পৰিচয়

বৌয়ে কন্দনামুৱা কণ্ঠেৰে মোলৈ ফোন কৰিছিল, ভতিজী আস্থাক আগৰাতিয়ে হাস্পটালত ভৰ্তি কৰা হৈছে। ডাক্তৰে বৰ্তমান তাই বিপদমুক্ত বুলি ঘোষণা কৰা সত্ত্বেও ঘৰৰ মানুহখিনিৰ লগতে হাস্পটাল কতৃপক্ষ বিপাঙত পৰিছে, মই তাইৰ কাষলৈ নোযোৱালৈকে তই হেনো একো নাখায়। প্ৰকল্পৰ কাম আধাতে এৰি শ্বিলঙৰ অকোৱা-পকোৱা ৰাষ্টাটোৰে পগলাটো হৈ গাড়ী চলাই মাত্ৰ কেইঘন্টামানৰ ভিতৰতে মই গৈ আস্থাৰ কাষত উপস্থিত হৈছিলোগৈ..। চেলাইনৰ বেজিবোৰে খুচি বিন্ধি থকা-সৰকা কৰা তাইৰ কোমল হাতখনেৰে মোক ভালকৈ সাৱটি লব পৰা নাছিল। তাই লেবেজান হৈ কোনোমতে মোৰ চকুত চকু থৈ চাইছিল, এবাৰত হাঁহিছিল। মই হুকহুকাই কান্দি দিয়োতে তাই গাৰুটোৰপৰা সামান্য মুৰটো দাঙি মোৰ কপালত চুমা এটা আঁকি দিছিল। মই একো কব পৰা নাছিলো। ওচৰতে মন মাৰি ৰৈ থকা দাদা, মা, তাইৰ মোমায়েক, আইতাক, আৰু শুভাকাংক্ষীসকলে কিছুপৰিমাণে সকাহ অনুভৱ কৰিছিল। বৌৰ ওখহা চকুজুৰিলৈ সেইসময়ত মই চোৱাৰ সাহস কৰা নাছিলো। সেইসময়তে ঘৰৰ ৰান্ধনি ল’ৰাটোৱে ধোঁৱাই থকা মগুৰ দাইলৰ বাটিতো মোৰ হাতত গুজি দিছিল। মই চামুচপাতেৰে গৰম দাইলখিনি ফুৱাই ফুৱাই ঠাণ্ডা হোৱা যেন লগাত তাইৰ ওঁঠত লগাই দিছিলো... তাই মুখখন মেলি দিছিল আৰু এনেকৈয়ে এটা সময়ত তাই দাইলখিনি খাই শেষ কৰি পেলাইছিল। হাস্পটালৰ সেই সৰু বিচনাখনতে সেইদিনা ওৰে ৰাতি উজাগৰে ৰৈ তাইক বুকুৰ মাজত সাৱটি দীঘল চুলিকোচাত হাত বুলাই থাকোতে নিজকে বৰ অপৰাধী যেন অনুভৱ হৈছিল। আস্থাই টোপনীৰ মাজতে কেইবাবাৰো উচপ খাই উঠিছিল, মই সজোৰেৰে তাইক সাৱটি লৈছিলো। ক্লান্ত মোৰ চকুজুৰিৰ কোণ এটা তেতিয়াও সেমেকি আছিল। আস্থাই গম পোৱা নাছিল। পাছদিনা ডাক্তৰে তাইক মুকলি কৰি দিলে। ঘৰলৈ লৈ আহিলো। ক্ৰমশঃ গতানুগতিক জীৱনটো আৰম্ভ হ’ল। আস্থাক স্কুললৈ লৈ যোৱা, স্কুলৰপৰা ঘৰলৈ অনা.. সন্ধ্যা শিয়াল-বান্দৰৰ সাধু শুনোৱা, কাষতে বহি থাকি হ’মৱৰ্ক কৰোৱা, ৰাতি কোলাত লৈ ভাত খুৱাই দিয়া, ভাত খাই আকৌ তাইক সাৱটি লৈ টোপনীৰ ভাও জুৰা...। আস্থা টোপনী যোৱাৰ পাছত মই আকৌ উৰে ৰাতি ব্যস্ত হৈ পৰো ব্যৱসায়ৰ কাম-কাজবোৰৰ সৈতে। যোৱা তিনিটা বছৰত মই এই জীৱন প্ৰণালীটোৰ সৈতে অভ্যস্ত হৈ পৰিছো। ৰাতি খুউব বেছি তিনিঘন্টামান সময় টোপনী গৈ আকৌ দিনটো যান্ত্ৰিক জগতখনৰ সৈতে ব্যস্ত হৈ পৰো। দুখ, হুমুনিয়াহ, ক্লান্তি অৱসাদ আদিবোৰৰ সৈতে সহবাস কৰিবলৈ এক মূহুৰ্ত সময়ো সুযোগ নাপাওঁ। আস্থাই মোৰ সৰ্বস্ব। মোৰ হেঁপাহ, হাবিয়াস, হাঁহি কান্দোন এই সকলোবোৰ মোৰ একমাত্ৰ ভতিজিজনীৰ ওচৰতে সীমাবদ্ধ।
দাদাই কওঁ নকওঁকে কৈছিললে, আস্থাৰ অভ্যাসটো বেয়া হৈছে। তাইৰ আঁকোৰগোজ স্বভাৱটো একেদৰে থাকিলে পাছলৈ অসুবিধা হব। শ্বিলঙৰ প্ৰকল্পটো আধাতে ৰৈ যোৱাত সি হয়তো সহজ হব পৰা নাছিল। আচলতে আস্থাৰ লগত লাগি থাকোতে মই মোৰ ব্যৱসায় জগতখনৰপৰা বহুসময়ৰ বাবে আতৰি থাকিব লগা হয়। তাৰ বাবে ক্ষতিও হয়। তাক লৈ মোৰ অলপো আক্ষেপ নাই। অথচ দাদাৰ কথাষাৰি মোৰ সিদিনা ভাল নালাগিল। জানো, সেয়া তাৰ মন্তব্য নহয়। বৌৰ মনৰ আশংকাখিনিক মই প্ৰতিবাদ কৰিবও বিছৰা নাই। কিন্তু সত্যক অস্বীকাৰ কৰাৰ মোৰ সাহস একেবাৰে নাই, আস্থাৰ অবিহনে মই এদিনৰ বাবেও উশাহ ল’ব নোৱাৰো।
শ্বিলঙৰ প্ৰকল্পটোৰ বাবে এটা বছৰ যুঁজিছিলো। লাইচেঞ্চৰপৰা আৰম্ভ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিনিয়োগকাৰীসকলৰপৰা টকা সংগ্ৰহ কৰালৈকে মোৰ ছটা মাহ খাৱন-শুৱন নোহোৱা হৈছিল। সেইসময়ত মই ক্ৰমশঃ আস্থাৰপৰা আতৰি অহাৰ দৰে অৱস্থা এটাৰ সৃষ্টি হৈছিল। তাই অবুজ মনটোৱে মোৰ অনুপস্থিতিক সহ্য কৰিব নোৱাৰা বাবেই হয়তো দিনক দিনে আঁকোৰগোজ হৈ গৈ আছিল। স্কুললৈ যাবলৈ মন নকৰা, ভাত নোখোৱা বাবে মাকৰ ধমক খাই ৰাতি উচুপি উচুপি এটা সময়ত দেউতাকৰ বুকুত মুৰ গুজি টোপনী যোৱা, ৰাতিপুৱা সাৰপাই উঠি খুড়াকক নাপায় আকৌ ঠুনঠুনাই থকা আদি বদ অভ্যাসবোৰ মাকে সহজভাৱে লব পৰা নাছিল। সিদিনা মই কেইবাদিনৰ মুৰত এঘন্টাৰ বাবে ঘৰলৈ উভতিছিলো। সেই এঘন্টা সময় আস্থাৰ ওজৰ আপত্তিবোৰ খণ্ডন কৰোতেই পাৰ হৈ গৈছিল। সময় হৈছিল শ্বিলঙলৈ উভতি অহাৰ। তাই বাধা দিছিল, মোৰ হাতখন খামুছ মাৰি ধৰি তাই এৰি দিয়া নাছিল। মৰেমেৰে বুজাই বহাই বলে নোৱৰাত মই শ্বিলঙলৈ নহাৰ সিন্ধান্ত ল’লো। কি জানো হ’ল হঠাতে বৌয়ে আহি তাইক ধমক দিলে, তাই কান্দি দিয়াত মাকে চৰ এটা সুধালে। গালখন ৰঙা পৰি আঙুলিৰ চিন বহি গ’ল। খঙৰ ভমকত মই হাতৰ লেপটপতো পকী ওৱালখনলৈ দলিয়াই দিয়া ভাঙি চূৰ্ণ-বিচূৰ্ণ হৈছিল। মই তাতে ৰৈ থাকিব পৰা নাছিলো, কালৈ জানো ইমানকৈ খং উঠিছিল নাজানো, মই গাড়ীখন অকলেই চলাই আহি শ্বিলং পাইছিলোহি...। ওৰে ৰাতি মদ্যপান কৰি কান্দিছিলো, স্পৰ্ধাৰ বুকুত মুৰ গুজি এৰাতি কটোৱাৰ হেঁপাহত বলীয়াটো হৈ পকী ওৱালখনত মুৰটো আচাৰিছিলো। পাহৰি পেলাইছিলো, সইসময়ত স্পৰ্ধা নিজৰ জগতখনত বিশ্বাসী সংগীজনৰ বুকুত মুৰ গুজি সুখৰ এঘূমটি মৰাত ব্যস্ত। আস্থালৈ বৰকৈ মনত পৰিছিল। টকা, ক্ষমতা, সমীহ, সম্পত্তি এই সকলোবোৰৰপৰা আতৰি গৈ কণমানিজনীক বুকুত সাৱটি শান্তিৰে উশাহ এসোপা লোৱাৰ হেঁপাহত মই উদগ্ৰীৱ হৈ পৰিছিলো। চকুপানীৰে সেমেকাই তুলা শিতানৰ গাৰুটো সাৱটি এটা সময়ত শুই পৰিছিলো। আৰু ম’বাইলটোৰ চুইটচ অফ থকা বাবেই আস্থাক ৰাতিয়ে হাস্পটালত ভৰ্তি কৰা খবৰটো পাছদিনাহে লাভ কৰিবলৈ সক্ষম হৈছিলো। দোষবোৰ নিজৰ ওপৰতে জাপি থৈ মই পুনৰাই গৈ আস্থাৰ কাষত উপস্থিত হৈছিলোগৈ। আস্থাৰপৰা আতৰি মই তেনেই বিধস্ত।
আস্থা দাঙৰ হ’ল। সলনি নহ’ল। মোৰ সুখৰ সংজ্ঞাটোও একে থাকিল। সিদিনা মেট্ৰিকৰ শীৰ্ষ দহটা স্থানৰ প্ৰথম স্থান লাভ কৰি সাংবাদিকসকলৰ আগত সাক্ষাত্কাৰ প্ৰদান কৰোতে মই অৰুণাচলৰ বিশেষ প্ৰকল্প এটাৰ কামত ব্যস্ত আছিলো। বৌয়ে কন্দনামুৱা কণ্ঠেৰে ফোন কৰিছিল। কেইবাঘন্টা পলমকৈ ঘৰখনত উপস্থিত হৈ টি ভি তো অন কৰি মই হতবাক হৈছিলো... আস্থাই কান্দি কান্দি ভীৰ ভেদি খুড়াকক বিছাৰি বলীয়াজনী হৈছিল। তাৰ মাজতে সাংবাদিকসকলে আগুৰি ধৰাত তাই কান্দি কান্দি কৈছিল, “প্লিজ আপোনালোকে মোৰ ফলাফলটো এতিয়াই কাকো নকব। মই সকলোতকৈ আগতে খুড়াক জনাব বিছাৰো... প্লিজ...।“ সংবাদজগতখনে তেতিয়ালৈকে জনা নাছিল অসমৰ আগশাৰীৰ উদ্যোগপতি আকাশজ্যোতি কাশ্যপৰ একমাত্ৰ ভতিজিজনী আস্থা বুলি...। তায়ে পৰিচয় কৰাই দিলে, আস্থাৰ খুড়াকহে উদ্যোগপতি আকাশজ্যোতি কাশ্যপ....।