তুমি মোৰ প্ৰাক্তন প্ৰেমিকা

মই বিহীনতাত তুমি কিমান সুখী,
সুধিব পাৰুনে?
স্মৃতিৰ বজাৰত মোৰ
আউপুৰণি অনুভুতিৰ কি দাম,
জানিব পাৰুনে?
দেখা নিদিলেও বহুবাৰ
দেখিছো তোমাক
সপোনত,
জোনাকত,
আন্ধাৰত,
এবাৰ নে দুবাৰ
জি. ডি.নাৰ্ছিং হ'মৰ সন্মূখত।
চেহেৰাৰ সামান্য পৰিবৰ্তন,
হয়তো সুখেৰে আছা,
অথবা মা হ'ব ওলাইছা...!
মইতো অকলেই নিজক
চম্ভালি লৈ ফুৰু ,
নিচাৰ (চিগাৰেট/মদ)
সৈতে একাত্ম,
সেয়ে সুখী।
এক কথাত - বিন্দাছ্
তথাপি বাটে- ঘাটে
কম বয়সীয়া সুন্দৰী বোৱাৰীবোৰ দেখিলে
হাৰ্ট বিটতো অলপ বাঢ়ি যায়,
মিছা নকও- ঈৰ্ষা হয়,
তুমিও চাগে ....!!
এৰা, আজিও তোমাক ভালপাওঁ
এই কথা তুমি হয়তো নাজানা,
জানিলেও গুৰুত্ব নিদিয়া..।
সেয়েতো এই মুহুৰ্ততো মই
ভীষণ অহংকাৰী..
তুমি মোৰ প্ৰাক্তন প্ৰেমিকা...।