বৰষুণহীনতাৰ অসুখ

বাথৰুমত সূমাই স্পৰ্ধাই চাৱাৰটো খুলি দিলে। চেঁছা পানী এসোপাই তাইক তিয়াই পেলালে। তাই তিতি আছে।
মাকে বাৰে বাৰে কৈছিল, “মাজনী চাটিতো লৈ যা। বাৰিষাৰ দিন। বতৰটোৰ ওপৰত ভৰষা নকৰিবি।“ তাই ইচ্ছা কৰিয়ে চাটিতো বেগত ভৰাই লোৱা নাছিল। এজাক বৰষুণহে... আহকচোন। তিতিলেনো কি হব? কাপোৰবোৰ তিতিব, তিতিলে তিতক। শুকাই থকা কাপোৰযোৰ পিন্ধি থকা অৱস্থাতো জানো পুৰুষবোৰে ছোৱালীৰ দেহটোলৈ দৃষ্টি দিবলৈ এৰে? স্পৰ্ধাই বৰষুণ, পুৰুষ সমাজ কাৰোলৈকে ভয় নকৰে। তাই একমাত্ৰ নিজক ভয় কৰে। ছাটিতো নোলোৱাকৈ তাই গৈ কলেজ পালেগৈ। কলেজ চুটী হোৱা সময়তে দপালপিটা বৰষুণ এজাক আহিছিল। কলেজ গেটখনৰ ওচৰতে থকা কিতাপৰ দোকানখনত তাই তিতা গাটোৰে ৰৈ আছিল। দেহটোৰপৰা টোপটোপকৈ পানী সৰি পকী মজিয়াখনত তিতিছিল। দোকানীজন চিনাকী হোৱাৰ লগতে আন কেইবাগৰাকী যুৱতী তাইৰ ওচৰে পাজৰে ৰৈ থকা বাবে তাই অস্বস্তি অনুভৱ কৰা নাছিল। বৰষুণজাক এৰালৈ তাই ৰৈ আছিল। তেনেতে ৰাষ্টাৰ সিটো পাৰৰপৰা হাতত ছাটিতো লৈ বৰষুণজাকত তিতি তিতি প্ৰবোধে দৌৰি আহিছিল । তাইৰ হাতত ছাটিতো গুজি দি কৈছিল “পিঠিখন ঢাকি লোৱা। বাৰিষাৰ দিনবোৰত পাতল কাপোৰৰ চেলুৱাৰ পিন্ধি কলেজলৈ নাহিবা। আৰু পিন্ধিলেও দুটা বিপৰীত ৰঙ ব্যৱহাৰ নকৰিবা।“ প্ৰবোধে কি কব বিছাৰিছিল তাই বুজিছিল। তাই বগা ৰঙৰ চেলুৱাৰজোৰৰ লগত নিমিলাকৈ ক’লা ৰঙৰ অৰ্ন্তবাসটো পিন্ধিব লাগিছিল। প্ৰবোধে তাইক একো কোৱাৰ সুযোগ নিদি আকৌ বৰষুণজাকত তিতি তিতি গুছি গৈছিলগৈ। স্পৰ্ধাই সি তিতাক লৈ চিন্তা কৰা নাছিল, তাৰ হোষ্টেলটো ওচৰতে, সি বেছিকৈ নিতিতে..। বৰষুণজাক এটা সময়ত নোহোৱা হৈছিল। প্ৰবোধে দি যোৱা তাৰ ছাটিতো অব্যৱহৃত ৰূপত তাইৰ বেগতে ৰৈ গৈছিল। পাছদিনা তাক ঘূৰাই দিওঁতে সি অভিমান কৰি কৈছিল “সলনি নহলা আৰু ন? এটিটিউদ কিছুমান সলনি কৰিবাচোন। কেতিয়াবা তোমাৰে কষ্ট হব।” স্পৰ্ধাৰ গতানুগতিক প্ৰত্যুত্তৰটো হব লাগিছিল, “মোৰ যিয়ে নহওক, তুমি কিয় মুৰ ঘমাব লাগে।“ প্ৰবোধক তাই একোৱেই কব পৰা নাছিল, তাৰ ওচৰত তাই দূৰ্বল।
বৰষুণ বুলিলে পগলা প্ৰবোধে তাইৰ ডিগ্ৰীৰ ৰিজাল্ট পাই পগলাৰ দৰে জপিয়াইছিল। ১৪ কিঃ মিঃ দূৰত্ব বৰষুণত তিতি বাইক চলাই আহি টান জ্বৰত পৰিছিল। তাৰ খবৰ পায় তাই কোনেও নেদেখাকে উচুপিছিল। সি তেতিয়াই কেঁকাই কেঁকাই কৈছিল “তোৰ একো নহয় মই জীয়াই থকালৈকে। মই য’তেই নাথাকো কিয়, তোৰ বিপদৰ দিনবোৰত কৰবাৰপৰা হ’লেও মই আহি ওলামহি। তই ভয় নকৰিবি। মই জানো, মোৰ অনুপস্থিতিত তোৰ একো নহয়, খুউব বেছি নিৰাপত্তাহীনতাত ভূগিবি। তেতিয়া নাকান্দিবি। মই নাহিলেও তই নাকান্দিবি। তোৰ চকুৰ চকুপানী মোৰ সহ্য নহয়।“ সেইদিনাও স্পৰ্ধাই তাক মুখ খুলি কোৱা নাছিল- “তই কেতিয়াও আতৰি নাযাবি। তই আতৰি যাব নোৱাৰ। তোক বহুত ভালপাওঁ।“
কলেজৰ দেওনা পাৰ কৰি নতুন মহানগৰখনত ভৰি থওতে স্পৰ্ধাৰ ভয় লগা নাছিল। প্ৰবোধে এফালৰপৰা চিনাকী কৰাই গৈছিল, খানাপাৰা, ছয়মাইল, চান্দমাৰী, গণেশগুড়ি, পাণবজাৰ, হাতীগাঁও... মালিগাওঁ....। মাকে নোকোৱাকৈয়ে এটা সময়ত তাই বেগত নিগাজিকৈ ছাটিতো ভৰাই ৰাখিছিল। প্ৰবোধৰ অনুপস্থিতিত স্পৰ্ধাৰ মহানগৰীখনলৈ যেতিয়াই তেতিয়াই বাৰিষাৰ ঢল বৈছিল, তাই বেগত ভৰাই ৰখা ছাটিতোৰে নিজক বচাবলৈ অপ্ৰাণ চেষ্টা চলাইছিল। তথাপি তাই তিতিছিল ভাললগাৰ বৰষুণজাকত। প্ৰবোধে নোকোৱাকৈয়ে তাই চেলুৱাৰৰ ৰঙৰ সৈতে অৰ্ন্তবাসটো মিলাই পিন্ধিছিল...। ক্ৰমশঃ বাৰিষাৰ অশ্লীলতাত ডুবি পৰা মহানগৰবাসীৰ চকুৰপৰা তাই লুকাই পৰিছিল।
সুদীৰ্ঘ ৫ টা বছৰৰ মুৰত স্পৰ্ধাই যেতিয়া আপোন চহৰখনলৈ উভতি আহিছিল, চহৰখনৰ প্ৰথমজাক বাৰিষাৰ বৰষুণত তাই উৰে ৰাতি তিতিছিল। প্ৰবোধে দেখা নাছিল বাবেই হয়তো ৰঙা চকু দেখুৱাই কোৱা নাছিল “পাগলী... ভিতৰলৈ যাগৈ। জ্বৰ উঠিব।“
কামলৈ যাওঁতে আহোতে ব্যক্তিগত নিৰপত্তাৰক্ষী, সহায়কবোৰে তাইক অনবৰতে আৱৰি ৰাখে। ৰঙা লাইটতো জ্বলি থকা তাইৰ বিশেষ বিলাসী কাৰখনত উঠি চহৰখনত ঘূৰি ফুৰোতে তাই বৰষুণৰ প্ৰেমকজনক বিছাৰি ফুৰে। বেগত ভৰাই ৰখা ছাটিতো প্ৰয়োজনত নাহে।
স্পৰ্ধাই চাৱাৰটো বন্ধ কৰি দিলে। কপালৰপৰা বৈ অহা বিন্দু বিন্দু পানীৰ টোপালবোৰ বৈ আহি তাইৰ চকুৰ পটা স্পৰ্শ কৰিলে। শুকান টাৱেলখন হাতলৈ লৈ তাই মুখখন মোহাৰি পেলালে। তেতিয়াও চকুৰ কোণদুটা সেমেকি থকাত তাই আকৌ চাৱাৰটো খুলি দিলে। তাই জানে ফাগুনমহীয়া বৰষুণ এজাক নাহে।