আপুনি মই এনেকৈয়ে সুখী

প্ৰেমিকজন অথবা প্ৰেমিকাগৰাকী আমাৰ জীৱনৰপৰা আতৰি যোৱাৰ পাচত প্ৰায়ে আমি মনৰ ভিতৰতে অথবা বন্ধুৰ আগত ক্ষোভ উজাৰো "ৰামঠগন দিলে, প্ৰেমত মাধমাৰ খালো বে!" তাৰপাচতে বিনামূলীয়া গালি দুটামানেৰে তেওঁক দোষী সজাই নিজক শান্তণা দিওঁ...। গতানুগতিক। সকলোৰে প্ৰতাৰিত প্ৰেমক অথবা প্ৰেমিকৰ ক্ষেত্ৰত এই সূত্ৰ প্ৰযোজ্য। কিন্তু কিয়? কাৰণটো সাধাৰণ..।  আমি যে সহিব নোৱাৰো। সপোনবোৰ ভাঙে… ঈৰ্ষা অথবা পাই হেৰোৱাৰ বেদনাত ভাঙি টুকুৰা টুকুৰ হোৱা কুমলীয়া বুকুখন কঠিন হওতে দুদিনমান সময়ৰ প্ৰয়োজন হবই দিয়কচোন। সেই সময়চোৱাত প্ৰেমাষ্পদক গালি পাৰি অথবা দোষী সাব্যস্ত কৰি নিজক শান্তণা দিয়াৰ বাদে অন্য কিবা উপায় আছে জানো? এইক্ষেত্ৰত আচৰিত হবলগা একো নাই। গালি পৰা সময়তো আমি কিন্তু তেখেতকে ভালপায় আছো। মনৰ ক্ষোভ, অভিমানবোৰ উজাৰিবলৈ তেওতো কাষত নায়েই। ক'ত বা আছে? তেওতো নিজক লৈ ব্যস্ত। সুখেৰে আছে। নহলেও সুখী হবলৈ বাধ্য হৈছে। অকলশৰে আমিবোৰ ৰৈ গৈছো। আন্ধাৰ, বৰষুণক আদিবোৰক ভালপাবলৈ শিকিছো। নিসংগতাত ইটোৰ পাচত সিটো হুমুনিয়াহ কাঢ়িছো। অতীতে জুৰুলা কৰিছে, এৰি অহা সোণালী সময়বোৰে টোপনী হৰিছে। ক্ষোভ, অভিমানবোৰকে সাৱটি জীয়াইতো আছো। শান্তণা লৈছো ঈশ্বৰে সকলো মংগলৰ বাবেই কৰে। কিন্তু অবুজ মনটোক বুজনি দি দি হাৰি গৈছো। জীৱনত আৰু কেতিয়াও ফ'ন নকৰো, তুমি সুখী হোৱা বুলি শেষ শুভকামনা জনোৱাৰ পাচতো আপুনি মই মোৰ আপোনাৰ মনটোক বান্ধিব ৰাখিব পাৰিছোনে? অস্থিৰতাত উশাহবোৰ ধুমুহালৈ ৰূপান্তৰ হয়। মনৰ মাজত হাজাৰখন অসহনীয় যুঁজ।  তেওঁৰ এষাৰি মাত শুনিবলৈ আপুনি ব্যাকুল। নাই! নকৰো নকৰো বুলি অৱশেষত ফ’নটো কৰিও সহাৰি নাপালো। ফ’ন ৰিচিভ নকৰে। লগৰ বন্ধু বা বান্ধৱীজনীৰ ফোন নম্বৰটো তেওঁৰ বাবে অচিনাকী। অচিনাকী নম্বৰ দেখি তেওঁ সিফালে ফোনটো ৰিচিভ কৰিছে..। হেল্ল’…হেল্ল’…হেল্ল’… আপুনি জানে আপোনাৰ সৈতে তেখেতে কথা নাপাতে। আপোনাৰ মাতষাৰ শুনিলেই তেখেতে সিফালে ফোনটোৰ সংযোগ বিচিন্ন কৰি দিব। সেয়ে তেখেতে হেল্ল' হেল্ল' কৈ থকাৰ পাচতো আপুনি মাত নিদিলে। অথচ তেনেকৈয়ে তেওঁৰ মাতষাৰী শুনিয়েই আপুনি সুখী হোৱাৰ বৃথা প্ৰচেষ্টা চলাইছে। কিন্তু কেইদিনলৈ? একেটা কামৰ পুনৰাবৃত্তি হৈ থাকিলে অতিষ্ঠ হৈ তেখেতে ফোন নম্বৰ সলনি কৰাটো একো অস্বাভাৱিক কথা নহয়। তাৰপাচত??

নিশা শিতানৰ গাৰু সাৱটি উচুপিছে। সঘনাই ম’বাইলটো পৰীক্ষা কৰিছে। কিজানিবা ভুলতে তেখেতৰ মেছেজ বা ফোনকল এটা আহেই। অচিনাকী ফোন নম্বৰৰপৰা ফোনকল আহিলেই হৃদস্পন্দনৰ গতিবেগ অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰে। হাত কঁপে। কিমান যে হেঁপাহত ফোনকলটো ৰিচিভ কৰো...। ওহো তেওঁ নহয়। খং উঠে। কণ্ঠৰ পৰিবৰ্তন ঘটে। হেঁপাহবোৰ মুহুৰ্ততে হুমুনিয়াহলৈ পৰিবৰ্তন হয়। কি অদ্ভুত এই ভালপোৱা...। তেওঁক যিমানে পাহৰিবলৈ চেষ্টা কৰো আমি সিমানে বেচিকৈ মনত পৰে। উপায় নাপায় তেওঁ অতীত কৰা ভুলবোৰ অথবা বেয়া লগা কামবোৰ মনত পেলাই তেখেতক পাহৰিবলৈ, বেয়া পাবলৈ অপ্ৰাণ চেষ্টা চলাইছো। কিন্তু আপুনি মই নোৱাৰো অ তেখেতক পাহৰিবলৈ। অৱশ্যে দিন বাগৰাৰ লগে লগে আপুনি পৰিস্থিতিৰ সৈতে সুন্দৰকৈ খাপ খায় পৰিব। দুখবোৰ পাতলিব। অথচ আপুনি সম্পূৰ্ণকৈ পাহৰি পেলাব নোৱাৰে। বুকুৰ বিকাৰটো একোণত সযতনে ৰৈ যাব। এটুকুৰা ঘাঁ। হঠাতে বিষাব। বুকুখনে হাহাকাৰ কৰি উঠিব। আপোনাৰ অত্যন্ত সুখৰ মূহুৰ্ত্ততো হঠাৎ তেখেতৰ মুখখনে বৰকৈ আমনি কৰিব। তেখেতৰ সৈতে পাৰ কৰা মধুৰতম সময়বোৰে আপোনাক আজীৱন জোকাৰি থাকিব। হঠাতে, আপোনাক পূৰ্ব জাননী নিদিয়াকৈ...। অনাগত দিনবোৰত হয়তো তেখেততকৈ বহুত ভালপোৱা, মৰম কৰা, আপোনাক বুজি পোৱা, যত্ন লোৱা প্ৰেমিক এজন অথবা প্ৰেমিকা এগৰাকী আপুনি পাই যাব। সন্দেহ হয়, তেতিয়াও আপুনি হয়তো প্ৰাক্তন প্ৰেমিক অথবা প্ৰেমিকাক পাহৰি পেলাবলৈ সক্ষম নহ'ব। আপোনাৰ চৌপাশ সুখেৰে উপচি পৰাৰ পাচতো আপুনি ১০০ শতাংশ বিষাদমুক্ত হবলৈ সক্ষম নহ'ব। আপুনিটো কাহানিবাই আপোনাৰ হৃদয় হেৰোৱাইছে। সমষ্ট ভালপোৱা আন কাৰোবাক দি দিছে। তেনেস্থলত এতিয়া আপুনি সম্পূৰ্ণকৈ সুখী হয় কেনেকৈ? কি আছে?
সেইবুলি এৰি অহা দিনবোৰক সোঁৱৰী জীৱনৰ বাকী সময়খিনি নষ্ট কৰিব নোৱাৰে। অতীত এনেকোৱাই। অতীতৰপৰা শিকিবলগা কিবা আছে যদি শিকক নাথাকিলে বাদ দিয়ক। ভৱিষ্যতক গুৰুত্ব দিয়ক। চেষ্টা কৰক। আপুনি সুন্দৰকৈ জীয়াই থাককচোন। কিয় নোৱাৰিব। লাহে লাহে কান্দিবলৈ এৰি দিয়ক। চকুপানীবোৰক মুল্য দিয়ক। নিদিলে এটা সময়ত চকুপানীবোৰ শেষ হৈ যাব। শুকান চকুপানীবোৰ কোনে দেখিব?? বিশ্বাস কৰক, এয়াই প্ৰেম। সেয়তো মানপহে কয় প্ৰেম স্বৰ্গীয়। প্ৰেমক কেৱল উপলব্ধি কৰিব পাৰি। প্ৰেম আছে বাবেইতো জোনাকে হাঁহে, ফাগুণে কান্দে! প্ৰেম আছে বাবেই জীৱনটো ইমান সুন্দৰ। প্ৰেমৰ তাড়ণাতে আমিবোৰ জীয়াব শিকিছো। মিছাকে হওক বা সঁচাকে দহজনক দখুৱাই হাঁহিছো। জীৱনৰ মজা লুটিছো- দুখতো, সুখটো……!!

আকৌ কওঁ, দুখ নকৰিব। সুখী হওক। আপুনি সুখী হব পাৰিবই লাগিব।  আপুনি জীয়াই থাকক। উমি উমি জ্বলি থকা জুইকুৰা বুকুৰ একোণত সযতনে কঢ়িয়াই লৈ ফুৰক ! আপোনাতকৈ আন কোনোবাই জানো তেখেতক ভালপাব পাৰিব? তেনেকৈয়ে আচুতীয়াকে সাঁছি ৰাখক আপোনাৰ প্ৰেম ভালপোৱা। প্ৰকৃতিলৈ এবাৰ মন কৰক। দিন যায় আহে ৰাতি। এজাক বৰষুণে আপোনাক পলকতে ধোঁৱাই নিলে। আকৌ এজাক ৰ'দ আহি আপোনাক শুকোৱাই থৈ গ’ল। এনেকৈয়ে জীৱন। পৃথিৱীত সকলো ক্ষন্তেকীয়া। সাগৰৰ ঢৌৰপৰা আৰম্ভ কৰি আপোনাৰ জীৱনটোলৈকে সকলো অস্থায়ী। নিজক নিজৰ হাতৰ মুঠিত সযতনে ৰাখক। পাহৰি নাযাব, আপোনাৰ কৰিবলগা বহু কাম বাকী আছে। একান্তমনেৰে নিজৰ দায়িত্ব পালনত মগ্ন হওক। আপুনি সুখী হব পাৰিব। মজাৰ কথাটো কি জানেনে- আপুনি মই বহুত ভাগ্যবান। সেয়ে বিধাতাই আমাৰ ৰং চায়। হাৰ নামানিব কেতিয়াও।  যুঁজক পৰিস্থিতিৰ সৈতে। জীৱনৰ সৈতে মুকলি চেলেঞ্জ কৰক। প্ৰচুৰ সংগ্ৰামৰ অন্তত সুখ উদযাপনৰ আমেজ সুকীয়া। মই ভাবো, যিজনৰ জীৱনত দুখ নাই তেওতকৈ দুৰ্ভগীয়া আন কোনো নাই। আপুনি মই ভাগ্যৱান। আৰু দুখ আছে বাবেই আমি সুখৰ মাদকতা বুজি পাওঁ। দুখ নথকাজনহে পৃথিৱীৰ আটাইতকৈ দুখী মানুহ। প্ৰকৃততে দুখ, সুখ বুলিবলৈ বেলেগকৈ কি আছে..। দুখ আৰু সুখ একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি। ফুটপাথৰ মগনীয়া অথবা অনাথ আশ্ৰমৰ পিতৃ-মাতৃ পৰিচয়হীন শিশুবোৰ কিম্বা জন্মতে দৃষ্টিশক্তি হেৰুৱা শিশুবোৰতকৈ আমি বহুগুণে সুখী। তেন্তে আমি আগতেও সুখী আছিলো। এতিয়াও সুখেৰে আছো। আমাৰতো সকলো আছে। তেন্তে দুখ কিহৰ? কিহৰ অজুহাতত আমি দুখ দুখ বুলি দুখী হৈ মৰিছো। আমি সঁচাকৈ সুখী। আমাৰ দূৰ্গতজনলৈ আগবঢ়াই দিব পৰা জোখাৰে আমাৰ দুখন সুস্থ হাত, তেওঁলোকৰ দুখ বুজিবলা দুটা চকু, পেট ভৰাই খাবলৈ দুসাজ ভাত আছে। আমাৰ প্ৰেম আছে, নিসংগতা আছে, এটা সোণোৱালী অতীত আছে। আৰু কি লাগে??