এৰাতিৰ অসুখ

তেওঁ ক’লে, তেওঁ আহি আছে।
মই দেখিলো, তেওঁ আহি আছে।
মই নুশুনিলো, তেওঁ উচুপি আছে।
তেওঁৰ মতে,
তাইৰ উচুপনিত কিবা আপোন অভিমান
মই নুবুজিলো।
সপোনৰো যদি শেষ থাকে?
ওহো, মই নিদ্ৰাহীন উদভ্ৰান্ত নাবিক।
তাই ক’লে-
সপোনৰ শেষত বাস্তৱৰ ৰেঙণি
হাজাৰ ধুমুহাই কঁপাহ নোৱাৰা মোৰ সবল জাহাজ।
মই,
বেলি ডুবা আকাশলৈ চাওঁ,
তেওঁ ছাঁ টোৰ পাছে পাছে দৌৰি আতৰি যায়
মই মোৰ উশাহবোৰ ঠপিয়াই ৰৈ যাওঁ
পোহৰ ক’ত?
তেওঁৰ মতে,
উশাহবোৰে সিছি যায় পোহৰ কণিকা
সন্ধিয়াটোও দেও দি পাৰ হৈ যায়
মই ৰৈ থকা বাটেৰে...।
আচলতে,
তেওঁৰ দুচকুত আৱদ্ধ ৰাতিটোত মই শুই পৰো,
তেওঁৰ উশাহত প্ৰাণ পাই উঠা মোৰ হৃদস্পন্দনৰ শব্দত
সাগৰখন অভিমানী হৈ উঠে
মই সাৰ পাই যাওঁ
পোহৰ নহয়
ৰৈ থাকো
পোহৰ নহয়।
মেঘবোৰ বৰষুণ নহয়
বৰষুণবোৰ বাৰিষা
নহয়...।
তেওঁৰ মতে,
মেঘবোৰ অভিমান
বৰষুণ পৰিণাম।