প্ৰজ্ঞাৰ দীঘল তিতা চুলিকোচা দেখি মোৰ মনত দুষ্ট প্ৰশ্ন এটা উদয় হ’ল। মই গহীন খোজেৰে তাই গামোচাখনেৰে চুলি মোহাৰি থকা ড্ৰেচিং খনৰ কাষ চাপিলো..। গ্লাছখনত চুলি মোহাৰি থকাৰপৰাই তাই দেখিলে মই তাইৰ পাছফালে ৰৈ আছো। তাই ৰৈ গ’ল। চাও নাচাওকৈ বেকাকৈ এবাৰ মোৰফালে মুখখন ঘূৰাই চালে। মই গহীনাই ৰৈ আছো। হাত দুখন পকেটত ভৰাই থোৱা দেখি তাই ভাবি ল’লে, এই ব্ৰহ্ম পুৱাতে মই হয়তো আমনি নকৰিম। তাই আকৌ গামোচাখনেৰে তিতা চুলিকোচা মোহাৰিবলৈ ধৰিলে। মই সময় নষ্ট নকৰি সজোৰেৰে প্ৰজ্ঞাক সাৱটি ধৰিলো। তাই উচপ খাই অস্ফুট শব্দেৰে কেঁকাই উঠিল...। গামোচাখন চুলিকোচাৰপৰা খহি পৰাৰ উপক্ৰম হ’ল। চুলিকোচাৰপৰা বিয়পি অহা অচিনাকী চেম্পূ ব্ৰেণ্ডটো কি হব পাৰে বুলি অনুমান কৰালৈ মোৰ নাকৰ আগটো সেমেকি উঠিল...। প্ৰজ্ঞাই অতিষ্ঠ হৈ কৃত্ৰিম খং দেখুৱাই মোক ধমক দি ক’লে, “চাও এৰি দিয়া।“ মই সুধিলো, “আজি কেইদিন?” তাই মুখেৰে নমতা দেখি মই নিজৰ ভুলটো উপলব্ধি কৰিলো। তাইৰ আজি কেইদিন বুলি নুসুধি... কিমানসময়ৰপৰা বুলিহে সুধিব লাগিছিল...। মূৰ্খামি কৰিলো। মই আকৌ সুধো মানে মোৰ সৱল হাতদুখনৰ বন্ধন নেওচি তাই মোক ক’লে, “এদিনো নহয়। ছোৱালীয়ে চুলিত চেম্পূ দিলেই কেইদিন হোৱাটো বুজায় নেকি?” মই ধূৰ্তালিভৰা হাঁহিটোৰে ক’লো, “উফ ৰক্ষা তেন্তে...”। তায়ো মোৰ ইংগিত ধৰিব পাৰি স্পষ্টকৈ কৈ দিলে “ৰাতি অকলেই শুবা...”। মই একো নকলো। মনতে বুলো তাই এনে একেবাৰে অকলে শুব পৰাজনী...। ৰাতি ১২ বজাত কুকুৰে ভুকিলেও উচপ খাই মোৰ বুকুৰ মাজত কুচি-মচি সূমাই থাকে, বাৰিষা ৰাতি সৰুকৈ গাজনি এটা মাৰিলেও চাৰ্টৰ বুটাম চিঙাৰ উপক্ৰম কৰে... তাৰ পাছতো ফুটনীটো যে...।
প্ৰজ্ঞাৰ সৈতে চিনাকী মোৰ বহুবছৰৰ আগতে। মাষ্টাৰ ডিগ্ৰী কৰি থকা দিনবোৰতে নৈশ বাচ এখনত তাইৰ সৈতে চিনাকী হোৱাৰ সুযোগ পাইছিলো। জুখি মাখি কথা কোৱা, অনবৰতে মুখমণ্ডলত বিৰাজ কৰি থকা গহীন স্বভাৱটোৱে তেতিয়াই মোৰ অন্তৰত কিবা-কিবি অবুজ ভাৱনাৰ সৃষ্টি কৰি তুলিছিল। দুৰ্ভাগ্যবশতঃ সেই সময়ত ম’বাইল ফোনৰ আজিৰ দৰে প্ৰচলন নাছিল। অন্যহাতে তাহাঁতৰ ঘৰৰ লেন ফোনৰ নম্বৰটো খুজিব পৰা জোখাৰে মই সাহসী নাছিলো। মই তাইক খুউব বেছি ৪ ঘন্টামানৰ বাবে লগ পাইছিলো। যাত্ৰাটোৰ শেষত তাই নিজ গন্তব্য স্থানলৈ গমন কৰিছিল আৰু ময়ো মোৰ নিজা বাটেৰে অগ্ৰসৰ হৈছিলো। কি হৈছিল জানো, মাজে মাজে বহুদিনলৈ তাইৰ মুখখনে মোক বৰকৈ আমনি কৰিছিল, ৰাতিটোৰ ভিতৰতে তাইৰ ঠিকনা বিছাৰি উলিয়াই মই ঘৰ ওলামগৈ বুলি উন্মাদ হৈ পৰিছিলো। অথচ বাচযাত্ৰাটোৰ চিনাকী পৰ্বত মই তাইৰ নামটোও সুধা নাছিলো। কেইবাটাও বছৰ পাৰ হৈ গৈছিল, অনাকাংক্ষিতভাৱে তাই আকৌ লগ পালো মোৰ চিনাকী চহৰখনত। তাই আহিছিল, মোৰ ফাগুন অহা বাটেৰে তাই মোৰ পৃথিৱীখনলৈ বসন্তৰ আগমনি ঘটাইছিল। নাজানো, মোৰ দুচুকুৰ হেমন্তৰ উন্মুক্ত আকাশত তাই কিবা বিছাৰি পাইছিল নে নাপাইছিল...। কম সময়ৰ ভিতৰতে মই কৈ পেলাইছিলো, তাইক মই ভালপাওঁ। উত্তৰটো “না” নাছিল, তাই কৈছিল “মাক সুধিব লাগিব”। আচৰিত হৈছিলো। কেইবাদিনলৈও ফাগুনীজনীৰ বুকুত মুৰ গুজি অস্বস্তিৰ পল গণিছিলো। ভাবিবলৈ বাধ্য হৈছিলো, মই কম সময়ৰ ভিতৰতে প্ৰেম প্ৰস্তাৱটো দি দিব নালাগিছিল।
ময়ে তাইক কৈছিলো, উকা কপালখন উকা কৰি নাৰাখিবা। তাই “মোৰহে কথা” বুলি কোৱা নাছিল। পাছদিনাৰপৰাই তাই কপালখনত ক’লা ৰঙৰ সৰু ফুট এটাই স্থান পাইছিল। মই মোৰ উত্তৰটো বিছাৰি পাইছিলো, নিশ্চিত হোৱা নাছিলো। এদিন তায়ো মোক কৈ পেলাইছিল, হোৱাইট চাৰ্ট আৰু ব্লেক জিনচত মোক হেনো বেয়া নালাগে। তাইক সেইদিনাই বগা ৰঙটোৰ প্ৰেমত পৰিবলৈ মানা কৰিছিলো আৰু এটা মাহৰ দৰমহাৰ এক তৃতীয়াংশ টকা খৰছ কৰি কিনি আনিছিলো কেইবাটাও শুকোলা কপাহী চাৰ্ট। পাছদিনাৰপৰা নিয়মীয়াকৈ ক্লাছলৈ পিন্ধি গৈছিলো, বগা চাৰ্ট আৰু ক’লা জিনচ...। তাই নিশ্চিত তেতিয়াও মই তাইকে ভালপাওঁ।
চেগ বুজি মই আকৌ সুধিছিলো, তাই মোক ভালপায়নে? মোৰ হৈ থকাৰ সপোন দেখেনে? তাই উত্তৰ দিয়া নাছিল। মই বিবুদ্ধিত পৰিছিলো....। লাজ পাইছিলো চাগে...। তথাপিও প্ৰজ্ঞালৈ ভালপোৱাবোৰ বাঢ়ি গৈ থাকিল।
ছোৱালীজনীয়ে কিয় জানো মোৰ ৰঙ চাইছিল, খং উঠিছিল। অতীষ্ঠ হৈ পৰিছিলো মই। আৰু আজি?