সুস্থিৰ গতিৰে ৰাষ্টাৰ দাঁতিৰ গছ-বননি, দোকান, জুপুৰীবোৰ পাছলৈ ঠেলি মোৰ বগা ৰঙৰ স্কৰপিঅ’ গাড়ীখন আগুৱাইছে। ড্ৰাইভিং চিটত বহি একান্তমনেৰে সন্মূখলৈ দৃষ্টি দি যোৱা দাদাৰ ওঁঠত সন্তুষ্টিৰ আৱৰণ। পৰম তৃপ্তিৰে সি সোঁভৰিখনেৰে এক্সিলাৰেটৰদাল হেঁচি ধৰি গৈ আছে। মিউজিক প্লেয়াৰটো নিশ্চুপ। পুৱা ৫ বজাতে আমাৰ ঘৰৰপৰা যাত্ৰাটো আৰম্ভ কৰি হৈছিল, ৯ বাজি গ’ল, লক্ষ্যস্থানলৈ আৰু এঘন্টাৰ বাট। দাদাই বুলে মোৰ বিয়াৰ আগতে নিৰ্দিষ্ট মন্দিৰটোলৈ শৰাই এখন আগবঢ়াই ৰাখিছিল, শিৱ মন্দিৰ। মানুহে কয়, খুবেই সক্ৰিয়। সত্ ইচ্ছা পূৰণ হবই। সি ভগৱানক বিশ্বাস কৰে। ময়ো। আলক্ষিতা দাদাতকৈয়ো এখোপ চৰা। এদিন কৈয়ে পেলাইছিল, তায়ো হেনো ভগৱানৰ ওচৰত পাৰ্থনা কৰিছিল মোৰ দৰে এজন স্বামীৰ সান্নিধ্য পাবলৈ। মই সেইদিনা হাঁহিছিলো, ভগৱানলৈ পুতৌ উপজিছিল, প্ৰথমবাৰৰ বাবে। কিন্তু মোৰ পুতৌজনক দৃষ্টিলৈ ভগৱানৰ জানো আগ্ৰহ থাকিব পাৰে? মই এনেকৈয়ে ভাবো। অহংকাৰী যে, সেয়ে আলক্ষিতায়ো কেতিয়াবা বিবুধিত পৰে, ভয় কৰে মোৰ পতন হ’ব পাৰে। হওক.....। মই ভয় নকৰো। কিন্তু তাই কোৱা এষাৰী কথা মই বিশ্বাস কৰো- “attitude is a decision…”. Decision? সিদ্ধান্ত? সিদ্ধান্ত বুলিলেই প্ৰথমে মনলৈ আহে মাৰ বগা সাজযোৰলৈ, দাদাৰ কাতৰ চকুজুৰিলৈ। দেউতাক পৰিস্থিতিৰপৰা আতৰাই লৈ যোৱা হৈছিল, নেদেখাজনৰ ইচ্ছা বুলিয়েই বহুতে শান্তণা দিছিল। ময়ো সিদ্ধান্ত বুলিয়েই মানি লৈছিলো....। দাদায়ো এটা সিদ্ধান্ত লবলৈ বাধ্য হৈছিল, সি ঘৰখনৰ গধুৰ বোজা মুৰ পাতি ল’ব, সি পঢ়া-শুনা আধৰুৱাকে এৰি দিব আৰু ভায়েকক মানুহ হিচাপে গঢ় দিব। মই অবুজ নাছিলো, মাথো দাদাক প্ৰত্যহ্বান জনাবলৈ মই অপৈণত আছিলো। আৰম্ভ হৈছিল জীৱনৰ যুদ্ধখন... য’ত মই যিকোনো ত্যাগৰ বিনিময়ত জিকিবই লাগিব। মাৰ বাবে জীৱনটো এটা যাত্ৰা আছিল...। কাৰণ যুদ্ধখনত লিপ্ত হবলৈ তেওঁৰ দুটাকৈ সন্তান আছিল। তেওঁৰ হাতত উপায় আছিল। ক্ষোভিত হৈ এদিন ডায়েৰীখনৰ পৃষ্ঠা এটাত লিখি পেলাইছিলো কেইষাৰীমান বাক্য যি আধৰুৱা আছিল, “Finally I realize, life is really a war. Though I expected it was a journey, but the nature proves that it is a pure war. At the very beginning an individual hand started the game & I was defeated but my mother didn’t accepted that her son is a looser. It was her attitude problem and for me it is still my strength. And my father also never tried to ractify it. Who the hell m i- I asked myself again and again. Unfortunately I was failed to get the proper answer. This was the beginning of the war… I decided, I cant be defeated at any cost… I have to win.. yaa… life is a war, not a journey… because if it would have a journey I wouldn’t have to deal with the 3 word- what, how and why…?”
আলক্ষিতা ডায়েৰীখন পঢ়াৰ পাছত মোৰ সৈতে একমত হবলৈ অমান্তি হৈছিল। তাইৰ মতে জীৱনটো এটা যাত্ৰা। সেই যাত্ৰাৰে এটা অংশ হ’ল “সংগ্ৰাম”। মই মানি লোৱা নাছিলো, আৰু তাইকো মোৰ সংজ্ঞাটো মানি ল’বলৈ জোৰ কৰা নাছিলো। দুবছৰ পূৰ্বে মুম্বাইৰ এটা বিশেষ এলেকাৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হৈ থকা অৱস্থাত কেইবাগৰাকী পতিতাৰ সৈতে মোৰ সু-সম্পৰ্ক আছিল। কথাৰ প্ৰসংগতে এদিন এগৰাকীয়ে মোক কৈছিল, “আমাৰ দৰে পতিতাবোৰৰ বাবে জীৱনটো এটা যাত্ৰা। আজি এজনৰ বিচনাত, কালিলৈ আন এজনৰ চোফাত...। আজি এজন গ্ৰাহক.. কালিলৈ আন এজন। ভিন্ন বয়সৰ ভিন্ন লোক....। স্থিৰতাৰ অভাৱ। স্থিৰতাৰ কথা ভবাহেঁতেনেই হয়তো জীৱনৰ এখন প্ৰচণ্ড যুঁজত লিপ্ত হবলগা হ’লহেঁতেন। ঠিক আপোনাৰ দৰে....।“ মই আলক্ষিতাৰ ধাৰণাটো সলনি কৰিবলৈ মুঠেই চেষ্টা কৰা নাছিলো। তাইৰ বাবেও জীৱনটো এটা যাত্ৰা। কালিলৈকে মাক-দেউতাকৰ কাষত আৰু আজি এখন অচিনাকী ঘৰৰ অচিনাকী মানুহৰ ঘৰত....। মাক-দেউতাকৰ পৰ্যাপ্ত টকা। অভাৱ বুলিবলৈ একোৱেই নাছিল। কেৱল সুস্থিৰতাৰে জীৱনটোত আগুৱাইছিল....। কিন্তু মই, আমি... দাদাই? নিতৌ ১৪ কিঃ মিঃ দূৰত্ব খোজকাঢ়ি হাইস্কুলৰ দেওনা পাৰ কৰিলো। তাৰ পাছত এখাজ খাই আন এসাজ অনাহাৰে থাকি কলেজীয়া জীৱন। চৰকাৰী চাকৰি পাবলৈ সামৰ্থ নাছিল, টকাৰ অভাৱ। জীৱনৰ যুঁজখনত বৰ বেয়াকৈ হাৰি আছিলো... প্ৰতি বাৰেই....। কিন্তু বশ্যতা স্বীকাৰ কৰা নাছিলো। এইখিনিতে মই অহংকাৰী। যদি অহংকাৰেই পতনৰ মূল তেন্তে হওক মোৰ পতন। মই মানি ল’ম। কিন্তু মই হাৰিব নোৱাৰো। দাদাই হাৰি যোৱা নাছিল। যদি জীৱনটো মোৰ বাবে এটা যাত্ৰা হ’লহেঁতেন মই সেইখিনিতে ৰৈ দিলোহেঁতেন, পথ সলনি কৰিলোহেঁতেন........!!
হঠাতে আমাৰ আগে আগে যোৱা টয়টা ফৰচুনাৰখন ৰৈ গ’ল। দাদাই সজোৰেৰে ব্ৰেকদাল হেঁচি ধৰিবলগা নহ’ল। মই এপাকত দাদাৰ মুখলৈ চাই একো নোকোৱাকৈ দৰ্জাখন খুলি নামি দিলো। মুহুৰ্ততে মোৰ নিৰপত্তাৰ বাবে নিয়োজিত অস্ত্ৰধাৰী যুৱককেইজনে মোক আগুৰি ধৰিলেহি। মই আগুৱাই গলো। ফৰচুনাৰখনৰ দৰ্জা খুলি আলক্ষিতাৰ সৈতে মোৰ ৫ বছৰীয়া ভতিজাটো নামি আহিল, সৰুপানী চুব। খুড়ীয়েকে পেন্টৰ চেইনদাল খুলি ধৰাত ৰাষ্টাৰ দাঁতিতে সি কামফেৰা কৰি দিলে। মই আলক্ষিতাৰ মুখলৈ চালো, অসংযত তাইৰ চাদৰখন মোৰ চকুত পৰিল। তাৰমানে সি খুড়ীয়েকৰ কোলাত বহি গোটেই বাটতো অত্যাচাৰ চলাই আহিছে আৰু খুড়ীয়েকে বিনা প্ৰতিবাদে সহ্য কৰি আহিছে। মোৰ দৃষ্টিত এখন যুদ্ধ য’ত আলক্ষিতাই স্ব-ইচ্ছাই ইমানপৰে পৰাজয় স্বীকাৰ কৰি আহিছে। মই নিৰপত্তাৰক্ষী জোৱানকেইজনক পুনৰ গাড়ীত বহিবলৈ নিৰ্দেশ দিলো। মা আৰু বৌ পাছৰ চিটত বহি মোলৈকে চাই আছে। মই ইংগিতৰে বৌক সুধিলো, কি হ’ল। তেওঁ ইংগিতেৰে মোক বুজাই দিলে, তেওঁলোক আজি ভীষণ সুখী। মই নিৰস হাঁহিটোৰে মুখেৰে নমতাকৈ পুনৰ দাদাৰ কাষ পালোহি। দৰ্জাখন খুলি বহি ল’লো। ইতিমধ্যে আগৰ গাড়ীখন আগুৱাইছে। দাদাই এক্সিলাৰেটৰদাল হেঁচি ধৰিলে.... গাড়ীখন আগুৱাইছে.... যাত্ৰাটো শেষ হবলৈ আৰু বেচিপৰ নাই।