চাৰপ্ৰাইজ

এবুকু খং অভিমানত পুৱাৰেপৰা ভিতৰি মানুহটো অন্যমনস্ক হৈ আছো। ৰাখী বন্ধনৰ এই বিশেষ দিনটোত ভন্টীৰ এটা ফোনকল নাই। অথচ বিয়াৰ এবছৰ আগলৈকে তাইৰ গতানুগতিক সংলাপটো আছিল- “যমৰাজে কিবা খেলিমেলি লগালে চিধাই হাতৰ ৰাখীদাল দেখাই দিবি। একো নোম লৰাব নোৱাৰে তোৰ। গেৰান্টী দি কৈছো।“

মোৰ অৱস্থাটো দেখি মাৰ হয়তো সহ্য হোৱা নাছিল। চাহৰ কাপটো মোৰফালে আগুৱাই দি মায়ে সুধিলে- “কি হ’ল বাবা? গোটেইটো বেঙে মুতা গৰুটোৰ দৰে জুপুকা মাৰি আছ যে? অফিচৰ কোনোবা সুন্দৰী সহকৰ্মীয়ে আজি ৰাখী পিন্ধোৱা প্ৰস্তাৱ দিলে নেকি?”

মাৰ প্ৰশ্ন শুনি মোৰ খং গৈ চুলিৰ আগ পালেগৈ। উকা সোঁহাতখনেৰে চাহৰ কাপটো হাতপাতি লৈ মালৈ ঘোপাকে চালো। মাৰ ওঁঠত চিৰসেউজ ৰহস্যময়ী হাঁহিটো যিটো হাঁহিৰ প্ৰসংগত ভাতৰ মজিয়াত দেউতাই প্ৰায়ে কয়- “নাৰী চলনাময়ী হওক বা নহওক কিন্তু তোৰ মাৰে মোক চলনা কৰি জীৱনটো বৰবাদ কৰি দিলে...। অভিজ্ঞতাৰপৰাই কওঁ জীৱনত কেতিয়াও সুন্দৰী নাৰীক বিয়া নকৰাবি। জ্বলি জ্বলি শেষ হৈ যাবি। ইহঁতৰ মহিমা অপাৰ। তই মই বুজিব নোৱাৰো....।“

মই মুখেৰে একো নমতা দেখি মায়ে আকৌ ক’লে,
- হেৰি নহয় বাবা, তোৰ লগৰ বিৰাজৰ ভনীয়েকে ফোন কৰিছিল। তোৰ নম্বৰটো বুলে পাব পৰা অৱস্থাত নাছিল। সন্ধ্যালৈ ককায়েকৰ সৈতে তাই আমাৰ ঘৰলৈ আহিব। তই কলৈকো ওলাই নাযাবি।
- কিয় আহিব? নালাগে বুলি কৈ দিয়া। মই জৰুৰী কাম এটাত এফালে যাব আছে। নোৱাৰো থাকিব। মই ভেকাহী মাৰি কলো। মিছাকে কৈছো। একো কাম নাই।

- কিবা হলি নেকি তই!! নোৱাৰো কব। আৰু তোৰ এনে কি জৰুৰী কাম ওলাল। নোৱাৰ যাব। কিমান আশাৰে ভনীয়েৰ জনীয়ে ককায়েকৰ ওচৰলৈ আহিম বুলি কৈছে..। তই নালাগে বুলি কলেই হব নে!!
- কোন ভন্টী?? কিহৰ ভন্টী?? নিজৰ জীয়েৰৰ এটা খবৰ নাই ইপানপৰে। ককায়েকটো মৰিলেই নে জীয়াই আছে তাৰে হিচাপ নাই। তুমি আকৌ তেজৰ সম্পৰ্ক নথকা ভনীয়েক এজনীৰ হেঁপাহক লৈ উকালতি কৰিব আহিছা??
- অ’ তাৰমানে কথা সেইটোহে? আচ্ছা, ভনীয়েৰে বাৰু ফোন এটা কৰা নাই ঠিক আছে। তাইৰ ভুল। কিন্তু ককায়েকটো হৈ তই নিজে ফোন এটা নকৰ কিয়? লোকৰ দোষ খোছৰিবলৈ যোৱাৰ আগতে নিজৰ গাটো চিকুটি চাচোন।।
- মোৰ কি গৰজ পৰিছে। গিৰীয়েকৰ মৰম পায় ককায়েক, মাক-দেউতাক পাহৰাটো ছোৱালী এজনীৰ বাবে একো দাঙৰ কথা নহয়। থাকক। নকৰো ফোন। আজি বিশেষ দিনটোত তাই মোৰ মাতষাৰ নুশুনাকৈ যদি থাকিব পাৰে ময়ো পাৰিম।
- বাবা...। হাইস্কুলত পঢ়ি থকা ল’ৰা এটাৰ দৰে কথা কিয় কৈছ।। দাঙৰ হলি এতিয়া। দুদিন পাচত তোৰ ভাগিনে মোমাই বুলি বোকোচাত জপিয়াই উঠিবহি। এনেকে ভাবিব নাপায় নহয়।
- মা... তুমি জানা ন... দুজনী নাৰীৰ ওচৰতে মই পৃথিৱীৰ আটাইতকৈ দুৰ্বল মানুহটো। এজনী তুমি আৰু এজনী ভন্টী। তোমালোকে জানা ন? মোক বুজা??
- ভন্টী এতিয়া আন এঘৰৰ বোৱাৰী। তাই প্ৰথমতে কাৰোবাৰ মৰমিয়াল দায়িত্বশীল পত্নী। তাৰপাচতহে কাৰোবাৰ ভন্টী। কিবা অসুবিধাও হব পাৰে। তই নিজে ফোন এটা কৰচোন।
- ভয় লাগে মা। তাই যদি ফোনটো এবাৰতে ৰিচিব নকৰে বা কৰিলেও মই অলপ ব্যস্ত আছো পাচত ফোন কৰিম বুলি ফোনটো কাটি দিয়ে মোৰ দুখ লাগিব। সহিব নোৱাৰিম।
- কিন্তু এতিয়া জানো পাৰিছ??
- নাই পাৰা। মই তাইক বুজো। মোৰো ভয় লাগে। নৱ-বিবাহিত মৰমীয়াল পত্নীৰ উমাল সান্নিধ্যত ময়ো যদি ভন্টীৰ দৰেই ব্যস্ত হৈ পৰো, তোমাৰপৰা দেউতাৰপৰা এক নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰো সহিব পাৰিবানে?
- সময়ৰ আহ্বান। পৰিস্থিতিৰ দাসত্বক মই স্বীকাৰ কৰো। নিজক বুজাই ল’ম। দেউতাৰাকো বুজাম। তই সুখেৰে দুবেলা দুসাজ খাই থকাটোৱে আমাৰ একমাত্ৰ স্বপ্ন। তোৰ সুখেই আমাৰ সুখ।
- তেন্তে যোৱাবছৰৰ দৰে এইবছৰো মোৰ সোঁহাতখন উকা হৈ থাকিব?? আৰু এটা বছৰ দু-চিন্তাৰ মাজেৰে পাৰ হব...!! যমৰাজক লগ পালে কি বুলি ক’ম!! নে শান্তণা ল’ম যে ভনীয়েকৰ মৰম পাবলৈ বছৰটোত এটা বিশেষ দিনৰ প্ৰয়োজন নহয়।

“যমৰাজক লগ পালে কৈ দিবি নাকত কেৰাচিন ঢালি মুৰৰলৈকে কম্বল লৈ শুই থাককগৈ...। তোৰ কাষত ভন্টী আছে। তোৰ হাতত ভন্টীৰ ৰক্ষা কৱচ আছে...। যৌ ভি উখাৰনা হ্যে উখাৰ লে....!!”
কোনোবা চিনাকী নাৰী কণ্ঠ শুনি মা আৰু মই দুয়ো উচপ খাই উঠিলো। ড্ৰয়িং ৰুমৰ দূৱাৰদলিৰত ৰৈ ভন্টীয়ে একেথৰে মোৰফালে চাই আছে। তাইৰ ওঁঠত মাৰ ৰহস্যময়ী হাঁহিটোৰ ফটোষ্টেট কপি....।