এৰাতিৰ অসুখ

সন্মূখত এখন টেবুল,
সি চকীখনত বহি থাকে
ক্ৰমশঃ টেবুলখনত শৈলূৱৈ গজিবলৈ ধৰে।
তেওঁৰ মতে,
সুখবোৰৰ সৈতে সি ধেমালী কৰে..
দুখবোৰ সিচৰিত কোঠাৰ চৌপাশে
সি অনৰ্গল ভাবি থাকে।
সুখহীনতাৰ অসুখ।
বেজাৰত বুকু বিষালেও সি হাবিয়াস বিহীন উশাহ সলায়
তাৰ হৃদয়ত হঠাতে খুন্দা মাৰে আবতৰীয়া পচোৱাই।
চঞ্চল হয়
শিল হেন দুহাত
কোঠাত ফুলে পোহৰৰ ফুল।
তাৰ চহৰত পুনৰাই ফাগুন
তাই ফাগুন ভাল নাপায়।
ফাগুনৰ ৰং সানি সি বোৱাই আনে বসন্তৰ বা
তাৰ চহৰত বৰ্ণিল মেলা।
তাই মাথো থৰ লাগে।
তাই ৰৈ নাযায়।
সি গোপনে উচুপে
তাই নেদেখে।
বসন্ত মানেই সকীয়নি
বাৰিষাৰ আগমন
সি বৰষুণ ভালপায়।
তাই বৰষুণত ভিজে
সি থাপ মাৰে তাইৰ সেমেকা দুহাত।
চেগ বুজি সি তাইৰ বুকুখন খেপিয়াই
তাৰ উশাহত তাৰেই নাম।
হব পাৰে সেয়া তাৰ অলীক কল্পনা,
সি সুখী।
তাই ক্ৰমশঃ আগবাঢ়ে
সি ৰৈ থকা দিশে
বিচাৰি পাই হেৰুৱা সুখ
তাইৰ সুখৰ বাটত
সি ৰামধেনু ৰঙী দলিচা।
আৰু এটা ভ্ৰান্ত সপোনৰ অন্তত
ৰাতি পুৱাই
অৱশ মনটোৰে সি টেবুলখনত বহি ডায়েৰীৰ পৃষ্ঠা লুটিয়াই...।
(তেওঁৰ ওচৰত কৃতজ্ঞতাৰে.....।)