আমিবোৰ বেকাৰ প্ৰেমিক

ক’ম ক’ম বুলি কব পাৰা নাই মনৰ কথাবোৰ। কেতিয়া ক’ম? কেনেকে ক’ম?
তোমাক দেখা পালে ন’কিয়া ১২০০ মডেলৰ মোবাইলটোৰ দৰেই বুকুখন ভাইব্ৰেট হৈ উঠে....। মা কচম, এলি- ১৮ লিপষ্টিকৰ প্ৰলেপাসিক্ত  তোমাৰ উঁঠৰ স্পৰ্শত এবাৰ যেন মই পগলা হৈ চাম।  হোমৰ জুইক সাক্ষী কৰি উঠাই লৈ আহিমগৈ যেন তোমাক ৰভাতলিৰপৰা। দেউতাৰ লগত লাইফটাইম এগ্ৰিমেন্ট কৰি ল’ম, ৰূপহী জীয়েৰক কুশলে ৰাখিম। ন- কইনাৰ সাজেৰে তুমি আহি মোৰ ঘৰ শুৱনি কৰিবাহি....।

ফেচবুকত তোমাৰ প্ৰফাইল পিক্সখন চাই এইবোৰ কথাকে ভাবি থাকো। একো কোৱাহে নহয়। অসহ্যকৰ তুমি অনলাইন থকা সময়খিনি। কেতিয়াবা চাট অফ কৰিও অনলাইন থাকা। ইনবক্স চাটত হাই, হেল্ল, গুড মৰ্ণিং, গুড ইভিনিং... ভালনে? ভাত খালানে? এই কেইটা শব্দতে কথাবোৰ শেষ হৈ যায়। সাহস নহয় ফোন নম্বৰটো দিয়াচোন বুলি কবলৈ....। ভয় লাগে, যদি ননচেঞ্চ বুলি কৈ ব্লক মাৰি দিয়া...।

চিংগল আছা বুলি মনে নকয়। মিঠাই দেখিলে মাখিতো পৰিবই। কাক বা এয়াৰচেলৰ দৰেই কথা দি ৰাখিছা “wada raha….”।

আমিবোৰ বেকাৰ প্ৰেমিক। দেউতাৰ টকাৰে চেমচাং গেলেক্সী অথবা চ’নী ভায়’ কিনিছো, ই- বুকৰ সলনি ফেচবুক পঢ়িছো। ভৱিষ্যত অন্ধকাৰ। তথাপি গাত চেতন নাই। কি কৰিবা, এইটোৱেইতো থ্ৰী জি জামানা.....। জাষ্ট এনজয়...।

তোমালোকৰে ভাল, না ভৱিষ্যতৰ শংকা না বৰ্তমানৰ। বিন্দাছ জীৱন। সময় হ’লেই অইল অথবা এয়াৰ ফৰ্চত চাকৰি কৰা দৰা এটা পাই যাবা, নিঃসংকোচে বিয়াৰ সন্মতি জনাবা, এদিন গুছি যাবা আনৰ হৈ...। টেনচন ক’ত? কিন্তু আমিবোৰ ৰৈ যাম, ফেচবুক প্ৰফাইল অথবা ক্লাছমেট বহীৰ শেষৰ পৃষ্ঠাত কবিতা লিখি যাম....। বিৰহৰ কবিতা।

ধুৰ, বেকাৰ জীৱন। মৰুভূমিৰ মৰিচীকা। চাৰিওফালে কেৱল বুকিং। ছ’ৰী মোৰ বয়ফ্ৰেণ্ড আছে। তেন্তে ভেকেঞ্চী ক’ত? আমি বেকাৰবোৰ জহন্নামে গলো নেকি? নে আমাক যৌৱনে আমনি নকৰে?

ফিলিং চেড। কবলৈ আৰু একোডাল নাই। তোমাৰ প্ৰফাইল পিক্সত লাইক কমেন্ট মাৰোতেই চুলি পকিব। দুদিন পিচত তোমাৰ বেবীটোৰ পিক্সত কমেন্ট মাৰাৰ সৌভাগ্য ঘটিব- ইইইইইইমমমমমাআআআআননন কিউট বেবী।
নাচাওঁ তোমাক আজিৰপৰা। নাভাবো তোমাক বিয়া পতাৰ কথা। নালাগে তোমাৰ এলি- ১৮ লিপষ্টিকৰ দাগ। চিংগল লাইফ জিংগালালা।