যি কাৰণে তেওঁৰ সেওঁতাত সেন্দূৰ দিয়া নহ'ব! (খণ্ড- ১)

 

        -  মদৰ নিচাত সিদ্ধান্ত লেই বিপদ নিশ্চিত! হয় নে নহয় ?

পলাশে দুই নম্বৰৰ পেগটোৰ শেষৰ ঢোকটো গিলিয়েই বিকল্পক সুধিলে

বিকল্পই চাৰি নম্বৰৰ পেগটোৰ শেষৰ পৰ্যায়ত আছে বিশেষ ভংগীমাৰে গ্লাছটো হাতত লৈ সি গ্লাছটোৰ সৈতে খেলি আছে। আনটো হাতত তাৰ ম’বাইলটো। যিমান ফ’নকল আহিছে এফালৰপৰা কাটি গৈ আছে। কাৰোৰে ফ’ন ৰিচিভ নাই কৰা। তাৰ মূৰত যেন কিবা চলি আছে পলাশে বুজিছে মদ খাবলৈ আৰম্ভ কৰাৰ পৰাই বিকল্পই মৌন হৈ আছে আনকি পেগ বনা বুলিও এবাৰো সি কোৱা নাই বিকল্পৰ এই চাইলেঞ্চটো মাৰাত্মক পলাশে জানে, কৰবাত কিবা এটা ঘটিছে খাটাং আৰু কি ঘটিছে সেইটো এতিয়া সুধি একো লাভ নাই, নকয়

- ঐ বিকল্প, তই ইমান জল্দি পেগ টানি আছ যে, মোৰ ভাগলৈ থাকিবগৈ নে? চাবি কিন্তু, নিচা হিচাপত নহলে কথাটো বেয়া হ’ব।

এনেই বিৰক্ত হৈ থকাতকৈ মাত এষাৰ ওলাৱক বুলিয়েই পলাশে কথাটো ক’লে।

- কি হ’ল? হা? মদ হে, খুলি দিম তোৰ নামত ওৱাইন শ্বপ। চুপ-চাপ খাই থাক।

বিকল্পই যিটো সুৰত পলাশক উভতি ধৰিলে, পলাশে এশ শতাংশই নিশ্চিত হ’ল- ছাৰ আজি মুডত আছে।

 নাই, জোকাই লৈ লাভ নাই। সঁচাকে ওৱাইন শ্বপ খুলি দিয়া মানুহ। যি মন যায়, যি বিচাৰে, যি কয় বিকল্পই কৰি পেলাই। সুদীৰ্ঘ দহটা বছৰ পলাশে বিকল্পক দেখিছে, জানে, গাৰ ছাঁৰ দৰে আছে। বয়সত বিকল্পতকৈ দবুছৰ সৰু হলেও পলাশ তাৰ একমাত্ৰ বিশ্বাসী আৰু ঘনিষ্ঠ বন্ধু! বিকল্পৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, ব্যক্তিগত সিদ্ধান্ত, চিক্ৰেট পলাশে জানে। বিকল্পৰ ভাষাত কবলৈ গলে পলাশ হ’ল বিকল্পৰ বাবে হিডেন হাথিয়াৰ। বিকল্পৰ আন কোনো বন্ধুৱে, পৰিয়ালৰ মানুহে পলাশৰ বিষয়ে নাজানে। পলাশে এইটোও নাজানে বিকল্পই তাক কিয় এনেকৈ লুকুৱাই ৰাখে! আচলতে বিকল্পৰ প্লেন, প্ৰজেক্ট একো ধৰিব নোৱাৰি। মানুহটো অদ্ভুত। বেলেগ নালাগেই, ইমান ঘনিষ্ঠ হোৱাৰ পাছতো কিন্তু বিকল্পৰ উপাৰ্জনৰ প্ৰকৃত পথটো পলাশে আজিলৈ নাজানে। সৰু ব্যৱসায় এটা কৰি মানুহটোৱে আচৰিত ধৰনে টকা খৰছ কৰে। মন্ত্ৰী-আমোলা, সাংবাদিক, ডাঙৰ ব্যৱসায়ী, আৰক্ষী বিষয়া, মাফিয়াৰ সৈতে বিকল্পৰ যথেষ্ট সু-সম্পৰ্ক। অৱশ্যে তাৰ নেটৱৰ্কটোৰ বিষয়ে যি অলপ পলাশেই জানে। বাহিৰত একোৱেই জানিবলৈ নিদিয়ে। কোনো বন্ধু-পৰিয়ালৰ মানুহৰ সৈতে বিকল্পই তেনেকৈ কথা-বতৰা নাপাতে। দুটা মাহ আগত বিকল্পই যি এখন বিলাসী গাড়ী কিনিছিল সেইখনো পলাশৰ নামতেই আছে।  গাড়ীখন ব্যৱহাৰো পলাশেই কৰে, কেতিয়াবাহে গাড়ীখন বিকল্পই লৈ ব্যৱহাৰ কৰে! সি কেতিয়াবা সন্দেহ কৰে, বিকল্প যেন চৰকাৰী প্ৰশাসন যন্ত্ৰৰ খুউব গুৰুত্বপূৰ্ণ এটা অংগ! কিন্তু মানুহটোৱে দেখোন দিনটো নিজৰ অফিচতে থাকে। নিজৰ ব্যৱসায়তে লাগি থাকে। এই একোৱেই ধৰিব নোৱাৰি মানুহটোক, বিকল্পইহে জানে নিজক।     - কি ভাবি আছ? হেং মাৰি দিলি যে?

বিকল্পৰ মাতত পলাশৰ সম্বিৎ ঘূৰি আহিল। হয় দেই, মানুহটোৰ পৰ্যবেক্ষন ক্ষমতাটো মানিব লাগিব, যিমান টেনশ্যন থাকিলেও কাৰ মূৰত কি চলি থাকে চিধাই ধৰি দিয়ে।

- কি হ’ল আজি তোৰ? জমা নাই পৰিবেশটো।

চৰম বিৰক্তিৰ পাছত পলাশে তাক ক’লে। গালি দিলেও দিয়ক। মদ খাই থাকোতে এনেকৈ গহীন দি থাকিলে ভাল নালাগে।
- খেলটো ভাল চলা নাই বুজিছ? কিবা এটা কৰিব লাগিব।

বিকল্পই মুখখন অদ্ভুত ভংগীমা এটা কৰি ক’লে। পলাশে একো ধৰিব পৰা নাই সি কৈছে

- মদটো লৈ ল। গাড়ীখন উলিৱাও মই।

 শেষ! কিবা এটা হ’ব আজি। মাজতে এনেকেই ওলাই গৈয়ে এক্সিডেন্টতো কৰিছিল বিকল্পই। কিবাকে মৰাৰ পৰা বাচিলে। আজি বা কি হয়? কি বা হ’ল!


(আগলৈ…)