গৌৰৱ

আকাশক যেতিয়াই আচুতীয়া টকাৰ প্ৰয়োজন হয় তেতিয়াই সি মাকৰ কাষ চাপে। স্কুল-কলেজৰ ফিজ, চাৰ্ট-পেন্ট, গাড়ী ভাড়া আদি মৌলিক প্ৰয়োজনবোৰৰ চাহিদা পূৰণৰ খৰচ বহনৰ দায়িত্ব দেউতাকৰ। মন্দিৰলৈ যোৱা, ৰেষ্টুৰেন্টত কিবা খোৱা, লগৰ কাৰোবাৰ জন্মদিনৰ উপহাৰ প্ৰদান কৰা আদি আচুতীয়া কামবোৰৰ বাবে যি টকাৰ প্ৰয়োজন হয় সেয়া তাক মাকে জোগাৰ ধৰে। বাস্তৱবাদী দেউতাকে নিজৰ জন্মদিন পাতি নাপালে বাবেই পুতেকৰ জন্মদিন পাতিব নিদিয়ে আৰু সেয়ে তাৰ লগৰ কাৰোবাৰ জন্মদিনৰ পাৰ্টীলৈ যোৱাৰ অনুমতি প্ৰদান নকৰে। কৰ্মসূত্ৰে মানুহজন ঘৰৰপৰা বাহিৰত থকাৰ লগতে পুতেকৰ প্ৰতি থকা অগাধ বিশ্বাস আৰু মমতাখিনিৰ খাটিৰতে মাকে একমাত্ৰ ল’ৰাটোক দেউতাকৰ আৰ চকুৰে মুকলি আকাশখনৰ তলত বহুক্ষেত্ৰত অকলে এৰি দিয়ে। মাকৰ মতে, মানুহৰ অভিজ্ঞতাৰে অৰ্জিত শিক্ষাৰ গুৰুত্ব আৰু প্ৰয়োগ শুনি-পঢ়ি শিকাতকৈ বহু বেছি। মেট্ৰিকৰ ফলাফলৰপৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় পৰ্য্যায়লৈকে আকাশৰ আনুষ্ঠানিক শিক্ষাৰ যি ফলাফল তাৰপৰা মাক-দেউতাক তৃপ্ত।

আকাশে যেতিয়াই শান্ত কোমল মাতটোৰে মাকৰ কাষ চাপি টকা এহেজাৰ বিচাৰে মাকে তেতিয়াই বুজি উঠে, হয়তো স্পৰ্ধাৰ জন্মদিন নতুবা সিহঁতৰ এনেভাৰচেৰী। মাকক সি ৫০০ টকা খুজিলে একো নকয়। কব লগা নহয়, টকাৰ উচিত ব্যৱহাৰ আকাশে খুউব ভালকৈয়ে জানে। অথচ তাৰ মুৰটো গৰম কৰি দুইমিনিটমান সময়ৰ বাবে খঙটো উঠাবলৈকে কয়, “লাজ নালাগে হা তোৰ? মোৰপৰা যে টকা নি প্ৰেম কৰিছ অলপো চৰম নাইনে?” আকাশৰ খং উঠে...। অভিমানী হৈ মাকক কয়, “নালাগে যোৱা তোমাৰ টকা। যেতিয়া উপাৰ্জন কৰিম, তেতিয়া তোমাক দেুখুৱাই দেখুৱাই আমি দুটাই কেক খাটি খাম।“ মাকে আকৌ কয়, “অশলাগী কটা... তই মানে টকা ঘটি সেইটোহে কৰিবি..। মোক একো নিদিয়?” আকাশে কয়, “তোমাৰ মানুহটোৰ টকাৰ অভাৱ হৈছে নেকি? নিদিওঁ মই। তোমাৰ পতিদেৱৰ টকাৰে এতিয়া মোক ফুটনী মাৰি আছা নহয়। সময়ত ময়ো চাই ল’ম। হিচাপ হব।“ মাকে আৰু কথা দিঘলীয়া নকৰি তাৰ পকেটত হাজাৰটকীয়া নোটখন গুজি দি সিদিনা প্ৰথমবাৰৰ বাবে ক’লে, “নহয় অ সোণ। দেউতাৰ বিশাল সম্পত্তি অৰ্জনত মোৰ ভূমিকা তেনেই নগন্য। সেয়ে মোৰ অধিকাৰো সিমীত। মই কি ফুটনী মাৰিম? তইহে মোৰ আচল সম্পদ, গৌৰৱ। কালিলৈ ৫০০ টকাই উপাৰ্জন কৰ, সেইখিনিৰ মূল্য মোৰ বাবে বহুত বেছি হব।“

আকাশে একো নকৈ চুমা এটা খাবলৈ বুলি মাকৰ গালখনৰ কাষ চাপি যাওঁতেই মাকে তাৰ হাতত গুজি দিলে কেন্দ্ৰীয় চৰকাৰ বিশেষ বিভাগটোৰ বিশেষ চিঠিখন....। সি দহদিনৰ ভিতৰত পৰিকল্পনা আয়োগৰ বিশেষ বিভাগটোৰ বিশেষ বিষয়া হিচাপে যোগদান কৰিব লাগে...।