বিবাদ

ল’ৰাজনৰ বয়স ৪০ ৰ বেছি নহ’ব। বয়স অনুপাতে তাক ল’ৰা বুলি কোৱাতকৈ মানুহজন বুলি ক’লে সুন্দৰকৈ খাপ খাই পৰিব। কিন্তু আমাৰ মনত সি এতিয়াও ল’ৰা হয়ে আছে। সম্বন্ধৰ ফালৰপৰা তাক আমি খুড়া বুলি মাতো। দেউতাতকৈ বয়সত যথেষ্ট সৰু আৰু মোৰ দাদাতকৈ প্ৰায় ৫ বছৰমানহে দাঙৰ। আৰ্থিক অৱস্থা তেনেই বেয়া। দুজনী ছোৱালীৰ দেউতাক হোৱাৰ পাছতো তাৰ মনৰ মনৰ স্থিৰতা ঘূৰি নাহিল। দুদিনমান গাঁৱৰ কাৰোবাৰ ঘৰত দিন হাজিৰা কৰি দুপইছা উপাৰ্জন কৰে, তাৰেই সন্ধিয়ালৈ জুৱা খেলে আৰু ৰাতিটো ঘৈণীয়েকৰ লগত তৰ্কা-তৰ্কিত লিপ্ত হয়। কাজিয়াখন বৰ এটা দাঙৰ নহয়গৈ। সি মদ নাখায়, সেয়ে হাজাৰ ভুল কৰিলেও মায়ে তাক ভলাপায়। তাৰ ঘৰটো আমাৰ লগালগি। সৰুতে নেওতা মুখস্থ নকৰাৰ বাবে দেউতাৰ এছাৰিৰ কোব বহুবাৰ খাইছে। শৈশৱৰ কথা কেতিয়াবা কয়, দেউতাৰ অনুপস্থিতিক লৈ দুখ কৰে। মই ঘৰত থাকি পঢ়া শুনা কৰি থকা দিনবোৰতে সি গুৱাহাটীৰ ফালৰ কোনোবা এখন পাহাৰীয়া গাঁৱৰপৰা জনজাতীয় সম্প্ৰদায়ৰ ছোৱালী এজনী আনি ঘৰ সুমুৱাইছিলি। তায়ো তাৰ দৰে অশিক্ষিত। কিন্তু আচাৰ ব্যৱহাৰ ভাল, কামিলা। মালৈ ভয় কৰে, শাহুৱেক বুলি গণ্য কৰে। আমিও খুড়ী বুলি মানি লওঁ, শ্ৰদ্ধা কৰো। তেওঁলোকৰ ছোৱালীজনী মোৰ ভতিজাটোতকৈ এবছৰ দাঙৰ। প্ৰথমতে মাকৰ মনত বিশেষ অসন্তুষ্টি নাছিল। কিন্তু দাদাৰ ল’ৰা জন্ম হোৱা বুলি খবৰ পোৱাৰ পাচৰেপৰা তেওঁৰ মনটো বৰ এটা ঠিক নহয়। তেওঁৰ দুখ, যদি ল’ৰা সন্তান এটা জন্ম হ’লহেঁতেন! দেউতাকৰহে আক্ষেপ নেদেখো। অশিক্ষিত হলেও তাৰ মনত ল’ৰা-ছোৱালী সমান। দাদাৰ ল’ৰাটো স্কুললৈ যাবলৈ আৰম্ভ কৰিছে। ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়। দুপৰীয়া হলে ভাত নিদিয়ে। খুড়াৰ ছোৱালীজনীয়ে বেগত সদায় কাঁহি আৰু গিলাছ এটা লৈ যায়। আমাৰ ল’ৰাটোৱে নিনিয়ে। তাই সন্ধিয়া সোনকালে শুই যায়, আৰু আমাৰটোৱে ৰাতি দহটালৈকে হ’মৱৰ্ক কৰি তত্ নাপায়। মাজতে খুড়ীজনী আকৌ মা হ’বলৈ ওলাল। মানুহজনীৰ মনত স্ফুৰ্তি, এইবাৰ হয়তো ল’ৰা সন্তান এটাৰ মাক হোৱাৰ সৌভাগ্য ঘটিব। নহ’ল। ছোৱালী এজনীয়ে জন্ম হ’ল। মায়ে দাদাৰ সৈতে চৰকাৰী চিভিললৈ গৈ খবৰ এটা কৰিলেগৈ। তেওঁ হেনো ডাক্তৰ এজনক কেইঘন্টামান পূৰ্বে জন্ম হোৱা ছোৱালীজনীক বিক্ৰী কৰি দিবলৈ ওলাইছিল। মায়ে গালি পাৰিলে। দেউতাকৰ হাতত টকা ৫০০ গুজি সোনকালে মাক-জীয়েকক ঘৰলৈ লৈ আবিহলৈ তাগিদা দিলে। মই ঘৰত নাথাকো এইবাোৰ মাৰ মুখেৰে শুনা কথা। দুৰ্গা পূজাত বন্ধ পাই ঘৰলৈ গলো। ভতিজাটোক বেলুন, গাড়ী, কাপোৰ সকলো যোগাৰ ধৰা হৈছে। কিন্তু খুড়াৰ ছোৱালী দুজনী উকা হাতেৰে মোৰ ভতিজাটোৰ খেলা সামগ্ৰীবোৰ দূৰৰেপৰা চাই শান্তণা লভিছে। মই মাক কৈছিলো, “সিহঁতক কিবা এটা কিনি দিয়ো”। মায়ে বাধা দি ক’লে, “নিদিবি। বাপেকলৈ চা, ছোৱালী দুজনীৰ প্ৰতি অলপো দায়িত্ববোধ নাই। ককায়েৰে ব্যৱসায় এটাত সুমুৱাই দিলে, দুদিন গৈ আকৌ নোযোৱা হ’ল। পইছা শেষ হলে গাঁৱৰ কাৰোবাৰ ঘৰৰ কল, কঁঠাল যি পায় কিনি নি ওচৰৰে কোনোবা এখনত বজাৰত গৈ বিক্ৰী কৰিব আৰু তাৰ লাভ পোৱা টকাকেইটা জুৱা খেলি শেষ কৰি পেলাব। সিহঁতলৈ দয়া কৰি লাভ নাই। মুল নুবুজে।“ মায়ে বাধা দিলেও মনটোক বুজাও কিদৰে। মিঠাইৰ সৰু টোপোলা এটা, পূজাত কিনিবলৈ পোৱা দুটা এটা খেলা সামগ্ৰী আনি ছোৱালী দুজনীৰ হাতত গুজি দিলো। সিহঁতে বৰ তৃপ্তিৰে মোৰ মুখলৈ চাই হাঁহিলে। মোৰ ভতিজাটোৰ দৰে কৃতজ্ঞতাৰে থেংকিউ বুলি কবলৈ নাজানে, কিন্তু মোক থেংকিউ বুলি নকওঁতেও কিবা এক অনামী প্ৰাপ্তিৰে মনটো ভৰাই পেলালে। খুড়াক পাছত বুজাইছিলো, আৰু সন্তানৰ কথা নাভাবিবি। তাতে সি আৰ্থিকভাৱে দূৰ্বল। সি অ বুলি শলাগিলে। কিন্তু দুদিনমান পাছত মাৰ সৈতে ফোনত কথা পাতি থাকোতে সংবাদ এটা পাই আচৰিত নহৈ নোৱাৰিলো, খুড়ী বুলি আকৌ মা হবলৈ উলাইছে। আকৌ এজনী ছোৱালী জন্ম হ’ল। পৰিয়াল বাঢ়িল। খুড়া সলনি নহ’ল। মাজুজনী ছোৱালীয়ো এতিয়া স্কুললৈ যায়। পঢ়িবলৈ নহয়, বায়েকৰ দৰে ভাত খাবলৈ।

“অ’ শুনা, আমাৰ যদি প্ৰথমে ল’ৰা সন্তান হয়, তেন্তে আৰু সন্তানৰ কথা নাভাবো। আৰু যদি ছোৱালী হয় তেতিয়া দ্বিতীয় সন্তানটোৰ কথা ভাবিম।“

মোক শ্ৰীমতীয়ে এনেকে কলেই খুড়াৰ সংসাৰখনৰ ছবি মোৰ মানসপটত ভাঁহি উঠে। আনুষ্ঠানিক শিক্ষাৰে মোৰ শ্ৰীমতী শিক্ষিত। চৰকাৰী কলেজৰ প্ৰৱক্তা। বিয়া হোৱা আমাৰ এবছৰ হৈ গ’ল, সন্তানৰ কথা ভবা হোৱা নাই। জীৱনৰ যুঁজখনত যুঁজি থাকোতে পতকে সংসাৰখনলৈ নতুন আলহী এজন অহাটো মই কামনা কৰা নাই। দুদিনমান যাওক। পিছে, সন্তানটো ল’ৰা হবনে ছোৱালী হব তাক লৈ মই চিন্তিত নহয়। হলেই হ’ল। ঈশ্বৰৰ ইচ্ছা। এটাই কামনা, সন্তানটো ভৱিষ্যতে মানুহ হওক। জীৱনৰ শেষ দিনবোৰত সন্তানটোক লৈ যাতে বিবুধিত পৰিবলগা নহয় বা আত্ম অনুশোচনাত দগ্ধ হবলগা নহয়, কিয় জন্ম দিছিলো বুলি। আজিকালি ভৱিষ্যতে সন্তানটোৱে মাক-দেউতাকক চকু দিব বুলি আশা কৰি সন্তান জন্ম নিদিয়ে। ময়ো নাভাবো। মোৰ প্ৰথমজনী ছোৱালী জন্ম হোৱাৰ পাচত মই আৰু সন্তানৰ কথা ভবা নাছিলো। শ্ৰীমতীক বুজাই নোৱাৰিলো, তেওঁ ল’ৰা সন্তান এটা লাগে। নহ’ল। আৰু এজনী ছোৱালী জন্ম হ’ল। তাৰ পাছত আমাৰ সুখৰ সংসাৰখন জহি খহি যাবলৈ আৰম্ভ কৰিলে, তেওঁক ল’ৰা সন্তান এটা লাগেই। ইয়াকে লৈ আমাৰ মাজত মতানৈক্য। সৰুজনী ছোৱালীক লৈ তেওঁ বেলেগকৈ থকাৰ প্ৰায় এমাহমানেই হ’ল। এদিন আনুষ্ঠানিকভাৱে আমাৰ দুয়োৰে সম্পৰ্ক চিন্ন হ’ল। দাঙৰজনী ছোৱালীক লৈ মই গাঁৱলৈ গুছি আহিলো। তাইকো দাদাৰ ল’ৰাটো পঢ়ি থকা স্কুলখনতে নাম লগাই দিলো। দুয়ো একেলগে স্কুললৈ অহা-যোৱা কৰে। একেলগে শুৱে। মোৰ জীৱন চলি আছে। সৰুজনী ছোৱালীক নেদেখা দুবছৰ হ’ল। ভিতৰি মনটো কেঁকাই উঠে। তাৰ মাজতে ওচৰৰ খুড়াজনৰ চতুৰ্থ সন্তানটো জন্ম হ’ল। ল’ৰা সন্তান। এতিয়া মাক সুখী। এটা সন্তানেৰে মোৰ দাদা বৌহঁতো সুখী। মই, তেওঁ অসুখী। কাৰণ এটাই, মই শিক্ষিত।