সমগ্ৰ ভাৰতবাসীৰ বাবেই এটি হেঁপাহৰ দিন ১৫ আগষ্ট। অথচ একেটা দিনতে অনিশ্চাসত্বেও এবাৰলৈ হলেও আমি নিজক নিজে প্ৰশ্ন কৰিবলৈ বাধ্য হওঁ প্ৰকৃতাৰ্থত আমি স্বাধীন হয়নে? হাজাৰ হাজাৰ ছহীদৰ তেজৰ বিনিময়ত পৰাধীনতাৰ প্ৰাচীৰ খহাই স্বাধীন ভাৰতবৰ্ষ স্থাপনেৰে প্ৰকৃততে আমি কি কৰিছো?? সমস্যাটো একেখিনিয়ে।
স্বতন্ত্ৰ গণতান্ত্ৰিক দেশ এখনৰ নাগৰিকত্ব লাভ কৰা ৬৭ বছৰৰ পাছতো আমি সাধাৰণ জনগণে দেশৰ ভিতৰতে হওক বা বাহিৰতে আজিও শোষিত, লাঞ্চিত, অবহেলিত হৈ আহিছো। স্বাধীনোত্তৰ কালৰেপৰা একেখিনি মৌলিক সমস্যাৰে আমি আজিও জৰ্জৰিত। জাতি- বৰ্ণ ধৰ্মক লৈ অদৰকাৰী আলোচনাত আমি আজিও মত্ত। ধৰ্মৰ নামত অৰাজকতা, সংস্কৃতি, লোকাচাৰ, লোকৰীতিক লৈ তৰ্ক বিতৰ্ক একেটা স্তৰতে আছে। প্ৰগতিৰ জখলাৰে দোপাদোপে আগলৈ গতি কৰা সমাজৰ এচাম মানুহক আমি এই মুহুৰ্ততো কিদৰে পাচলৈ টানি আনিব পাৰো তাৰেই চিন্তাত মগ্ন। সভ্যতাৰ অগ্ৰগতিৰ লগে লগে বিজ্ঞানৰ চমকপ্ৰদ সফলতাৰে সমানে সমানে আমি আমাৰ মানৱীয় মূল্যবোধ হেৰুৱাই পেলাইছো। পাহৰি পেলাইছো নিজস্বতাখিনি। নিজস্ব ৰীতি- নীতি খিনিক সগৌৰৱেৰে আমি মানি চলিবলৈ লাজ পাওঁ। পোৱাখিনিক লৈ সন্তুষ্ট নহৈ নোপোৱাখিনিক লৈ অশান্তিত ভুগো। সন্ত্ৰাসবাদ, বানপানী, মুল্যবৃদ্ধি আদি জাতীয় সমস্যাৰে আমি আজি প্ৰতি পল-অনুপল শংকিত। পাহৰি পেলাইছো স্বাধীনতাৰ প্ৰকৃত সংজ্ঞা। স্বাধীনতা কেৱল এজনৰ মুক্ত বিচৰণ নহয়, সমাজৰ আন দহজনকো মুকলিকৈ জীয়াই থকাৰ সুবিধাকন প্ৰদান কৰা। অপ্ৰিয় হলেও সত্য। আমি বাহ্যিকতাত স্বাধীন। আমাৰ চিন্তা, ব্যৱহাৰে আজিও আমাক পৰাধীন কৰি ৰাখিছে। আমি নিজৰ দেশখনৰ গৌৰৱময় ইতিহাসৰ বিষয়ে জানিবলৈ চেষ্টা নকৰো, আমি আমাৰ জাতীয় নেতাক মনত নাৰাখো, সন্মান পদৰ্শন কৰিব নাজানো। অথচ বিদেশী ৰাষ্ট্ৰৰ জাতীয় নায়কৰ ফটো সন্নিবিষ্ট টি-চাৰ্ট পৰিধান কৰি নিজৰ অগতানুগতিকাক জাহিৰ কৰি ভালপাওঁ। আমি দেশত তৈয়াৰী শাৰী, চাদৰ মেখেলা কুৰ্তা পায়জামা পিন্ধিবলৈ অসুবিধা পাওঁ। কিন্তু পশ্চিমীয়া সংস্কৃতিৰ আমদানিকৃত কাপোৰ পিন্ধি সুবিধা পাওঁ। নিজৰ ল’ৰা-ছোৱালীক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়াবলৈ ভালপাওঁ। দহজনৰ আগত নিলজ্জ্বতাৰে ঘোষণা কৰো মোৰ ল’ৰা বা ছোৱালীয়ে মাতৃভাষা কব লিখিব নাজানে। দুজন অভিভাৱক লগ হলেই আলোচনাৰ বিষয়বস্তু হৈ পৰে স্কুলৰ বছৰেকীয়া পৰীক্ষাত, মেট্ৰিকত মোৰ ল’ৰা- ছোৱালীয়ে ইংৰাজীত ইমান নম্বৰ পাইছে। ক্লাছত সৰ্বোচ্ছ নম্বৰ লাভ কৰিছে...। আপোনাৰ ল’ৰাটোৱে কিমান নম্বৰ পালে..। কিন্তু মাতৃভাষা লৈ নিমাত। লাজ লাগে। মাতৃভাষাৰ নাম ললেই যেন তেওঁলোকৰ নাকটো চিঙি যাব। মাক-দেউতাকৰ কথা বাদ দি আমি নিজে কি কৰিছো? সুবিধা পালেই আমি ফৰফৰাই ইংৰাজী মাতি নিজকে শিক্ষিত বুলি প্ৰমাণ কৰিব যাওঁ। বিদেশী ইংৰাজী ভাষাটোক লৈ আমাৰ কিয় ইমান আদৰ?? আকৌ যদি আমি শিক্ষিতচ আন এচাম নাগৰিকলৈ মানসিকতালৈ মন কৰো, দেখা পাওঁ দেশীয় শিক্ষাৰে উচ্চ শিক্ষিত একাংশ নাগৰিকৰ হেঁপাহ বিদেশত মোটা দৰমহাৰ বিনিময়ত চাকৰি কৰা। এবাৰল বিদেশলৈ যাব পাৰিলেই স্বদেশলৈ উভতি আহিবলৈ মন নকৰে। আন এচাম নাগৰিকে দুটকামান অৰ্জন কৰিলে বিদেশ ভ্ৰমণৰ সূচী তৈয়াৰ কৰে.... চিংগাপুৰলৈ যাম, দিল্লীৰ তাজ হোটেলত এৰাতি পাৰ কৰি চাম... কিন্তু সেই একেখিনি মানুহে আজিলৈকে গৌৰৱময় ইতিহাস নদীদ্বীপ মাজুলীৰ বিষয়ে একো নাজানে।
অসমৰ কথা উলাওতেই কেইদিনমান আগৰ ঘটনা এটালৈ মনত পৰিল। আমাৰ অসম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ (শিলচৰ) ইক’নমিকচ ডিপাৰ্টমেন্টৰ লগৰ কিটাই সিন্ধান্ত ল’লে ১৫ আগষ্টৰ দিনা মোৰ ভাড়াতীয়া কোঠাত মাছে-মাংসই খানা এটা খাব। এনেইতো বিশ্ববিদ্যালয়ৰ ক্লাছ বন্ধ নাথাকেই, গতিকে বন্ধৰ দিন বুলি সেইদিনা খানাটো খাবলৈ সুবিধা হব। লগৰ দুজনীমানকো কথাটো জনালো বুলো আমি ১৫ আগষ্টত পাৰ্টী কৰিম তহঁত আহিবিনে, একেলগে এসাজ খাই ভাল লাগিব। আমাৰ প্ৰস্তাৱ শুনি সিহঁতে খঙত গুজৰি উঠিল- নাই নাই। সেইদিনা ভুলতো ঘৰৰপৰা ওলাই নাযাওঁ। ভয় লাগে। এইটো বয়সতে মৰিবলৈ মন নাই। তাতে পুলিচ, আৰ্মি যোৱানৰ যিহে তালাচী একেবাৰে অশান্তি লাগে। তাতকে সেইদিনা ঘৰতে সুমাই দিনটো টি ভি চাম। ভাল ভাল চিনেমা দিব। সিহঁতৰ কথা শুনি আমাৰ আৰু কবলৈ একো নৰ’ল। ময়ো ভুক্তভোগী। স্বাধীন ভাৰতৰ স্বাধীনতা দিৱসৰ দিনাই এখন ভাড়াতীয়া গাড়ীৰ অভাৱত বাইক দূৰ্ঘটনাত পতিত হৈ বেয়াকৈ আঘাটপ্ৰাপ্ত হোৱা এজন বন্ধুক হেৰুৱাইছিলো। আজিৰপৰা ৮ বছৰমান আগৰ ঘটনা। যদিও এতিয়া পৰিস্থিতিৰ উন্নত হৈছে, আজিও আমি কিন্তু হৃদয়ৰ আহ্বানত স্বাধীনতা দিৱসটো উদযাপন কৰিবলৈ অপৰাগ। অনুভূতিৰ অভাৱ। স্বাধীন দেশৰ স্বাধীন নাগৰিকত্বৰ গৌৰৱেৰে গৌৰৱাম্বিত হব পৰা জোখাৰে আমাৰ প্ৰয়োজনীয় আবেগৰ অভাৱ। তেনেস্থলত স্বাধীন ভাৰতৰ পৰাধীন অসমৰ আমি আবেগিক অসমীয়া বুলি কলে ভুল হব নেকি? নহয় ভুল। কাৰণটো বাস্তৱসন্মত। ১৫ আগষ্ট ভাৰতীৰ স্বাধীনতা দিৱস। অথচ সেই বিশেষ দিনটোতে নিঃসংকচে, নিৰ্ভয় মনেৰে আমি স্বাধীনতা দিৱস উদযাপন কৰিব পাৰোনে? আনকি আগষ্ট মাহৰ আৰম্ভণিৰপৰাই আৰক্ষী, আৰ্মি, চি আৰ এফৰ তালাচী অভিযানৰ নামত সাধাৰম জনতাৰ হাৰাশাস্তি পৰ্ব আৰম্ভ হয়। বাইকত দুজন আৰোহী যোৱা নিষেধ, ৰাতি দেৰিলৈকে ঘৰৰ বাহিৰত থকা বিপদজনক ইত্যাদি ইত্যাদি...। ভাৰতৰ দৰে এখন স্বাধীন গণতান্ত্ৰিক দেশত এইবোৰ কিহৰ নিষেধাজ্ঞা? কিয়? স্বাধীনতা দিৱস বুলিলেই মানুহৰ মনত শংকা কিহৰ? সেই নিৰ্দিষ্ট দিনটোত ৰাজপথ, চহৰ-নগৰৰ দোকান বজাৰ আদিবোৰত আন ব্যস্ত গতানুগতিক দিনবোৰৰ দৰে ব্যস্ততা নোহোৱা হয় কিয়? আমি কেনেকৈ স্বাধীন? চৰকাৰৰ যিকোনো এটা অগ্ৰহণযোগ্য সিদ্ধান্ত কিম্বা অৰজাকতাৰ বিৰূদ্ধে মাত মাতিবলৈ অথবা প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ আমি কিয় আৰক্ষী তথা প্ৰশাসনৰ অমানুষিক অত্যাচাৰৰ সন্মূখীন হবলগা হয়? আমাৰ বাক-স্বাধীনতা ক’ত হেৰাল? যিখন দেশত বেদী সাজি স্বৰস্বতী মা, দূৰ্গা আদি নাৰী চৰিত্ৰক পূজা কৰা হয় সেইখন দেশতে নাৰীক প্ৰতিব্ৰাদ স্থলীৰপৰা থানালৈ চোছৰাই লৈ যোৱা হয়। গৰ্ভতে কন্যা শিশুক হত্যা কৰা হয়। যৌতুকৰ নামত এজনী নব-বিবাহতি বোৱাৰীক জীৱন্তে জ্বলাই হত্যা কৰা হয়। সন্ধ্যা হলেই আমাৰ নগৰ-চহৰ অলি-গলি গাভৰু ছোৱালীৰ বাবে অসুৰক্ষিত। ইটোৰ পাচত সিটো নাৰীজনিত অপৰাধ। অপৰাধীৰ অপৰাধৰ বিচাৰ পৰ্বৰ নামত কোটী কোটী চৰকাৰী ধনৰ অপচয়। তাৰ পাচতো লাঞ্চিতাই ন্যায় নাপায়। গণেশগুৰি, ধেমাজীৰ বোমা বিষ্ফোৰণত কিমান শিশু পিতৃহাৰা, মাতৃ পুত্ৰহাৰা, পত্নী বিধবা হ’ল আমি খবৰ ৰাখিচোনে? বছৰেকৰ মুৰত শ্ৰদ্ধাঞ্জলি অনুস্থানটো আয়োজন কৰাতে আমাৰ দায়িত্ব শেষ। বোমা বিষ্ফোৰণৰ খলনায়ক আজি মুক্ত। বিলাসী কাৰত উঠি তেওলোকে আজি গোটেই চহৰখন মুকলিকৈ ঘূৰি ফুৰিছে। চৰকাৰ, আমি কি কৰিব পাৰিলো? দুদিন পুৰণি হলেই আমি সকলোবোৰ পাহৰি পেলাও। সৌ সিদিনা আমাৰ মাজৰপৰা হেৰাই যোৱা ভাৰত গৌৰৱ ডঃ ভূপেন হাজৰিকাৰ সমাধিটো আজিও সম্পূৰ্ণ নহ’ল। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিকিত্সক ধনীৰাম বৰুৱাৰ ব্যক্তিগত গৱেষণাগাৰটোক লৈ চূড়ান্ত ভাৱে ষড়যন্ত্ৰ কৰি তেওক দোষী সাব্যস্ত কৰা হ’ল। অথচ সেই একেজন বিশিষ্ট চিকিত্সকৰ গৱষেণাপত্ৰ আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিপূলভাৱে সমাদিত। আমেৰিকাৰ বহুকেইখন চিকিত্সা মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত তেওঁৰ গৱষেণাপত্ৰ অনুমুদিত। কাজিৰঙাৰ এশিঙীয়া গঁড় মৰি আছে, মাজুলী খঁহি আছে, ৰাষ্ট্ৰীয় উদ্যানৰ মাটি অবৈধভাৱে দখল কৰি আছে, বানপানীত হাজাৰ দৰিদ্ৰ ভূমিহাৰা হৈ মুৰে-কপালে হাত দি দিশহাৰা হৈ পৰিছে, অবৈধ অনুপ্ৰেৱকীৰীৰ প্ৰকোপত আজি অসমীয়া জনগণৰ অস্তিত্ব সংকটত...। চৰকাৰৰ কাণ-মন নাই। মুখ্যমন্ত্ৰী দাঙৰীয়াৰ টুলুঙা মন্তব্য আমেৰিকাতো বানপানী হয় অসমত বানপানী হোৱাটো কি দাঙৰ কথা?? উন্নতি, প্ৰগতিৰ ফঁটা ঢোল কোবোৱা এচাম নিঃকৃষ্ট ৰাজনৈতিক নেতা গাদী দখলৰ অঘোষিত প্ৰতিযোগিতাত ব্যস্ত। সাধাৰণ জনতা মৰি আছে মৰি যাওক। তেওঁলোকৰ কি যায়??
চৰকাৰৰপৰা ফালৰি কাটি আহি আমি নিজে কি কৰিব পাৰো? এই সমস্যাবোৰৰ সমাধানৰ উপায় কি আছে?? স্বাধীন দেশ এখনৰ নাগৰিক হিচাপে আমি যিখিনি পাব লাগিছিল পাইছোনে? স্বাধীনতা দিৱস উদযাপনৰ বিশেষ দিনটোত স্বাধীন নাগৰিক এজনৰ দৰে নিসংকোচে, পৰম তৃপ্তিৰে আমি আজি ঘৰৰ বাহিৰ হৈ ৰাজপথলৈ উলাই যাব পাৰিছোনে? একেখিনি প্ৰশ্নই দেখোন প্ৰতিবছৰে উত্থাপিত হৈ আহিছে। সুদোত্তৰ পৰিবৰ্তে প্ৰশ্নৰ সংখ্যা বাঢ়ি গৈছে...। দোষবোৰ কেৱল ইজনৰপৰা সিজনলৈ ঠেলি আমি পলাই ফুৰিছো। স্বাধীন দেশৰ নাগৰিক হৈয়ো পৰাধীনৰ বেষ্টনিত আমি হুমুনিয়াহ কাঢ়িছো, নিজক নিজে প্ৰশ্ন কৰিছো আমি প্ৰকৃতাৰ্থত স্বাধীন হয়নে?? আজি স্বাধীনতা দিৱসৰ প্ৰাকমুহুৰ্তত আমাৰ সমগ্ৰ দেশবাশীৰ বাবে আটাইতকৈ দুখৰ কথাটো হ’ল যে ১৫ আগষ্টৰ দিনা সকলো চৰকাৰী অফিচ কাছাৰী, স্কুল-কলেজত জাতীয় পতাকাখন উত্তোলন কৰাটো চৰকাৰে বাধ্যতামূলক কৰিবলগা হৈছে। অৰ্থাত্ ই স্বতন্ত্ৰ নহয়। তাৰমানে কথাটো এনেকোৱাহে নেকি যে চৰকাৰে বাধ্যতামুলক কৰা বাবেহে আমি সেই বিশেষ দিনটোত আমি জাতীয় পতাকাখন উত্তোলন কৰো, নহলে সেইদিনা অফিচলৈ নগৈ মহা-আৰামাৰে ঘৰতে দহ বজালৈকে শুই থাকিলোহেঁতেন! যদি সেইটোৱে শুদ্ধ তেন্তে ইয়াতকৈ আৰু পৰিতাপৰ বিষয় কি হব পাৰে??