বাৰিষা, দৰিদ্ৰতা আৰু কেইটামান টকা

অৱশেষত বহু প্ৰতিক্ষিত মোৰ প্ৰিয় বৰষুণজাক পৃথিৱীলৈ নামি আহিল৷ কলেজীয়া ইউনিফৰ্মৰ শুকুলা কপাহী চাৰ্টতো বিচনাখনলৈ দলিয়াই চোতালখনলৈ ঢাপলি মেলিলো৷ আস্ কি আমেজহাত দুখন আকাশলৈ আগুৱাই চকুহাল মেলিবলৈ অপ্ৰাণ চেষ্টা চলালো৷ ওহো, পাৰা নাই৷ পুনৰবাৰ বৃথা প্ৰচেষ্টা চলালো৷ বিফল হলোদূৱাৰদলিৰপৰা মায়ে প্ৰায় চিঞৰি কোৱাদি ক'লে-  "বাবা, জহনীত যোৱা, অবতৰীয়া বৰষুণজাকত তিতি বেমাৰ চপাব খূজিছনে?? বেমাৰ বাতিবলৈ হাতত ফুটাকড়ি এটাও যে নাই, হিচাপ ৰাখিছ? কৈ থলো- বিচনাতে পৰি কেকাই থাকিবি, ধাৰলৈ টকা আনি চিকিৎসা কৰাত  হ'লে এইবাৰ মই নাই৷" ৷ ধমককটো দি, মাতৃদেৱী অন্তৰ্ধান৷ "ধেই, মাৰপৰা মানে শান্তি নাই৷ একদম নুবুজে মোক৷ খং অথবা অভিমানতে মোৰ মনটো সেমেকি উঠিল৷ আৰু নিতিতো যাঃ" মোক উপলুঙা কৰি বৰষুণজাক আগতকৈ ঘন হল৷ টোপালবোৰ ক্ৰমশঃ অধিক আক্ৰমণাত্মক হবলৈ ধৰিলে৷ মেঘে মেঘে প্ৰচণ্ড যুঁজ৷ গামোচাখন বিচাৰি মই ঘৰৰ ভিতৰলৈ দৌৰ দিলো৷ হাতত চৰিয়াটো লৈ মায়ে মজিয়াৰ পানী কঢ়াত ব্যস্ত৷ ওপৰলৈ চাই দেখিলো- খেৰৰ চালিখন উৱলিছে৷ সৰু বৰ ফুটাবোৰেৰে বৰষুণৰ পানী নিগৰিছে৷ "বাপেৰেটো যে পথাৰৰপৰা উভতি আহি ঘৰ পোৱাহি নাই হিচাপ ৰাখিছনে?? " মায়ে মোৰফালে মুৰ তুলি নোচোৱাকৈ কলে৷ "কালিলৈ পৰহিলৈ বি এ পাছ কৰিবি৷ এতিয়াও গাত কথা লগা নাই ন?" মায়ে এইবাৰ হাতৰ চৰিয়াটো মজিয়াতে এৰি মোৰ কাষ পালেহি। এক ছেকেণ্ড সময় অপব্যৱহাৰ নকৰি তেখেতে তিতা চাদৰখনৰ আগটোৰে মোৰ ভিজা চুলিখিনি মছি দিবলৈ ধৰিলে৷ মই নিৰোত্তৰ৷ "দেউতাৰাৰ গাটো ভাল নহয়, পথাৰলৈ যাওতে জাপিটো লগত লৈ গৈছেনে নাই পতকে চাই আহচোন" পুৰণি উৱলি যোৱা ছাটি এটা আনি মায়ে মোৰ হাতত গুজি দিলে৷ তিতা গাৰেই মই জহি খহি যোৱা গোঁহালীটোৰ ফালে খোজ দিলো৷ হাতৰ চাটিটোক তীব্ৰ প্ৰত্যাহ্বান জনাই বৰষুণজাক মোৰ ওপৰত জপিয়াই পৰিল৷ কিবা এক অজান আশংকাত মই পুনৰ আমাৰ জুপুৰীটোৰ ফালে তীৰ্ব বেগেৰে উভতি গলো৷ মা, পিতাইৰ জাপিটো গোঁহালীৰ বেৰতে ওলমি আছে৷ মই পিতাইক পথাৰৰপৰা লৈ আহোগৈমায়ে কি কলে মই নুশুনিলো। চাটিতো হাতত লৈ গোঁহালীটোৰ কাষেৰে পথাৰলৈ যোৱা ৰাষ্টাটোৰে ঢাপলি মোলিলো। অলপ দূৰ গৈ দেখিলো কম্পিত খোজেৰে দেউতাই  বৰষুণজাক অতিক্ৰমি ঘৰৰফালে আহি আছে৷ মই শিল পৰা কপৌজনীৰদৰে আগন্তুক মানুহজনলৈকে চাই থাকিলো। মনতে প্ৰশ্ন হল-  মোৰ দৰে দেউতাই বৰষুণ ভালপায় নে বৰষুণেহে দেউতাৰ দৰে দৰিদ্ৰ খেতিয়কবোৰক ভালপাবলৈ বাধ্য কৰে! দেউতা মোৰ কাষ চাপিল। মই চাটিতো মেলি ধৰিলো আৰু দেউতা তিতি থাকিল।
-      ছাটিতোৰ সামৰ্থ নাছিল জানা??
-       ওঁ৷ তাই মুৰ দুপিয়াই সহমত দিলে।
ইমানপৰে স্পন্দিতা চাগে বিৰক্ত হৈছে৷ সৰুৰেপৰা তিনিমহলীয়া অট্টালিকাৰ শীত তাপ নিয়ন্ত্ৰিত কোঠাত দাঙৰ হোৱা চহৰৰ ছোৱালী৷ এইবোৰ ৰদ, বৰষুণ, বতাহ, ধুমুহাৰ কথা তাই বুজি নোপোৱাটো তেনেই স্বাভাৱিক৷ ডেটিঙৰ নামত বিলাসী ৰেষ্টুৰেন্টখনত বহি  সোঁৱৰণিৰ টোপোলা খূলি মোৰ নিজকে বুৰ্বক প্ৰেমিক যেন লাগিল।
-      ঐ শুনাচোন, মোৰ হাতত টকা কম আছে৷ জন্মদিনৰ পাৰ্টী ডাঙৰকৈ দিব নোৱাৰো৷ মই নিলাজৰ দৰে তাইক ক'লো৷ মোক লৈ তাই যি ভাবে ভাৱক। স্পষ্টবাদী লৰা। ভালপালে পাব, নাপালেও নাই। আতৰি গলেগৈও মোৰ একো আক্ষেপ নাথাকিব।
প্ৰত্যুত্তৰত প্ৰয়োজনতকৈ চকুদুটা অধিক ডাঙৰ কৰি তাই মোলৈ চালে আৰু কলে,
- তুমি মোক ভালপোৱা নে টাইম পাছ কৰি আছা মোৰ সন্দেহ হয়৷ আৰে বাবে, স্ব- ইচ্ছাৰে তোমাৰ বিষয়ে তোমাৰ পৰিয়ালৰ বিষয়ে ভালকৈ জানি বুজিয়েতো তোমাৰ সৈতে তোমাক ভালপাইছো৷ তুমি কি ভাবা? মই কি তোমাৰ  সমস্যাবোৰ অনুভৱ কৰিব নোৱাৰো নেকি?  নুবুজো নেকি!! অলপদিনৰপৰা মন কৰিছো, মোৰ ভালপোৱাক লৈ তোমাৰ মনত যেন কিবা সন্দেহ আছে৷ বিশ্বাসৰ অভাৱ নে আন কিবা? এনে লাগে যেন মই ধনীঘৰৰ ছোৱালী আৰু  তুমি দুখীয়া ঘৰৰ  তুলনামূলকভাৱে কম দৰমহাৰ চাকৰি কৰা এজন যুৱক হোৱা বাবে মোৰ ভালপোৱাখিনি তুমি সহজভাৱে গ্ৰহণ কৰিব নোৱাৰা"
শেষৰফালে স্পন্দিতাৰ চকুদুটা সেমেকি উঠিল৷ কণ্ঠত কৰুণতা। এৰা, তাই থিকেই অনুমান কৰিছে৷ মই স্পন্দিতাৰ ভালপোৱাক সহজভাৱে লব পৰা নাই৷ কথা হ'ল নেকি আৰু মাহেকত ১৪ হাজাৰ টকাৰ দৰমহা পোৱা ল'ৰা এটাক  ৩- ৪ লাখ টকা উপাৰ্জন কৰা কোনোবা ব্যৱসায়ীৰ একমাত্ৰ সুন্দৰী জীয়েকে সঁচাকে ভালপাব পাৰে নেকি!! মোৰ বিশ্বাস নহয়।

-      "উত্তৰ নিদিয়া কিয়?  কি হ'??  স্পন্দিতাই মোৰ হাতখনত ধৰি জোকাৰি দিলে
-       তেনে কথা একো নাই৷ এইয়া চোৱা, খোৱা বস্তু আহি পালে৷ ইচ্ছাকৃতভাৱে মই কথাৰ বিষয়বস্তু সলনি কৰিবলৈ চেষ্টা কৰিলো৷  
-      পলপ্লিজ কথা সলনি নকৰিবা৷ কোৱানা কি হৈছে তোমাৰ৷
মই স্পন্দিতাৰ চকুলৈ চালো। চকুৰ পতা লৰিলেই পানী এসোতা বৈ আহি তাইৰ দুগাল চুব৷
-       আচলতে মই বৰ টেনচনত আছো৷ দেউতাৰ বছৰেকীয়া পালেহি৷ ইফালে মাৰ কঁকালৰ অস্ত্ৰোপচাৰ দিন সমাগত৷ ঘৰ বনোৱাৰ নামত বেঙ্কৰ অনাদায় ল'নটো আছে৷ দৰমহাৰ অধিকাংশ টকা তাতে কটা যায়৷ ৰৈ যোৱা টকাৰে মাহটো নুজুৰে৷ শিক্ষা গ্ৰহণৰ নামত ধাৰে লোৱা টকাবোৰৰ দিঘলীয়া তালিকাখন আছেই। কৰ পৰা যে টকা জোগাৰ কৰিম৷ একো হিচাপ মিলাব পৰা নাই৷ মই কফিৰ কাপটো নিজৰ ফালে টানি আনিলো আৰু আনটো কাপ স্পন্দিতাৰ সন্মূখলৈ আগুৱাই দিলো৷ আচলতে মোৰ সমস্যা অনেক৷ আমাৰ দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক স্হাপন হোৱা এবছৰ হোৱাই নাই৷ কম সময়তে প্ৰেমিকাৰ ওচৰত নিজক উদঙাই দিওঁ কেনেকৈ৷ তআি মোৰ ভালপোৱা। ভালপোৱা জীৱনৰ এটা অংশ, সৰ্বস্ব হব নোৱাৰে।

 আমাৰ মাজত আৰু বিশেষ কথা-বতৰা নহল। খোৱা পৰ্ব শেষ হোৱাত মই ঘৰলৈ উভতিলো। ঘৰত আহি বিচনাখনতে বাগৰটো দি মাহেকীয়া হিচাপ-নিকাচৰ ডায়েৰীখন মেলি ললো। দুমাহৰ দৰমহা নাই৷ পৰহিলৈ দেউতাৰ বছৰেকীয়া৷ হাতত আছে মাত্ৰ এহেজাৰ টকা৷ মই বিবুদ্ধিত পৰিলো। কি কৰো কি নকৰো? টকাৰ যোগাৰ কৰপৰা কৰো? উপায়হীন মই। আন এটা চাকৰি কম সময়তে বিচাৰি উলিয়াব লাগিব। ঘৰৰ একমাত্ৰ সন্তান হিচাপে হাত সাৱটি বহি থাকিবতো নোৱাৰো। স্পন্দিতাই নুবুজিব। থাকক। কিছুমান কথা নুবুজাকৈ থকাই উচিত। বেচিকৈ বুজিবলৈ গলে এটা সময়ত মোৰেই কষ্ট হোৱাটো নিশ্চিত। তাতোকৈ জৰুৰী কথাটো মই নিজস্বতাখিনি হেৰুৱাব নিবিচাৰো। আৰ্থিক সমস্যা থাকিলেও মই কাৰো পুতৌৰ পাত্ৰ হৈ জীয়াই থাকিব নোৱাৰো। ম'বাইলতো সজোৰেৰে কঁপি উঠিল। বেঙ্কৰপৰা এছ এম এটা আহিছে। একাউন্টত টকা ২০ হাজাৰ সূমাইছে৷ মই আচৰিত নহৈ নোৱাৰিলো। দৰমহা আগন্তুক দহটা দিনত নহয় বুলি বচে কালিয়ে জনাই থৈছে। তেনেস্থলত টকা কৰপৰা আহিল।

স্পন্দিতাৰ ম'বাইল নম্বৰটো মোৰ ম'বাইলত জিলিকি উঠিল
-      হেল্ল…  
-      অ শুনাচোন, তোমাৰ একাউন্টত টকা অলপ ভৰাই দিছো৷ দৰমহা হ'লেই মোক ঘূৰাই দিবা৷ নহ'লে কবাই নহয় টকাৰ বাবে মোক ভালপোৱা নাই বুলি৷ বিপদৰ সময়ত টকাৰ বাবে যাৰে তাৰে ওচৰত হাত নাপাতিবা৷ মানুহবোৰ সুবিধাজনক নহয়। কোনোবাই তোমাৰ দূৰ্বলতাৰ সুযোগ লোৱাতো মই নিবিচাৰো৷ হব এতিয়া ৰাখা৷ মই দেউতাৰ সৈতে এফালে যাও৷ বাইলাভ ইউ৷

মই  কিবা এটা কবলৈ মুখখন মেলোতেই স্পন্দিতাৰ ফোনকলটোৰ সংযোগ বিচিন্ন হৈ থাকিল৷ কলবেক কৰিবলৈ বেলেঞ্চ জিৰ মোৰ খঙটো টিনিচকে মাৰি পথালে স্পন্দিতাৰ মানে কি হৈছে?? তাই মোক সঁচাকে ভালপায় নে অন্য কিবা! স্পন্দিতা বলীয়া হোৱা নাইতো? হওক তাই বলীয়া। অৱশ্যে তাই সঁচা কথাটোৱে কৈছে- মানুহবোৰ সুবিধাজনক নহয়। তেনেস্থলত তাই মোৰ দূৰ্বলতাৰ সুযোগ কিয় ল? নলও মই স্পন্দিতাৰ টকা৷ তাই যি বুজে বুজক। বেয়া পালেও পাৱক। টকাই সম্পৰ্ক বেয়া কৰে। মই বিক্ৰী হব নোৱাৰো। বিপদৰ দিনবোৰত দেউতায়ো বিক্ৰী হোৱা নাছিল৷ মই দেউতাৰ আদৰ্শ ধ্বংস কৰিব নোৱাৰো। মই স্পন্দিতাক বহুত ভালপাওঁ৷

 গুৰুমআকাশখন ডাৱৰে আৱৰিছেবিচনাপাতিৰপৰাই মায়ে মোক ক'লে- বাবা, বছৰেকীয়া ভোজভাতৰ বাবে যে খৰিবোৰ কটাইছিলি, চোতালতে আছে৷ তিতিলে সমস্যা হব৷ কোনোবা এটা মাতি বাৰাণ্ডালৈ আনি থ

মই কলো- নালগে মা। মই অকলে পাৰিম। কাকো নামাতোনোৱাৰিলে নাই। তিতিলে তিতক