তুমিহীনতাৰ সেই জোনাকী ৰাতিটো

“জোনাকী ৰাতি কিয়নো আহি প্ৰতিটো সুৰতো ছবি আকিলি....” ইয়াৰফোনত অংগৰাগ পাপন মহন্তৰ প্ৰিয় গীত। বন্দী কোঠাটোৰ খিৰিকীখনৰ সিপাৰে ভৰপূৰ জোনাক। উশাহত হুমুনিয়াহ, দুচকুত নিদ্ৰাহীনতা। অৱশ শৰীটোতকৈ মনটো অধিক ভাৰাক্ৰান্ত। পাই হেৰুৱাৰ বেজাৰ, নিশাৰ নিষ্টব্ধতা আৰু একেটা সময়ৰ আবেক বিবেকৰ অৰিয়া অৰিত মই ভিতৰি মানুহটো তেনেই জুৰুলী হৈ পৰিছো। সদায় এনে নহয়, প্ৰায়ে হয়। সক্ৰিয় আবেগ আৰু দূৰ্বল বাতাবৰণ এক হৈ মই আজৰি সময়খিনিত এনেকৈয়ে হেৰাই যাওঁ। মোৰ বাদে এই কথা কোনেও নাজানে। বিগত এটা বৰ্ষৰ মোৰ অস্বাভাৱিক পৰিৱৰ্তন মাৰ চকুত নপৰা নহয়। ভাতৰ মজিয়াত বহি সুধো নুসুধোকৈ মায়ে কেইবাদিনো সুধিছিল, “বাবা তই মানুহটো সলনি হৈছ। সদা স্ফুৰ্তিবাজ ল’ৰাটো ক’ত হেৰাই গৈছ? কচোন কি অসুবিধা হৈছে?” মাক আভুৱা ভৰিবলৈকে ওঁঠত কৃত্ৰিম হাঁহিটো লৈ মই গহীনাই কওঁ- “ধেত্ মা। একো অসুবিধা হোৱা নাই। সকলো ঠিক আছে। কেৱল কামৰ তাগিদা বাঢ়িছে। আৰু এতিয়াটো সৰু হৈ থকা নাই। সময়ে মানুহক সলনি কৰে। বয়সৰ প্ৰভাৱ। সাধাৰণ কথা। তই মিছাতে চিন্তা কৰি থাকিব নালাগে নহয়। সমস্যা উদ্ভৱ হলে প্ৰথমে তোকেই কম দে।“ বাহ্যিকতাত মায়ে মোৰ কথা মানি ললেও ভিতৰি আপচোচ ভাৱ এটা ৰৈ যায়। সন্দেহ, তেওঁৰ ল’ৰাই যেন মিছা মাতিছে। এৰা, সন্তানে মাক-দেউতাকৰ আগত মিছা মাতিলেও পাকৈত অভিনেতাৰ দৰে দক্ষ অভিনয়েৰে বুৰ্বক সজালেও ধৰা পৰিবই। মোৰ আৰু মাৰ ক্ষেত্ৰতো একেটা সূত্ৰ প্ৰযোজ্য। ডেইজী আৰু মোৰ মাজৰ দুবছৰযোৰা প্ৰেমৰ সম্পৰ্কৰ বিষয়ে তেওঁ একেবাৰ অজ্ঞাত নহয়। এবাৰ নে দুবাৰ তাই আমাৰ ঘৰলৈও আহিছে। আমাৰ সম্পৰ্কটোক লৈ মাৰ মুঠেই আপত্তি নাছিল। মোৰ ভাল বান্ধৱী বুলিয়েই কেতিয়াবা ফোনতে দুই আষাৰ কথা পাতিছিল, দুয়ো দুয়োৰে স্বাস্থ্যৰ খবৰ ৰাখিছিল। মাৰ মৰম, আকৃত্ৰিম আকুলতাত ডেইজীয়ে ভৱিষ্যতৰ অনিশ্চয়তাৰ পৰা মুক্ত হৈছিল আৰু মাক লৈ ময়ো সগৌৰৱেৰে তাইক মোৰ নিজৰ কৰি লোৱাৰ সপোনেৰে মত্ত আছিলো। সুখী আছিলো আমি। বুজাবুজিৰ অভাৱত আমাৰ দুয়োৰে মাজৰ সম্পৰ্কটো কোনোদিনেই দূৰ্বল হোৱাৰ সুযোগ লাভ কৰা নাছিল। তাতে মোৰ যৌৱনৰ প্ৰথম নাৰী হোৱাৰ সুবাদতে ডেইজীৰ প্ৰতি থকা অনুৰাগ আছিল কিছু সুকীয়া। নিজতকৈয়ো তাইক বেচি ভালপাইছিলো বুলি কলেও বঢ়াই কোৱা নহব। আচলতে ভালপাইছিলো নহয়, এতিয়াও ভালপাওঁ। পাৰ্থক্য কেৱল তেতিয়া তাই মোৰেই আছিল আৰু আজি তাই আন এজন পুৰুষৰ বিবাহিত পত্নী। দেউতাকে তাইৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰখন মোৰ হাতত গুজি দিয়া দিনাই সকলোৰে সন্মূখতে চিঞৰি চিঞৰি কৈ দিবলৈ মন গৈছিল, ডেইজীক মই ভালপাওঁ। তাইৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো। কোৱা নহল। মাৰ দৰেই কৃত্ৰিম হাঁহিটোৰে দেউতাকৰ হাতৰপৰা চিঠিখন হাতপাতি লৈ মই কোনোমতে মাতষাৰ দিছিলো- বিয়ালৈ যাবতো লাগিবই। ডেইজীক কব, তাই নিজে নামাতিলে মই কিন্তু বিয়ালৈ নাযাওঁ।“ সিমানেই কথা। আৰু কিবা খুজিছিলো, কোৱা নহল। বুকুৰে উজাই অহা বিষাক্ত বেদনাখিনিয়ে মোৰ দিঙিটো চেপা মাৰি ধৰিছিল। সেয়ে লৰালৰিকৈ হেলমেটতো মুৰত পিন্ধি বাইকখন ষ্টাৰ্ট দি মই সেই ঠাইদোখৰপৰা পলায়ন কৰিলো। চকুপানীখিনি বাধা দিব পৰা নাছিলো। ভাগ্য ভাল আছিল, হেলমেটটোৱে মোক উদ্ধাৰ কৰিলে। নিৰ্দিষ্ট দিন বাৰতে ডেইজীৰ বিয়াখন সুকলমে পাৰ হৈ গ’ল। মই বিয়ালৈ নগলো। অজুহাত এটাই তাইৰ বিয়ালৈ যোৱাৰপৰা মোক ৰক্ষা কৰিলে, ডেইজীয়ে নিজ মুখেৰে বিয়ালৈ নিমন্ত্ৰণ নিদিলে। ভালেই কৰিলো। বিয়ালৈ যোৱাহেঁতেন সকলোৰে সন্মূখত মই ধৰা পৰি গ’লোহেঁতেন। তেতিয়াটো হেলমেটতোৱে মোক ৰক্ষা কৰিব নোৱাৰিলেহেঁতেন। আৰু মোৰ উপস্থিতিত অপ্ৰয়োজনীয়ভাৱে ডেইজীৰো অশান্তি হ’লহেঁতেন!! আজিও একেটা কামেই কৰি আহিছো। তাইৰ চঞ্চল চকুজুৰিৰপৰা সদায় নিজক লুকুৱাই লৈ ফুৰিছো। এনকোৱা নহয় যে তাইক এবাৰ চাবলৈ মোৰ মন নাযায়। যায়, কোনোবা এটা দূৰ্বল মুহুৰ্তত মই নিজকে সংযত কৰি ৰাখিব নোৱাৰো। তেতিয়াই আবেগ আৰু বিবেকৰ মাজত তুমূল সংঘৰ্ষ হয়। সদৌ শেষত আবেগ নিশ্চুপ হৈ ৰৈ যায়, বুকুখনে কেঁকাই আৰু মগজুৱে শুদ্ধ সিদ্ধান্ত বুলি হাত চাপৰি বজাই মোৰ ৰং চাই। দিন বাগৰৰাৰ লগে লগে বিষাদ বেদনাবোৰো মগজুৰ ইচ্ছামতে পৰিচালনা কৰিব পৰা হলো। তাৰ মাজতে তাইলৈ বৰকৈ মনত পৰে। গভীৰ নিশালৈকে উজাগৰে ৰুৱাটো অভ্যাসত পৰিণত হ’ল। চৌপাশে কেৱল উকা উকা। একোকে দেখোন ভাল নালাগে। মনৰ বেথাবোৰ মনৰ মাজতে ৰৈ যায়। ডেইজীয়ে হয়তো একোকে গম নাপায়। জনাটোও নিবিচাৰো। যদি তাই সুখেৰে আছে থাকক সুখেৰে। নাথাকিলেও সুখী হোৱাটো বিচাৰো। হৃদয়ৰ নিভৃত কোণৰপৰা তাই সুখেৰে থকাটোৱেই কামনা কৰো। নিজকে নিজে কিমান বুজাম আৰু। জোনাকী ৰাতিবোৰত চটফটাই চটফটাই তাইকে বিচৰি ফুৰা পৰিক্ৰমাটো সলনি কৰিব পাৰিলেই যেন মই ৰক্ষা। প্ৰেম জীৱনৰ সৰ্বস্ব নহলেও এক এৰাব নোৱাৰা অংশ। সেয়েতো এই যন্ত্ৰণা। মাক মুখ খুলি কথাবোৰ নকলেও বুজে। অনুভৱ কৰে। মাৰ বাদে মোৰ ভিতৰৰ মানুহটোক উপলব্ধি কৰা দ্বিতীয়গৰাকী নাৰী কোন হব পাৰে? ডেইজী? ওহো, মোৰ ব্যক্তিগত স্বাৰ্থৰ ফালৰপৰা কবলৈ গলে তাই মোক বুজিব পৰা নাছিল। আনহাতে তাইৰ লগতে সিহঁতৰ পৰিয়ালটোৰ ইচ্ছাক গুৰুত্ব দি কবলৈ গলে তাই শুদ্ধ আছিল। ডেইজীৰ বিবেকৰ সৈতে ময়ো একমত। তিনিবছৰ চিনাকী ল’ৰা এজনৰ বাবে ২৪ বছৰৰ চিনাকী পৰিয়ালৰ মানুহখিনিৰ বিৰুধীতা কৰাটো তেনেই অনুচিত। ঠিক আছে, সময়ৰ যুক্তিপূৰ্ণ আহ্বান। গতিকে পৰিস্থিতিৰ আহ্বানক মই শ্ৰদ্ধা কৰিবলৈ বাধ্য। ময়ো সুখী হব লাগিব। এদিন নহয় এদিন ময়ো ডেইজীৰ দৰেই সময়ৰ সোঁতত মিলি পৰিব পাৰিব লাগিব। আৰু হয়তো দুটামান দিনৰ প্ৰয়োজন হব। সেয়ে ডেইজীৰ উপস্থিতিৰপৰা মই পলাই ফুৰো। নিজৰ মনটোৰ বিপক্ষে গৈ হলেও তাইক দেখাৰ পৰা মই নিজক লুকুৱাই ৰাখো। ইমানদিনে তাকে কৰি আহিছো।

ৰৈ আছা তুমিও। পৃথিৱীৰ কোনোবা এটা কোণত অধীৰ অপেক্ষাৰে ন-কইনাৰ লাজেৰে সাজি কাছি তুমিও ৰৈ আছা। মনৰ মানুহজন কাষত পোৱাৰ দুৰ্বাৰ হেঁপাহেৰে তুমিজনী অস্বস্তিত ভূগিছো। দৰা সাজি এদিন ময়ো ওলামগৈ তোমাৰ উদূলি মুদুলি ৰভাতলী। উকা কপালখনত সেন্দুৰীয়া সপোন এটা আঁকি দি মায়ে মৰমৰ জী জনী বুলি আঁকোৱালি ল’ব। মোৰ বিশ্বাস। তোমাৰ আকুল আহ্বানত হেৰাই যোৱা মানুহটো পুনৰাই উভতি আহিম। মা সুখী হ’ব। মই... তুমিও...। আধৰুৱা সপোনটো একাষৰীয়াকৈ ৰাখি ময়ো নকৈ সপোন এটাত একাত্ম হৈ পৰিম। তোমাৰ গুলপীয়া ওঁঠৰ কেনভাচত মোৰ উশাহৰ প্ৰতিচ্ছবি আঁকোতে আজিৰ বন্দী কোঠাটোৰ বাহিৰৰ জোনাকজাক কেনিবা পলাব। মাঘমঘীয়া কোনোবা এটা ৰাতি তোমাৰ প্ৰাণচঞ্চল হাঁহিৰ খিকিন্দালিত ঠেটুৱৈ ধৰা জাৰজাক নিলাজ হৈ ধৰা দিব। সজোৰেৰে মোক সাৱটি ল’বা.... ময়ো তোমাক......। পুৰণি দিনৰ কথাবোৰে আমনি দিবলৈ আহৰি পাব বুলি তুমি ভাবানে? সুযোগ নিদিবা। তোমাৰ দায়িত্ব গুৰু। তুমিয়ে অন্তিম ভৰষা। মই জীয়াব বিচাৰো, তোমাৰ হৈ তোমাৰ বাবে। তুমি মোৰ বাবে.......। কোন সেই তুমিজনী?? কোন??

- ওৱা, এইজনী কোন অ? কোন ডেইজী? অ তাৰমানে আজিহে গম পালো। মোক বিয়া পতাৰ আগতে তোমাৰ আৰু এজনীৰ লগত লেটি-পেটি আছিলা? মিছলীয়া, তুমি মোক ইমানদিনে কিয় কোৱা নাছিলা?

মোৰ বুকুত মুৰ থৈ একান্তমনেৰে ৫ বছৰৰ আগৰ ডায়েৰীখনৰ বিশেষ পৃষ্ঠা এটা পঢ়ি থকাৰপৰাই আলক্ষিতাই একেকোবে উঠি বিচনাখনত বহি ল’লে। আলক্ষিতাৰ উত্সুক দুচকুলৈ চাই এনে লাগিল যেন পৃথিৱীৰ বিশেষ পৰিঘটনা এটাক লৈ বিজ্ঞানীৰ দৰে তায়ো সাংঘাটিক দাঙৰ ৰহস্য এটা উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে। আজি দিনতে মোৰ কিতাপৰ আলমিৰাটো খোচৰি ডায়েৰীখন পাই তাই ৰাখি থৈছিল। তাই হেনো পঢ়িব। মই এবাৰ বাধা দি চাইছিলো যে লোকৰ ডায়েৰী পঢ়িব নাপায়। মোৰ কথা কৈ শেষ হব নাপাওঁতেই তাই উভতি নধৰিলে বুলে “কি লোকৰ ডায়েৰী পঢ়িব নাপায়? বিয়াৰ দিনা জুইক সাক্ষী কৰি তুমি যে প্ৰতিজ্ঞা কৰিছিলো জীৱনে মৰণে দুয়ো একে হৈ থকাৰ সেয়া কি পাহৰিলা নেকি? জোকাই নলবা দেই। কালিলৈ কঙালী বিহুটি কঙালী হৈয়ে থাকিব। কিবা খং উঠিলে এতিয়াই মাৰ ঘৰলৈ গুছি যামগৈ। গম পাবা।“ আলক্ষিতাৰ ভাবুকিত মোৰ উত্তৰ দিবলৈ একোৱেই নাথাকিল। তাই এনেই ফুটনী মাৰি ভাবুকি দিছে। মোৰ মাক এৰি ইমানটো সৰু কথাৰ বাবে তাই মাকৰ ঘৰলৈ যাব পাৰিবও লাগিব নহয। তথাপিও ডায়েৰীখনত মোৰ কলেজীয়া দিনতে লিখা গল্প দুটামানৰ বাদে আন আপত্তিজনক বিশেষ কথা নাছিল বাবে ময়ো আৰু জোৰ নকৰিলো। ভিতৰি কিন্তু এই বিশেষ পৃষ্ঠাটোৰ কথাখিনিৰ বাবে ভয় খাই আছিলো, যিখিনি পঢ়াৰ পাচত আলক্ষিতাই মোক প্ৰশ্ন সুধি মাৰিব বুলি তেতিয়াই নিশ্চিত আছিলো। এই দুপৰ ৰাতিখন এওঁৰ লগত চুপতি মাৰিব গলে মই শেষ। কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হৈ যাব। সুখৰ সংসাৰ ভাঙি চুড়মাৰ হৈ থাকিব। আমাৰ বিয়াৰ ছমাহ হোৱাই নাই। মই তাইক বুজাই মেলি শান্ত কৰাই উচিত হব বুলি গণ্য কৰিলো। আমাৰ শুৱনি বিচনাখনৰ গাতে লাগি থকা পকী দেৱালখনত আউজি থকাৰপৰাই মই আলক্ষিতাৰ মুখলৈ চাই শান্তস্বৰেৰে কলো,
- মোৰ সোণজনী অ। সেইখন আজিৰপৰা প্ৰায় ৮ বছৰমান পুৰণি ডায়েৰী। ডায়েৰী নহয় ঠিক ন’টবুক। তুমি দেখোন জানাই এটা সময়ত মই খুউব প্ৰেমৰ গল্প লিখিছিলো। সেইটো গল্পৰে এটা অংশ আছিল অ। অ মোৰ সোণজনী। তুমিয়ে মোৰ প্ৰেম, ভালপোৱা, মানুহজনী সকলো।
- বিশ্বাস হোৱা নাই। গল্প, কবিতা, প্ৰবন্ধ লিখা মানুহবোৰৰ লেখনিত লেখকৰ নিজৰ জীৱনৰ এটা ছাঁপ থাকেই। তোমাৰ আগৰ গল্পবোৰ পঢ়ি এনেকোৱা লাগে যেন তোমাৰ জীৱনত কোনোবা এগৰাকী নাৰী আহিছিল যি এটা সময়ত আতৰি গৈছিল। আৰু তাৰেই বেজাৰত তুমি কেতিয়াবা নিসংগতাত ভুগা। মই বিয়াৰ পাচত মন কৰিছো, মোৰ উপিস্থিতটো হঠাতে এক- দুই মিনিটৰ বাবে তুমি মানুহটো হেৰাই যোৱা।
আলক্ষিতাই একে উশাহতে কথাখিনি কৈ হাতৰ ডায়েৰীখনৰ পৃষ্ঠা লুটিয়াই কিবা এটা বিচাৰিলে।
- বুজানা তুমি। সেইবোৰ চখতে লিখা গল্প। তেতিয়া বিষাদ মোৰ প্ৰিয় বিষয় আছিল। আৰু মোৰ বহুকেইজন বন্ধুৰ প্ৰেমিকাৰ বিয়া হৈ যোৱাৰ পাচত সিহঁতৰ অসহায় অৱস্থাটো নিৰীক্ষণ কৰি মই কিবা লিখিবলৈ সুযোগ পাইছিলো। কাৰণ সিহঁতৰ দুখবোৰ মোৰ সৈতে ভগাই লৈছিল। আমি বুজনি দিছিলো। বিচ্ছেদৰ বিৰহ নিজে উপভোগ কৰাৰ সুবিধা নাপালেও নিচেই কাষৰপৰা দেখিছিলো। আজিকালি সময়ৰ অভাৱ। সেয়ে একো লিখা নহয়।
কথাখিনি কৈ মই হাতৰ ম’বাইলটোৰে গুগুলত বিলাসী কাৰবোৰৰ দৰ দাম, ফিডবেক আদিবোৰ পৰীক্ষা কৰাৰ আধৰুৱা কামটোত পুনৰ মনোনিবেশ কৰিলো।
- গল্পৰ কথা বাৰু বাদ দিলো। কিন্তু তোমাৰ সেই লাইনকেইটা সম্পূৰ্ণ নিজৰ যেন অনুভৱ হৈছে। সঁচা কথা কোৱানা মোৰ সোণটো।
কথাৰ মাজতে আলক্ষিতাই আহি পুনৰ মোৰ বুকুৰ মাজ পালেহি। তাইৰ আবেগবিহ্বল চকুজুৰিয়ে মোৰ চকুলৈকে চাই আছে। মই ম’বাইলটো কাষতে থৈ সোঁহাতখনেৰে আলক্ষিতাক মেৰিয়াই ল’লো। মোৰ থুতৰিত তাইৰ কপালখন।
- সঁচাকৈয়ে কৈছো। তোমাৰ আগত মিছা মাতিবলৈ কি আছে। তোমাৰপৰা অভাৱ বুলিবলৈ একো অনুভৱ কৰা নাই। সম্পূৰ্ণ সুখী। মই কামনা কৰাতকৈ বহু কিবা দিছা। তাৰ পাচত মিছা কিয়া মাতিম? আৰু তুমি মোক বুজা। সঁচা কথাটো কলেও তুমি দেখোন বুজিয়ে পাবা। গতিকে মিছা মতা কথাটো অপ্ৰাসংগিক।

আলক্ষিতাই বাহ্যিকতাত কঠোৰতা দেখালেও ভিতৰি মানুহজনী তেনেই ঠুনুকা। মৰম আকলুৱা স্বভাৱটোৰ বাবে তাই আমাৰ পৰিয়ালটোৰ সকলোৰে প্ৰিয়। বিশেষকৈ মাৰ মনত। ময়ো তাইক সৰ্বস্ব উজাৰী ভালপাওঁ। আমাৰ সম্পৰ্কটোত অশান্তি হব পৰা জোখাৰে মই কোনোধৰণৰ সুৰুঙা ৰখা নাই। আলক্ষিতাক লৈ মই ভাগ্যৱান। তথাপিও তাইৰ আজিৰ প্ৰশ্নটো প্ৰাসংগিক। মোৰ ডায়েৰীৰ বিশেষ পৃষ্ঠাটোৰ নিৰ্দিষ্ট কথাখিনি গল্পৰ অংশ নাছিল। সেইখন ৫ বছৰৰ পুৰণি ডায়েৰী হলেও সেই নিৰ্দিষ্ট অনুভৱখিনি আলক্ষিতাৰ সৈতে বিয়াৰ দিন বাৰ নিশ্চিত হোৱাৰ বিশেষ ৰাতিটোৰ। কেতিয়াবা পৰিস্থিতি সাপেক্ষে মিছা মতাটোও জৰুৰী। সঁচা কথাটো কোৱাহেঁতেন কালিলৈ কঙালী বিহুটো সঁচাকেই কঙালী হৈ ৰ’লহেঁতেন। মই আলক্ষিতাৰ সৈতে বৰ্তমানৰ ভেঁটিত ভৱিষ্যতটো সুন্দৰকৈ আগুৱাই নিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এইক্ষেত্ৰত অতীতৰ পাহৰি পেলোৱাটো মোৰ বাবে বাধ্যতামূলক। মই দুয়োখন হাতেৰে সজোৰে আলক্ষিতাক সাৱটি ল’লো। তায়ো কুচি-মুচি কোনোধৰণৰ প্ৰশ্নৰ অৱতাৰণা নকৰাকৈ আনদিনাৰ দৰেই চকুহাল মুদি মোৰ বুকুৰ মাজত আৱদ্ধ হৈ থাকিল। বন্দী কোঠাটোৰ বাহিৰৰ জোনাক এমোকোৰা কাঁচৰ খিৰিকীখনৰে সৰকি আহি আলক্ষিতাৰ মুখমণ্ডলত বিয়পি পৰিলহি। তাইৰ অজ্ঞাতে দিঘলকৈ হুমুনিয়াহ এটা এৰি বুকুখন পাতলাই ল’লো আৰু আলক্ষিতাৰ কাণে কাণে ফুচফুচাই কলো- “কালিলৈ কঙালী বিহু বুলি তুমিও আজি ৰাতিটো কঙালী কৰিয়ে ৰাখিবানে?
এক্ষন্তেক সময় তভক মাৰি ৰৈ আলক্ষিতাই তপৰাই মোৰ গালত চুমা এটা আঁকি ক’লে- “ কাতি বিহুটো নামতহে কঙালী। অসমীয়া জাতিটোক আণ্ডাৰএষ্টিমেট নকৰিবা। চৌপাশে বানপানী, অভাৱ অনাটনৰ মাজতো হেঁপাহৰ বিহুটিক আদৰিবলৈ গোটেই অসমবাসীৰ তত্পৰ। সন্ধ্যা সময়খিনি কালিলৈ কিমান যে ভাল লাগিব... ময়ো সাংঘাটিক এক্সাইটমেন্টত আছো। প্ৰথমবাৰৰ গাঁৱৰ সেউজী পথাৰখনৰ বোকা- পানী গচকিবলৈ সুযোগ পাম.... হেঁপাহৰ সুখৰ ঘৰখনৰ কেঁচামাটিৰ চোতালত তূলসীৰ তলত চাকি-বন্তি জ্বলিব....। গতিকে আজি ৰাতিটো কিয় কঙালী হব? আই লাভ ইউ। তোমাক ধেমালী কৰিহে আছিলো। তোমাৰ অতীতৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই। মই সুখী... সুখী হৈ ৰ’ম। অসুখী হবলৈ অজুহাতৰ অভাৱ। তুমি দেখোন মোৰ হৈ মোৰ বাবে মোৰ উশাহতে আছা!!”