উজাগৰী নিশাবোৰত মোৰ
স্বপ্ন হেৰায়। কিবা এটা দুখত বুকুখন বিষায়। বিচাৰি ফুৰো মোৰ কলিজা ক'ত! এনেকোৱাওটো হব পাৰে, হেৰুৱা স্বপ্নৰ সমাধি বিচাৰি দুবাহুত দুপাখি লগাই উৰি ফুৰা তুমিও প্ৰেমিক
চৰাই। । সপোন নেদেখানে? এমোকোৰা হাঁহিৰ স'তে তুমিও জীয়াব খোজানে? কোনে জানে নিশাৰ গভীৰতাত কাৰ কথা ভাবি শিতানৰ গাৰু সাৱটা!
নাজানো মই । জানিব বিচাৰিলেইতো কৈ দিবা- "লৈ যোৱাহি মোক একেবাৰে তোমাৰ
কাষলে।"
প্ৰতিশ্ৰুতিবোৰ ভুঁৱা
নাছিল। তায়ো ধুনীয়া আছিল। মই ভালপাইছিলো। তাই মোৰ নহ'ল। সেয়ে দুখ পালো। কলিজাত এটুকুৰা ঘাঁ। চিকিৎসা
বিজ্ঞানৰ বাহিৰৰ কথা। প্ৰেক্টিকেল ব্যস্ত মানুহবোৰে এইবোৰ অদৰকাৰী বুলি
কয়। মোৰ হ'লে বিশ্বাস নহয়।
তাই ডাক্তৰ নাছিল। হোৱাহেঁতেন, নিসংকোচে গৈ কলিজা ফালি
দেখাই দিলোহেঁতেন "চাই ল' মই আছোঁ
জীয়াই"। কৃত্ৰিম হাঁহিটোৰে এজন অচিনাকীৰ দৰেই তাইকো সুধিলোহেঁতেন-
"বাইদেউ, ভালনে?" প্ৰত্যুত্তৰত হয়তো হয়সূচক ভংগীৰে ভালে আছোঁ বুলি মুৰ দুপিয়ালেহেঁতেন, তাইৰ গুলপীয়া ওঁঠৰ বিষাক্ত হাঁহিটোৰ তাড়ণাত মই হয়তো চটফটালোহেঁতেন... অনিয়ন্ত্ৰিত হৃদস্পন্দনৰ গতিবেগ ৰুধিবলৈ ইটোৰ পাচত সিটো হুমুনিয়াহ
কাহিলোহেঁতেন..। ছেঃ এই হেঁতেনবোৰ বৰ বেদনাদায়ক!
যিয়ে নহওক আন ৰুগীক কোৱাৰ দৰে তায়ো যদি এবাৰলৈ কলেহেঁতেন “নিজৰ যত্ন ল'বা। নিয়মিয়াকৈ খোৱা
বোৱা কৰিবা।“
আস্…
প্ৰিয়তমা, তুমি অচিনাকী। চিনাকী হোৱাৰ মন। যাম নেকি তোমাৰ কাষলে?
লৈ আহিমগৈ নেকি একেবাৰে মোৰ উৰুঙা
পঁজালে!? সুখী হব পাৰিবাতো? পিচে, সপোন দেখিবলৈকো ভয়, যদি সাৰ পাই যাওঁ? তুমিও নেদেখিবা।
কষ্ট হব পাৰে। সহিব যদি নোৱাৰা?
সিমূৰে আছা । তোমাৰ
বুকুৰপৰা মোৰ দুওঁঠলৈ ঠিক এৰাতিৰ বাট। সেয়েতো উম্মাদ। তোমাক এবাৰ চুই চোৱাৰ হেঁপাহ, তোমাক কাষত পোৱাৰ বাসনা… প্ৰাণভৰি মই চাই লওঁ....।
অসহনীয় অপেক্ষাৰত ক্ষণবোৰ। বিজ্ঞাপন নহয় এয়া। সচাঁ অৰ্থত মই ভাগৰুৱা। এই যে নিজক নিজে বুজনি দিয়াৰ
পৰিক্ৰমাটো- "ঈশ্বৰে সকলো মঙ্গলৰ বাবেই কৰে"... অৰ্থহীন যেন
লাগে। দুখবোৰৰ কথাটো বাদেই, সুখবোৰো ভগাই ল'ব পৰাহেঁতেন! তুমি কাষত
থকাহেঁতেন!!
দুৰ্ভগীয়া হোৱাহেঁতেন
ভালেই আছিল। অন্ততঃ দোষবোৰ আনলৈ ঠেলি নিজকে পতিয়ন নিয়াব পাৰিলোহেঁতেন। অথচ মই যে পলৰীয়া নহয়!
বিশ্বাস কৰা, দুহাত মেলি তোমাৰ বাবেই ৰৈ আছো। এজাক বৰষুণত দুয়ো একেলগে
তিতিম। শেষবাৰৰ বাবে মই গোপনে উচুপিম। আন্ধাৰ আহিলেই শুৱনী কোঠাত নিক'টিনৰ সুবাস বিয়পি পৰিব। তুমি তোমাৰ শপত দি ক’বা- "চিগাৰেট নোহুপিবা।"
নোকোৱাকৈ যদি বুকুৰ মাজলৈ
টানি নিয়া, মই কান্দিম। চকুপানীখিনি মচিম। দুখবোৰ পাতলিব।
সুখী হবলৈ আৰম্ভ কৰিম।
জীৱনে জীৱনৰ অন্য এক
ইতিহাসৰ পাতনি মেলিব, দুখ সুখবোৰ লগৰীয়া হব। তুমি সংগ দিবা, দুগুণ
সাহসেৰে মই খোজ দিম....। আজিবোৰ কালি হব.... কালিলৈবোৰ আজি....। জীয়াম...।
হেপাঁহেৰে জীয়াম। মই হৈ পৰিম মোৰ বহু আকাংক্ষিত মইজন...।
তুমি ক'ত আছা? কোন সেই তুমিজনী???
নাজানো তুমি ক'ত আছা? কিদৰে আছা! কি
নাম তোমাৰ?
তথাপিতো, তুমিয়ে মোৰ শেষ
ভৰষা। জীয়াই থকাৰ একমাত্ৰ অজুহাত। তুমিয়ে মোৰ অদম্য হাবিয়াস...।
আয়ৌতিৰ উৰুলিৰে ৰভাতলি
ৰজনজনাব...। মই ৰ' লাগি তোমাৰ সেন্দুৰীয়া কপালখনলৈ চাই ৰ'ম। তুমি আচৰিত হ'বা। মই ক'ম ৰঙা ৰং মোৰ প্ৰিয়। তুমি হাঁহিবা। মই এজন মাতাল উন্মাদ প্ৰেমিক হ'ম। কঁকালত চেছা হাতখন লাগিলেই ধমক দিবা-
"বদমাছ… হাত এৰা…।"
- মা টোপনী গ'ল নহয়। মই ক’ম।
- ইচ্, সুবিধাবাদী নহবা
দেই। লাজ লাগে। জোৰকৈ হলেও তুমি মোৰ হাতখন এৰোৱাই দিবা।
এবুকু অভিমানত মোৰ মুখখন
ফুলি পৰিব। সামান্য ব্যৱধান
ৰক্ষা কৰি একাষৰীয়াকৈ শুই যাম। কিজানিবা তুমি সাৱটি ধৰাই! ধৰিবাতো? জানো নহয়, তুমি মোকেই
ভালপোৱা।মোক বুজি পোৱা।
অভিমানখিনি ভাঙিবলৈকে সাৱটি
ল'বা সজোৰেৰে। তোমাৰ দেহৰ
উত্তাপত প্ৰচণ্ড শীতজাকে হাৰ মানিব পৰা জোখাৰে! খুউব জোৰেৰে…। সুযোগ বুজি মই বিচাৰি উলিয়াম পৃথিৱীৰ আটাইতকৈ
নিৰাপদ ঠাইটুকুৰা… তোমাৰ বুকুৰ ঠিক সোমাজত…।
-
“লাভ ইউ। লিপিষ্টিক
নলগালেওতো হয় ৰাতিখন…।“
হাঃ হাঃ হাঃ
ক'ত আছা তুমিজনী? এনেদৰে আৰু
কিমানদিন?আকৌ সুধিছো আহিবাতো মোৰ বুকুৰ উৰুঙা
পঁজালৈ? তুমি নাজানা? বৰষুণৰ মাততকৈয়ো মিঠা তোমাৰ স্পৰ্শ…। বিদায় জনাবতো
নোৱাৰা মোক? মোৰ দুচকুত হেমন্তৰ উন্মুক্ত আকাশ…। কেনেকৈ বিদায় জনাবা?