মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন মুকলি চিঠি

মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, নমস্কাৰ গ্ৰহণ কৰিব। কুশলে আছে? থাকক। বয়সো হৈছে। আমি বুজো। অনুভৱ কৰো। আমিবোৰ সৰল, শান্তিপ্ৰিয়, আবেগিক অসমীয়া। গান্ধীৰ দেশৰ মানুহ। বাৰু বাদ দিয়ক এইবোৰ। যোৱাকালিৰ বাতৰি কাকতখনলৈ মন কৰিছেনে? প্ৰথম পৃষ্ঠাৰ শিৰোনামবোৰ এনেধৰণৰ গগৈৰ জিঘাংসাৰ বলি নিৰীহ গঞা”, নগাৰ ধমকিত আত্মসমৰ্পণ দিছপুৰৰঃ ৰঙাজানত অৱৰোধকাৰীক নিৰ্মম পুলিচী নিৰ্য়াতনেৰে উত্খাট।“ “আৰক্ষীয়ে মৰিয়াই খেদি ট্ৰাকৰ তলত পৰি প্ৰাণ গল অজিত টেটেৰ সমগ্ৰ গোলাঘাটত যুদ্ধসদৃশ পৰিবেশ, এজনৰ মৃত্যুঃ ঘৰে ঘৰে সোমাই গঞাক প্ৰহাৰঃ গুলী কন্দুৱা গেছ প্ৰয়োগঃ ঠায়ে ঠায়ে ৰাজপথ অৱৰোধঃ দুই যুৱক গুলীবিদ্ধঃ মেৰাপাণীত নগাৰ গুলীবৰ্ষণ।

বাঃ আজি আগষ্ট মাহৰ ২২ তাৰিখ। অৰ্থাত্ ভাৰতৰ স্বাধীনতা দিৱস উদযাপনৰ এসপ্তাহ নহওতেই এইখনে অসমতে এনেধৰণৰ শিহৰণকাৰী বাতৰিৰ শিৰোনাম। ভাল লাগিল। আকাংক্ষিত। বিগত দিনবোৰৰ অভিজ্ঞতাৰে আপোনাৰপৰা ইয়াতকৈ আৰু বেচি কিবা আশা কৰিব পাৰোনে? হয় ডাঙৰীয়া, অসমৰ বিভিন্ন সভা-সমিটিৰবোৰত উন্নতি-প্ৰগতিৰ ফটা ঢোলটো যে আপুনি বজাই ফুৰে তাৰেই এয়া নমুনা। নহয় জানো? আপুনি কি কব? হেঃ হেঃ হেঃ আপোনাৰ ৰসাল হাঁহিটোৰেই সুন্দৰকৈ এবাৰ কৈ দিয়কচোন এহ্ আমেৰিকতো পাব্লিকক আৰক্ষীয়ে অত্যাচাৰ কৰে, অসমতো কৰিছে, সেইটোনো কি দাঙৰ কথা?” পিচে আপুনি পাহৰি যোৱাটো অনুচিত হৈছে এইখন আমেৰিকা নহয়। এইখন অসমীয়াৰ হেপাঁহৰ অসমভূমি। আপুনিও এজন অসমীয়া। নিৰ্বাচনী প্ৰচাৰৰ দিনবোৰত আপোনাক ভৰষা কৰিছিলো, লাচিতৰ তেজ থকা অসমীয়া। অসমবাসীৰ বাবে বহুত ভাল কিবা এটা নিশ্চয় কৰিব। হয়, বহুত কৰিলে। অসমৰ মাটি বাংলাদেশক দিবলৈ প্ৰস্তুত হল, ইচপৰাৰ পাচত সিচপৰা মাটি নগাই কাঢ়ি নিলে, নি আছে। আৰু হয়তো নি থাকিব। আপুনি একো এটা কৰিবতো নোৱাৰেই আৰু আমাকো কৰিব নিদিয়ে। প্ৰতিবাদ কৰিব নোৱাৰো। গৃহ বিভাগ আপোনাৰ হাতত। ৰাজ্যখনেই আপোনাৰ। আপোনাৰ ভুৱা প্ৰতিশ্ৰুতিবোৰত ভুল গৈ এখন ব্লেংকেট, এটা আঁঠুৱাৰ বিনিময়ত নিজস্বতা বিক্ৰীৰে আপোনাক যিহেতুকে ৰাজপাটত বহালোৱেই, ৫ বছৰলৈ মাত মাতিবলৈ আমি কোন? পাচৰ ৫ বছৰতনো আমি আকৌ কি কৰিব পাৰো? আকৌ এখন ব্লেংকেট, এটা আঁঠুৱাৰে আমি সকলোবেৰ পাহৰি পেলাম। পুনৰূাৰ আপোনাকেই ৰাজ্যখন দি দিম....! হয় দিয়ক আমিবোৰ গঞা। নিৰক্ষৰ। অশিক্ষিত। অলগদ্ধ অসমীয়া মানুহবোৰে কি বুজো? নিৰ্বাচনী প্ৰচাৰ সভাত গাৰ জোৰেৰে চিঞৰি চিঞৰি আপুনি কৈ যাব, ৰাইজ আমাৰ চৰকাৰে অমুকটো কৰিলে, ইমান হাজাৰ নিবনুলাক টেট পৰীক্ষাৰ যোগে চাকৰিত নিযুক্তি দিলে, স্বাস্থ্য খণ্ডত অমুকটো হল, চৰকাৰী কৰ্মচাৰীৰ দৰমহা বাঢ়িল.... ইত্যাদি এশ এবুৰি লেকচাৰ। তাৰ মাজতে আকৌ বোকা চটিয়াবলৈ আছেই নহয়, এ জি পি চৰকাৰৰ দিনত আপোনালেকে কি পালে? গুপ্তহত্যাৰ কলা অধ্যায়ৰ বাবে আপোনালেকে তেওঁলোকক কেতিয়াও ক্ষমা কৰিব নোৱাৰে....। বাঃ বাঃ বাঃ আপোনাৰ ভাষাৰেই আপোনাক সুধিছো আপুনি কিদাল কৰিছে হে? আপোনাৰ শাষনাধীষ্ঠ চৰকাৰখনৰ দিনবোৰত আমি গুপ্তহত্যাৰ সময়বোৰতকৈ কমগুণে হাৰাশাস্তিৰ সন্মূখীন হৈছোনে? আমি খাটী খোৱা মানুহখিনিয়ে ভোট দি আপোনাক জয়যুক্ত কৰো আৰু ক্ষমতালৈ অহাৰ পাচত একেখিনিয়ে মানুহেই জীয়াতু ভুগি মৰিছো। আপোনাৰ কাৰুকাৰ্য দেখি প্ৰশ্ন হৈছে আপুনি প্ৰকৃততে অসমীয়া হয়নে নাই? আপোনাৰ গাত অসমীয়াৰ তেজ আছেনে? যদি আছে তেন্তে কত হেৰাল আপোনাৰ সৰলতা, মানবীয়তা আদি অসমীয়াৰ সহজাত গুণবোৰ। ৰাজ্যখনৰ মুখীয়াল হৈ আপুনি কেনেকৈ সহ্য কৰিব পাৰিছে? হয়তো উপলব্ধি কৰা নাই। কৰিব কেনেকৈ? আপুনিটো জেদ্ কেটেগুৰীৰ বিশেষ নিৰাপত্তাৰ মাজত অথবা এ চি শুৱনি কোঠাৰ বিলাসী বিচনাখনত বহি পৰৱৰ্তী শুভ দিনটোৰ বাবে অপেক্ষা কৰি আছে। আৰু আমি? এলাই আহকচোন এবাৰ। ৰঙাজানত মাত্ৰ দুৰাতি কটাই চাৱকহিচোন। আহক ধেমাজীৰ বৰ্নাত্য অঞ্চললৈ। বান পিৰীত জৰ্জৰিত মানুহখিনিৰ সৈতে আপোনাৰ চৰকাৰে প্ৰদান কৰা চাউল-দালিৰ এসাজ ভাত খাই যাওকহি। মিছা কলে কিদাল হব, বানত অসম ডুবিলে অথবা অসম-নগা সীমান্ত জ্বলিলে আপুনিটো ভালেই পায়। আপোনাৰনো কি যায়। সাধাৰণ জনতাৰ টকাৰে চৰকাৰী হেলিকপ্তাৰখনত উঠি ঘৰুৱা ৰাজ্যখনতে বিনামূল্যে সাগৰখন দেখাৰ সৌভাগ্য ঘটে। সীমান্ত জ্বলিছে জ্বলক। মৰক অসমীয়া। এনেও ভৱিষ্যতে অসমীয়াই আপোনাক ভোট দি নিৰ্বাচিত নকৰে বুলি আপুনি ১০০ শতাংশ নিশ্চিত। লোকসভা নিৰ্বাচন তাৰেই প্ৰমাণ। জহন্নামে গল আপোনাৰ ফুটনী। অসমীয়াই আপোনাক দেখাই দিলে। আপুনি লাজ পালে। কিন্তু নিশিকিলে। শিকিব লাগিছিল। অপ্ৰিয় সত্যটো হল আপোনাৰ কথাৰ কোনো মুল্য নাই। অন্ততঃ আপোনাৰ পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰীৰ পদবীটোকে যদি এৰি দিলেহেঁতেন তেতিয়াও আপোনাক ইতিহাসে সশ্ৰদ্ধে প্ৰণাম জনালেহেঁতেন। নোৱাৰিলে। সত্ সাহসৰ অভাৱ। দুখ নকৰিব। আমি কৰা নাই। নকৰো। আপোনাৰ দিন চমু চাপি আহিছে। বহুত হল। আৰু আপোনাৰ দৰে মুখ্যমন্ত্ৰী এজনৰ নেতৃত্বধীন চৰকাৰৰ প্ৰগতি উন্নতি আমাক নালাগে। ঘৰলৈ যাওক। এইটো বয়স ৰাজনীতিৰ বাবে নহয়। ধৰ্মীয় গ্ৰন্থবোৰৰ নাম শুনিচেন নাই, ভাগৱত, গীতা, ৰামায়ণ..... এইটো বয়সত মানুহবোৰে তাৰেই সোৱাদ লব লাগে। দিছপুৰত অদৰকাৰীভাৱে আপুনি কিনো কৰি আছে? শুনকচোন ডাঙৰীয়া। হিন্দী চিনেমা চাইনে? শেহতীয়াকৈ অজয় দেৱগাণ প্ৰডাকচনৰ সিংহম ৰিটাৰ্নচ নামৰ সুন্দৰ বাস্তৱ পটভুমিৰ হিন্দী চিনেমা এখন ৰিলিজ হৈছে। বঢ়িয়া চিনেমা। এবাৰ চাব। চিনেমাখনৰপৰা শিকিবলগা বহু কথা আছে। অসম আৰক্ষীয়ে শিকিছে। ৰঙাজানত তাৰেই প্ৰেক্টিকেল প্ৰয়োগ চলি আছে। আচৰিত হৈছো এটা কথাত। যিসময়ত নগা আৰক্ষী বাহিনী তথা উগ্ৰপন্থীৰ অত্যাচাৰৰপৰা আপুনি, আপোনাৰ প্ৰশাসনে অসমবাসী ৰাইজক উদ্ধাৰ কৰিব লাগিছিল সেই সময়তে তাকে নকৰি, ঘৰতে ঘৰতে অসমীয়া পিড়িত জৰ্জৰিত অসমীয়া মানুহখিনিক অৰক্ষী বাহিনীক নিয়োগ কৰি নিৰ্মম অত্যাচাৰ চলাই আপুনি কি প্ৰমাণ কৰিব বিচাৰিছে? কাপুৰুষত্ব? ছিঃ ডাঙৰীয়া, অসমৰ বাহিৰৰ মানুহখিনিৰ আগত আপোনাৰ ফুপুলা স্বৰূপটো উদঙাই নিদিলেওতো হয়? শুনক, অসমীয়া জাতিটোৰ সৰলতাক দূৰ্বলতা বুলি ধৰি নলব। পৰিনাম ভয়াবহ হব। সকলোৰে এটা সীমা থকা উচিত। সহ্যৰো?? আপুনি আকৌ এইবাৰলৈও ধৰি নলব যে অসমীয়াই দুদিন পাচতে সকলোবোৰ পাহৰি পেলাব। এতিয়া আগষ্ট মাহ। ২০১৬ লৈ বেচিদিন নাই। সকলো ক্ৰিয়াৰে এটা বিপৰীতমূখী প্ৰতিক্ৰিয়া আছে। ৫ম শ্ৰেণীৰ বিজ্ঞান। মনত আছে নহয়? অপেক্ষা কৰক। এয়া অসমবাসী ৰাইজৰ ফালৰপৰা আপোনালৈ মুকলি আহ্বান। সকিয়নী বুলি ভাবিলেও আপত্তি নাই।


বিঃ দ্ৰঃ- অসম আৰক্ষীলৈ অনুৰুধ- ইমানকৈ প্ৰভুভক্ত পদৰ্শন কৰিব নালাগে। আপোনালোকে পাহৰি যোৱাটো অনুচিত হৈছে আপোনালোকৰো ঘৰখনত, পৰিয়ালটোত ভাই- ভনী, পত্নী, লৰা- ছোৱালী আছে। আপোনালোকৰ সক্ষমতা, শক্তি, কৰ্তব্যপৰায়ণতা আদিবোৰ যত পদৰ্শন কৰিব লাগে তাত কৰক। অপব্যৱহাৰ নকৰিব। ৰক্ষকৰ ঢাল লৈ ভক্ষকৰ দৰে আচৰণ নকৰিব। আপোনালোকে নিৰীহ জনতাৰ ওপৰত লাঠী চাৰ্জ কৰি কেনেৰণৰ পুৰুষত্ব পদৰ্শন কৰিছে? প্ৰকৃত অপৰাধীক ধৰক। শান্তক পালন কৰক। সমাজৰ প্ৰকৃত দুষ্ট চক্ৰক উত্খাট কৰি আপোনালোকৰ ধৰ্ম অক্ষুণ্ণ ৰাখক। আপোনালোকো তেজ-মঙহেৰে গঢ়া একো একোজন মানুহ, অসমৰ অসমীয়া। চৰকাৰ আহি আছে গৈ আছে। কিন্তু আপোনালোক জীয়াব লাগিব এইখন সমাজতে, এইখিনি সাধাৰণ জনতাৰ মাজতে। নিজস্বতাখিনি অক্ষুণ্ণ ৰাখক।