খোজ


“বিচনাচাদৰৰ ক্ষেত্ৰত ছোৱালীসকলে সাধাৰণতে বগা ৰঙটো প্ৰাধান্য দিয়ে। পৰিপাটীকৈ থাকি ভালপায়, লেতেৰা নহলেও সপ্তাহটোত দুবাৰমান বিচনাচাদৰখন বা গাৰু ওৱাৰটো ধুবলৈ এলাহ নকৰে। আমি ল’ৰাবোৰহে ধুদৰ পচলা। দুমাহলৈকে বিচনা চাদৰ নুধুৱাকৈ, আলহি আহিলে বডি স্প্ৰে অলপ সানি কাম চলাই থাকিব পাৰো, ছোৱালীয়ে নোৱাৰে....।“

শুবলৈ বুলি বিচনাখন সাজু কৰি বগা ৰঙৰ বিচনাচাদৰখন হাতত লৈ অনন্যাই আজিকালি এক্ষন্তেক সময় ৰৈ যায়। ৰূপান্তৰ দাৰ বিশেষ সংলাপটো মনলৈ অহাৰ লগে লগে এক অবুজ শিহৰণে তাইক জোকাৰি যায়। পাচমূহুৰ্ততে বিচনাখনত বাগৰটো দি তাৰ ফোনকলটোলৈ অপেক্ষা কৰে। সি ফোনতে বহু কিবা কথাই কৈ থাকে। তাই শুনি থাকে। উপদেশ নিদিয়ে। অনন্যাই বুজে। তাৰ ব্যক্তিগত জীৱনটোৰ সুখ দুখবোৰ তাই উপলব্ধি কৰে। বেচিদিনৰ ঘটনা নহয় এয়া। ছমাহ আগলৈকে অচিনাকী ল’ৰাটো কম সময়তে তাইৰ সৈতে ঘনিষ্ঠ হৈ পৰিল। অহংকাৰী, খঙাল অথচ জিনিয়াচ বুলি অভিহিত প্ৰজেক্ট ডাইৰেক্টৰ ৰূপান্তৰ কাশ্যপৰো যে এটা শিশুসুলভ মন আছে, জীৱনটোৰ ওপৰত ক্ষোভ আছে সেই কথা কেৱল অনন্যাই জানে।

ম’বাইলটো চাৰ্জত লগাই বিচনাচাদৰখন পাৰি লৈ আঁঠুৱাটো তুলিখনত ভালমতে গুজি তাই ভাগৰুৱা শৰীৰটো বিচনাখনত এৰি দিলে। শীতল বিচনাচাদৰখনৰ স্পৰ্শত তাই জিকাৰ খাই ব্লেংকেটখন কপাললৈকে টানি ল’লে। এগালমান আন্ধাৰে তাইক আৱৰি ধৰিলে। উশাহবোৰ দিঘলীয়া হ’ল। বুকুখন বিষাব ধৰাত তাই চকুদুটা মেলি ধৰিলে...। একো মণিব পৰা নাই। চৌপাশে কেৱল আন্ধাৰ। কেইদিনমান আগতে ৰূপান্তৰ দাই সুধিছিল, “আন্ধাৰ ভালপোৱানে তুমি?” তাই অ বুলি কোৱাত সি আকৌ কৈছিল তাৰো বুলে আন্ধাৰ ভাল লাগে। আন্ধাৰত গাৰ ছাঁটোৱেও লগ এৰা দিয়ে। অকলশৰেই ভাল লাগে এনেকৈয়ে। আন্ধাৰত নিজৰ সৈতে কথা পাতি, সমস্যাৰ সমাধান বিচাৰি হাবাথুৰি খোৱাৰো একো সুকীয়া মজা আছে। নিজস্বতাখিনি নেহেৰাই। আবেগ অনুভূতিখনি অথবা দুখ অভিমানবোৰ কাৰোবাৰ আগত প্ৰকাশ কৰি নিজকে পুতৌৰ পাত্ৰ কৰি তুলাৰ বাদে আন একো নহয়। অনন্যাই একেখিনি উপলব্ধি কৰিয়ে নিজক আনৰপৰা লুকুৱাই ৰাখে। কিন্তু কোনোবা এটা সময়ত অনন্যাই দূৰ্বল হৈ তাৰ ওচৰত ধাৰাশায়ী হৈ পৰে। কথাৰ প্ৰসংগতে তাই কেতিয়াবা উচুপি উঠে। তাই নাজানে ৰূপান্তৰৰ ওচৰত নিজকে কিয় সুৰক্ষিত যেন অনুভৱ হয়। কিয় তাৰ বুকুত মুৰ গুজি আটাইবোৰ দুখ অভিযোগ পাহৰি শান্তিৰে এক্ষন্তেক কটোৱাৰ ইচ্ছা জাগে। অনন্যাই নাজানে। তাই কাহানিও কোনো পুৰুষৰ ওচৰত এনেদৰে দূৰ্বল হৈ ধৰা দিয়া নাই। ব্যতিক্ৰম ৰূপান্তৰ দা। সি তাইৰ বহু কথাই জানে। কিছু সুকীয়া ব্যক্তিত্যৰ অধিকাৰী ৰূপান্তৰ দাই যিকোনো মানুহৰে মন কম সময়ৰ ভিতৰত পঢ়ি পেলাব পাৰে। যাৰ বাবে অফিচৰ বচেও তেওঁক সমীহ কৰি চলে। অনন্যায়ো তাক সমীহ কৰে, সন্মান কৰে। ভৱিষ্যতটোৰ স্বাৰ্থতে তাই ৰূপান্তৰৰ ওচৰত ধাৰাষায়ী হোৱাৰপৰা বচাই চলে। বন্ধু বৰ্গ পৰিয়ালটো, সমাজখনলৈ অনন্যাৰ বৰ ভয়। মানুহে মানুহক হাঁহিবলৈ, পুতৌৰ দৃষ্টি দিবলৈ এটা মাথো সুযোগৰ প্ৰয়োজন। অনন্যাই সৱলতাৰে জীয়াব বিছাৰে। তাই কাৰোবাৰ অনুগ্ৰহৰ পাত্ৰ হৈ নিজৰ প্ৰয়োজন পূৰাব নোৱাৰে। এইখিনি কথা তাই সৰুৰেুপৰা বিশ্বাস কৰে আৰু সময়ে সময়ে তাইক আচৰিত কৰি ৰূপান্তৰ দাই সোঁৱৰাই দিয়ে।

চৰকাৰী চাকৰি এটাৰ অভাৱত অসন্তুষ্টিৰ মাজতো অনন্যাই বৰ্তমানৰ ক’ম্পেনীৰ কামটো কৰি থাকিব লগা হৈছে। কষ্টতকৈ দৰমহা কম। উপায়ো নাই, ৰূপান্তৰ দাই কোৱামতে আৰু কিছুদিন কষ্ট কৰি কামখিনি ভালমতে শিকি লব পাৰিলেই তাইৰ দৰমহা বাহিব। কষ্ট কমিব। অন্যান্য ক’ম্পেনীবোৰেও তাইক কামৰ অফাৰ কৰিব। সদ্যহাতে তাই কাম শিকিব লাগে। সেইমতে তাই কাম শিকিছে। ৰূপান্তৰ দাই তাইক শিকাইছে। অফিচৰ বহুখিনি জটিল কাম এতিয়া অনন্যাই অনায়সে চম্ভালি লব পাৰে। এইখিনিতে ৰূপান্তৰ দাৰ ওচৰত তাই কৃতজ্ঞ। সি তাইৰ প্ৰয়োজনবোৰ ভালকৈ বুজে, সি খুলি নকলেও তাই বুজে ৰূপান্তৰে তাইক সফল হোৱাটোৱে বিছাৰে। অনন্যাৰ সন্দেহ হয়, নিস্বাৰ্থবাৱে ৰূপান্তৰে তাইক বৰকৈ গুৰুত্ব দিয়ে কিয়! তাইৰ সৰু সৰু সমস্যাবোৰক লৈ সি আগ্ৰহী হোৱাৰ কাৰণ কি থাকিব পাৰে? স্বাৰ্থ এটাতো থাকিব লাগিবই...। অনন্যাই নাজানে তাৰ কি স্বাৰ্থ আছে। তাইৰ অপেক্ষা অফিচত এটা খালী পদ উলোৱালৈ...।

পৰহিয়ে শেষবাৰৰ বাবে ৰূপান্তৰ দাই ফোন কৰিছিল। অনন্যাৰ মনটো ভাল নাছিল বাবেই ভালকৈ কথা পাতিব পৰা নাছিল। সি জোৰ কৰি সুধাতহে অনন্যাই কবলৈ বাধ্য হৈছিল, তাইক আন এটা চাকৰিৰ খুবেই প্ৰয়োজন য’ত দৰমহা অধিক। ৰূপান্তৰ দাই তাইক ধৈৰ্য্য হেৰুৱাবলৈ মানা কৰি দুটামান দিন অপেক্ষা কৰিব কলে। সিহঁতৰ অফিচটোত এটাও খালী পদ নাই বাবেহে অনন্যাই হেনো প্ৰমোচন পোৱা নাই। ৰূপান্তৰৰ কথাত তাই আস্বস্ত হোৱা নাছিল।

তাৰ পাছৰপৰা ৰূপান্তৰে আৰু ফোন কৰা নাই। আজিও তাৰ ফোনকলটো নাহিল। সি ফোন নকৰা দেখি অনন্যাই অৱশেষত তাৰ নম্বৰটো ডায়েল কৰি চালে। চুইটচ অফ। অনন্যাই অসহায় হৈ তাৰ ফোনকলটোৰ অপেক্ষাত ৰৈ আছে....। সি ফোন এটা কৰিব। তাই হেল্ল বুলি ক’ব। সি সুধিব কি খবৰ...। তাই মিছাকে ভাল বুলি কব। আকৌ তাই কি কৰি আছে বুলি সুধিলেই ক’ব তাৰ কথাকে ভাবি আছে। সুযোগটো পাই তেতিয়াই সি আবেগিক কণ্ঠেৰে সুধিব, “কিয় ভাবিছা? তুমি মোক ভালপোৱা জানো?” অনন্যাই ক’ব “নাপাওঁ বুলিতো কোৱা নাই”। সি আকৌ সুধিব, “পাওঁ বুলিয়োতো কোৱা নাই”। অনন্যা ৰৈ যাব। সিয়ো তাইৰ মৌনতাখিনি উপভোগ কৰিব। এপাকত আকৌ সুধিব.... “কোৱানা?” তাই অবুজ হৈ সুধিব, “কিনো?” সি সৰু ল”ৰা এটাৰ দৰে সুধিব, “কোৱানা”? তাই আকৌ সুধিব.. “কিনো”? তাৰ খং উঠিব। ফোনটো কাটি থৈ দিব। ৫ মিনিটৰ পাছত আকৌ ফোন কৰিব, সি গম নোপোৱাকৈ তাই তাৰ কৃত্ৰিম খঙখিনি উপভোগ কৰিব। সি কিবা কিবি কৈ থাকিব, তাইৰ মন ভৰিব। পুনৰবাৰ ভাবিবলৈ বাধ্য হ’ব সি তাই বহুত ভালপায়। অনন্যা আৰু এবাৰলৈ তাৰ ওচৰত বিধস্ত হ’ব।

ৰূপান্তৰৰ ফোনকলটোলৈ ৰৈ ৰৈ অনন্যা এটা সময়ত টোপনীত ঢলি পৰিল। পুৱা ৭ বজাতে অফিচৰ বচে ফোন কৰি সোনকালে তেওঁৰ কেবিনলৈ মাতি পথালে। তাইৰ সৈতে কিবা জৰুৰী কথা আছে। তাই লৰালৰিকৈ বিচনাচাদৰখন ঠিক কৰিব লওতেই পুনৰবাৰ ৰূপান্তৰ দাৰ মুখখনে আমনি কৰিলে। তাই জোৰ কৰি মনটোক বুজনি দি কোঠাটোৰপৰা বাহিৰলৈ উলাই গ’ল। গা-পা ধুই কাপোৰ কাণি পিন্ধি সময়মতে গৈ অফিচ পালেগৈ..।
- অন্যন্যা কংগ্ৰেচুলেশ্যন। এতিয়া আপুনিয়ে প্ৰজেক্ট ডাইৰেক্টৰৰ আসনখন চম্ভালিব লাগিব। ৰূপান্তৰ কাশ্যপৰ বিশেষ অনুৰোধ। আৰু তেওঁ স্পেচিয়েলি আপোনাক ট্ৰেইন কৰা বুলি মোক এচুৰেঞ্চ দিছে। গতিকে মই আশা কৰো আপুনি পাৰিব।
বচে পদোন্নতিৰ প্ৰমাণ পত্ৰখনৰ সৈতে চাবি একোচা তাইৰ হাতত গুজি দিলে। তাই কোনোমতে বচক সুধিলে,
- ছাৰৰ কি হ’ল?
- তাৰ কিবা বিশেষ প্ৰব্লেম। কালি ৰাতি ৰেচিগনেশ্যন লেটাৰ দিছে। তাৰ বিষয়েটো জানাই, কাম নকৰো বুলি কলে কোনেও জোৰ কৰি ৰাখিব নোৱাৰে.. হাঃ হাঃ

অনন্যাৰ সকলোবোৰ কথাই খেলিমেলি লাগি গ’ল। তাইৰ চকুৰ সন্মূখত কুঁৱলীৰে ভৰা এটা উকা পথ। পথটোৰ বিপৰীতে ৰূপান্তৰৰ খৰতকীয়া খোজ.... সি উভতি চোৱা নাই। অনন্যাই তাক ৰৈ যাবলৈ কোৱা নাই...।