰখনত দপদপাই থাকিবলৈ সক্ষম হোৱা যুৱ নেতা তথা দৰিদ্ৰৰ দালাল প্ৰৱাল কাশ্যপৰ সাংঘাটিক আত্মবিশ্বাস। কথাষাৰ কওঁতে তাৰ চকুত কোনোধৰণৰ চিন্তাৰ লক্ষণ দেখা নগ’ল। নন্দিনীয়ে মুখেৰে একো নামাতিলে। সি আকৌ সুধিলে,
- তুমি তৃপ্ত?
- ওঁ। নন্দিনীয়ে মুৰ দুপিয়াই শলাগিলে।
“নহয়। মই অতৃপ্ত।“ বুলি কবলৈ একান্ত ইচ্ছা থকা সত্বেও মুখেৰে নামাতিলে। বৰ বিশ্বাসেৰে মৃন্ময়ৰ মাকে তাইৰ শিৰত সেন্দুৰখিনি আঁকি দিছিল। সেয়ে তাই ৰৈ যাবলৈ বাধ্য হৈছে।
নন্দিনীৰ মনলৈ কেতিয়াবা আপচোচ ভাৱ এটা আহে, প্ৰায়ে নাহে। মৃন্ময়ৰ পৰিৱৰ্ত তাইৰ প্ৰয়োজনীয় মানসিক কিম্বা দৈহিক প্ৰয়োজনখিনি যিসময়ত প্ৰৱাল পূৰণ কৰি আহিছে, সেইখিনি স্বাৰ্থৰ খাটিৰতে নন্দিনীয়ে বিশ্বাস-অবিশ্বাসখিনিৰ তুলনা কৰি সময় অযথা মুৰ ঘমোৱাৰ যুক্তি নেদেখে। মৃন্ময়ৰ মাকৰ বিশ্বাস আৰু মৃন্ময়ৰ বিশ্বাসৰ মাজৰ পাৰ্থক্যখিনি তাইৰ জুৰুণৰ দিনটোৰপৰাই উপলব্ধি কৰি আহিছে। মাথো সেইখিনি স্থায়ী ৰূপত তাইৰ মনত খোপনি পুতিবলৈ মৃন্ময়ৰ দায়িত্বহীনতা আৰু উদাসীনতাই যথেষ্ট ইন্ধন যোগালে। তাৰ ব্যস্ত দৈনন্দিন জীৱনে নন্দিনীক তেনেই অকলশৰীয়া কৰি তুলিছিল, তাইৰ ইটো-সিটো প্ৰয়োজনৰ প্ৰতি তাৰ অলপো গুৰুত্ব নাছিল। নন্দিনীয়ে শিৰৰ সেন্দুৰখিনিৰ ৰঙা ৰঙটোলৈ গুৰুত্ব দি কেৱল নিৰৱে চকুলো টুকিছিল, শেহৰাতিলৈকে চটাফটাইছিল আৰু বিচনাখনৰ আনটো মুৰে স্বপ্নবিষ্ট নভগা টোপনীত মৃন্ময়ে ৰাতিৰ পাছত ৰাতি পাৰ কৰিছিল।

প্ৰৱালৰ সৈতে নন্দিনীৰ চিনাকী বহুবছৰ পুৰণি। সি তাইতকৈ বয়সত দুবছৰমান সৰু। তাইৰ বিয়াৰ আগতেই প্ৰৱালৰ সৈতে নন্দিনীৰ এটা সু-সম্পৰ্ক আছিল, সেয়া প্ৰেম নাছিল। তেতিয়া প্ৰৱাল এটা শান্ত-শিষ্ট, অঁকৰা ল’ৰা আছিল। তাৰ দৃষ্টিত তাৰ পৃথিৱীখন তেনেই সুখৰ আছিল, সি তাৰ সাধ্যনুসাৰে সপোনবোৰ সজাই লৈছিল। সি নন্দিনীক তাৰ সপোনবোৰৰ কথা কৈছিল, তাই শুনিছিল, হাঁহিছিল, ভাল লাগিছিল, কোনোবা এটা দুৰ্বল মূহুৰ্তত এবাৰ তাৰ সৈতে এৰাতিৰ জোনাক উপভোগ কৰাৰ তীব্ৰ বাসনা জাগিছিল, সি একোৱেই গম পোৱা নাছিল। হথাতে প্ৰৱাল হেৰাই থাকিল। মৃন্ময়ৰ সৈতে নন্দিনীৰ শুভ বিবাহখন পাৰ হৈ গ’ল। নন্দিনীয়ে পাৰ্য্যমানে সুখ-দুখৰ সংজ্ঞাবোৰ সলনি কৰি ল’লে...। মৃন্ময় একে থাকিল।
“বাদ দিয়কনা। বৈধ-অবৈধ...ভাল বেয়া। এইবোৰ সকলো মানুহৰ নিজা ধাৰণা। আজিৰ মতলবী পৃথিৱীবাসী অত্যন্ত জটিল। নিজৰটো অলপ বেচিকৈ ভাৱক, তাৰ পাছত যদি সম্ভৱ আনৰ কথা চিন্তা কৰক। সুখী হব পাৰিব।“ বহুবছৰৰ পাছত প্ৰৱালক লগ পাই নন্দিনী আচৰিত হবলৈ বাধ্য হৈছিল। প্ৰথমদিনা লগ পাই সি বহু কথাই পাতিছিল, তাই মাত্ৰ ৰ’ লাগি তাৰ মুখলৈ চাই আছিল। সি তেতিয়ালৈ সাংঘাটিক সলনি হৈ পৰিছিল, যিটো নন্দিনীৰ কল্পনাৰ বাহিৰৰ আছিল। এদিন দুদিনকৈ দিন বাগৰাৰ লগে লগে ক্ৰমশঃ প্ৰৱাল পুনৰ তাইৰ কাষ চাপি আহিছিল। প্ৰৱালে তাৰ ব্যস্ত, জটিল জীনটোৰপৰা এক্ষন্তেকৰ বাবে উলাই আহি নন্দিনীৰ কাষ চাপিবলৈ ধৰিলে, তাই সুখ-দুখৰ সংজ্ঞাবোৰ আপোনা-আপোনি সলনি হৈ পৰিল... নন্দিনীৰ অতৃপ্ত দেহ মনৰ ক্ষোভ অভিমানবোৰ সি মুৰ পাতি ল’লে।
মৃন্ময়ক ভাল খবৰটো জনাবলৈকে নন্দিনীয়ে তাৰ ফোন নম্বৰটো ডায়েল কৰিলে,
- ডাক্তৰে কি ক’লে?
- ছাৰিমাহ।
- কংগ্ৰেটছ।
- এব’ৰচন কৰিম।
- এজ ইউ উইছ...।
মৃন্ময়ক প্ৰত্যুত্তৰ জনাই কিবা এষাৰ কোৱাৰ নন্দিনীয়ে প্ৰয়োজনবোধ নকৰিলে। তাইৰ মৌনতাত সিয়ো অতিষ্ঠ নহ’ল। তাই এক্ষন্তেক ৰৈ ফোনটোৰ সংযোগ বিচিন্ন কৰি দিলে। প্ৰৱাল হোৱাহেঁতেন হাজাৰ ব্যস্ততা এৰি লগতে কলবেক কৰি সুধিলেহেঁতেন, “ফোনটো কিয় কাটি দিলা?” তাই খং অভিমানখিনি সাৱটি লৈ মুখখন ফুলাই মাত নিদিয়াকৈ ৰৈ থাকিলেহেঁতেন। সি আকৌ সুধিলেহেঁতেন, “কি হ’ল অ’ সোণজনী?”।

নন্দিনীৰ চকুৰ পটা দুখন সেমেকি উঠিল। এইসময়ত তাই নিজকে বৰ অসহায় অনুভৱ কৰিছে। অতৃপ্ত তাই এইমুহুৰ্তত। এনেকৈ আৰু কিমানদিন? আকৌ যদি প্ৰৱাল হেৰাই যায়? প্ৰৱালৰ প্ৰতি থকা নন্দিনীৰ আচুতীয়া বিশ্বাসখিনি যদি আন কোনোবা এগৰাকী অচিনাকী নাৰীয়ে কাঢ়ি নিয়ে, তাই তাইৰ সন্তানটিক সেই নাৰীগৰাকীক কি বুলি পৰিচয় কৰাই দিব?

অৱশেষত নন্দিনীয়ে এব’ৰচন কৰাৰ সিদ্ধান্ত ল’লে। নন্দিনীয়ে জানে, এই কথা জনাৰ পাছত প্ৰৱালে আৰু তাইক কেতিয়াও ক্ষমা নকৰিব। তাইৰ কষ্ট হব। আকৌ তাইৰ সুখ-দুখৰ সংজ্ঞাবোৰ সলনি হব। তাই নিজক বুজাই লব পাৰিব। কিবা কৰি পূৰ্বৰ দৰেই অকলশেৰে, অতৃপ্তিৰে জীয়াই লব। তথাপিও তাই তাইৰ সন্তানটিক সেই কাপুৰুষ দেউতাকজনৰ সৈতে চিনাকী কৰাই নিদিয়ে, যি প্ৰকৃততে দেউতাক হোৱাৰ যোগ্যতা অৰ্জন নকৰে।