অভিনেতা

-      ছাৰ... বিহু বুলি ঘৰলৈ যাব নোৱাৰিম যেতিয়া থানাৰ চৌহদতে ভেলাঘৰ এটা সাজিলে কেনে হ?
মোৰ ব্যক্তিগত নিৰাপত্তাৰ বাবে নিয়োজিত অসম পুলিচ বেটেলিয়নৰ জোৱানজনে ভয়ে ভয়ে কলে। মই কোনোধৰণৰ প্ৰতিক্ৰিয়া পদৰ্শন নকৰি ৰাষ্টীয় ঘাইপথটোৰে পাৰ হৈ যোৱা গাড়ী মটৰবোৰত দৃষ্টি নিৱদ্ধ কৰিলো। মোৰ মৌনতাৰ সুৰোঙা লৈ গাড়ী চালক মহেনে কলে,
-      হৈছে দে। ৩১ ডিচেম্বৰৰ ৰাতি পাৰ্টী আয়োজন কৰি কি লাভ হল। আমি কোনেও খাবলৈকে সময় নাপালো। ভাগৰ ভাত ভাজি মাংস ৰাতিপুৱালৈকে কেৰাহীতে পৰি থাকিল। এতিয়া আকৌ বিহু উদযাপন কৰিবলৈ আহিছ। বাদ দে।
-      অ...। বিহুৰ কথাও সুকীয়া। ই আমাৰ জাতীয় উত্সৱ। কৰ্তব্যৰ খাটিৰত সেইদিনা ভেলাঘৰত এক্ষন্তেক ৰবলৈ নাপালেও কথা নাই। কিন্তু ভেলাঘৰটো সাজিলে ভাল লাগিব। ৰাষ্টাৰে পাৰ হৈ যোৱা মানুহবোৰেও চাই আচৰিত হব, থানাত ভেলাঘৰ...।
মহেনে এইবাৰ একো নকলে। সি এবাৰ মুৰ মুখলৈ চাই দিগন্ত অৰ্থাত্ জোৱানজনক আকাৰ ইংগিত কিবা এটা কলে। বোধহয় মোৰ কথাই কিবা কৈছে। মই সকলো দেখি বুজিও নেদেখা নুবুজাৰ ভাওঁ জুৰি থাকিলো।
-      তহঁতে কি কৰ কৰি থাকিবি। মই নাথাকিম। ঘৰলৈ যাম।
মই মৌনতা ভংগ কৰি মহেনৰ মুখলৈ চাই কলো।
-      ই শেষেই তেন্তে। হল আৰু তেন্তে বিহু এইবাৰ।
মহেনে আক্ষেপেৰে কলে।
-      কিয় কি হ? মই আচৰিত হৈ সুধিলো
-      এ ছাৰ, আপুনি নাথাকিলে কত ভেলাঘৰ জমিব। আৰু ডিউটী কৰিয়ো ভাল নালাগিব।
দিগন্তই দুখমনেৰে কলে।
-      কোনে কলে? মই নাথাকিল ভালহে। ডিউটীৰ নামত এই ঠাণ্ডাত কঁপি কঁপি গোটেই ৰাতি চহৰখন ঘূৰি ফুৰিব নালাগে। সন্দীপ ছাৰ থাকিব, তেওঁতো এনেও নৰম। তেওঁৰ লগতে তহঁতেও অতিৰিক্ত দুটকামান উপাৰ্জন কৰিবও পাৰিবি।
-      নাই নাই নাই। আপোনাৰ লগত কাম কৰাৰ এটা বেলেগ মজা আছে। ঠাণ্ডা গৰমৰ কথা মনলৈ নাহেই।
এছ আই হুছেইনে এইবাৰ মাত লগালে।
-      ঠিকেই ছাৰ।
মহেনে সন্মতি জনালে।
-      হব দে। সদায় সদায় মোৰ লগত একেলগে কাম কৰিবলৈ নাপাৱ নহয়। দুমাহমানৰ পাচতে আকৌ বদলিৰ নিৰ্দেশ আহিবই। অভ্যাস কৰ।

এইবাৰ মোৰ কথা শুনি গোটেইকিটাৰ মনটো সেমেকি উঠিল। ইটোৱে সিটোৰ মুখলৈ চালে। কাৰো মুখত মাত-বোল নাই। মহেনে হয়তো কিবা এটা খুজিছিল। ওঁঠখন সামান্যভাৱে মেল খাই পুনৰ বন্ধ হৈ থাকিল। মই তাক একো নুসুধিলো। হুছেইনৰ সৈতে বাকী আৰক্ষী দলটো আহি পোৱাত সিহঁতে নিজৰ নিজৰ কামত লাগিল। মই সিহঁতৰ ওচৰপৰা আতৰি আহি ৰাষ্টাৰ দাঁতিৰ পাণদোকানখৰ কাষ চাপিলো। চিগাৰেট এটা জ্বলাই লওঁ।
জানো মই, মহেনে প্ৰকৃততে কি কব খুজিছিল। তাৰ এটা ছমহীয়া সন্তান আছে। ৰুগীয়া মাক বিচনাৰপৰা উঠিব নোৱাৰে। কেঁচুৱাটোক চম্ভালিবলৈ মানুহজনীৰ কষ্ট হয়। তাতে ছমাহ ধৰি সি চুটীও পোৱা নাই। গতিকে বিহু বুলি তাৰ ঘৰখনলৈ যাবলৈ মন যোৱাতো একো দাঙৰ কথা নহয়। কিন্তু চুটীৰ বাবে অনুমতি বিচাৰি মোক কিবা এটা কবলৈ তাৰ সত্ সাহসৰ অভাৱ। দায়িত্ব আৰু কৰ্তব্যৰ খাটিৰত কেতিয়াও কোনোকাৰণতে আপোচ নকৰা চহৰখনৰ নৱনিযুক্ত অতিৰিক্ত আৰক্ষী অধিক্ষক বিমানজ্যোতি বৰুৱালৈ কেৱল মহেনেই নহয় সমগ্ৰ চহৰখনে সমীহ কৰি চলে। বিগত তিনিটা মাহত বৰ কঠোৰতাৰে চহৰখনত আইন শৃংখলা বৰ্তাই ৰাখিছো। দেৰ ডজনতকৈ অধিক ডকাইতে মোৰ গুলীত প্ৰাণ হেৰুৱালে। গাড়ী চুৰৰ দলবোৰৰ সদস্যই মোৰ কিল খাই চিৰদিনৰ বাবে ঘূণীয়া হল। পিলঙাবোৰে বাপেকৰ টকাৰে কিনা বাইকখন চলাই চহৰৰ অলিয়ে গলিয়ে ষ্টান্ট নকৰা হল। একপ্ৰকাৰে চহৰখনৰ নাগৰিকৰ বাবে মই এজন দুধৰ্ষ, নিষ্ঠুৰ, কঠোৰ আৰক্ষী বিষয়া। এক শ্ৰেণী মানুহৰ বাবে মই তেওঁলোকৰ ভৰষা আৰু আন এটা শ্ৰেণীৰ মানুহৰ বাবে আতংক। বাহ্যিকতাত কঠোৰতা অৱলম্বন কৰিলেও মই ভিতৰৰ মানুহটো যে তেনেই ঠুনুকা সেই কথা মোৰ আৰু মা-দেউতাৰ বাদে কোনেও নাজানে। কামত ব্য়স্ত হৈ থকাৰ মাজতে ঘৰখনলৈ, গাঁওখনলৈ বৰকৈ মনত পৰে। এবছৰ হবৰ হল ৰাতি থকাকৈ ঘৰলৈ যাব নোপোৱা। মায়ে ফোনতে আক্ষেপ কৰি কয়, বাদ দে তোৰ পুলিচৰ চাকৰি। ঘৰৰ এটাই সন্তান হৈ মাহেকে পষেকে শান্তিৰে এসাজ খাবলৈ যদি সময় মিলাব নোৱাৰ, এনে চাকৰি কৰি কি লাভ? টকাই সকলো নহয় দেচোন। দেউতাই একো নকয়। লগৰবোৰে মোৰ স্বভাৱ জানে বাবে বৰকৈ জোৰ নকৰে। তথাপিও মই মোৰ চাকৰিটোক লৈ সুখী। ব্যস্ততাৰ অজুহাতত নিজৰ সৈতে কথা পাতিবলৈ সময় নোপোৱা মোৰ বৰ্তমানৰ জীৱন প্ৰণালীটোক লৈ অলপো আপচোচ নাই। অৱসৰৰ নিসংগ সময়খিনিত মই প্ৰায় আধা মৰা মানুহটো হৈ চটফটাই থাকো। আন্ধাৰে ইতিংকি কৰে, নিদ্ৰাহীনতাই জুৰোলা কৰে, সোঁৱৰণীত সতেজ হৈ থকা অপূৰণীয় হেপাঁহবোৰে মোক কন্দুৱাই, অথচ মই চকুপানীলৈ ভয় কৰো। তাৰ মাজতো কিন্তু চিনাকী গাওঁখন, ঘৰখন অথবা মাৰ হাতৰ তৃপ্তিৰ ভাতসাজে কোঙা নকৰা নহয়। সেয়ে এইবাৰ ভোগালী বুলি গাঁৱলৈ যোৱাৰ সিন্ধান্ত ললো। বিহুলৈ মাজত আৰু দুটা দিন বাকী। তিনিদিনৰ চুটী লৈ ঘৰলৈ পাক এটা মাৰিব পাৰিলেহে যদি শান্তি পাওঁ। গাঁৱৰ সমনীয়াবোৰে বৰ হেপাঁহেৰে মোৰ বাবে ৰৈ আছে। ভেলাঘৰত বহি লগে ভাগে এসাজ খাব লাগিব, মোৰো মনটো উত্ফুল্লিত হৈ আছে। সময় মিলাই মৌচুমীহঁতৰ পদূলিৰে পাক এটা মাৰিব লাগিব। বিহু বুলি তাই দুদিনমান থকাকৈ আহেই যিহেতু। তাইকো নেদেখা বহু বছৰ হল। কেনেবা লাগিব তাইক কাষৰপৰা দেখিলে, মোক জানো চিনি পাব? পালেও জানো মাত এষাৰ দিব? মোক সুধিবনে, মই কেনে আছো? আকাংক্ষিত নহলেও কন্দনামুৱা তাইৰ চকুজুৰিয়ে গোপনে মোক কবনে, বিমান তোমাৰ অনুপস্থিতত বৰ কষ্টেৰে আছো অ..।
চিগাৰেটতো শেষ হোৱাত দূৰলৈ দলিয়াই পেলালো। দোকানীজনৰপৰা এপেকেট চিগাৰেট কিনি লৈ পুনৰ আগৰ ঠাইখিনিলৈ উভতি আহিলো। হুছেইনৰ নেতৃত্বত আৰক্ষীৰ দলটো নিজৰ নিজৰ দায়িত্বৰ সৈতে ব্যস্ত। সন্মূখত ২৬ জানুৱাৰী। যদিও বিদ্ৰোহী সংগঠনবোৰৰ সাংগঠনিক দূৰ্বলতাৰ হেতু বিশেষ কুটাঘাত সংঘটিত কৰিব নোৱাৰে, প্ৰশাসন সচেতন থকাটো উচিত। আজিকালি অসংগঠিতভাৱে ৰূপত মানুহ নামৰ অমানুহ এচামে সমাজৰ অনিষ্ট সাধন কৰিবলৈ তত্পৰ হৈ থাকে। বিদ্ৰোহী সংগঠন এটাৰ নাম লৈ স্বয়ং ৰাজনৈতিক দলবোৰেই সময়ে সময়ে অসমাজিক কাম কাজত লিপ্ত হোৱাৰ উদাহৰণ নথকা নহয়। উপযুক্ত প্ৰমাণৰ অভাৱত একো কৰিবহে নোৱাৰো.... নজনা নহয়।
হৰেক ৰকমৰ গাড়ী, ট্ৰাক, মটৰ চাইকেলবোৰ আহি আছে গৈ আছে। হুছেইনহঁতে গাড়ীৰ ভিতৰভাগ পৰীক্ষা কৰাৰ লগতে দৰকাৰী নথি পত্ৰবোৰ লগত কঢ়িয়াই লৈ ফুৰিছেনে তাকো নিশ্চিত কৰিছে। হেলমেট পৰিধান নকৰা মটৰ চাইকেল আৰোহীসকলক কঠোৰভাৱে সকিয়নী দিছে, লাইচেঞ্চ নথকা গাড়ী চালকবোৰক সুধ পোচ কৰি তাৰে কিছুমানক জৰিমনা বিহিছে।
-      ছাৰ... এওঁলোকৰ গাড়ীৰ কাগজ পত্ৰ নাই। কি কৰো?
বগা ৰঙৰ হুণ্ডাই কম্পেনীৰ কাৰ এখনৰ কাষৰপৰা হুছেইনে মোলৈ চাই কলে। মই গাড়ীখনৰ কাষ চাপি গলো। নতুন গাড়ী। ৰেজিষ্ট্ৰেচন হোৱাই নাই। চালকজন কমবয়সীয়া ডেকা লৰা। মই ওচৰ চাপি যোৱাৰ লগে লগে সি ভিতৰি অলপ ভয় খালে।
-      ছাৰ, গাড়ীখন একেবাৰে নতুন। আমি নগাঁৱলৈ গৈ আছো। বাইদেউৰ দেউতাকৰ গাটো অসুস্থ। সেয়ে বৰ খৰখেদাকৈ আহিব লগা হল।
ড্ৰাইভাৰজনে বৰ নম্ৰভাৱে কলে। মই নথকাহেঁতেন হুছেইনে টানকে কিবা এটা কলেহেঁতেন। মই থকা বাবে সি একো নকলে। ময়ো চালকজনৰ কথনভংগীৰপৰা অনুমান কৰিলো, সি মিছা মতা নাই।
এনেতে চালকৰ কাষৰ আসনৰ দৰ্জা খুলি এজনী মহিলা নামি আহিল। মই আগন্তুক মহিলা গৰাকীৰ মুখলৈ চাই থতমত খালো। মৌচুমী? মই কি কম কি নকম ভাবি নাপালো।
তায়ো কিবা এটা কব খুজি ৰৈ গল। বিব্ৰত হল।
-      ছাৰ, দেউতা হস্পিটেলাইজ হৈছে। বৰ অসুবিধাত পৰিহে....।
মৌচুমীয়ে হুছেইনলৈ চাই কলে।
মৌচুমীৰ চকুলৈ চাবলৈ মোৰ সাহস নহল। বোধহয় তাইৰো। হুছেইনে কিবা এটা কোৱাৰ আগতে মই নিৰ্দেশ দিলো, যাবলৈ দিয়ক...।

মোৰ নিৰ্দেশ পায় গাড়ী চালকজনে ধন্যবাদ বুলি কৈ চালকৰ আসনত বহি পৰিল। মৌচুমীয়েও নিজৰ আসনত বহি দৰ্জাখন মাৰি ললে। গাড়ীখন গলগৈ। হুছেইনে ভেবা লাগি মোৰ মুখলৈ চাই থাকিল। হয়তো ড্ৰাইভিং লাইচেঞ্চ বা গাড়ীখনৰ ৰেজিষ্ট্ৰেচন নোহোৱাকৈ ব্যৱহাৰ কৰা বাবে চালকজনক একো সুধ-পোচ নকৰাকৈ যাবলৈ দিয়া কথাটো হুছেইনে সহজভাৱে লব নোৱাৰিলে। হুছেইনৰ মুখলৈ নুচুৱাকৈ মই মহেনৰ আৰু আলিৰ কাষ চাপিলো, এক্ষন্তেক ৰৈ কিবা এটা ভাবি সিহঁত দুয়োকে কলো- মহেন কাই, বিহুত মই ঘৰলৈ নাযাওঁ। আপুনি ঘৰৰপৰা পাক এটা মাৰি আহিবগৈ। আৰু আলি, তই ভেলাঘৰৰ আয়োজন কৰিবি। এইবাৰো ভোগালী থানাতে উদযাপন কৰিম। দাঙৰকৈ....।