আৰ্তনাদ

- "প্ৰেম বিহীন জীৱন নিমখ নোহোৱা ভাতৰ দৰে" বুজিছ'? জানজনী, সোণজনী, অ মোৰ কলিজাজনী বুলিবলৈ এজনী নাথাকিলে সময়বোৰ কিবা প্ৰাক স্বাধীনতা যুগৰ জীৱন প্ৰণালী যেন অনুভৱ হয় অ'
- প্ৰেম? তই আকৌ কোনটো প্ৰেমৰ কথা কলি?
- মানে?
- ধেই মূৰ্খ৷ প্ৰেমৰ প্ৰকাৰ অনেক৷ মাতৃপ্ৰেম, ভাতৃপ্ৰেম, ভগ্নীপ্ৰেম, প্ৰকৃতিপ্ৰেম, অবৈধ প্ৰেম, বিপৰীত লিংগৰ প্ৰতি প্ৰেম, যান্ত্ৰিক প্ৰেম, দৈহিক প্ৰেম……
- চুপ
বন্ধ কৰ কামোৰ নিদিবি
- মই নিৰামিষভোজী বুলি নাজান' নেকি?
 
- জানো দে
তই নিৰামিষভোজী বলীয়া……!
- কুকুৰ?
- নহয়!
- বাঘ?
- নহয়

- কি তেন্তে?
- মানুহ

- অ হয় নেকি?
- হয়
 
- ভাল কথা

- জানো

- খুউব ভাল কথা

- হব পাৰে

- আটাইতকৈ ভাল কথা

- ঐ পাগল, তোৰ হ'ল কি? আৰু এটাও কথা নকবি

- এতিয়াহে ভাল হ'
হব দে নকওঁ তয়ে ক'…

তাই ৰৈ গৈছিল
'ম বুলিও কোৱা নহ' সিটো চিধাই না কব তাৰ কমন ডায়লগ- "মোতকৈ বহুত ভাল ল'ৰা পাই যাবি মোৰ স'তে তই সুখী হব নোৱাৰিবি জীৱনটো লক্ষ্যবিহীনভাৱে চলি আছে চলি যাব দিছো চলি থাকক এনেকৈয়ে মই সুখী একো বাৰ্ডেন নাই জীৱনটোত একদম বিন্দা‍ছ যি কৰিছো, নিজৰ মতেই নিজৰ সুখ, দুখ নিজৰ মাজতেই সামৰি ৰাখিছোঁ বচ, মই সুখেৰে আছোঁ তই নাহিবি মোৰ জীৱনলৈ কেতিয়াও ভুলটো নাভাবিবি ভাবিলেও মই একো কৰিব নোৱাৰো তই মোৰ খুউব ভাল বান্ধৱী, এনেকৈয়ে থাক মোক মোৰ মতে জীয়াব দে"

- ঐ গৰুকি ভাবিছ'??
 
বিমানৰ মাতত অপৰাজিতাৰ সম্বিৎ ঘূৰি আহিল
 
- নাই, একো নাই অ'…
তাই মিছা মাতিলে

- মই যাওঁ দে
 
সি বহাৰপৰা থিয় হৈ ক'লে

- 'লৈ যাৱ? ৰহচোন
আচল কথাটো থাকিয়ে গ'ল দেখোন
- কি কথা? জল্দি ক'… বস্তুবোৰ পেকিং কৰিব আছে
হাতত সময় তাকৰ
সি আকৌ আগৰ ঠাইতে বহি দিলে
 
- কথা সলাব নাহিবি
স্পন্দিতাৰ প্ৰপ'জেলটোৰ কথা সুধিছোঁ এচেপ্ত কৰি দে আকৌ 
- অও, কথাৰ গুৰি কৰবাত মানে? সেয়ে ডায়লগ মাৰি আছিলি- "প্ৰেমবিহীন জীৱন…"
- অ আকৌ
মই মানে বিপৰীত লিংগৰ প্ৰেমৰ কথা কৈছিলো তোক
- নমস্কাৰ দেই
এই প্ৰেম চেম মোৰ দ্বাৰা নহব সকলো মিছা বিপৰীত লিংগৰ প্ৰেমত ৫ মিনিটৰ সুখ, দহ মিনিটৰ দুখ নালাগে দে মোক জানটো, সোণটো, দেহাটো বুলি মৰম চেলোৱা এজনী নহলেও হব 
মই যাওঁ
ভালদৰে থাকিবি আকৌ কেতিয়া লগ পাম তাৰ ঠিকনা নাই তহঁতক বাৰুকৈয়ে মিচ্ কৰিম অ'…

শেষৰফালে বিমানৰ মাতটো কৰুণ হৈ ফুটিছিল
অপৰাজিতাই তাৰ চকুলৈ চালে বিমানে তাইৰ চকুলৈকে চাই আছে তাৰ চকুত বিন্দু বিন্দু পানীৰ টোপাল অপৰাজিতাই মুখখন বিপৰীতফালে ঘূৰাই দিলে বিমানৰ চকুত চকু থৈ বেছিপৰ ৰবলৈ তাইৰ সাহসৰ অভাৱ কিবা এটা কবলৈ তাই অপ্ৰাণ চেষ্টা চলালে ওহো, তাই বাকৰুদ্ধ।

খৰখোজেৰে অহাবাটেৰে সি উভটি গ'লগৈ


সি যোৱাৰফালে তাই ভেবা লাগি চাই থাকিল
বিমানে এবাৰো উভটি নাচালে ক্ৰমশঃ সি আবেলিৰ কুঁৱলীজাকত মিলি পৰিল অপৰাজিতাৰ চেপা আৰ্তনাদে তাক ঢুকি নাপালে