বাট নহয় অবাট

দেউতাই প্ৰথম আৰু অন্তিমটো পূৰ্ণহতীয়া চৰ সুধোৱা দিনা মই কন্দা নাছিলো। দেউতা সঁচাকৈয়ে লজ্জ্বিত হৈছিল। আচলতে স্কুলৰ প্ৰধান শিক্ষকজনেও পাছতহে বুজি উঠিছিল মই দোষী নাছিলো। মায়ে আজিকালি ৰঙা চকু নেদেখোৱাই, তেওঁৰ ল’ৰা দাঙৰ হ’ল। সেই কথা অফিচৰ বচে নুবুজে। যদিও তেওঁৰ দৰমহাৰ একাংশ কাঢ়ি লৈ মই মোক পোহপাল দি থকা নাই, তেওঁৰ কতৃত্বৰে মই অতৃপ্ত, আৱদ্ধ। বয়স আৰু অভিজ্ঞতাৰে তেওঁ মোক মোৰ ভুলৰ বাবে, অজ্ঞতা অথবা অপৰিপক্কতাৰ বাবে দুই এষাৰ কথা শুনোৱা বা প্ৰয়োজনত চৰ এটা সুধাই দিয়াত মোৰ আপত্তি থাকিব নোৱাৰে। কিন্তু কেৱল ক্ষমতা আৰু কতৃত্বৰ অধিকাৰী হৈ তেওঁ মন গলেই মোক নীতিবৰ্হিভূতঃভাৱে কামত খটাব, কটু কথা শুনাব মই সহ্য কৰিব নোৱাৰো। বয়স আৰু অভিজ্ঞতাৰে মই অপৈণত, অনভিজ্ঞ হলেও নিজস্বতাহীন সমাজৰ আৱৰ্জনা নহয়। এটা দুটাকৈ একেটা কাৰণতে লোভনীয় দৰমহাৰ কেইবাটাও চাকৰি এবছৰৰ ভিতৰত হেৰুৱালো। হেৰুৱালো নহয় মই নিজেই কাম এৰি দিছো। মোৰ স্বাভিমান, নিজস্বতা সদায় উৰ্ধত যাক লৈ মা অসন্তুষ্ট। নিজৰ ওপৰত থাকিবলগা বিশ্বাস আৰু যোগ্যতাখিনিৰে মই অপেক্ষাৰত, এটা সুদিন মোৰো আহিব যিদিনা মই সৰ্বস্ব উজাৰি পৰম তৃপ্তিৰে নিজৰ দায়িত্বখিনি নিয়াৰিকৈ পালন কৰি যাম। অসুবিধাত পৰিছো, নিবনুৱাৰ বুজাটো মুৰ পাতি লৈ অস্বস্তি অনুভৱ কৰিছো। হাতত নিগাজিকৈ কেইটামান হাজাৰটকীয়া নোট নাথাকিলে আজিৰ দিনত এখোজ আগলৈ দিবলৈকো সংকোচবোধ হয়। মাৰ সাচতীয়া টকাকেইটাৰে বাইকখনৰ তেল ভৰাই চহৰখনৰ অলিয়ে গলিয়ে কাম এটা বিছাৰি ফুৰাটো মোৰ পচন্দৰ বাহিৰৰ কাম। ঘৰত বহি থাকিলে টকা ঘটাৰ উপায় এটা কোনেও আহি দি নাযায়াহি, স্বাতীয়ে মোক বুজায়। মই উপলব্ধি কৰো। তাই মোক বহুবাৰ কৈছে, দেউতাকৰ ক’ম্পেনীটোত যোগদান কৰিবলৈ, তাইৰ বিশ্বাস ছফটওৱেৰ ইঞ্জিনীয়াৰিং জগতখনত মোৰ যি মেধা, আগ্ৰহ তাক গঠনাত্মক প্ৰয়োগেৰে তাত গৈ মই সুখী হ’ম, পৰ্যাপ্ত টকা উপাৰ্জন কৰিম। মোৰ ভয়, আকৌ যদি তাইৰ দেউতাকেও মোক কথা শুনায়?
দেউতাই ঘৰ সাজিবলৈ বহু টকাৰ লোণ লৈছিল। সেই লোণৰ আধাতকৈও অধিক টকা দেউতাকৰ চিকিত্সাৰ নামত ব্যয় হৈছিল। লোণ পৰিশোধ কৰা নহ’ল। বেঙ্ক কতৃপক্ষই মাজতে শেষবাৰৰ বাবে সকীয়নি দিলে, কিস্তি পৰিশোধ নকৰিলে এমাহৰ ভিতৰত ঘৰৰ ভেটিতো নিলাম কৰি পেলাব। মাৰ সাঁচতীয়া টকা শেষ হৈ আহিছে। তেওঁ মোক বাৰে বাৰে সকীয়াই দিছে, মই কিবা এটা কৰিব লাগে। স্বাতীকো চাবলৈ ধনী ঘৰৰ ল’ৰা আহিছে। মই নিজা পৰিচয় গঢ়িব লাগে। হাতত সময় তাকৰ। টকা লাগে, মোক পৰিচয় লাগে। স্বাতীৰ দেউতাকৰ মন মোহিবলৈ গৈ মই কিবা এটা সাংঘাটিক কাম কৰিব লাগে যাৰ বাবে তাইৰ দেউতাকে তেওঁৰ সুন্দৰী জীয়েকক মোৰ হাতত অৰ্পণ কৰিবলৈ বাধ্য হৈ পৰে। কি কৰো? অভাৱত আৱিস্কৰা হব নে স্বভাৱ নষ্ট হ’ব? মই আৱিস্কাৰ কৰো নে স্বভাৱ নষ্ট কৰো? হাতত সময় তাকৰ।
মামা, মাহী-মহা, পেহা-পেহী আদি পৰিয়ালৰ আটাইবোৰ মানুহৰ কাষ চাপিলো অলপমান টকা লাগে। লোণৰ এটা কিস্তিও পৰিশোধ কৰিব পাৰিলে মই যেন ৰক্ষা পৰো। সকলোৰে বিপদ, কোনোবাই গাড়ী কিনিছে, কোনোবাই ঘৰ সাজিছে, আন কাৰোবাৰ সন্তানে বাহিৰত বহু টকা খৰচ কৰি পঢ়ি আছে... সকলোৰে হাতত টকা শেষ। স্বাতীৰপৰা ধাৰলৈ টকা অলপ ল’ব পাৰি মই লোৱা নাই। নলওঁ। তাই ক্ষুব্ধ হৈ কেইবাদিনো মোক মাতবোল কৰা নাই। থাকক।
মাজত মাথো তিনিটা দিন। তিনিটা দিনৰ ভিতৰত মই ৩ লাখ টকা যোগাৰ কৰিব লাগে। আন্ধাৰে আৱৰা কোঠালীটোত ইটোৰ পাছত সিটো চিগাৰেট জ্বলি আছে। মই জ্বলাই আছো। চিগাৰেটৰ ধোঁৱাবোৰ মোৰ কোঠাটোৰ ভিতৰতে পাকঘূৰণি খাই ঘূৰি আছে। লেপটপতো উলিয়াই ল’লো। বহুবছৰৰ পাছত পুৰণি সপোন এটাই উক দিছে....। এইমূহুৰ্তত স্বাতী মোৰ বাবে এগৰাকী অচিনাকী নাৰী। তাইৰ বিশ্বাস ভংগ কৰিবলৈ, স্বভাৱ নষ্ট হোৱাৰ অপৰাধত দেউতাৰ আৰু এটা কাণতলীয়া চৰ খাবলৈ, মাৰ ৰঙা চকুজুৰিৰ পৰিবৰ্তে কৰুণ চাৱনিটোত আত্মহত্যা কৰিবলৈ মই মানসিকভাৱে প্ৰস্তুত, এইবাৰো নাকান্দো।